Friday 30 March 2012

ভক্ত কবীৰৰ দোহা

মাত্ৰ দুটা দুটা শাৰীত লিখি থৈ যোৱা ভক্ত কবীৰৰ দোহাখিনিয়ে জীৱনৰ, জগতৰ বহুত কথা কৈ দিয়ে | অল্পমতি যদিও চেষ্টা কৰিছো এই দোহাখিনি বুজিবলৈ |
১) “চলটি চক্কী দেখ্‌ কৰ দিয়া কবীৰা ৰ’ই
   দো পাতন্‌ কে বীছ্‌ মে চাবুত্‌ বছা না কোই”
ঘূৰি থকা জাটৰ শিলৰ পতাদুখনে শইচখিনি গুৰি কৰি থকা দেখি কবীৰৰ চকুপানী ওলাইছিল | শিলৰ পতাদুখন তেওঁ আকাশ আৰু ধৰিত্ৰীৰ লগত তুলনা কৰিছিল আৰু শইচখিনি যেন মানুহ | যি এবাৰ এই অনবৰতে চলি থকা শিলৰ পতাদুখনৰ মাজত আহে তেওঁ টুকুৰা-টুকুৰ হবই |

২) “বুৰা য’ দেখন্‌ মে চলা, বুৰা না মিল্যা কোই
   যো মন খোজা আপ্‌না, ত’ মোজ্‌ছে বুৰা না কোই”
কবীৰে কৈছে – তেওঁ এজন মাত্ৰ বেয়া মানুহ বিচাৰি ফুৰিছিল, কিন্তু নাপালে | শেষত যেতিয়া নিজৰ মনৰ ভিতৰলৈ চাই পঠালে তেতিয়া দেখিলে যে আটাইতকৈ বেয়া মানুহজন নিজৰ মনৰ ভিতৰতে সোমাই আছে |

৩) “কাল কৰে চ’ আজ কৰ্‌, আজ্‌ কৰে চ’ অব্‌
    পল্‌ মে প্ৰলয় হয়েগী, বহুৰী কৰোগে কব্‌”
কবীৰে কৈছে - কৰিব খোজা কামটো কাইলৈ কৰাতকৈ আজিয়েই, এতিয়াই কৰি পেলোৱা | সময়ৰ এই ক্ষণটি হেৰাই গ’লে, কামটো কেতিয়া কৰিবা ?

৪) “এইছী ৱাণী ব’লিয়ে, মন্‌ কা আপা খোৱে
    পৰাণ্‌ কো ছিতল্‌ কৰে, ঔৰণ্‌ কো সুখ্‌ হোৱে””
কবীৰে কৈছে – কথা কওঁতে এনেকুৱা শব্দ ব্যৱহাৰ কৰিবা যাতে তোমাৰ অহঙ্কাৰ আঁতৰি যায় আৰু মনটোৱে শান্তি পায় আৰু লগতে অনেও তোমাৰ কথা শুনি সুখ পায় |

৫) “ধীৰে ধীৰে ৰে মন্‌, ধীৰে চব্‌ কুছ্‌ হোৱে
    মালী চিঞ্চে চ’ ঘাৰা, ঋতু আয়ে ফল হোৱে”
কবীৰে কৈছে – মনৰ গতি কম কৰা, সকলো কথা নিজৰ সময়মতে লাহে-ধীৰে, কিন্তু নিশ্চিতভাৱে হয় | মালীয়ে গছজোপাত দিনে এশবাৰ পানী দিলেও ফল কিন্তু  ঋতুমতেহে আহিব |

৬) “ছায়ী ইত্‌না দিজিয়ে, যো মে কুতুম্ব চমায়ে
   মে ভী ভোকা না ৰহো, চাধু না ভোকা যায়ে”
কবীৰে কৈছে – হে ভগৱান, মোক সিমানখিনি দিয়া যিমানখিনিৰে মোৰ আত্মীয়-পৰিয়াল ভোকত থাকিবলগীয়া নহয়, মই নিজে ভোকত থাকিবলগীয়া নহয় আৰু মোৰ ঘৰলৈ অহা সাধু-সন্তসকলে মোৰ ঘৰত নোখোৱাকৈ ঘূৰি যাব লগা নহয় |

৭) “বড়া হোৱা ত’ ক্যা হোৱা, যেইচে পেড় খেজুৰ
   পন্থী ক’ ছায়া নেহী, ফল্‌ লাগে অতি দূৰ”
কবীৰে কৈছে – তুমি ডাঙৰ মানুহ, ধনী, ক্ষমতাশালী হৈ কি লাভ যদিহে তুমি এজোপা খেজুৰ গছৰ দৰে হোৱা ? খেজুৰ গছে বাটৰুৱাক ছাঁ দিব নোৱাৰে, তাৰ ফলো অতি দূৰত লাগে |

৮) “যেইছে তিল্‌ মে তেল্‌ হ্যাই, য্য’ চক্‌মক্‌ মে আগ্‍
    তেৰা ছায়ী তোজ্‌মে হ্যাই, তু জাগ্‍ চকে ত’ জাগ্‌”
কবীৰে কৈছে – তিলৰ ভিতৰত যেনেকৈ তেল থাকে, টিঙিৰি-শিলৰ ভিতৰত যেনেকৈ জুই থাকে, তেনেকৈ তোমাৰ ভগৱান তোমাৰ ভিতৰতে থাকে | তুমি চিনিব পাৰা যদি চিনি লোৱা |

৯) “মাংগন্‌ মৰণ চমান্‌ হ্যাই, মত্‌ কোই মাংগে ভিখ্‌
   মাংগন্‌ চে মৰ্‌না ভালা, য়হ্‌ সত্‍গুৰু কী ছীখ্‌”
কবীৰে কৈছে – (নিজৰ বাবে) ভিক্ষা কৰাটো মৰণৰ সমান, ভিক্ষা কৰাতকৈ মৰণেই শ্ৰ্যেয় | তোমাৰ থকাখিনি পাৰিলে আনৰ বাবে ব্যৱহাৰ কৰা | নিজৰ সময়, পৰিশ্ৰম আৰু বন্ধুত্ত্ব আনক দিয়া, আনৰপৰা নিবিচাৰিবা |

১০) “মায়া মৰী না মন মৰা, মৰ্‌ মৰ্‍ গয়া ছৰীৰ্‌
     আশা তৃষ্ণা না মৰি, কেহ্‌ গয়া দাছ্‌ কবীৰ”
কবীৰে কৈছে – জীৱনৰ মায়াখিনিক মনটোৱে ৰক্ষণাবেক্ষণ দিয়ে | শৰীৰৰ মৃত্যু হৈ যায়, কিন্তু এই মায়া আৰু মনৰ মৃত্যু নহয় | জীৱনত আশা আৰু তৃষ্ণাৰ অন্ত নাই | 

১১) “কবীৰ খাড়া বাজাৰ মে, মাংগে ছব্‌কী খ্যেৰ
    না কাহো ছে দোষ্টি, না কাহো ছে বেৰ”
মানুহৰ ভীৰত থিয় হৈ কবীৰে সকলোৰে উন্নতি বিচাৰিছে | কাৰো প্ৰতি বিশেষ বন্ধুভাৱ বা বিশেষ শত্ৰুভাৱ নাই |

১২) “পুথি পঢ় পঢ় কৰ জগ্‌ মৌৱা, পণ্ডিত ভয়ো না কোই
    ধাই অক্সৰ প্ৰেম কা, যো পঢ়ে চ’ পণ্ডিত হোই”
কবীৰে কৈছে – যিমানেই কিতাপ পঢ়া নাযাওক কিয়, মাত্ৰ কিতাপ পঢ়ি কোনো জ্ঞানী হব নোৱাৰে | প্ৰেম শব্দটোৰ আঢ়ৈটা আখৰ যি প্ৰকৃতাৰ্থত বুজি পায় তেওঁহে জ্ঞানী |

১৩) “দুখ মে চিম্‌ৰণ চব্‌ কৰে, ছুখ মে কৰে না কোই
    যো ছুখ মে চিম্‌ৰণ কৰে, ত’ দুখ কাহেকো হোই”
কবীৰে কৈছে – দুখৰ সময়ত “তেওঁক” সকলোৱে স্মৰণ কৰে, কিন্তু সুখৰ সময়ত স্মৰণ নকৰে | যি সুখৰ সময়তো “তেওঁক” স্মৰণ কৰে তেওঁৰ ওচৰলৈ দুখ ক’ৰপৰা আহিব |

১৪) “গুৰ ধ’বি ছিখ কাপ্‌ড়া, চাবো সৃজন হৰ্‌
    ছুৰ্‍টি চিলা পোৰ ধুইয়া, নিক্সা জ্যোতি অপাৰ্‌”
কবীৰে কৈছে – গুৰু হৈছে ধোবা, কাপোৰ হৈছে শিক্ষা, চাবোন হৈছে সৃষ্টিকৰ্ত্তা, গুৰুৱে শিষ্যৰ মনটো সম্পূৰ্ণকৈ ধুই দিয়াৰ পিছত শৰীৰৰ পৰা জ্ঞানৰ জ্যোতি বিকিৰণ হয় |

১৫) “জীৱত্‌ চমঝে, জীৱত্‌ বুঝে, জীৱত হী কৰো আঁছ্‌
    জীৱত কৰম্‌ কী ফাঁচী না কাটি, মৌৱে মুক্তি কী আঁছ্‌”
কবীৰে কৈছে – জীয়াই থাকোতেই শিকি, বুজি, মায়া-মোহৰ ফাঁচৰ জৰীদাল কাটিব নোৱাৰিলে মৃত্যুৰ সময়ত মুক্তিৰ আশা কেনেকৈ কৰিবা |

১৬) “অকথ্‌ কাহানী প্ৰেম কী, কুছ্‌ কহী না যায়ে
    গুংগে কেৰী ছৰকাৰা, বৈথে মুছ্‌কায়ে””
কবীৰে কৈছে – প্ৰেম অপ্ৰকাশৰ কাহিনী, কোনো কথা কোৱা নাযায়, যিদৰে বোবা মানুহে মিঠাই খাই মাত্ৰ তৃপ্তিৰ হাঁহি মাৰে, প্ৰেমো তেনেকুৱাই |

১৭) “চিন্তা এইছি ডাকিনী, কট্‌ কলেজা খায়ে
    বৈদ্‌ বেছাৰা ক্যা কৰে, কাহা তক্‌ দৱা লগায়ে”
কবীৰে কৈছে – চিন্তাই মানুহৰ হৃদয় থান-বান কৰি দিব পাৰে | চিন্তাৰ কোনো ঔষধ নাই |

১৮) “গৰ্ব্‌ না কিজিয়ে, উছা দেখ্‌ আৱাচ্‌
    কাল পৰাণ পুণো লেট্‌না, ওপৰ ঝম্‌চি ঘাছ্‌”
কবীৰে কৈছে – নিজৰ বিপুল সা-সম্পত্তি লৈ গৰ্ব নকৰিবা, অহঙ্কাৰ নকৰিবা | কাইলে যেতিয়া শুই পৰিবা, তোমাৰ ওপৰত ঘাঁহ গজিব |

১৯) “গৰ্ব্‌ না কিজিয়ে, কাল গহে কৰ্‌ কেছ্‌
    না জানে কিট মাৰে হ্যাই, ক্যা দেছ ক্যা পৰ্‌দেছ”
কবীৰে কৈছে – গৰ্ব নকৰিবা, সময়ৰ খামোচ বৰ কঠিন | সময়ে কাক কেতিয়া ক’ত ধ্বংস কৰি দিব, ঘৰতেই নে পৰতেই, কোনেও নাজানে |

২০) “কবিৰা কিয়া কুছ্‍ না হোতা হ্যাই, আন্‌কিয়া ছব্‌ হোৱে
    যো কিয়া কুছ্‌ হোতে হ্যাই, কৰ্ত্তা ঔৰ কোৱে”
কবীৰে কৈছে – কবীৰৰ কথামতে (মানে আমাৰ নিজৰ ইচ্ছামতে) একো নহয় | কবীৰে কথামতে (মানে আমাৰ ইচ্ছামতে) হোৱা যেন লাগিলেও যি হয় তাৰ কৰ্ত্তা “আন কোনোবা” |

২১) “জীও নেইনো মে পুত্‌লী, তিয় মালিক ঘাট মাহী
    মুৰখ্‌ লোগ না জানি, বাহাৰ ধুণ্দে যাহী”
কবীৰে কৈছে – চকুৰ মণিৰ দৰেই তোমাৰ ভগৱানো তোমাৰ ভিতৰতে আছে | অজ্ঞসকলে এই কথা নাজানি ভগৱানক বাহিৰত বিচাৰি ফূৰে |

২২) “যব তু আয়ে জগ মে, লোগ হাঁছে তু ৰোৱে
    এইছি কৰণি কৰ্‌ চলো, কি তু হাঁছে লো্গ ৰোৱে”
কবীৰে কৈছে – যেতিয়া তুমি জন্ম হৈছিলা, তুমি কান্দিছিলা আৰু সকলোৱে হাঁহিছিল | জীয়াই থাকি এনে কাম কৰা যাতে তুমি যাবৰ সময়ত হাঁহি হাঁহি যাবগৈ পাৰা আৰু সকলোৱে কান্দে |

২৩) “পেহ্‌লে আগন্‍ বিৰ্‌হা কী, পিছে প্ৰেম কী প্যাচ্‌
    কহে কবীৰ তব্‌ জানিয়ে, নাম মিলন কী আঁচ্‌”
কবীৰে কৈছে – প্ৰথমে বিৰহৰ যান্ত্ৰনা, তাৰ পিছত প্ৰেমৰ তৃষ্ণা | তাৰ পিছতহে বুজি পাবা মিলনৰ সুখ |

২৪) “আগ্‌ যো লাগী চমন্দ মে, ধোঁৱা না প্ৰগত হোৱে
    চ’ জানে য’ যাৰমুৱা, জাকি লাগি হোৱে”
কবীৰে কৈছে – সমূদ্ৰত জুই লাগিছে, ধোঁৱা অদৃশ্য হৈ আছে | যি তাৰ মাজত আছে আৰু জুইত জ্বলিছে তেওঁহে মাত্ৰ জানে এই কথা |

২৫) “কবীৰ ছ’ ধন চাঞ্চিয়ে, যো আগে কো হোই
    ছেচ ছৰায়ে পাতলি, লে যাত না দেখা কোই”
কবীৰে কৈছে – বৰ্ত্তমানটো লৈ সুখী হোৱা, ভবিষ্যতৰ বাবে সাঁচি থৈ আজিলৈকে কাকো ধন-সম্পত্তি লগত লৈ যোৱা দেখা নাই |

২৬) “আছা জীয়ে জগ্‌ মৰে, লোগ মৰে মৰ যায়ে
    ছ’ৱে চুবে ধন চাঞ্চে, ছ’ উব্‌ৰে যো খায়ে”
কবীৰে কৈছে – মানুহৰ বাৰে বাৰে মৃত্যু হয়, কিন্তু আশা জীয়াই থাকে | এদিন মানুহ জাগিব আৰু ধন-সম্পত্তিৰ মায়া ত্যাগ কৰি মুক্ত হব |

২৭) “এক কহো ত’ হে নেহী, দো কহো ত’ গাৰী
    হ্যাই যেইছা তেইছা ৰহে, ক’হে কবীৰ বেচাৰী”
কবীৰে কৈছে – মই যদি (বৈচিত্ৰৰ মাজত) এক বুলি কওঁ, সেই একক দেখা পোৱা নাযায় | যদি দ্বৈত বুলি কওঁ, তেন্তে “তেওঁক” উলংঘা কৰা হয় | “তেওঁ”ক “তেওঁ”ৰ দৰেই থাকিবলৈ দিয়া, বিশ্লেষণ নকৰিবা |

২৮) “য়ে ঘৰ প্ৰেম কা, খালা কা ঘৰ নাহী
    চেচ উতাৰা হাথ কৰ্‌, চ’ পাচে ঘাৰ মাহী”
কবীৰে কৈছে – এয়া প্ৰেমৰ ঘৰ, তোমাৰ খুৰীয়েৰাৰ ঘৰ নহয় | যিয়ে (মনৰ) কলুষতাখিনি ধুই নিকা কৰিব পাৰিছে, তেওঁহে এই ঘৰলৈ আহিব পাৰে |

২৯) “মালা ত’ কৰ্‍ মে ফীৰে, জিভ্‌ ফীৰে মুখ মাহী
    মনোৱা ত’ ছাৰো দিছ ফীৰে, য়ে ত’ চিম্‌ৰণ নাহী”  
কবীৰে কৈছে – জপমালা হাতত ঘূৰি থাকিব পাৰে, জিভাই মুখৰ ভিতৰত মন্ত্ৰ উচ্চাৰণ কৰি থাকিব পাৰে, কিন্তু মনটো যদি চাৰিওদিশে ঘূৰি ফূৰে, তেন্তে সেয়া ধ্যান/তপস্যা নহয় |

৩০) “যব মে থা তব্‌ হৰি নেহী, অব্‌ হৰি হ্যাই মে নেহী
    চব্‌ আন্ধিয়াৰা মিত্‌ গয়ে, যব্‌ দীপক দেখা মাহী”
কবীৰে কৈছে – যেতিয়া মই আছিলো (মই মানে মোৰ অহংকাৰ) তেতিয়া হৰি (ভগৱান) নাছিল, যেতিয়া হৰি আহিল মই নাই (মোৰ অহংকাৰ শেষ হৈ গ’ল) | নিজৰ ভিতৰতে ভগৱানৰ জ্যোতি দেখা পোৱাৰ পিছত মোৰ সন্মুখৰ পৰা অন্ধকাৰ আঁতৰি গ’ল |

৩১) "কেশো কাহা বিগাড়িয়া, যো মুণ্ডে শৌ বাৰ্‌
    মন্‌ কো কাহে না মুণ্ডিয়ে, জমে বিশেয় বিকাৰ্‌"
কবীৰে কৈছে চুলিখিনিয়ে কি অপকাৰ কৰিলে যে তুমি তাক বাৰে বাৰে খুৰাই থাকা | তোমাৰ মনটোত দিনে দিনে বৃদ্ধি পাই যোৱা অসংখ্যাত বিষয়-বাসনা, হিংসা-কপটতাখিনিৰ বাবে তোমাৰ মনটোক কিয় মুণ্ডন নকৰা ?

৩২) "মুণ্ড মুণ্দাৱত দিন গয়ে, অঝান্‌ না মিলিয়া ৰাম
    ৰাম নাম কহো ক্যা কৰে, যো মন্‌ কে আঁৰে কাম"
কবীৰে কৈছে চুলি খুৰাই খুৰাই (মানে আনক দেখুৱাই) দিন পাৰ কৰি দিলা, তথাপিতো ৰামৰ (মানে ভগৱানৰ) সংগ নাপালা | যদিহে মনত কাম-ক্ৰোধ-হিংসা-কপটতা থাকে, ৰাম নাম উচ্চাৰণ কৰি কি লাভ হব |

৩৩) “কবীৰ তেৰী ঝোপ্‌ৰী গল কাটিয়ন কে পাচ্‌
    জো কৰেংগে চ’ ভৰেংগে তু কিউ ভয়ো উদাচ্‌”
কবীৰে কৈছে তোমাৰ ঘৰ কচাইৰ দোকানৰ কাষতে হ’ল বুলি তুমি কিয় উদাস হৈছা ? যি আৰ্জিব সিহে ভুঞ্জিব |

৩৪) “কবীৰ চয়ী চুৰ্‌মা, মন্‍ চো মাৰে যুজ
    পাঞ্চ প্যাৰা পৰী লে, দুৰ কৰে চব্‌ ডুজ”
কবীৰে কৈছে তেওঁ অকলশৰীয়া যোদ্ধা, যি নিজৰ মনৰ লগত যুদ্ধ কৰে আৰু পঞ্চ ইন্দ্ৰিয়ক দমন কৰি সকলো “দ্বৈত”ক (মানে পৰস্পৰ বিৰোধী চিন্তা আৰু কাম) দূৰ কৰে |

Saturday 24 March 2012

এক মানসিক মহাযাত্ৰা

তীৰ্থযাত্ৰা দুবিধ - বাস্তবিক আৰু মানসিক | বাস্তবিক তীৰ্থযাত্ৰা সকলোৱে জানে | সন্তসকলৰ মতে শুদ্ধ মনেৰে কৰা মানসিক তীৰ্থযাত্ৰা বাস্তবিক তীৰ্থযাত্ৰাৰ সমানেই | আজি আমি মানসিকভাবে বৃন্দাবনৰ ৮৪ ক্ৰোশ (১ ক্ৰোশ = প্ৰায় ৩ কিলোমিটাৰ, ক্ৰোশটো হিন্দীত ক’চ বুলি কয়) যাত্ৰা কৰিম |

ভগবান শ্ৰীকৃষ্ণৰ লীলাভূমি হ’ল ব্ৰজধাম |  শ্ৰীকৃষ্ণনামৰ আশ্ৰয় লৈ ব্ৰজভূমিৰ মুখ্য স্থানসমূহ দৰ্শন কৰি আমি ব্ৰজভুমিৰ পৰিক্ৰমা কৰিম | এই পৰিক্ৰমা আৰম্ভ হয় বৃন্দাবনৰ চুনৰক গাঁওৰ পৰা | তাৰ পিছত কালীদহ বা কালীয়দমন ঘাট | ইয়াতে শ্ৰীকৃষ্ণই কালী নাগক দমন কৰিছিল | ইয়াৰ পিছত অক্ষয় মঠ, দানগলি, শিৱকুণ্ড, প্ৰেমগলি, শৃংগাৰমঠ হৈ আমি প্ৰৱেশ কৰিম নিধিবনত, য’ত শ্ৰীকৃষ্ণই গোপীৰ সতে ৰাসলীলা কৰিছিল | এই নিধিবন হাজাৰ বছৰীয়া পুৰণি বনতুলসীৰে ভৰা | প্ৰতিজোপা বনতুলসী গছৰ আকাৰ নৃত্যৰতা নাৰীৰ দৰে | বৃন্দাবনৰ সন্তসকলৰ মতে এই নিধিবনত এতিয়াও শ্ৰীকৃষ্ণৰ ৰাসলীলা হয় | প্ৰতিজোপা তুলসী একোগৰাকী গোপীলৈ ৰূপান্তৰিত হয় | ইয়াত থকা ৰাধামন্দিৰত সদায় আবেলি পৰত ৰাধাৰ শৃংগাৰৰ বাবে সকলো সামগ্ৰী থোৱা হয় আৰু পিছদিনা ৰাতিপুৱা সেয়া ব্যৱহাৰ কৰি থোৱা অৱস্থাত পোৱা যায় | দেবাদিদেৱ মহাদেৱে এই নিধিবনতে এবাৰ গোপীৰ ৰূপ লৈ কৃষ্ণৰ সৈতে ৰাসলীলাত অৱতীৰ্ণ হৈছিল | সেয়ে মহাদেৱৰ আন এটা নাম গোপীশ্বৰ হ’ল |

নিধিবনৰ পিছত আমি দৰ্শন কৰিম বৃন্দাবনৰ বাঁকে বিহাৰী, স্নেহ বিহাৰী, মদনমোহন, গোপীনাথ, ৰাধাৰমণ, ৰাধাবল্লভ, অষ্টসখী, যুগলকিশোৰ আৰু ৰাধামাধৱ মন্দিৰ | আৰু কিছুদুৰ যমুনাৰ পাৰে পাৰে আগবাঢ়ি আমি পামগৈ বলৰাম মন্দিৰ (দাওজী মন্দিৰ) | এই মন্দিৰত থকা বলৰামৰ মূৰ্ত্তি নিজে নিজে আবিৰ্ভাৱ হোৱা | পালনকৰ্ত্তা বিষ্ণুৰ অনন্তশষ্যাৰ শেষনাগ বা অনন্তনাগেই হৈছে বলৰাম | এবাৰ অনন্তনাগে বিষ্ণুক ক’লে - "প্ৰভু, তুমি শ্ৰীৰাম অৱতাৰত মোক তোমাৰ অনুজ ভাতৃ লক্ষ্মণ হিচাপে লৈ গৈছিলা | এবাৰ মোক তোমাতকৈ জ্যোষ্ঠ হবলৈ অনুমতি দিয়া |" বিষ্ণু মান্তি হ’ল আৰু শ্ৰীকৃষ্ণ অৱতাৰত অনন্তনাগ বলৰাম হৈ অবিৰ্ভাৱ হ’ল |   

বলৰাম মন্দিৰৰ পৰা আগবাঢ়ি আমি পাম অটলবন, বিহাৰবন, গৌচাৰণ বন, গোপালবন, ৰাধাবন, সূৰ্য্যঘাট, যুগলঘাট আৰু চামুণ্ডা দেবী |

ইয়াৰ পিছত আমাৰ ব্ৰজযাত্ৰা প্ৰবেশ কৰিব মধুপুৰী মথুৰাত | মথুৰাত আমি দৰ্শন কৰিম শ্ৰীকৃষ্ণ জনমভুমি আৰু বসুদেৱ-দৈৱকীক বন্দী কৰি থোৱা কংসৰ কাৰাগাৰ | এই কাৰাগাৰত বহি আমি স্মৰণ কৰিম শ্ৰীকৃষ্ণৰ জন্মকথা - ঘোৰ অমাৱস্যাৰ নিশা ধুমুহা-বৰষুণৰ মাজেদি সদ্যজাত কৃষ্ণক পিতৃ বসুদেৱে যমুনা পাৰ কৰি নন্দগাঁওলৈ আঁতৰাই লৈ যোৱাৰ কথা | আৰু মথুৰাত আমি দৰ্শন কৰিম কেশৱদেৱ, দ্বাৰকাধীশ, ভূতেশ্বৰ, স্বামীঘাট, পিপলেশ্বৰ মহাদেৱ, মধুকুণ্ড, অক্ৰুৰ ভৱন, মহাবিদ্যাদেৱী আৰু জ্ঞানগুঞ্জৰী |

মথুৰাৰ পৰা আগবাঢ়ি তালবন, তাতিয়া, শান্তনুকুণ্ড, মযুঁৰ গাঁও হৈ আমি যাত্ৰা কৰিম গোবৰ্ধনলৈ | ব্ৰজভুমিক দেৱৰাজ ইন্দ্ৰৰ কোপদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ ৭ বছৰীয়া বালক কৃষ্ণই বিশাল গোবৰ্ধন পৰ্বত নিজৰ কণিষ্ঠ আঙুলিত সাতদিন সাতৰাতি ধাৰণ কৰিছিল | দানঘাটি মন্দিৰ দৰ্শন কৰি গোবৰ্ধন পৰ্ব্বতৰ কাষে কাষে আমি আগবাঢ়িম সাক্ষীগোপাল, পুঞ্জৰী-কা-লোথা, জাত্থীপুৰা মুখাৰবিন্দ মন্দিৰলৈ | ইয়াৰ পিছত আমি দৰ্শন কৰিম গোবৰ্ধন পৰ্ব্বতৰ ওপৰত থকা শ্ৰীনাথ মন্দিৰ আৰু শ্ৰীকৄষ্ণৰ এটি অনন্য ৰূপৰ কথা শ্ৰৱণ কৰিম | এই মন্দিৰৰ পৰা এটা সুৰংগ আৰম্ভ হৈ মেঁৱাৰৰ (ৰাজস্থান) শ্ৰীনাথদ্বাৰা মন্দিৰত শেষ হৈছেগৈ | শ্ৰীকৄষ্ণৰ এজন মহান ভক্ত সুৰদাসে আজিৰপৰা প্ৰায় ৫৫০ বছৰ আগতে এই মন্দিৰত আশ্ৰয় লৈছিল আৰু ইয়াতেই তেঁও শ্ৰীকৄষ্ণৰ দৰ্শন পাইছিল | সুৰদাসে শ্ৰীকৄষ্ণৰ নামত ১ লাখ পদ ৰচনা কৰিম বুলি সংকল্প লৈছিল | এই মন্দিৰত বহিয়েই তেঁও ১ লাখ পদ ৰচনাৰ কাম আৰম্ভ কৰিছিল | কিন্তু ৭৫ হাজাৰ পদ ৰচনা কৰাৰ পিছত সুৰদাসে অনন্ত ধামলৈ গতি কৰিলে | ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ ভাৰ নিজে লৈ শ্ৰীকৃষ্ণই নিজে বাকী থকা ২৫ হাজাৰ পদ ৰচনা কৰিছিল | সুৰদাসে ৰচনা কৰা পদখিনিত সুৰদাস নামটো আহে, উদাহৰণ - "মাইয়া ম’ৰী মে নেহি মাখন খায়ো" | শ্ৰীকৄষ্ণই সুৰদাসৰ নামত ৰচনা কৰা পদখিনিত সুৰশ্যাম নামটো আহে, উদাহৰণ - "মাইয়া ম’ৰী দাও বহুত খিজায়" |

শ্ৰীনাথ মন্দিৰত সেৱা জনাই পুনৰ গোবৰ্ধন পৰ্ব্বতৰ কাষে কাষে আমি আগবাঢ়িম আৰু ৰাধানাম উচ্চাৰণ কৰি দৰ্শন কৰিম ৰাধাকুণ্ড, শ্যামকুণ্ড, কুসুমসৰোবৰ, শ্যামকুটীৰ, গোৱালপোখৰা, হৰিগকুল, হৰিদেৱ মন্দিৰ, চক্লেশ্বৰ আৰু মানসী গংগা |

গোবৰ্ধন পৰ্ব্বতৰ পৰিক্ৰমা সম্পূৰ্ণ কৰি আমাৰ ব্ৰজযাত্ৰা ইয়াৰ পাছত আগবাঢ়িব ৰাধাৰাণীৰ জন্মস্থান বৰচানালৈ | বাটত আমি পাম ৰাধাবন, বিমলবন, ধৰ্ম্মকুণ্ড, তামেশ্বৰ মহাদেৱ, সুবৰ্ণপুৰ, শ্ৰীবৃন্দাদেৱী, চন্দ্ৰশেখৰ মহাদেৱ আৰু সহস্ৰতীৰ্থ | বৰচানাত আমি দৰ্শন কৰিম ব্ৰহ্মপৰ্ব্বত, বিষ্ণুপৰ্ব্বত, তানগড়, মানমন্দিৰ, ৰাসমণ্ডল, গহ্বৰবন, প্ৰিয়াসৰোবৰ আৰু মহাৰুদ্ৰদেৱ মন্দিৰ |

ৰাধাৰ গাঁও বৰচানাৰ পৰা এইবাৰ আমি যাত্ৰা কৰিম শ্ৰীকৃষ্ণৰ নন্দগাঁওলৈ | মাখনচুৰ কৰি খোৱা বালক কৃষ্ণৰ সেই মনোহৰ ৰূপ দুচকুত লৈ নন্দগাঁওত আমি দৰ্শন কৰিম নদেশ্বৰ পৰ্ব্বত, নন্দেশ্বৰ মহাদেৱ, যশোদা মন্দিৰ, মানসীদেৱী আৰু লাও-বেলাও | ইয়াৰ পিছত কোকিলাবন, ৰত্নাকৰ কুণ্ড, শিৱচৰণ পাহাৰ, ব্ৰহ্মঘাট, তপোবন, গোপীঘাট আৰু শ্যামতলেইয়া হৈ আমি প্ৰবেশ কৰিম গকুলত | তাৰ পিছত মাতগাঁও, বেদবন, লৌহবন, মনতীৰ্থ, চিন্তাহৰণ ঘাট আৰু অক্ৰুৰ ঘাট হৈ আমি পুনৰ শ্ৰীধাম বৃন্দাবনত প্ৰবেশ কৰিম আৰু ইয়াতেই সমাপ্ত হব আমাৰ ৮৪ ক্ৰোশজোৰা মানসিক ব্ৰজযাত্ৰা |

"হে ভগৱান, তোমাৰ ভক্তসকলৰ যেতিয়া লানি নিছিগা সোঁত বয়
চৌদিশ "হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে" ধ্বনিৰে পবিত্ৰ হয় |"

বন্ধুত্ত্বৰ নাম সখা কৃষ্ণ

সুদামা, আমাৰ গুৰুজনাই কৈছিল বিপ্ৰ দামোদৰ |

একেজন সন্দীপনি ঋষিৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰিছিল কৃষ্ণ, বলৰাম আৰু সুদামাই | অতি দুখীয়া ব্ৰহ্মণ সুদামা কৃষ্ণৰ আদৰৰ বন্ধু হৈ পৰিছিল | এবাৰ গুৰুপত্নীৰ নিৰ্দেশত শিষ্যসকল খৰি লুৰিবলৈ বনৰ মাজলৈ গৈছিল | গুৰুপত্নীয়ে সকলোকে একোমুঠি চিৰা দি পঠাইছিল ভোক লাগিলে খাবলৈ | কৃষ্ণৰ চিৰামুঠি সুদামাই নিজৰ টোপোলাত বান্ধি লৈছিল |  খৰি লুৰি থাকোতে হঠা‍ত্‍ ধুমুহা-বৰষুণ আহিল, আৰু লৰাহঁতে গছৰ তলে তলে আশ্ৰয় ললে | কৃষ্ণ আৰু সুদামা আঁতৰা-আঁতৰি হ’ল | বহুত সময় বৰষুণ দি থাকিল আৰু এসময়ত সুদামাৰ ভোক লাগিলত সুদামাই নিজৰ চিৰাখিনিৰ লগতে কৃষ্ণৰ ভাগৰ চিৰাখিনিও খাই পেলালে | এই যে সুদামাই কৃষ্ণৰ ভাগৰ চিৰাখিনি খাই পেলালে সেই পাপৰ ফলতে সুদামাৰ জীৱনটো দুখীয়া হৈয়েই কটাবলগীয়া হ’ল | সেয়ে শাস্ত্ৰত কৈছে – “কেতিয়াও আনক তেওঁৰ ন্যায্য প্ৰাপ্যখিনিৰ পৰা বঞ্চিত কৰি সেইখিনি চলে বলে বা কৌশলে নিজে লৈ নলবা” |
সময় আগবাঢ়িল | কৃষ্ণই মথুৰা ত্যাগ কৰি দ্বাৰকা নগৰী স্থাপন কৰি  গ্ৰাহস্থাশ্ৰমত প্ৰৱেশ কৰিলে |
ইফালে সুদামাই অতি দৰিদ্ৰতাৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিছে | আন বিপ্ৰগনে দেৱ-দেৱীৰ পূজা কৰি ধন আৰ্জন কৰিছিল | কিন্তু সুদামাই একামাত্ৰ কৃষ্ণক আৰাধনা কৰি সন্তোষ লাভ কৰিছিল | তেওঁৰ দুখ দেখি আনে দয়া কৰি কেতিয়াবা যি দিয়ে তাৰেই তেওঁ কেতিয়াবা কেইবাদিনৰ মূৰত এমুঠি অন্ন গ্ৰহণ কৰিছিল | সুদামাৰ পত্নী মহা পতিব্ৰতা নাৰী আছিল | তেওঁ কোনোদিনে স্বামীৰ দৰিদ্ৰতাক অৱহেলা কৰা নাছিল আৰু সদায় স্বামীৰ সৈতে কৃষ্ণৰ আৰাধনা কৰিছিল | শেষত এদিন পেটৰ ভোকত থাকিব নোৱাৰি তেওঁ স্বামীক কৈছিল – “হে স্বামী, তোমাৰ বাল্যবন্ধু কৃষ্ণৰ দৰ্শনৰ বাবে সকলো ব্ৰাহ্মণ দ্বাৰকালৈ গমন কৰে | তুমি এবাৰ তেওঁৰ ওচৰলৈ নোযোৱা কিয় ? তুমি সদায় কৃষ্ণৰ আৰধনা কৰা, কিন্তু আজিলৈকে তেওঁৰপৰা একো বিচৰা নাই | তেওঁৰ মহিমা তুমি জানা | তেওঁৰ ওচৰলৈ যোৱা, তেওঁ তোমাক দেখি নিশ্বয় আনন্দ পাব আৰু তোমাক সহায় কৰিব |” সুদামাই পত্নীক ক’লে – “হে প্ৰিয়ে, মই নিশ্চয় যাম | গুৰুগৃহৰ পৰা অহাৰ দিন ধৰি কৃষ্ণক মই লগ পোৱা নাই | কিন্তু কৃষ্ণৰ পৰা মই একো বিচাৰিব নোৱাৰো | তেওঁ মোক দেখি খুব ভাল পাব | কিন্তু সুদা হাতে কেনেকৈ যাম ?” এই কথা শুনি সুদামাৰ পত্নীয়ে চাৰিঘৰ মানুহৰ পৰা ভিক্ষা কৰি চাৰিমুঠি চাউল আনি দিলে আৰু সুদামাই সেই চাৰিমুঠি চাউল লৈ দ্বাৰকালৈ গমন কৰিলে – উদ্দেশ্য বাল্যবন্ধু কৃষ্ণক লগ পোৱা |
দ্বাৰকা নগৰীত ব্ৰাহ্মণৰ প্ৰৱেশত কোনেও বাধা নিদিছিল | সুদামাই গৈ সুধি সুধি কৃষ্ণৰ ভৱন বিচাৰি উলিয়ালেগৈ আৰু দ্বাৰপালক ক’লে – “হে দ্বাৰপাল, কৃষ্ণক কোৱাগৈ সুদামা আহিছে আৰু লগ পাব খুজিছে |” দৰিদ্ৰ, গাত ফটা কাপোৰ পিন্ধা ব্ৰাহ্মণক দেখি দ্বাৰপালে দবিয়াই উঠি যাবলৈ কৈছিল – “সৌ তাত ব্ৰাহ্মণৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আছে | তুমি তালৈ যোৱা |” সুদামাই কাওবাও কৰি পুনৰ কৃষ্ণক লগ পাবাৰ বাবে প্ৰাৰ্থনা জনালে | অৱশেষত দ্বাৰপালে গৈ কৃষ্ণক ক’লেগৈ – “হে দ্বাৰকাধীশ, আপোনাক লগ পাবলৈ এজন অতি দৰিদ্ৰ ব্ৰাহ্মণ দুৱাৰত ৰৈ আছে | নামটো সুদামা বুলি কৈছে |” কথাষাৰ শুনিয়েই কৃষ্ণ দৌৰিল দুৱাৰলৈ আৰু মিত্ৰ বন্ধু বুলি সুদামাক সাৱটি ধৰিলে | সকলোৱে আচৰিত হৈ চাইছে আৰু কৃষ্ণ-সুদামা দুয়ো দুয়োকে সাৱটি ধৰি কান্দিছে |
আদৰি আনি কৃষ্ণই সুদামাক নিজৰ সোণৰ আসনত বহুৱালে | ৰুক্মীণীৰ হতুৱাই পানী অনোৱাই কৃষ্ণই সুদামাৰ চৰণ ধোৱাই দিলে | ইমানদূৰ খোজকাঢ়ি অহাৰ কাৰণে সুদামাৰ ভৰিত শিলে কাটিছিল | সেয়া দেখি কৃষ্ণই আকৌ এবাৰ কান্দিলে | বাৰে বাৰে সুদামাৰ ওচৰত ক্ষমা খুজিলে – “হে মিত্ৰ, ব্যস্ততাৰ বাবে মই তোমাৰ খবৰ লব পৰা নাছিলো |” ৰাজভৱনৰ সকলোৱে দুই মিত্ৰৰ এই মিলন দেখি আনন্দাশ্ৰু টুকিছিল |
আদৰ সাদৰত অভিভূত হৈ সুদামাই কথা কব নোৱাৰা হ’ল | কিবা কব খুজিলেই চকুপানী ওলাই | কৃষ্ণই অলপ সময় সুদামাৰ মুখলৈ চাই থাকি মিচিকিয়া হাঁহি এটা মাৰি সুধিলে – “মিত্ৰ, ইমানদিনৰ মূৰত আহিছা | মোলৈ তুমি কি আনিছা ?” সুদামাই প্ৰমাদ গনি চাউল থকা টোপোলাটো লুকুৱাব খুজিলে | কিন্তু কৃষ্ণই থাপ মাৰি টোপোলাটো লৈ পৰম তৃপ্তিৰে সুদামাই অনা চাউল এমুঠি চোবাবলৈ ধৰিলে | কৃষ্ণই ক’লে – “মিত্ৰ, প্ৰেম সকলোতকৈ ওপৰত | যিমান কষ্ট কৰি আৰু যিটো প্ৰেমেৰে তুমি মোলৈ এই চাউলখিনি আনিছা তাৰ তুলনা নাই | মোৰ প্ৰিয় ভক্তই প্ৰেম আৰু ভক্তিৰে মোক যি দিয়ে মই তাকেই গ্ৰহণ কৰো | ভক্তই প্ৰেমেৰে দিয়া তুলসী পাতটোও মই গ্ৰহণ কৰো, কিন্তু অভক্তই বিস্তৰ দ্ৰব্য দিলেও মই গ্ৰহণ নকৰো | আজি তুমি ত্ৰিজগতৰ লগতে মোকো তুষ্ট কৰিলা |” এইবুলি কৈ কৃষ্ণই আৰু এমুঠি চাউল খাব খোজোতে ৰুক্মীণীয়ে বাধা দি ক’লে – “হে জগতৰ প্ৰাণ স্বামী নাৰায়ণ, তোমাৰ লীলা কোনোৱে নাজানে | এমুঠি মাত্ৰ চাউল খাই তুমি বিপ্ৰক সৰ্ব্বসিদ্ধি প্ৰদান কৰিলা | আৰু এমুঠি খালে মই নিজে ব্ৰহ্মণক সেৱা কৰিবলৈ যাব লাগিব | এইমুঠি নাখাবা প্ৰভু | তুমি মোক তোমাৰ সেৱাৰ বাবে ৰাখি থোৱা |” ৰুক্মীণীৰ কথা শুনি কৃষ্ণই দ্বিতীয় মুঠি চাউল নাখাই ভালদৰে বান্ধি থলে |
এই অধ্যায় ইমানতে সামৰণি মাৰি কবি অনন্ত কন্দলিয়ে কৈছে – “হে সামাজিক লোক ! একান্তমনে কৃষ্ণৰ শিষ্ট চৰিত্ৰৰ কথা শুনা | কৃষ্ণৰ বাহিৰে ভকতৰ কল্যাণ সাধন কৰা আন কোনো দেৱ নাই | কৃষ্ণই ভকতৰ সামান্য বস্তু পালেই মহা আনন্দ লাভ কৰে |” কবি অনন্ত কন্দলিয়ে আৰু কৈছে –
“প্ৰভু কৃপাময়         হুয়োক সদয়
         খণ্ডোক সবাৰ দুখ |
তোমাৰ চৰিত্ৰ         অমৃত শুনিতে
       কৰায়ো লোকত সুখ ||
জীৱনৰ বেগে             পণ্ডিত আকুল
       খণ্ডিল তোমাৰ মায়া |
হুয়োক প্ৰসন্ন         দৈৱকী নন্দন
       ভকতি প্ৰসাদ দিয়া ||”
******************************

বৃন্দাবনৰ প্ৰেম (৬) – ব্ৰহ্মাণ্ড দৰ্শন

(যোৱা সংখ্যাৰ পিছৰ পৰা)

গকুলত নন্দ-যশোদাৰ ঘৰত কৃষ্ণ লাহে লাহে আঢ়ৈবছৰীয়াটি হৈ উঠিল | মহা দুষ্ট | ইমানেই দুষ্ট যে মাতৃ যশোদাৰ কেতিয়াবা খঙত নিজৰে কান্দো কান্দো লাগে | কিন্তু লীলাধৰ কৃষ্ণৰ অসীম লীলা | এবাৰ দুষ্টামি ইমানেই বেছি হ’ল যে যশোদাই কৃষ্ণক উৰাল এটাত ৰছীৰে বান্ধি থলে | বান্ধিবলৈ লওঁতেও বহুত কষ্ট হ’ল, প্ৰতিবাৰে ৰছীডাল দুআঙুল চুটি হয় | জগতৰ ঈশ্বৰ কৃষ্ণই মাতৃৰ প্ৰেম বন্ধনত বন্দী হৈ উৰালতো বান্ধ খাইছিল |
কৃষ্ণক বান্ধি থৈ মাতৃ আঁতৰ হোৱাৰ লগে লগে কৃষ্ণই উৰালটো চোচৰাই টানি টানি বান্ধিথোৱা অৱস্থাতে ঘৰৰ বাহিৰ ওলাল | ঘৰৰ সন্মুখতে দুজোপা যমজ অৰ্জ্জুন গছ আছিল | কৃষ্ণই গছদুজোপাৰ মাজেৰে পাৰ হবলৈ ধৰোতে উৰালটো গছৰ ফাঁকত লাগি ধৰিলে | কৃষ্ণই জোৰেৰে টান মাৰি দিয়াত ভীষণ শব্দ কৰি দুইজোপা গছ উভালি পৰিল আৰু গছদুজোপাৰ পৰা দুজন দেৱতা ওলাই আহি কৃষ্ণক প্ৰণাম কৰিলে |
এই দুয়োজন দেৱতা প্ৰকৃততে কুৱেৰৰ দুই পুত্ৰ মণিগ্ৰীৱ আৰু নলকুৱেৰ আছিল | ধনৰ গৰ্বত গৰ্বিত হৈ এবাৰ দুয়োজনে সোমৰসৰ ৰাগীত মতলীয়া হৈ দেৱৰ্ষি নাৰদক তুচ্ছজ্ঞান কৰি অপমান কৰিছিল | নাৰদে দুয়োকে অভিশাপ দিছিল – “পৃথিৱীত বৃক্ষৰূপ ধাৰণ কৰি থাকাগৈ | বৃক্ষ হলেহে তোমালোকৰ অহঙ্কাৰ আঁতৰিব | শতেক বছৰ বৃক্ষৰূপে থকাৰ পিছত পৰমেশ্বৰ কৃষ্ণই তোমালোকক এই অভিশাপৰ পৰা মুক্তি দিব |”
মুক্ত হৈ দুয়োজন দেৱতাই কৃষ্ণক তুতি কৰিছিল আৰু কৃষ্ণই আশীৰ্বাদ দি দুয়োকে বিদায় দিছিল |
ইফালে গছদুজোপা উভালি পৰাৰ শব্দ শুনি নন্দ-যশোদা আৰু গকুলবাসী দৌৰি আহিছিল | কেনেকৈ কৃষ্ণ সেই ঠাই পাইছিলগৈ কোনেও বুজিব পৰা নাছিল | মাতৃয়ে কৃষ্ণৰ বান্ধোন খুলি কোলাত তুলি লৈছিল | কোনোবা ৰাক্ষসৰ কাম বুলি নন্দৰ মনত ভয় সোমাইছিল |
ইফালে গকুলত কংসৰ অত্যাচাৰ আৰু বাঢ়ি আহিছিল | অৱশেষত কৃষ্ণৰ তিনিবছৰ হওঁতে নন্দৰাজে সকলোকে লৈ গকুল ত্যাগ কৰিলে আৰু নন্দগাঁওত নতুনকৈ বসতি স্থাপন কৰিলে | নন্দগাঁৱত যশোদাৰ  আচলৰ ধন লহপহকৈ বাঢ়িবলৈ ধৰিলে | মাখন খাই খুব ভাল পায় | মাকক মাতে মাইয়া বুলি | কৃষ্ণৰ মৰমত যশোদাই সকলো পাহৰে | কৃষ্ণই ভাবিলে – “আজলী মাতৃ মোৰ | মোক চিনিয়েই নাপায় | একোৱেই নাজানে | কোন সতেৰে এইজনী মাতৃক এৰি থৈ যাম | কিন্তু যাবতো লাগিবই | সেয়ে মই কোন তাৰ আভাস এটা এতিয়াই দি থোৱা ভাল |” কৃষ্ণই বাহিৰত গৈ মাটি খোৱাত লাগিল | সৰু সৰু আঙুলিকেইটাৰে মাটি অকণমান বুটলি লয় আৰু মুখত লৈ চুপি থাকে | কাণ্ডটো দেখি গোপী এজনীয়ে যশোদাক চিঞৰিলে – “যশোদা, ওলাই আহা | কানায়ে মাটি খাইছে |” যশোদা উধাতু খাই ওলাই আহি কৃষ্ণক সোধে –“কানাই, তই মাটি খাইছ ?” কৃষ্ণই কয় – “মই মাটি নাইখোৱা |”
-        মুখ খোল, এতিয়াই খোল |
-        মই মাটি নাইখোৱা | এয়া চোৱা |

কৃষ্ণই মুখ মেলি দিলে আৰু যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত সমস্ত বিশ্ব-ব্ৰহ্মাণ্ড দেখিলে | বেচেৰী ভয়তে অচেতন হ’ল | পিছত যেতিয়া চেতন আহিল দেখিলে যে কৃষ্ণই কোচত বহি মুখলৈ চাই আছে | চুমা এটা খাই যশোদাই কৃষ্ণক বুকুত সুমুৱাই ললে আৰু মৰমৰ ভৰত পাহৰিয়ে থাকিল অলপ আগতে কৃষ্ণৰ মুখৰ ভিতৰত কি দেখি অচেতন হৈছিল |
লাহে লাহে কৃষ্ণ আৰু ডাঙৰ হ’ল আৰু নন্দগাঁৱত নিজৰ দল গঠন কৰিলে | বল, সুবল, দাম, সুদাম, শ্ৰীদাম, শ্যামসখা আদি অনেক লগৰীয়া | সকলোৱে মিলি গৰু চৰাবলৈ যায় | দলৰ নেতা কৃষ্ণ আৰু বলৰাম | বলৰামক কৃষ্ণই মাতে দাউ বুলি |

শ্যামসখাৰ কথা বেলেগে কব লাগিব | শ্যামসখা জন্মান্ধ আছিল | আগতে নাম বেলেগ আছিল | লগৰ লৰাবোৰে কৃষ্ণৰ লগত খেলিবলৈ যায়, সখাই অকলে অকলে বহি থাকে | অন্ধ কাৰণে কোনেও লগ নিদিয়ে | কিন্তু হৃদয়ত কৃষ্ণৰ প্ৰতি অসীম প্ৰেম | ভগৱানে ভক্তক সদায় ওচৰ চপাই লয় | কৃষ্ণই অন্ধ লৰাটোক হাতত ধৰি লগৰীয়াবোৰৰ লগলৈ লৈ আহিল, সম্বোধন কৰিলে সখা বুলি | কৃষ্ণৰ সখা কাৰণে লগৰীয়াবোৰে মাতে শ্যামসখা বুলি | কেৱল ইমানেই নহয় | এবাৰ সখাই মন মাৰি বহি থকা দেখি কৃষ্ণই সুধিলে – “কি হ’ল সখা ? কিয় এনেকৈ আছা ?” শ্যামসখাই উত্তৰ দিলে – “কৃষ্ণ, মই যে অন্ধ সেয়াই মোৰ দুখ |” কৃষ্ণই ক’লে – “পৃথিৱীৰ সকলো মানুহেই অলপ অলপ অন্ধ | যিটো চাব লাগে সেয়া নাচায়, যিটো চাব নালাগে সেয়া চায় | বাৰু কোৱাচোন, তুমি কি চাব বিচাৰা ?” সখাই একে উশাহে ক’লে – “তোমাক, মাত্ৰ তোমাক |”  কৃষ্ণই ক’লে – “বাৰু কোৱাচোন মই দেখিবলৈ কেনেকুৱা ?” উত্তৰত সখাই হৃদয়ৰ চকুৰে অনুভৱ কৰি কৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিলে – “সূৰ্য্যৰ দৰে উজ্জল মুখ, চকুৰ ৰং অমাৱস্যাৰ দৰে আন্ধাৰ, মূৰত ময়ুঁৰ পাখিৰ মুকুট, পীতাম্বৰ পিন্ধি আছা, বাঁহীটো ককালত বান্ধি থোৱা আছে, সোঁ ভৰিৰ তলুৱাত মৃগ নয়ন | কিন্তু কৃষ্ণ, তোমাৰ সোঁহাতৰ আঙুলিত সেইটো ঘূৰি থকা চক্ৰ কিয় আছে ?” কৃষ্ণই উত্তৰ দিলে – “এই বিষয়ে পিছত কেতিয়াবা কম |” অন্ধ শ্যামসখাৰ প্ৰেমৰ বন্ধনত বন্দী হৈ কৃষ্ণই সেই তেতিয়াই নিজৰ ঐশ্বৰিক ৰূপ সখাক দেখুৱালে |

লগৰীয়াৰ লগত গৰু চৰাই থাকোতে কৃষ্ণই বাঁহী বজায় | বাঁহী নহয় যেন সৰগৰ অমিয়া সুৰ | বাঁহীৰ মাত শুনি ব্ৰজৰ গোপীসকলে নিজকে পাহৰে | গোপীসকলে কৃষ্ণক মাতি লৈ যায় | কয় – “কাণ্হা, আমাক বাঁহী বজাই শুনোৱা | তোমাক মাখন খাবলৈ দিম |” প্ৰেমৰ বন্ধনত বন্দী ঈশ্বৰে সাধাৰণ এজনী গোপীক বাঁহী বজাই শুনায় |

(আগলৈ)