Saturday 24 March 2012

বৃন্দাবনৰ প্ৰেম (৬) – ব্ৰহ্মাণ্ড দৰ্শন

(যোৱা সংখ্যাৰ পিছৰ পৰা)

গকুলত নন্দ-যশোদাৰ ঘৰত কৃষ্ণ লাহে লাহে আঢ়ৈবছৰীয়াটি হৈ উঠিল | মহা দুষ্ট | ইমানেই দুষ্ট যে মাতৃ যশোদাৰ কেতিয়াবা খঙত নিজৰে কান্দো কান্দো লাগে | কিন্তু লীলাধৰ কৃষ্ণৰ অসীম লীলা | এবাৰ দুষ্টামি ইমানেই বেছি হ’ল যে যশোদাই কৃষ্ণক উৰাল এটাত ৰছীৰে বান্ধি থলে | বান্ধিবলৈ লওঁতেও বহুত কষ্ট হ’ল, প্ৰতিবাৰে ৰছীডাল দুআঙুল চুটি হয় | জগতৰ ঈশ্বৰ কৃষ্ণই মাতৃৰ প্ৰেম বন্ধনত বন্দী হৈ উৰালতো বান্ধ খাইছিল |
কৃষ্ণক বান্ধি থৈ মাতৃ আঁতৰ হোৱাৰ লগে লগে কৃষ্ণই উৰালটো চোচৰাই টানি টানি বান্ধিথোৱা অৱস্থাতে ঘৰৰ বাহিৰ ওলাল | ঘৰৰ সন্মুখতে দুজোপা যমজ অৰ্জ্জুন গছ আছিল | কৃষ্ণই গছদুজোপাৰ মাজেৰে পাৰ হবলৈ ধৰোতে উৰালটো গছৰ ফাঁকত লাগি ধৰিলে | কৃষ্ণই জোৰেৰে টান মাৰি দিয়াত ভীষণ শব্দ কৰি দুইজোপা গছ উভালি পৰিল আৰু গছদুজোপাৰ পৰা দুজন দেৱতা ওলাই আহি কৃষ্ণক প্ৰণাম কৰিলে |
এই দুয়োজন দেৱতা প্ৰকৃততে কুৱেৰৰ দুই পুত্ৰ মণিগ্ৰীৱ আৰু নলকুৱেৰ আছিল | ধনৰ গৰ্বত গৰ্বিত হৈ এবাৰ দুয়োজনে সোমৰসৰ ৰাগীত মতলীয়া হৈ দেৱৰ্ষি নাৰদক তুচ্ছজ্ঞান কৰি অপমান কৰিছিল | নাৰদে দুয়োকে অভিশাপ দিছিল – “পৃথিৱীত বৃক্ষৰূপ ধাৰণ কৰি থাকাগৈ | বৃক্ষ হলেহে তোমালোকৰ অহঙ্কাৰ আঁতৰিব | শতেক বছৰ বৃক্ষৰূপে থকাৰ পিছত পৰমেশ্বৰ কৃষ্ণই তোমালোকক এই অভিশাপৰ পৰা মুক্তি দিব |”
মুক্ত হৈ দুয়োজন দেৱতাই কৃষ্ণক তুতি কৰিছিল আৰু কৃষ্ণই আশীৰ্বাদ দি দুয়োকে বিদায় দিছিল |
ইফালে গছদুজোপা উভালি পৰাৰ শব্দ শুনি নন্দ-যশোদা আৰু গকুলবাসী দৌৰি আহিছিল | কেনেকৈ কৃষ্ণ সেই ঠাই পাইছিলগৈ কোনেও বুজিব পৰা নাছিল | মাতৃয়ে কৃষ্ণৰ বান্ধোন খুলি কোলাত তুলি লৈছিল | কোনোবা ৰাক্ষসৰ কাম বুলি নন্দৰ মনত ভয় সোমাইছিল |
ইফালে গকুলত কংসৰ অত্যাচাৰ আৰু বাঢ়ি আহিছিল | অৱশেষত কৃষ্ণৰ তিনিবছৰ হওঁতে নন্দৰাজে সকলোকে লৈ গকুল ত্যাগ কৰিলে আৰু নন্দগাঁওত নতুনকৈ বসতি স্থাপন কৰিলে | নন্দগাঁৱত যশোদাৰ  আচলৰ ধন লহপহকৈ বাঢ়িবলৈ ধৰিলে | মাখন খাই খুব ভাল পায় | মাকক মাতে মাইয়া বুলি | কৃষ্ণৰ মৰমত যশোদাই সকলো পাহৰে | কৃষ্ণই ভাবিলে – “আজলী মাতৃ মোৰ | মোক চিনিয়েই নাপায় | একোৱেই নাজানে | কোন সতেৰে এইজনী মাতৃক এৰি থৈ যাম | কিন্তু যাবতো লাগিবই | সেয়ে মই কোন তাৰ আভাস এটা এতিয়াই দি থোৱা ভাল |” কৃষ্ণই বাহিৰত গৈ মাটি খোৱাত লাগিল | সৰু সৰু আঙুলিকেইটাৰে মাটি অকণমান বুটলি লয় আৰু মুখত লৈ চুপি থাকে | কাণ্ডটো দেখি গোপী এজনীয়ে যশোদাক চিঞৰিলে – “যশোদা, ওলাই আহা | কানায়ে মাটি খাইছে |” যশোদা উধাতু খাই ওলাই আহি কৃষ্ণক সোধে –“কানাই, তই মাটি খাইছ ?” কৃষ্ণই কয় – “মই মাটি নাইখোৱা |”
-        মুখ খোল, এতিয়াই খোল |
-        মই মাটি নাইখোৱা | এয়া চোৱা |

কৃষ্ণই মুখ মেলি দিলে আৰু যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত সমস্ত বিশ্ব-ব্ৰহ্মাণ্ড দেখিলে | বেচেৰী ভয়তে অচেতন হ’ল | পিছত যেতিয়া চেতন আহিল দেখিলে যে কৃষ্ণই কোচত বহি মুখলৈ চাই আছে | চুমা এটা খাই যশোদাই কৃষ্ণক বুকুত সুমুৱাই ললে আৰু মৰমৰ ভৰত পাহৰিয়ে থাকিল অলপ আগতে কৃষ্ণৰ মুখৰ ভিতৰত কি দেখি অচেতন হৈছিল |
লাহে লাহে কৃষ্ণ আৰু ডাঙৰ হ’ল আৰু নন্দগাঁৱত নিজৰ দল গঠন কৰিলে | বল, সুবল, দাম, সুদাম, শ্ৰীদাম, শ্যামসখা আদি অনেক লগৰীয়া | সকলোৱে মিলি গৰু চৰাবলৈ যায় | দলৰ নেতা কৃষ্ণ আৰু বলৰাম | বলৰামক কৃষ্ণই মাতে দাউ বুলি |

শ্যামসখাৰ কথা বেলেগে কব লাগিব | শ্যামসখা জন্মান্ধ আছিল | আগতে নাম বেলেগ আছিল | লগৰ লৰাবোৰে কৃষ্ণৰ লগত খেলিবলৈ যায়, সখাই অকলে অকলে বহি থাকে | অন্ধ কাৰণে কোনেও লগ নিদিয়ে | কিন্তু হৃদয়ত কৃষ্ণৰ প্ৰতি অসীম প্ৰেম | ভগৱানে ভক্তক সদায় ওচৰ চপাই লয় | কৃষ্ণই অন্ধ লৰাটোক হাতত ধৰি লগৰীয়াবোৰৰ লগলৈ লৈ আহিল, সম্বোধন কৰিলে সখা বুলি | কৃষ্ণৰ সখা কাৰণে লগৰীয়াবোৰে মাতে শ্যামসখা বুলি | কেৱল ইমানেই নহয় | এবাৰ সখাই মন মাৰি বহি থকা দেখি কৃষ্ণই সুধিলে – “কি হ’ল সখা ? কিয় এনেকৈ আছা ?” শ্যামসখাই উত্তৰ দিলে – “কৃষ্ণ, মই যে অন্ধ সেয়াই মোৰ দুখ |” কৃষ্ণই ক’লে – “পৃথিৱীৰ সকলো মানুহেই অলপ অলপ অন্ধ | যিটো চাব লাগে সেয়া নাচায়, যিটো চাব নালাগে সেয়া চায় | বাৰু কোৱাচোন, তুমি কি চাব বিচাৰা ?” সখাই একে উশাহে ক’লে – “তোমাক, মাত্ৰ তোমাক |”  কৃষ্ণই ক’লে – “বাৰু কোৱাচোন মই দেখিবলৈ কেনেকুৱা ?” উত্তৰত সখাই হৃদয়ৰ চকুৰে অনুভৱ কৰি কৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিলে – “সূৰ্য্যৰ দৰে উজ্জল মুখ, চকুৰ ৰং অমাৱস্যাৰ দৰে আন্ধাৰ, মূৰত ময়ুঁৰ পাখিৰ মুকুট, পীতাম্বৰ পিন্ধি আছা, বাঁহীটো ককালত বান্ধি থোৱা আছে, সোঁ ভৰিৰ তলুৱাত মৃগ নয়ন | কিন্তু কৃষ্ণ, তোমাৰ সোঁহাতৰ আঙুলিত সেইটো ঘূৰি থকা চক্ৰ কিয় আছে ?” কৃষ্ণই উত্তৰ দিলে – “এই বিষয়ে পিছত কেতিয়াবা কম |” অন্ধ শ্যামসখাৰ প্ৰেমৰ বন্ধনত বন্দী হৈ কৃষ্ণই সেই তেতিয়াই নিজৰ ঐশ্বৰিক ৰূপ সখাক দেখুৱালে |

লগৰীয়াৰ লগত গৰু চৰাই থাকোতে কৃষ্ণই বাঁহী বজায় | বাঁহী নহয় যেন সৰগৰ অমিয়া সুৰ | বাঁহীৰ মাত শুনি ব্ৰজৰ গোপীসকলে নিজকে পাহৰে | গোপীসকলে কৃষ্ণক মাতি লৈ যায় | কয় – “কাণ্হা, আমাক বাঁহী বজাই শুনোৱা | তোমাক মাখন খাবলৈ দিম |” প্ৰেমৰ বন্ধনত বন্দী ঈশ্বৰে সাধাৰণ এজনী গোপীক বাঁহী বজাই শুনায় |

(আগলৈ)

No comments:

Post a Comment