Sunday 4 March 2012

বিষয় - সঞ্চয় আৰু বিনিয়োগ (১)

সানমিহলিকৈ লিখা কথা|
কিয় আৰু কেনেকৈ - সঞ্চয় কিয় কৰিব লাগে? সকলোৱে জানেই| সময়ে সময়ে নিজৰ আৰু নিজৰ ওপৰত নিৰ্ভৰ কৰা সকলৰ আৰ্থিক, সমাজিক আদি প্ৰয়োজনখিনি পুৰাই থাকি তাৰ পিছত এসময়ত নিজৰ উপাৰ্জনৰ পথ বন্ধ হৈ যোৱাৰ পিছতো থাকি যোৱা দিনকেইটা আৰামেৰে, কোনো আৰ্থিক সংকটত নপৰাকৈ কটাবলৈ সঞ্চয় কৰিব লাগে| অকল সঞ্চয় কৰিলেই নহ, সঞ্চয়খিনি ঠিক ঠাইত বিনিয়োগো কৰিব লাগিব| বহুতে কয় - এইকেইটা মাত্ৰ টকা উপাৰ্জ্জন কৰো, বিনিয়োগ বাদেই, সঞ্চয় কৰপৰা কৰিম? সঞ্চয় কৰি বিনিয়োগ কৰিবলৈ একেলগে এগালমান টকাৰ প্ৰয়োজন নাই| অলপ অলপকৈ সঞ্চয় কৰি অলপ অলপ কৈ ধাৰাবাহিকভাৱে (systematically) ভাল নিশ্চিত, বিপদ নথকা ঠাইত বিনিয়োগ কৰি থাকিলে এসময়ত, প্ৰয়োজনৰ সময়ত আৰ্থিক সচ্চলতা অহাটো একো টান কথা নহয়| প্ৰতিটো বিনিয়োগ নিজৰ জীৱনৰ কিবা ভবিষ্যত পৰিকল্পনাৰ কামত অহাকৈ সময় বুজি কৰিলে আৰু ভাল|

 মূদ্ৰাস্ফীতিয়ে (ইনফ্লেচন) সঞ্চয়খিনি খাই পেলায় - মূদ্ৰাস্ফীতি মানে কি সকলোৱে জানেই| % টোৰ কথা ৰাইজে পাতিয়ে থাকে| সেয়ে আজি কৰা বিনিয়োগখিনিৰ পৰা এসময়ত কিমান টকা ঘূৰাই পোৱা যাব সেইটো মূদ্ৰাস্ফীতিৰ কথাটো মনত ৰাখিহে উলিয়াব লাগিব| মানে ধৰা হ- আজি মই বছৰি ৯% সুদৰ হাৰত কিবা আঁচনিত এবছৰৰ বাবে টকা জমা কৰিলো| যদি বছৰি মূদ্ৰাস্ফীতিৰ গড় হাৰ বছৰি ৬% হয়, তেন্তে এবছৰৰ মূৰত মোৰ বিনিয়োগত পোৱা আচল উপাৰ্জ্জন (real return )ব মাত্ৰ ৩%| আনকি মূদ্ৰাস্ফীতিৰ বাবেই বিনিয়োগ কৰা টকাখিনিৰ মূল্যও প্ৰতি বছৰে কম হৈ হৈ গৈ থাকে| ভাবিলে আচৰিত লাগে কেতিয়াবা কিছুমান বিনিয়োগত (যেনে বেংকৰ নৰ্মেল চেভিংচ একাউণ্টত) বেছি দিনলৈ টকা এনেয়ে পেলাই থলে মূদ্ৰাস্ফীতিৰ হাৰটো এডজাষ্ট কৰাৰ পিছত নিগেটিভ উপাৰ্জ্জনহে আহে|

বিনিয়োগত কেইটামান সাধৰণ নিয়ম - 

) কম বয়সতেই আৰম্ভ কৰিব লাগে - যিমান পৰা যায় কম বয়সতেই সঞ্চয় আৰু বিনিয়োগৰ অভ্যাস গঢ়ি তুলিব লাগে| লাগিলে কম পৰিমাণেই হওঁক|

) চক্ৰবৃদ্ধি সুদ - আইনষ্টাইনে কৈছিল - "The most powerful force of the universe is compound interest. " চিধা অৰ্থটো হল বিনিয়োগৰ টকাৰ পৰা অৰ্জা সুদখিনিৰ পৰা আকৌ সুদ অৰ্জা| উদাহৰণ - ধৰা হল ৩০ হাজাৰ টকা ৫ বছৰৰ বাবে ১২% সাধৰণ সুদত (simple interest) ফিক্স ডিপোজিতত বিনিয়োগ কৰা হ| বছৰি ৩৬০০ টকা সুদ পোৱা যাব আৰু ৫ বছৰৰ পিছত মুঠতে ৪৮ হাজাৰ টকা পোৱা যাব|

এতিয়া এই ৩০ হাজাৰ টকা ৫ বছৰৰ বাবে ১২% চক্ৰবৃদ্ধি সুদত (compound interest) বিনিয়োগ কৰা হ| প্ৰথম বছৰত পোৱা সুদখিনি (৩৬০০ টকা) মূলধনৰ লগত যোগ দিয়া হ, ফলত প্ৰথম বছৰৰ শেষত মূলধনখিনি বাঢ়ি ৩৩৬০০ টকা হব| পিছৰ বছৰ এই ৩৩৬০০ টকাৰ ওপৰত ১২% সুদ পোৱা যাব আৰু মূলধনখিনি বাঢ়ি ৩৭৬৩২ টকা হব| এইদৰে গৈ গৈ ৫ বছৰৰ পিছত মুঠ টকাৰ পৰিমান হবগৈ ৫২৮৭০ টকা| এইখিনি সাধৰণ সুদত পোৱা টকাতকৈ ২৭% বেছি| এইয়াই পাৱাৰ অফ কম্পাউণ্ডিং|

) দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰিব লাগে - তেতিয়া চক্ৰবৃদ্ধি সুদৰ সুবিধাটো বেছি ভালকৈ লব পাৰি|

) ধাৰাবাহিক ভাৱে, পদ্ধতিগত ভাৱে (systematically) বিনিয়োগ কৰিব লাগে - লাগিলে কম পৰিমাণৰে হওঁক, প্ৰত্যেক মাহে অলপ অলপ কৈ দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰিব লাগে| পাৱাৰ অফ কম্পাউণ্ডিংৰ সুবিধা লব লাগে| উদাহৰণ - মাহে ১০০০ টকাকৈ ৯% হাৰত (কম্পাউণ্ডেদ ইয়াৰলী) বিনিয়োগ কৰিলে ১০ বছৰৰ মূৰত ৬.৬৯ লাখ টকা পোৱা যাব, ৩০ বছৰত ১৭.৮৩ লাখ টকা পোৱা যাব আৰু ৪০ বছৰত ৪৪.২০ লাখ টকা পোৱা যাব|

এতিয়া কত বিনিয়োগ কৰিব? ভাবিছো ৰ| অহাবাৰত বেংক আৰু পোষ্ট অফিছত কিবা আঁচনিত বিনিয়োগ কৰিব পাৰিনেকি চিন্তা কৰা হ|

No comments:

Post a Comment