Monday 19 March 2012

ঘোষা, খেদ

         নাম-ছন্দ
                        ঘোষা

কৃষ্ণ ৰাম            কৃষ্ণ ৰাম
কৃষ্ণ ৰাম              কৃষ্ণ ৰাম ||৮৫০
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম | 
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম ||৮৫১
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম |
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ ||৮৫২
গোৱিন্দ গোৱিন্দ                     গোৱিন্দ গোৱিন্দ 
               গোৱিন্দ ৰাম মুৰাৰি |
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী ||৮৫৩
গোৱিন্দ ৰাম মুৰাৰি                 মুকুন্দ ৰাম মুৰাৰি |
ভকতি-ৰোচন                        দুখ-বিমোচন
               ভকতৰ ভয়হাৰী ||৮৫৪
পৰম পুৰুষ                              পৰম আনন্দ
               পৰম গুৰু মুৰাৰি |
অনাদি অনন্ত                           অচ্যুত গোৱিন্দ
               ভকতৰ ভয়হাৰী ||৮৫৫
জয় যাদৱ এ মোৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ |
ভকতৰ ধন তযু অৰুণ চৰণ ||৮৫৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি জয় নাৰায়ণ ||৮৫৭
ৰাম ৰাম ৰাম ৰাম ৰাম |
ৰাম কৃষ্ণ হৰি নাৰায়ণ ||৮৫৮
ৰাম ৰাম ৰাম ৰাম |
ৰাম কৃষ্ণ হৰি হৰি হৰি ||৮৫৯
হৰি হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ৰাম |
শ্ৰীৰাম জয় জয় ৰাম ||৮৬০
ৰাম ৰাম ৰাম ৰাম গোপাল |
জীৱেৰ জীৱন যদুৰায় ||৮৬১
দীন দায়াশীল দেৱ দামোদৰ হৰি দামোদৰ |
দামোদৰ দামোদৰ দেৱ দামোদৰ হৰি দামোদৰ ||৮৬২
অনাদি অনন্ত সদাশিৱ সনাতন হৰি এ |
নিত্য নিৰঞ্জন হৰি নিত্য নিত্য নিৰঞ্জন ||৮৬৩
নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন |
নিত্য নিৰঞ্জন নিত্য নিৰঞ্জন হৰি নিত্য নিৰঞ্জন ||৮৬৪
মুৰাৰী মধুৰিপু ৰাঘৱ এ ৰাম ৰঘুপতি ৰাম ৰাম ৰাম
                                                       হৰি ৰাম ৰাম ৰাম |
ৰাম ৰাম ৰাম নাৰায়ণ জয় নাৰায়ণ ||৮৬৫
যাদৱ যদুপতি মাধৱ এ 
                             ৰাম ৰাম কৃষ্ণ নাৰায়ণ হৰি নাৰায়ণ |
নাৰায়ণ হৰি নাৰায়ণ ||৮৬৬
ৰাম কৃষ্ণ গোৱিন্দ গোপীনাথ হৰি গোপীনাথ |
গোপীনাথ গোপীনাথ হৰি গোপীনাথ ||৮৬৭
কৰুণা-সাগৰ মোৰ বান্ধৱ এ |
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ||৮৬৮
ৰাম ৰাম ৰাম ৰাম গোৱিন্দ |
ৰাম ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ||৮৬৯
ৰাম কৃষ্ণ হৰি গোপাল গোৱিন্দ মুকুন্দ হৰি মুৰাৰি ||৮৭০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণৰাম 
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম গোৱিন্দ জয় ৰাম ||৮৭১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি |
ৰাম কৃষ্ণ ৰাম 
ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম ||৮৭২
হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম |
পতিত-পাৱন হৰি গুণে অনুপম ||৮৭৩
মোৰ প্ৰভু নাৰায়ণ ৰাম কৃষ্ণ ৰাম |
ভকত-বত্‍সল প্ৰভু গুণে অনুপাম ||৮৭৪
ৰাম কৃষ্ণ নাৰায়ণ হৰি ৰে হে |
প্ৰভু ৰে হে ৰাম ৰাম ৰাম ||৮৭৫
মুকুন্দ মাধৱ মুৰাৰী মধু-ৰিপু |
জগত-জীৱন ৰাম হৰি হৰি ||৮৭৬
জয়তি যদুপতি জগত-জীৱন 
যাদৱ মাধৱ ৰাম হৰি হৰি |
পৰম পুৰুষ ৰাম জয় জয় ||৮৭৭
ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ |
ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি ||৮৭৮
ৰাম ৰাম ৰাম ৰাঘৱ ৰঘুপতি  
প্ৰণত-পালক দেৱ হৰি হৰি |
প্ৰপন্ন-তাৰকদেৱ জয় জয় ||৮৭৯
হৰি তো হৰি হৰি                         হৰি তো হৰি হৰি |
হৰি তো হৰি হৰি ৰাম জয় জয় ||৮৮০
কৃষ্ণদেৱ তুমি প্ৰভু দীন-দুখ-হাৰী |
ভকত-ৰঞ্জন ভয়-ভঞ্জন মুৰাৰি ||৮৮১
গোপাল গোপীনাথ গোৱিন্দ ৰাম ৰাম |
গোৱিন্দ ৰাম কৃষ্ণ গোৱিন্দ ৰাম ||৮৮২
গোৱিন্দ ৰাম গোৱিন্দ ৰাম |
গোপাল গোৱিন্দ ৰাম ৰাম ||৮৮৩
হৰি হৰি হৰি ৰাম গোৱিন্দ |
মুৰাৰি মুকুন্দ জয় ৰাম ||৮৮৪ৰাম কৃষ্ণ হৰি ৰাম ৰাম |
গোপাল গোৱিন্দ জয় ৰাম ||৮৮৫
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
অমিয়া-মাধুৰী তযু নাম ||৮৮৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ জয় |
ৰাম কৃষ্ণ দীন-দায়াময় ||৮৮৭
যাদৱ মাধৱ দীন দায়াল |
দেৱকী-নন্দন ৰাম গোপাল ||৮৮৮
ৰাম ৰঘুপতি পৰমানন্দ |
পৰমপুৰুষ দীনবন্ধু গোৱিন্দ||৮৮৯
মোৰে ইষ্ট দেৱ যাদৱৰায় |
সেৱা কৰিবাৰ নামে উপায় ||৮৯০
গোৱিন্দ এ জয় কৃষ্ণ |
জগত-জীৱন ৰাম ||৮৯১
সহজানন্দ হৰি স্বৰূপানন্দ |
হৃদয়ানন্দ হৰি পৰমানন্দ ||৮৯২
গোপাল গোৱিন্দ ৰাম মাধৱ |
ভকতজনৰ তুমি বান্ধৱ ||৮৯৩
গোপাল গোৱিন্দ গৰুড়-কেতু |
ভকতৰ ধন জীৱন-হেতু ||৮৯৪
ৰাম নিৰঞ্জন নিৰাময় |
জয় জগন্নাথ দায়াময় ||৮৯৫
গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম |
পতিত্পাৱন তোমাৰ নাম ||৮৯৬
হৰি ৰাম ছিৰীৰাম |
বামন পৰশুৰাম ||৮৯৭
মুকুন্দ মুৰাৰি দীন-দায়াশীল হৰি ৰাম ||৮৯৮
কমল-লোচন দুখ-মোচন মুৰাৰি ৰাম ||৮৯৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম নাৰায়ণ                 ৰাম কৃষ্ণ ৰাম ||৯০০
বনমালী গোৱিন্দ ৰাম কৃষ্ণ হৰি ||৯০১
জীৱে জীৱন-ধন         মুকুন্দ মুৰাৰি নাৰায়ণ ||৯০২
ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি এ হৰি নাৰায়ণ |
ভকতজনৰ দুখ-ভয়-হাৰী এ হৰি নাৰায়ণ ||৯০৩
নমো নাৰায়ণ               নমো নাৰায়ণ |
নিৰঞ্জন নিৰাকাৰ         নিৰ্ব্বিকাৰ নিৰাময়
          নৰোত্তম সম সনাতন ||৯০৪
ৰাম হৃষীকেশ              গোৱিন্দ হৃষীকেশ ||৯০৫
         গোৱিন্দ ৰাম গোৱিন্দ ৰাম |
ৰাম কৃষ্ণ গোৱিন্দ ৰাম ||৯০৬
এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ ||৯০৭
হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ||৯০৮
ৰাম কৃষ্ণ ৰাম এ ৰাম নাৰায়ণ ||৯০৯
জয় ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ||৯১০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ শিৱ সনাতন |
তুমিসে গোৱিন্দ ভকতৰ মহাধন ||৯১১
জয় হৰি ৰাম জয় ছিৰীৰাম |
পৰম-মঙ্গল মাধৱৰ গুণ-নাম এ জয় হৰি ৰাম ||৯১২
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম |
মধু-মুৰ-মথন মুৰাৰি হৰি ৰাম এ কৃষ্ণ কৃষ্ণ ৰাম ||৯১৩
ৰাম কমলা-পতি তুমি অগতিৰ গতি |
ভকতি মিনতি তুতি             নজানো পামৰ-মতি ||৯১৪
গোপাল জয় ৰাম                 গোৱিন্দ জয় ৰাম ||৯১৫
গোপাল গোৱিন্দ                 ৰাম কৃষ্ণ মুকুন্দ ||৯১৬
গোৱিন্দ গোৱিন্দ দেৱকী-নন্দন হৰি ৰাম নাৰায়ণ ||৯১৭
গোপাল গোৱিন্দ                 মুকুন্দ ৰাম ৰাম ||৯১৮
হৰি ৰাম ছিৰীৰাম              জয় জয় ৰাম ৰাম ||৯১৯
এ ৰাম জয় ৰাম জৰ ৰাম জয় জয় ৰাম |
ও হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম ||৯২০
শিৱ শিৱ শিৱ শিৱ শিৱ |
শিৱ সনাতন জগজীৱ ||৯২১
মাধৱ মাধৱ মাধৱ মধুৰিপু গোৱিন্দ কৃষ্ণ  
                                          হৰি হৰি ৰাম ||৯২২
নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়  
                                          মুৰাৰি এ হৰি হৰি ৰাম ||৯২৩
প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ ||৯২৪
হে হে পৰমগুৰু পুৰুষোত্তম হৰি পুৰুষোত্তম |
পুৰুষোত্তম পুৰুষোত্তম জয় পুৰুষোত্তম ||৯২৫
মোৰ প্ৰভু নাৰায়ণ পৰমানন্দ হৰি পৰমানন্দ পৰমানন্দ ||৯২৬
পৰমানন্দ হৰি পৰমানন্দ ||৯২৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুদেৱ নাৰায়ণ নাৰায়ণ |
নাৰায়ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুদেৱ ||৯২৮
গোপাল গোৱিন্দ হৰি ৰাম ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম ||৯২৯
পৰম পুৰুষ শিৱ সনাতন |
অনন্ত অচ্যুত নিত্য নিৰঞ্জন ||৯৩০
ৰাম নিৰঞ্জন ও ৰাম নিৰঞ্জন |
নিৰাকাৰ হৰি এ ৰাম ||৯৩১
ৰাম সদাশিৱ ও প্ৰাণ সদাশিৱ সনাতন প্ৰভু ৰে ৰাম ||৯৩২
ৰাম দায়াশীল মোৰে প্ৰভু দায়াশীল |
দেৱ দীন-বন্ধু ৰে ৰাম ||৯৩৩
হৰি হৰি পৰমানন্দ প্ৰভু  
পীতাম্বৰ হৰি পীতাম্বৰ |
পীতাম্বৰ পীতাম্বৰ প্ৰভু পীতাম্বৰ ||৯৩৪
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম |
হৰি হৰি এ নাৰায়ণ         জয় গোৱিন্দ ৰাম ||৯৩৫
পৰমানন্দ জয় পৰমানন্দ |
হৰি হৰি হৰি হৰি হৰি হৰি এ  
হৰি এ পৰমানন্দ জয় পৰমানন্দ ||৯৩৬
কমলা-কান্ত জয় কমলা-কান্ত |
কমল-লোচন বনমালী হৰি এ বনমালী এ ||৯৩৭
কমলা-কান্ত, জয় কমলা-কান্ত ||৯৩৮
দামোদৰ প্ৰভু দামোদৰ   দেৱকী-নন্দন দীনবন্ধু হৰি এ  
দীনবন্ধু এ দামোদৰ দৱ দামোদৰ ||৯৩৯
জগত-জীৱন ৰাম যদুপতি              জগত-জীৱন ৰাম হৰি হৰি   
                           জগত জীৱন ৰাম ||৯৪০
জগত-জীৱন ৰাম যদুপতি             জগত-জীৱন ৰাম হৰি হৰি
                           জগত জীৱন ৰাম |
জগজীৱন ৰাম জগজীৱন ৰাম |
জগতৰ সুমঙ্গল তুৱা গুণ-নাম ||৯৪১
মধু-সূদন দেৱ মধু-সূদন দেৱ |
তুমি বিনে অগতিৰ গতি নাহি কেৱ ||৯৪২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি |
ৰামতে ৰমোহো অবিৰাম ৰাম ৰাম ||৯৪৩
ৰাম-নাম ধৰ্ম্ম অনুপাম হৰি হৰি |
পূৰে ভকতৰ মন-কাম ৰাম ৰাম ||৯৪৪
কলি-যু্গে ৰাম-নাম সাৰ হৰি হৰি |
ৰাম-নাম বিনে নাহি আৰ ৰাম ৰাম ||৯৪৫
ৰাম বুলি পাৱে ভৱ-পাৰ হৰি হৰি |
ৰাম-নাম জগত উদ্ধাৰ ৰাম ৰাম ||৯৪৬
ৰাম-নাম অমূল্য ৰতন হৰি হৰি |
ৰাম-নাম বিনে নাহি ধন ৰাম ৰাম ||৯৪৭
ৰাম-নাম মুক্তি-বিড়ম্বন হৰি হৰি |
জপ ৰাম-নাম অনুক্ষণ ৰাম ৰাম ||৯৪৮
ৰাম-নামে ভকতি-সুগম হৰি হৰি |
নাহি ভক্তি ৰাম-নাম সম ৰাম ৰাম ||৯৪৯
ৰাম-নাম ধৰ্ম্মতে উত্তম হৰি হৰি |
ৰাম-নাম পাতকৰ যম ৰাম ৰাম ||৯৫০
ৰাম-নামে ধৰ্ম্ম-শিৰোমণি হৰি হৰি |
ৰাম-নাম পাপৰ অগনি ৰাম ৰাম ||৯৫১
ৰাম-নাম মৃত-সঞ্জীৱনী হৰি হৰি |
ৰাম-নাম ঘুষিয়েক ছানি ৰাম ৰাম ||৯৫২
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ হৰি 
জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ জগন্নাথ  
হৰি হৰি ৰাম |
জগন্নাথ জগন্নাথ হৰি ||৯৫৩
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি  
নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি  
হৰি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি ||৯৫৪
গোপাল গোপাল                      গোপাল গোপাল 
                গোপাল গোপাল ৰাম |
গোপাল গোপাল                     গোপাল গোপাল
              গোপাল গোপাল গোপাল ৰাম ||৯৫৫
ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম     
ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম হৰি হৰি ৰাম || ৯৫৬
গোৱিন্দ ৰাম      গোৱিন্দ ৰাম         গোৱিন্দ ৰাম   
গোৱিন্দ ৰাম     গোৱিন্দ ৰাম          গোৱিন্দ ৰাম হৰি |
গোৱিন্দ গোৱিন্দ                         গোৱিন্দ গোৱিন্দ
গোৱিন্দ গোৱিন্দ                         গোৱিন্দ গোৱিন্দ  
গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম  ||৯৫৭
মুকুন্দ মুৰাৰি             মুকুন্দ মুৰাৰি 
মুকুন্দ মুৰাৰি             মুকুন্দ মুৰাৰি 
মুকুন্দ মুৰাৰি হৰি ৰে হে |
হৰি হৰি হৰি হৰি হৰি হৰি হৰি ৰাম শ্ৰীৰাম ||৯৫৮
ৰাম কৃষ্ণ হৰি             ৰাম কৃষ্ণ হৰি  
ৰাম কৃষ্ণ হৰি             ৰাম কৃষ্ণ হৰি   
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম |
ৰাম কৃষ্ণ হৰি           মুকুন্দ মুৰাৰি মাধৱ মধুসূদন হৰি হৰি  
যাদৱ যদু-নন্দন ||৯৫৯
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম |
ৰাম ৰাম ৰাম ৰাম ৰাম হৰি হৰি ৰাম     
ৰাম ৰাম ৰাম ৰাম ৰাম ||৯৬০
হৰি হৰি হৰি               হৰি হৰি হৰি     
            হৰি হৰি হৰি হৰি হৰি এ  
প্ৰাণ-বন্ধু হৰি            হৰি হৰি হৰি এ 
          মোৰে প্ৰাণধন হৰি এ  
অনাদি অনন্ত প্ৰভু ভগৱন্ত ভজো চৰণত ধৰি এ  
হৰি হৰি ভজো চৰণত এ |
পতিত-পাৱন             প্ৰভু নাৰায়ণ  
          সেৱক লৈয়ো উদ্ধাৰি  
দীন-বন্ধু সেৱক লৈয়ো উদ্ধাৰি গোৱিন্দ জয় ৰাম ||৯৬১
মুৰাৰি মুকুন্দ ৰাম       মুৰাৰি মুকুন্দ ৰাম 
          মুৰাৰি মুকুন্দ জয় ৰাম |
সুমৰণে পাপ-ক্ষয়   মিলে মহামহোদয় 
দুখময় গুচে শোক-ভয় হৰি ৰাম ||৯৬২
ৰাম কৃষ্ণ গোৱিন্দ      ৰাম কৃষ্ণ গোৱিন্দ
          ৰাম কৃষ্ণ গোৱিন্দ হৰি |
বনমালী বাসুদেৱ        পদ্মনাভ জনাৰ্দ্দন
         মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম ||৯৬৩
মাধৱ মধুৰ-মূৰতি মধু-সূদন    দনুজ-দমন দুখহাৰী
        পীতাম্বৰধৰ শ্যাম-সুন্দৰ হৰি |
জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম ||৯৬৪
ৰাম জয় হৰি জয় জয় ৰাম কৃষ্ণ ৰাম হৰি জয় ||৯৬৫
ৰাম কৃষ্ণ যিটো সততে সুমৰে     তাৰ আৰ কাক ভয়
সমস্তে ধৰ্ম্মৰ উপৰে বসিয়া ৰাম-নাম প্ৰকাশয় ||৯৬৬
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন     বিনাই কৃত্য-শেষ নথাকয় |
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে    কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় ||৯৬৭
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে    স্বভাৱে সংসাৰ সুখে তৰয় |
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে    সমস্ত বিঘিনি নাশ কৰয় ||৯৬৮
ৰাম-কৃষ্ণ-নাম-ৰসক লভিয়া মুকুতিকো নগণয় |
ৰাম-কৃষ্ণ-নাম পৰম-আনন্দ-সমুদ্ৰে মজি থাকয় ||৯৬৯
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন কৰিয়া হৰিকো বশ্য কৰয় ||৯৭০
ৰাম হৰি জয় ৰাম হৰি |
গোপাল গোৱিন্দ ৰাম হৰি জয় ||৯৭১
ৰাম হৰি জয় ৰাম ৰাম হৰি জয় ৰাম ৰাম ||৯৭২
এ হৰি হৰি ৰাম জয় |
ৰাম হৰি জয় ৰাম গোৱিন্দ ||৯৭৩
ৰাম জয় জয় ৰাম জয় |
মুকুন্দ মুৰাৰি ৰাম হৰি জয় ||৯৭৪

                      খেদ
ঘোষা  || এ হৰি হৰি হৰি হৰি
                কি কাম কৰিলো আমি |
       হৰি হৰি হৰি
                সাধু-সঙ্গ লৈয়া তোমাক নভজি
                ভৈলো কিনো অধোগামী ||৯৭৫

পদ || নিজ দাস হুয়া সেৱাক তেজিলো |
     এই দোষে ঘোৰ আপদে মজিলো ||৯৭৬
            তুমিসি সুহৃদ আত্মা প্ৰিয়তম |
     তথাপি তোমাক নভজো কি মঞি অধম ||৯৭৭
            তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ |
     মই মন্দমতি ভৈলো সেৱা চোৰ ||৯৭৮
            অধমকো তৰে তোমাৰ ভকতি |
     তথাপি তোমাক নভজো কুমতি ||৯৭৯
            ইষ্ট দেৱ বুলি তোমাক নধৰো |
     নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো ||৯৮০
            তুমিসে কেৱলে কৰুণা-সাগৰ |
     তোহ্মাক নভজো কি মঞি পামৰ ||৯৮১
            আৱে কৃপাময় দিয়োক শৰণ |
     দোষ মৰিষণ তোমাৰ চৰণ ||৯৮২
            ইবাৰ ঈশ্বৰ নছাড়িবা মোক |
     মোৰ মন মজি তোমাতে ৰহোক ||৯৮৩
            মোৰ প্ৰাণ হৰে জীৱন প্ৰাণ হৰে |
     হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰে ||৯৮৪
            কৃষ্ণ হৰি এ প্ৰাণ হৰি এ |
     হৰি ৰে ৰাম ৰাম ৰাম ৰাম ||৯৮৫
            গোৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম ||৯৮৬
            হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম || ৯৮৭
            হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম ||৯৮৮
            কৃষ্ণ ৰাম গোৱিন্দ | হৰি ৰাম গোৱিন্দ জয় জয় ||৯৮৯
            গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম |
     গোৱিন্দ গোৱিন্দ ৰাম ৰাম ||৯৯০
            গোৱিন্দ মাধৱ প্ৰাণ-বান্ধৱ ৰাম কৃষ্ণ হৰি জয় ||৯৯১
            হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় |
     ৰাম-নামে মাৰণা মাৰে পাপ-কটকৰ ক্ষয় ||৯৯২
            পাপ-বিপক্ষক সংহৰি হৰিৰ নামে খলখলি হাসে |
     সকলে সুখৰ উপৰে বসিয়া হৰিৰ নাম প্ৰকাশে ||৯৯৩
            মুকুতি-সুখক বশ্য কৰি হৰি-নামে আনন্দত নাচে |
     পুৰুষে সহিতে সখিত কৰিয়া চলয় হৰিৰ কাছে ||৯৯৪
            আপুন নামৰ মহিমা দেখিছা হৰিৰ আনন্দ চৰে |
     যিটো নাম লয়                      হৰি তাৰ হয় 
                      ই পুনু ৰহস্য কৰে ||৯৯৫
           হৰি-গুণ-নাম                     ভাবিয়া পুৰুষে
                     ৰহয় হৰিৰ পাশে |
     হৰিৰ চৰণ                         হৃদয়ে ধৰিয়া
                     কহয় মাধৱ দাসে ||৯৯৬

                                   খেদ

ঘোষা || এ ভাৱক ভাই ভজ ভগৱন্ত ভকতিভাৱে |
       ভগৱন্ত ভজিয়া পৰম গতি পাৱে ||৯৯৭
পদ || ভগৱন্ত নভজি চলয় যম-ঠাৱে |
     ভগৱন্ত-ভকতক শমনে নধাৱে ||৯৯৮
            ভগৱন্ত ভজিয়া জনম বাহুড়াৱে |
     আন যত সৱে মিছা ভক্তিৰ অভাৱে ||৯৯৯
            জানিয়া ভজিয়ো ভাই ভগৱন্ত-পাৱে |
     এহু ৰস মাধৱ মুৰুখমতি গাৱে ||১০০০

        || শ্ৰীকৃষ্ণাই নম: ||

No comments:

Post a Comment