Saturday 24 March 2012

এক মানসিক মহাযাত্ৰা

তীৰ্থযাত্ৰা দুবিধ - বাস্তবিক আৰু মানসিক | বাস্তবিক তীৰ্থযাত্ৰা সকলোৱে জানে | সন্তসকলৰ মতে শুদ্ধ মনেৰে কৰা মানসিক তীৰ্থযাত্ৰা বাস্তবিক তীৰ্থযাত্ৰাৰ সমানেই | আজি আমি মানসিকভাবে বৃন্দাবনৰ ৮৪ ক্ৰোশ (১ ক্ৰোশ = প্ৰায় ৩ কিলোমিটাৰ, ক্ৰোশটো হিন্দীত ক’চ বুলি কয়) যাত্ৰা কৰিম |

ভগবান শ্ৰীকৃষ্ণৰ লীলাভূমি হ’ল ব্ৰজধাম |  শ্ৰীকৃষ্ণনামৰ আশ্ৰয় লৈ ব্ৰজভূমিৰ মুখ্য স্থানসমূহ দৰ্শন কৰি আমি ব্ৰজভুমিৰ পৰিক্ৰমা কৰিম | এই পৰিক্ৰমা আৰম্ভ হয় বৃন্দাবনৰ চুনৰক গাঁওৰ পৰা | তাৰ পিছত কালীদহ বা কালীয়দমন ঘাট | ইয়াতে শ্ৰীকৃষ্ণই কালী নাগক দমন কৰিছিল | ইয়াৰ পিছত অক্ষয় মঠ, দানগলি, শিৱকুণ্ড, প্ৰেমগলি, শৃংগাৰমঠ হৈ আমি প্ৰৱেশ কৰিম নিধিবনত, য’ত শ্ৰীকৃষ্ণই গোপীৰ সতে ৰাসলীলা কৰিছিল | এই নিধিবন হাজাৰ বছৰীয়া পুৰণি বনতুলসীৰে ভৰা | প্ৰতিজোপা বনতুলসী গছৰ আকাৰ নৃত্যৰতা নাৰীৰ দৰে | বৃন্দাবনৰ সন্তসকলৰ মতে এই নিধিবনত এতিয়াও শ্ৰীকৃষ্ণৰ ৰাসলীলা হয় | প্ৰতিজোপা তুলসী একোগৰাকী গোপীলৈ ৰূপান্তৰিত হয় | ইয়াত থকা ৰাধামন্দিৰত সদায় আবেলি পৰত ৰাধাৰ শৃংগাৰৰ বাবে সকলো সামগ্ৰী থোৱা হয় আৰু পিছদিনা ৰাতিপুৱা সেয়া ব্যৱহাৰ কৰি থোৱা অৱস্থাত পোৱা যায় | দেবাদিদেৱ মহাদেৱে এই নিধিবনতে এবাৰ গোপীৰ ৰূপ লৈ কৃষ্ণৰ সৈতে ৰাসলীলাত অৱতীৰ্ণ হৈছিল | সেয়ে মহাদেৱৰ আন এটা নাম গোপীশ্বৰ হ’ল |

নিধিবনৰ পিছত আমি দৰ্শন কৰিম বৃন্দাবনৰ বাঁকে বিহাৰী, স্নেহ বিহাৰী, মদনমোহন, গোপীনাথ, ৰাধাৰমণ, ৰাধাবল্লভ, অষ্টসখী, যুগলকিশোৰ আৰু ৰাধামাধৱ মন্দিৰ | আৰু কিছুদুৰ যমুনাৰ পাৰে পাৰে আগবাঢ়ি আমি পামগৈ বলৰাম মন্দিৰ (দাওজী মন্দিৰ) | এই মন্দিৰত থকা বলৰামৰ মূৰ্ত্তি নিজে নিজে আবিৰ্ভাৱ হোৱা | পালনকৰ্ত্তা বিষ্ণুৰ অনন্তশষ্যাৰ শেষনাগ বা অনন্তনাগেই হৈছে বলৰাম | এবাৰ অনন্তনাগে বিষ্ণুক ক’লে - "প্ৰভু, তুমি শ্ৰীৰাম অৱতাৰত মোক তোমাৰ অনুজ ভাতৃ লক্ষ্মণ হিচাপে লৈ গৈছিলা | এবাৰ মোক তোমাতকৈ জ্যোষ্ঠ হবলৈ অনুমতি দিয়া |" বিষ্ণু মান্তি হ’ল আৰু শ্ৰীকৃষ্ণ অৱতাৰত অনন্তনাগ বলৰাম হৈ অবিৰ্ভাৱ হ’ল |   

বলৰাম মন্দিৰৰ পৰা আগবাঢ়ি আমি পাম অটলবন, বিহাৰবন, গৌচাৰণ বন, গোপালবন, ৰাধাবন, সূৰ্য্যঘাট, যুগলঘাট আৰু চামুণ্ডা দেবী |

ইয়াৰ পিছত আমাৰ ব্ৰজযাত্ৰা প্ৰবেশ কৰিব মধুপুৰী মথুৰাত | মথুৰাত আমি দৰ্শন কৰিম শ্ৰীকৃষ্ণ জনমভুমি আৰু বসুদেৱ-দৈৱকীক বন্দী কৰি থোৱা কংসৰ কাৰাগাৰ | এই কাৰাগাৰত বহি আমি স্মৰণ কৰিম শ্ৰীকৃষ্ণৰ জন্মকথা - ঘোৰ অমাৱস্যাৰ নিশা ধুমুহা-বৰষুণৰ মাজেদি সদ্যজাত কৃষ্ণক পিতৃ বসুদেৱে যমুনা পাৰ কৰি নন্দগাঁওলৈ আঁতৰাই লৈ যোৱাৰ কথা | আৰু মথুৰাত আমি দৰ্শন কৰিম কেশৱদেৱ, দ্বাৰকাধীশ, ভূতেশ্বৰ, স্বামীঘাট, পিপলেশ্বৰ মহাদেৱ, মধুকুণ্ড, অক্ৰুৰ ভৱন, মহাবিদ্যাদেৱী আৰু জ্ঞানগুঞ্জৰী |

মথুৰাৰ পৰা আগবাঢ়ি তালবন, তাতিয়া, শান্তনুকুণ্ড, মযুঁৰ গাঁও হৈ আমি যাত্ৰা কৰিম গোবৰ্ধনলৈ | ব্ৰজভুমিক দেৱৰাজ ইন্দ্ৰৰ কোপদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ ৭ বছৰীয়া বালক কৃষ্ণই বিশাল গোবৰ্ধন পৰ্বত নিজৰ কণিষ্ঠ আঙুলিত সাতদিন সাতৰাতি ধাৰণ কৰিছিল | দানঘাটি মন্দিৰ দৰ্শন কৰি গোবৰ্ধন পৰ্ব্বতৰ কাষে কাষে আমি আগবাঢ়িম সাক্ষীগোপাল, পুঞ্জৰী-কা-লোথা, জাত্থীপুৰা মুখাৰবিন্দ মন্দিৰলৈ | ইয়াৰ পিছত আমি দৰ্শন কৰিম গোবৰ্ধন পৰ্ব্বতৰ ওপৰত থকা শ্ৰীনাথ মন্দিৰ আৰু শ্ৰীকৄষ্ণৰ এটি অনন্য ৰূপৰ কথা শ্ৰৱণ কৰিম | এই মন্দিৰৰ পৰা এটা সুৰংগ আৰম্ভ হৈ মেঁৱাৰৰ (ৰাজস্থান) শ্ৰীনাথদ্বাৰা মন্দিৰত শেষ হৈছেগৈ | শ্ৰীকৄষ্ণৰ এজন মহান ভক্ত সুৰদাসে আজিৰপৰা প্ৰায় ৫৫০ বছৰ আগতে এই মন্দিৰত আশ্ৰয় লৈছিল আৰু ইয়াতেই তেঁও শ্ৰীকৄষ্ণৰ দৰ্শন পাইছিল | সুৰদাসে শ্ৰীকৄষ্ণৰ নামত ১ লাখ পদ ৰচনা কৰিম বুলি সংকল্প লৈছিল | এই মন্দিৰত বহিয়েই তেঁও ১ লাখ পদ ৰচনাৰ কাম আৰম্ভ কৰিছিল | কিন্তু ৭৫ হাজাৰ পদ ৰচনা কৰাৰ পিছত সুৰদাসে অনন্ত ধামলৈ গতি কৰিলে | ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ ভাৰ নিজে লৈ শ্ৰীকৃষ্ণই নিজে বাকী থকা ২৫ হাজাৰ পদ ৰচনা কৰিছিল | সুৰদাসে ৰচনা কৰা পদখিনিত সুৰদাস নামটো আহে, উদাহৰণ - "মাইয়া ম’ৰী মে নেহি মাখন খায়ো" | শ্ৰীকৄষ্ণই সুৰদাসৰ নামত ৰচনা কৰা পদখিনিত সুৰশ্যাম নামটো আহে, উদাহৰণ - "মাইয়া ম’ৰী দাও বহুত খিজায়" |

শ্ৰীনাথ মন্দিৰত সেৱা জনাই পুনৰ গোবৰ্ধন পৰ্ব্বতৰ কাষে কাষে আমি আগবাঢ়িম আৰু ৰাধানাম উচ্চাৰণ কৰি দৰ্শন কৰিম ৰাধাকুণ্ড, শ্যামকুণ্ড, কুসুমসৰোবৰ, শ্যামকুটীৰ, গোৱালপোখৰা, হৰিগকুল, হৰিদেৱ মন্দিৰ, চক্লেশ্বৰ আৰু মানসী গংগা |

গোবৰ্ধন পৰ্ব্বতৰ পৰিক্ৰমা সম্পূৰ্ণ কৰি আমাৰ ব্ৰজযাত্ৰা ইয়াৰ পাছত আগবাঢ়িব ৰাধাৰাণীৰ জন্মস্থান বৰচানালৈ | বাটত আমি পাম ৰাধাবন, বিমলবন, ধৰ্ম্মকুণ্ড, তামেশ্বৰ মহাদেৱ, সুবৰ্ণপুৰ, শ্ৰীবৃন্দাদেৱী, চন্দ্ৰশেখৰ মহাদেৱ আৰু সহস্ৰতীৰ্থ | বৰচানাত আমি দৰ্শন কৰিম ব্ৰহ্মপৰ্ব্বত, বিষ্ণুপৰ্ব্বত, তানগড়, মানমন্দিৰ, ৰাসমণ্ডল, গহ্বৰবন, প্ৰিয়াসৰোবৰ আৰু মহাৰুদ্ৰদেৱ মন্দিৰ |

ৰাধাৰ গাঁও বৰচানাৰ পৰা এইবাৰ আমি যাত্ৰা কৰিম শ্ৰীকৃষ্ণৰ নন্দগাঁওলৈ | মাখনচুৰ কৰি খোৱা বালক কৃষ্ণৰ সেই মনোহৰ ৰূপ দুচকুত লৈ নন্দগাঁওত আমি দৰ্শন কৰিম নদেশ্বৰ পৰ্ব্বত, নন্দেশ্বৰ মহাদেৱ, যশোদা মন্দিৰ, মানসীদেৱী আৰু লাও-বেলাও | ইয়াৰ পিছত কোকিলাবন, ৰত্নাকৰ কুণ্ড, শিৱচৰণ পাহাৰ, ব্ৰহ্মঘাট, তপোবন, গোপীঘাট আৰু শ্যামতলেইয়া হৈ আমি প্ৰবেশ কৰিম গকুলত | তাৰ পিছত মাতগাঁও, বেদবন, লৌহবন, মনতীৰ্থ, চিন্তাহৰণ ঘাট আৰু অক্ৰুৰ ঘাট হৈ আমি পুনৰ শ্ৰীধাম বৃন্দাবনত প্ৰবেশ কৰিম আৰু ইয়াতেই সমাপ্ত হব আমাৰ ৮৪ ক্ৰোশজোৰা মানসিক ব্ৰজযাত্ৰা |

"হে ভগৱান, তোমাৰ ভক্তসকলৰ যেতিয়া লানি নিছিগা সোঁত বয়
চৌদিশ "হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে" ধ্বনিৰে পবিত্ৰ হয় |"

No comments:

Post a Comment