Sunday 18 March 2012

তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন

               তাত্‍পৰ্য্য
কৰুণাময় ৰাম কৰুণাময় |
কৰিয়ো কৃপা যেন উচিত হয় ||৭৮৫
তুমিসে ৰাম কৃপা-ৰসেৰ নিধি |
তোহ্মাৰ কৃপা বিনে নাহিকে সিদ্ধি ||৭৮৬
তোহ্মাৰ কৃপাসেৱে কৰিছো আশ |
অৰুণ-পদ-তলে দিয়োক বাস ||৭৮৭
সহজে তুমি ৰাম কৰুণা-সিন্ধু |
তোমাত বিনে আন নাহিকে বন্ধু ||৭৮৮
তোমাৰ কৃপা-লেশে আমাৰ গতি |
কহয় মাধৱ মূৰুখ-মতি ||৭৮৯
                 কাকূতি
কিমতি ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম-ৰাম |
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম ||৭৯০
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান-আন্ধাৰে পৰিয়া পাৰ নপাঞ ৰাম ৰাম |
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম ||৭৯১
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোৰ পৰে জ্ঞান-শূণ্য হীন-মতি নাই ৰাম ৰাম |
তুমি প্ৰভু কৃপা-ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম ||৭৯২
হৰি এ কৰুণাসিন্ধু             জীৱন-বন্ধু
                  গতি মতি তুমি নাৰায়ণ |
তুৱা গুণ-নাম ভকতৰ মহাধন ||৭৯৩
পতিত বুলিয়া মোকে                           হৰি হৰি ও ৰাম
                 তেজিতে নপাৰা নাৰায়ণ |
পৰম কৰুণা-গুণে                             হৰি হৰি ও ৰাম
                 নাম ধৰিছা পতিত-পাৱন ||৭৯৪
দায়াৰ ঠাকুৰ ছয়া                              দায়া কেনে নকৰয় |
ৰাম কৃষ্ণ নাৰায়ণ দীন দায়াময় ||৭৯৫
মোকে কৃপা কৰা হৰি এ
দান্তে ধৰো তৃণ মাথে ধৰো তৃণ |
তুমি কৃপাময়ক নজানো এত দিন
মোকে কৃপা কৰা হৰি এ  ||৭৯৬
মোকে কৃপা কৰা এ            ঐ বন্ধু ৰাম প্ৰাণ-বন্ধু ৰাম
                নেৰোক মুখে ৰাম-কৃষ্ণ-নাম ||৭৯৭
পতিত-পাৱন বুলি নাৰায়ণ এ
পৰম পতিতে ডাকয় আতুৰ হুয়া |
তযু বেদ-বাণী আমি আছে শুনি এ
মহা মহাপাপী তৰে তযু নাম লৈয়া ||৭৯৮
তুৱা গুণ-নাম অমৃত-আশায়ে এ
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি |
চৰণত ধৰো কাতৰ কৰো এ
মঞি অনাথক নছাড়িবা যদুপতি  ||৭৯৯
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ
নিচয় তোমাৰ দিবাক লাগে প্ৰসাদ  |
নিজ ভৃত্য কৰি লৈলে গোপীনাথ এ
তযু কৃপাময় মিলন কোন প্ৰমাদ ||৮০০
হে দায়াশীল দেৱ দামোদৰ এ
তোমাৰ চৰণে বোলোহো কাকুতি-বাণী |
মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল তোহ্মাৰ কি হয় হানি ||৮০১
পৰম কৃপালু হুয়া যদুপতি এ
কিনো অপৰাধে মোক ভৃত্য পৰিহৰা |
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা  ||৮০২
জ্ঞান-শূন্য আতি পশু-পক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময় |
আকে জানি হৰি শৰণে পশিলো এ
আমাক তোহ্মাৰ তেজিতে উচিত নয় ||৮০৩
তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী |
মঞি অনাথক নবঞ্চিবা হৰি এ
তযু সেৱা-ৰস আশা কৰিয়াছো আমি ||৮০৪
বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দেৱকীত হন্তে সাক্ষাতে ভৈল বিদিত |
জীৱৰ তৰণ-হেতু নাৰায়ণ এ
প্ৰচাৰিলা নিজ যশ-ধৰ্ম্ম বিপৰীত ||৮০৫
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
জোনো মোক তুলি দাস পৰিহৰা হৰি | 
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি ||৮০৬
তোমাৰ নামৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলো |
তযু পদ-সেৱা-ৰসক আশায় এ
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো ||৮০৭
সহজ-কৃপালু-গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভক-বত্‍সল নাম |
ধেনু যেনমতে বত্‍সক পালয় এ
তুমি সেহিমতে ভকতক পালা ৰাম ||৮০৮
আমি যত জীৱ তোমাৰ পালন
                 হৰি হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী |
আৱে যেৱে নিজ ভৃত্য বুলি পালা  
                 হৰি হৰি হৰি হৰি এ
তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি ||৮০৯
তুমি যাক পালা সিওজন আমি
                 হৰি হৰি হৰি হৰি এ
সংসা-নিকাৰ ভুঞ্জিয়া ফুৰো বহুত |
তোমাৰ অধীন হুয়া কেনে আমি
                 হৰি হৰি হৰি হৰি এ
ভৈলোহো স্বতন্ত্ৰ ইটো কিনো অদভুত ||৮১০
তোমাক পৰম ঈশ্বৰ নামানি
                 হৰি হৰি হৰি হৰি এ
মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি |
আৱে তযু পদে শৰণ পশিলো
                 হৰি হৰি হৰি হৰি এ
মই দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী ||৮১১
দাস হুয়া তযু সেৱা নকৰিলো
                হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিত্‍সা নাই |
তুমি পুনু প্ৰভু সহজ-কৃপালু
                হৰি হৰি হৰি হৰি এ
শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই ||৮১২
মই অজ্ঞানীৰ যতেক অজ্ঞান
                হৰি হৰি হৰি হৰি এ
কথা কহি কোনে সীমা কৰিবেক তাক |
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
                হৰি হৰি হৰি হৰি এ
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক ||৮১৩
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা
                হৰি হৰি হৰি হৰি এ
কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ |
কৃষ্ণৰ চৰণ-পঙ্কজ বিনাই
                হৰি হৰি হৰি হৰি এ
অয়ি অনাথৰ গতি নাহি নাহি আৰ ||৮১৪
                     প্ৰাৰ্থনা
অচিন্ত্য অনন্ত শকতিৰ পতি
                 হৰি হৰি হৰি হৰি এ
তুই কৃপাময় দেৱ অগতিৰ গতি |
তুমি সত্য সনাতন সদাশিৱ
                হৰি হৰি হৰি হৰি এ
তোমাৰ চৰণে মাগোহো নিৰ্ম্মল ৰতি ||৮১৫
হে হৰি মোৰ মুখে নছাড়োক
                হৰি হৰি হৰি হৰি এ
পৰম নিৰ্ম্মল তযু গুণ-নাম-যশ |
কৰা কৃষ্ণ কৃপা মনত মিলোক
                হৰি হৰি হৰি হৰি এ
তযু পদ-সেৱা-পৰম-অমিয়া-ৰস ||৮১৬
জয় জয় ৰাম কৰুণা-সাগৰ এ
মোকে নাৰায়ণ ইবাৰ কৰিয়ো দায়া |
অভয়ে চৰণে শৰণ পশিলো এ
প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া  ||৮১৭
যাদৱ যদু-নন্দন গোৱিন্দ মুকুন্দ মুৰবিনাশী |
অবিদ্যা-সাগৰে মজিলো মাধৱ
উদ্ধাৰ কৰিয়ো আসি ||৮১৮
জীৱন যাদৱৰায় সেৱোহো তোমাৰ পায়
ৰাম নেৰিবা নফৰ-দায় |
তুৱা পাৱে ৰতি যিমতে কৰিবো
দিয়োক নাথ উপায় ||৮১৯
যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো |
শ্ৰৱণ-কীৰ্ত্তন নিৰ্ম্মল ভকতি
কাকুতি কৰিয়া মাগো ||৮২০
দীন দায়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি |
দান্তে তৃণ ধৰো                       চৰণত ধৰো
          নেৰিবা মোক মুৰাৰী ||৮২১
কৰুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণাসিন্ধু |
তোমাৰ কৃপাৰ আমি নোহো পাত্ৰ
তুমি পুনু দীনবন্ধু ||৮২২
ৰাম কৃষ্ণ হৰি গোৱিন্দ  
দীন-দায়াশীল স্বামী |
তোমাৰ চৰণে সহজ বাসনা শৰণ মাগোহো আমি ||৮২৩
হয় যদুপতি যাদৱ                            তুমি অগতিৰ গতি |
দান্তে তৃণ ধৰি তোমাৰ চৰণে
মাগোহো সাধু-সঙ্গতি ||৮২৪
ৰাম কৃষ্ণ হৰি গোৱিন্দ সেৱক ভৈলো তোমাৰে |
অভয় চৰণে শৰণ পশিলো চুৰিয়ো মায়া হামাৰে ||৮২৫
গোৱিন্দ গোপাল গোপীনাথ
দয়া নছাড়িবা মোৰে |
অপাৰ সংসাৰ                              আৰ নাহি পাৰ
                মজিলো এ দুখ ঘোৰে ||৮২৬
হৰি হৰি হৰি এ ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ |
কৰা হৰি মোৰ মায় উপশম নাৰায়ণ নাৰায়ণ ||৮২৭
গুপীনাথ ইবাৰ মোকে নেড়িয়ো |
তযু মায়া-জান-জঞ্জাল গুচায়া
চৰণে শৰণ দিয়ো ||৮২৮
গোপাল গোপাল পালয় কৃপাময় |
তুৱা পাৱে মোৰ মতি-ৰতি যেন নছাড়য় ||৮২৯
ৰাম ৰাঘৱ ৰঘুপতি এ তুমি দেৱ অগতিৰ গতি না হে
তুৱা পদ-কমলৰ মকৰন্দ-ৰসে ৰতি
কৰিয়া থাকোক মোৰ মতি না হে ||৮৩০
জয় জয় যদুপতি এ
তুৱা পাৱে পশিলো শৰণ না এ |
ভাল কথা শুনি আছে          মনে লৈলো সাৰ বাছি
তুৱা নাম পতিত পাৱন না এ ||৮৩১
প্ৰাণ-বান্ধৱ মাধৱ এ          দায়াশীল দৈৱকী-নন্দন না হে
তুমি দেৱ দীন-বন্ধু কেৱলে কৰুণাসিন্ধু
কৰে তযু চৰণে বন্দন না হে ||৮৩২
মোৰ প্ৰাণ-বন্ধু গোৱিন্দ সেৱক কৰিয়া লৈয়ো |
আন একো কাম নমাগো তোমাৰ
ভৃত্যৰ সঙ্গত থৈয়ো ||৮৩৩
চিদানন্দ ৰাম সদানন্দ হৰি |
নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি ||৮৩৪
হৰি ও তুমি আনন্দ-সিন্ধু |
হামো ভিক্ষাৰী মাগো এক বিন্দু ||৮৩৫
মধু-ৰিপু ৰাম ৰঘু-পতি |
তোমাৰ চৰণে মোৰ গতি ||৮৩৬
অৰুণ চৰণে দিয়ো ছায়া ৰাম |
তেৱেসে তৰিবো তযু মায়া ৰাম ||৮৩৭
দান্তে তৃণ ধৰি হৰি চৰণত লাগো |
তযু কৃপা-ৰসৰ কণিকা এক মাগো ||৮৩৮
দায় কৰা দায়া কৰা মোৰে হে ৰাম |
তোমাৰ চৰণ হৰি হৃদয়-পঙ্কজে ধৰি
মুখে লৈবো তুৱা গুণ-নাম যদুমনি এ ||৮৩৯
ৰাম-কৃষ্ণ বুলি অনাথে ডাকয় এ হৰি নাৰায়ণ |
অনাথক দায়া কৰা কৃপাময় এ হৰি নাৰায়ণ ||৮৪০
নাৰায়ণ নাৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ |
তোমাৰ অৰুন চৰণ-পঙ্কজে নিমজোক মেৰি মন ||৮৪১
নাৰায়ণ নাৰায়ণ তুৱা চৰণে আমাৰ |
মজোক মন জয় ৰাম ||৮৪২
                    প্ৰাৰ্থনা-নিবেদন
এ ৰাম ৰাম জয় পৰমানন্দ |
পিঞো তযু চৰণ-কমল মকৰন্দ ||৮৪৩
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ |
তযু পদ-কমলে মজোক মেৰি মন ||৮৪৪
এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন |
তুমিসে ঈশ্বৰ দেৱ ভকত-ৰঞ্জন ||৮৪৫
এ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
তুমি গুণ-নিয়ন্তা নিৰ্গুণ গুণধাম ||৮৪৬
ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম,
শ্ৰীৰাম দেৱ ৰঘুপতি |
হে প্ৰভু ৰঘুনাথ প্ৰণামো দমায়া মাথ
তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম
ৰঘু-কুল-নন্দন মুৰাৰী ||৮৪৭
গোপাল গোৱিন্দ ৰাম                      গোপাল গোৱিন্দ ৰাম
                     গোপাল গোৱিন্দ জয় ৰাম |
তোমাৰ চৰণ হৰি                          কেৱলে ভকতি বিনে
         মোৰ আৰ নাহি আন কাম হৰি ৰাম ||৮৪৮
গোপীনাথ গোপীনাথ           গোপীনাথ গোপীনাথ
গোপীনাথ গোপীনাথ হৰি |
তোমাৰ অভয় দুই চৰণে শৰণ লৈলো
লৈয়ো মোক নিজ দাস কৰি হৰি ৰাম  ||৮৪৯

No comments:

Post a Comment