Saturday 17 March 2012

ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ

     পদ || ঘোষা ||
              ঈশ্বৰ নিৰ্ণয়

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ |
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ  ||৪০৫
                শৰণ
হে কৃষ্ণ তযু পাৱে পশিলো শৰণ |
মই অনাথৰ নাথ তুমি নাৰায়ণ ||৪০৬

              ভজন

নাৰায়ণ হৰি ৰাম গোপাল গোৱিন্দ  |
ভজোহো তোগ্মাৰ দুই পদ-অৰবিন্দ ||৪০৭
             নমস্কাৰ
নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম |
সৰ্ব্ব-ধৰ্ম্ম-শিৰোমণি তুৱা গুণ-নাম ||৪০৮
বন্দোহো গোৱিন্দ ৰাম মুকুন্দ মাধৱ |
যাক সুমৰণে তৰি পাপ-পৰাভৱ ||৪০৯
নমো কি নমো ৰাম নমো নাৰায়ণ |
অনাদি অনন্ত সন্ত শিৱ সনাতন ||৪১০
হয় নমো নাৰায়ণ দৈৱকী-নন্দন |
পৰমপুৰুষ সদাশিৱ সনাতন ||৪১১
           উপদেশ
হৰি বোল হৰি বোল কৰি মন থিৰ |
তেৱেসে সাফল হোৱে মনুষ্য-শৰীৰ ||৪১২
হৰি-গুণ গাৱ ভাই কৰিয়া উত্‍সৱ |
গুণতেসে তুষ্ট গুণ-লুবুধ মাধৱ ||৪১৩
আনন্দ কৰিয়া হৰি-গুণ গাৱা যেৱে |
ভৱ-সিন্ধু তৰিয়া হৰিক পাইবা তেৱে ||৪১৪
হৰি-গুণ গাৱ ভাই আনন্দ কৰি মনে |
চিন্তামনি-তনু ভাই বিফল কৰ কেনে ||৪১৫
আন পৰিহৰিয়া হৰিক মনে ধৰা |
হৰি-গুণ গায়া ভাই জন্ম সফল কৰা ||৪১৬
লৈয়ো হৰি-নাম সাতে-পাঞ্চে হুয়া সাজু |
আপুন-হুৰে পলাইবেক কাল-মায়া-বাঝু ||৪১৭
চেতন লভিয়া ভাই ভজিয়ো হৰিক |
আন পৰিহৰি হুয়ো ভকতি-ৰসিক ||৪১৮
লৈয়ো হৰি-নাম-গুণ বিঘিনি-বিহীন |
আনন্দে ভাবিয়ো ৰাম কিবা ৰাত্ৰি দিন ||৪১৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই মুখে |
ৰাম কৃষ্ণ সুমৰি বসিয়া থাক সুখে ||৪২০
ৰাম কৃষ্ণ হৰি বোল তেজি ভয় লাজ |
হৈবন্ত বেকত হৰি হৃদয়ৰ মাজ ||৪২১
যিটো ৰাম কৃষ্ণ হৰি বোলয় সৰ্ব্বথা |
তাৰ সঙ্গ তেজি হৰি যাইব আৰ কথা ||৪২২
ৰাম কৃষ্ণ বোল ভাই ৰাম কৃষ্ণ বোল |
কৌটি কৌটি ব্ৰহ্মাণ্ডে নামৰ নোহে মোল ||৪২৩
ৰাম কৃষ্ণ ভাবিতে ছুটয় কাল-পাশ |
সদা ৰাম কৃষ্ণ বোল তেজিয়া আলাস ||৪২৪
হৰি-গুণ-পদ-সেৱা-খাণ্ডা ডাটি ধৰা |
মন-বৈৰী কাটি সুখে ভৱ-নদী তৰা ||৪২৫
ৰাম কৃষ্ণ নিৰঞ্জন হৰি |
সদা ৰাম কৃষ্ণ বুলি যায়ো ভৱ তৰি ||৪২৬
ভজিয়ো হৰিক যাত চেতন আছয় |
তেৱেসে এড়াইবা সুখে সংসাৰৰ ভয় ||৪২৭
ৰাম কৃষ্ণ ভাবিয়ো মিলোক মহাভাগ |
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণক পাইবা লাগ ||৪২৮
হৰিৰ নামত ভাই নেৰিয়ো ভৰসা |
সকল ভকতি হৰি-নাম মাজে বাসা ||৪২৯
সন্ত-উপদেশে হৰি-চৰণে ভজিয়ো |
হৰি-নাম নিৰমল আনন্দে মজিয়ো ||৪৩০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
জনম সাফল হৌক জপা অবিশ্ৰাম ||৪৩১
মাধৱৰ ৰাঙ্গা দুই চৰণে ধৰিয়া |
ৰাম-নাম-ৰস পিয়ো আঞ্জলি ভৰিয়া ||৪৩২
গুণময় সাধ্য-সাধনক পৰিহৰি |
কৃষ্ণ-কথা-ৰস পিয়ো কৰ্ণাঞ্জলি ভৰি ||৪৩৩
যত জীৱ-ৰাশি ফুৰে কুশলক চাই |
হৰি-নাম বিনে তাৰ মহালাভ নাই ||৪৩৪
হৰি-গুণ গাৱন্তে কিঞ্চিতো নাহি দুখ |
গুচে ভয় মিলয় পৰমানন্দ-সুখ ||৪৩৫
হৰি-কীৰ্ত্তনত যাৰ মিলিল সন্তোষ |
সৰ্ব্ব-সুখ-ভাগী হোৱে হৰে কলি-দোষ ||৪৩৬
লৈয়ো হৰি-নাম ভাই তেজিয়া আলাস |
মিলিবে মঙ্গল গুচিবেক ভৱ-পাশ ||৪৩৭
যিটোজনে ফুৰে সদা হৰি-গুণ গায়া |
হৰিৰ কৃপাত সিটো সুখে তৰে মায়া ||৪৩৮
ৰাম-নাম লৈয়ো ভাই আলাস নকৰ |
নিকট চাপিয়া আছে যমেৰ কিঙ্কৰ ||৪৩৯
কৃষ্ণ-কথা গাৱে শুনে যিটো শ্ৰদ্ধা কৰি |
অল্প কালে হিয়াত প্ৰৱেশ হোন্ত হৰি ||৪৪০
অপাৰ আনন্দ-ৰস ৰাম-কৃষ্ণ বাণী |
ৰাম-কৃষ্ণ-নাম নছাৰিবা মুখে জানি ||৪৪১
জপ ৰাম-নাম ভাই ভাৱকসকল |
ৰাম-নাম বিনে নাই পৰমমঙ্গল ||৪৪২
ভাবিয়ো ভাৱক ভাই ৰাম-নাম সাৰ |
নিগমে নকহে ৰাম-নাম বিনে আৰ ||৪৪৩
কৃষ্ণ-পদ-সেৱা-সুখ পৰম দুৰ্ল্লভ |
হৰি-সেৱা ভৈলে আন সকলে সুলভ ||৪৪৪
কৃষ্ণ-পাদ-পদ্ম ভৈল যাহাৰ আশ্ৰয় |
তাহাৰেসে গুচয় নি:শেষ দুখ-ভয় ||৪৪৫
হৰি-কীৰ্ত্তনত ভাই নকৰিয়ো হেলা |
এহিবে ৰাখিবে ঘোৰ সঙ্কটৰ বেলা ||৪৪৬
হৰি পদ-পঙ্কজত পশিয়ো শৰণে |
দিয়োক একান্ত চিত্ত হৰিৰ চৰণে ||৪৪৭
দুৰ্ল্লভতো দুৰ্ল্লভ হৰিৰ গুণ-নাম |
জানিয়া কীৰ্ত্তন কৰা তেজি আন কাম ||৪৪৮
হৰি-গুণ-কীৰ্ত্তন কলিৰ নিজ ধৰ্ম্ম |
জানিবাহা সমস্তে শাস্ত্ৰৰ তত্ত্ব-মৰ্ম্ম ||৪৪৯
ৰাম-নাম লৈয়া পাপীজন তৰে সুখে |
হেন ৰাম-নামৰ ভণ্ডাৰ ভৈল মুখে ||৪৫০
যি মুখে বুলিবে ৰাম সি মুখে ভণ্ডাৰ |
সদায়ে ভাবিয়ো ৰাম ক্ষয় নাহি আৰ ||৪৫১
ভাবিতে ভাবিতে ৰাম-ৰস চড়ে আতি |    
আলাস তেজিয়া ৰাম বোলা দিনে ৰাতি ||৪৫২
আনন্ত ৰসেৰে নিধি ৰাম-কৃষ্ণ-নাম |
মুখ ভৰি ভৰিয়া সদায়ে বোলা ৰাম ||৪৫৩
সদায়ে ভাবিতে ৰাম যাৰ ৰস বাঢ়ে  |
ৰাম-কৃষ্ণ-নামে আৰো তাহাকো নছাড়ে ||৪৫৪
হৰি-সেৱা বিনে আৰ সকলে অসাৰ |
এহিমানে মাত্ৰ সৰ্ব্ব শাস্ত্ৰৰ বিচাৰ  ||৪৫৫
নামৰ ভণ্ডাৰ মুখে ভৈল কত ভাগে |
আনন্দে ভাবিয়ো ৰাম যক যত লাগে ||৪৫৬
মনে মুখে এক কৰি সদা বোলা ৰাম |
লভিবা পৰমানন্দ দূৰ হৈবে কাম  ||৪৫৭
ৰাম-কৃষ্ণ-নাম যাৰ মুখে ভৈল গীত | 
নামৰ প্ৰসাদে সিটো ভৈল কৃতকৃত্য  ||৪৫৮
ৰাম-কৃষ্ণ ৰাম-কৃষ্ণ বোল ভাই ঝাণ্টে |
নচলিবা তেৱেসে দুৰ্ঘোৰ যম -বাটে ||৪৫৯
ৰাম-কৃষ্ণ-নাম-ৰসে চিত্তক ভিজাৱ |
বোল ৰাম কৃষ্ণ হৰি তেজি আন ভাৱ ||৪৬০
ৰাম-কৃষ্ণ-নামেসে স্বধৰ্ম্ম ভৈল যাৰ |
যম-কাল মায়াৰ গুচিল অধিকাৰ ||৪৬১
ৰাম-কৃষ্ণ-নাম যাৰ থাকয় মুখত |
যম যম-দূতক নেদেখে সপোনত ||৪৬২
ৰাম-কৃষ্ণ-নাম সদা লৱে যিটো নৰে |
যম ৰাজা তাহাৰ লিখন দূৰ কৰে ||৪৬৩
ৰাম-কৃষ্ণ নাম সদা ফুৰে যিটো গাই |
তাহাৰেসে সমস্তে বিঘিনি ভৈল ছাই ||৪৬৪

       মহিমাযুক্ত উপদেশ
ৰাম-কৃষ্ণ নাম যাৰ মুখত থাকয় |
তাহাৰেসে জানিবা মিলিল মহোদয় ||৪৬৫
ৰাম-কৃষ্ণ-কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ |
সিও ভৈলা হৰিৰ হৰিও ভৈলা তাৰ ||৪৬৬
ৰাম-কৃষ্ণ-নামক সততে যিটো গাৱে |
তাক হৰি ৰাখিয়া ফুৰন্ত সৰ্ব্বভাৱে ||৪৬৭
ৰাম-কৃষ্ণ-নাম যিটো সততে সুমৰে |
হৰিৰ পৰম প্ৰিয় ভৈলা সিটো নৰে ||৪৬৮

              আত্ম-উপদেশ

হৰি-নাম এৰি মন কি কাম কৰস |
মায়া-মোহ-জালে পৰি মিছাতে মৰস ||৪৬৯
হৰি-নাম ধৰ মন হৰি-নাম ধৰ |
আশা নামে নদী মাজে মিছাত নমৰ ||৪৭০
ৰাম-নাম লৈয়ো মন ৰাম-নাম লৈয়ো |
মিছা আশা লাজ-কাজ পাশ কৰি থৈয়ো ||৪৭১
ৰাম কৃষ্ণ বোল মন ৰাম কৃষ্ণ বোল |
অসাৰ সংসাৰ-সুখে তাৰ আশা ভোল ||৪৭২
হৰি-পদে ভজ মন হৰি-পদে ভজ |
ঘোৰ আশা-নদী মাজে মিছাতে নমজ ||৪৭৩
ৰাম-নাম লৈয়ো মন তেজা আশা আন |
ভকতৰ সঙ্গে পাতা নামৰ দেৱান ||৪৭৪
ভজ মন কপট তেজিয়া হৰি-পাৱে |
সৰ্ব্বসাক্ষী হৰিত কপট নুযুৱাৱে ||৪৭৫
গোপাল গোৱিন্দ ৰাম বোল পাপী মন |
অন্যায় নকৰ লাগে সাক্ষী চৈধ্য জন ||৪৭৬
ৰাম কৃষ্ণ হৰি ৰাম বুলিয়ো যতনে |
ব্ৰহ্মাৰো দুৰ্ল্লভ নাম তাৰে হেলা কেনে ||৪৭৭
বোল ৰাম কৃষ্ণ হৰি পৰম আনন্দে |
মুকুতি তেজিয়া জপে সনক সনন্দে  ||৪৭৮

No comments:

Post a Comment