Tuesday 20 March 2012

বিষয় - সঞ্চয় আৰু বিনিয়োগ (২)

ৰিস্ক এনালাইচিচ কৰো আহক –

এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়ক –
১) আপোনাৰ বয়স
  ক) ৫০ বছৰতকৈ বেছি |
  খ) ৪০ – ৫০ বছৰৰ ভিতৰত |
  গ) ৪০ বছৰৰ তলত |
২) আপোনাৰ বছৰেকীয়া আয়
  ক) ৫ লাখৰ তলত |
  খ) ৫ – ১০ লাখ |
  গ) ১০ লাখতকৈ বেছি |
৩) আৰু কিমান বছৰলৈকে আপোনাৰ ওপৰত কোনোবাই আৰ্থিকভাৱে সম্পূৰ্ণ নিৰ্ভৰ কৰি থাকিব (কোনোবাই মানে বিশেষকৈ নিজৰ লৰা-ছোৱালীয়ে)
  ক) ১০ বছৰতকৈ বেছি |
  খ) ১০ বছৰলৈকে |
  গ) একো আৰ্থিক দায়িত্ত্ব নাই |
৪) অহা ৫ বছৰলৈ আপোনাৰ চাকৰিৰ বা ব্যৱসায়ৰ নিৰাপত্তা কিমান
  ক) সিমান ভাল নহয় |
  খ) ভালেই আৰু |
  গ) খুব ভাল |
৫) আপোনাৰ বৰ্ত্তমান আৰু ভবিষ্যতৰ আৰ্থিক লক্ষ্য ধাৰ্য্য কৰাৰ পিছত, সেইখিনি পূৰণ কৰিবলৈ আপোনাৰ ওচৰত কিমানখিনি সম্বল আছে
  ক) একেবাৰে নাই |
  খ) মোটামোটি ঠিকেই আছে |
  গ) একেবাৰে ঠিক আছে |
৬) নিজৰ বিষয়ে মন্তব্য
  ক) ৰক্ষণশীল, ৰিস্ক লবলৈ ভয় লাগে |
  খ) নিজৰ আঁচনিবোৰ সম্পূৰ্ণ কৰিবলৈ নিজকে নিয়ন্ট্ৰন কৰিব পাৰো |
  গ) গমি পিতি চাই লৈ অলপ ৰিস্ক লোৱাত আপত্তি নাই |

উত্তৰখিনি দি নিজকে নম্বৰ দিয়ক –
ক) – ৫ নম্বৰ
খ) – ১০ নম্বৰ
গ) – ১৫ নম্বৰ

যদি আপোনাৰ স্কৰ ৩০ – ৪০ নম্বৰ, তেন্তে আপোনাৰ ৰিস্ক প্ৰফাইল নিম্ন (Low)| এনেক্ষেত্ৰত বেংক আৰু পোষ্ট অফিচৰ বিভিন্ন হ্ৰস্বম্যাদী আঁচনিত বিনিয়োগ কৰিব লাগে | অলপ দীঘলীয়া (৫-৭ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে কোনোবা ভাল Capital Protection Fund ত বিনিয়োগ কৰিব পাৰে | তাতোকৈ অলপ দীঘলীয়া (৭ – ১০ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে নিজৰ মুঠ বিনিয়োগৰ ১০ বা ২০% কোনোবা ভাল Mutual Fund ৰ যোগেদি শ্বেয়াৰ বজাৰত লগাব পাৰে |  

যদি আপোনাৰ স্কৰ 5 – ৭০ নম্বৰ, তেন্তে আপোনাৰ ৰিস্ক প্ৰফাইল মধ্যম (Moderate) | এইক্ষেত্ৰত হ্ৰস্বম্যাদী বিনিয়োগৰ বাবে Capital Protection Fund  আৰু বেংক আৰু পোষ্ট অফিচৰ আঁচনিত বিনিয়োগ কৰিব লাগে | মধ্যম ম্যাদী বিনিয়োগৰ বাবে বেংক বা কোম্পানী ফিক্স ডিপোজিটত বিনিয়োগ কৰিব পাৰে | অলপ দীঘলীয়া (৭ – ১০ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে নিজৰ মুঠ বিনিয়োগৰ ৫০% লৈকে ভাল Mutual Fund ৰ যোগেদি শ্বেয়াৰ বজাৰত লগাব পাৰে |

যদি আপোনাৰ স্কৰ ৭৫ – ৯০ নম্বৰ, তেন্তে আপোনাৰ ৰিস্ক প্ৰফাইল উন্নত (high) | এইক্ষেত্ৰত হ্ৰস্বম্যাদী বিনিয়োগৰ বাবে বেংক আৰু পোষ্ট অফিচৰ আঁচনিত বিনিয়োগ কৰিব লাগে | মধ্যম ম্যাদী বিনিয়োগৰ বাবে Capital Protection Fund আৰু বেংক বা কোম্পানী ফিক্স ডিপোজিটত বিনিয়োগ কৰিব পাৰে | অলপ দীঘলীয়া (৭ – ১০ বছৰ) সময়ৰ বাবে বিনিয়োগ কৰিব খুজিলে নিজৰ মুঠ বিনিয়োগৰ ৫০% ৰ পৰা ৭০% লৈকে ভাল Mutual Fund ৰ যোগেদি শ্বেয়াৰ বজাৰত লগাব পাৰে |

ভালকৈ বুজি নাপালে শ্বেয়াৰ বজাৰত পোনে পোনে টকা বিনিয়োগ নকৰাই ভাল |

(আগলৈ)

No comments:

Post a Comment