Sunday 18 March 2012

নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি

                       নিন্দা

ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি  |
যিটো নাম নলৱে হীনতো হীন আতি ||৪৭৯ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে  |
ৰাম কৃষ্ণ নুবুলি জনম ঝুটা কৰে ||৪৮০
 ৰাম কৃষ্ণ নুবুলি তৰিবা কিসে সমে |
ৰাম-নাম নলৈলে ধৰিয়া নিবে যমে ||৪৮১
 গাৰি ভোট যৱনে হৰিৰ নাম লয় |
হেনেয় নামক কেনে সজ্জনে নিন্দয় ||৪৮২
হৰি-নামে কৰে অন্ত্য জাতিকো মুকুত |
সজ্জনে নামক নিন্দে কিনো অদভুত ||৪৮৩
মহাপাপী তৰে হৰি-নামৰ কীৰ্ত্তনে |
হেন নাম নলৈয়া সজ্জন ভৈল কেনে ||৪৮৪
দুখময় ক্ষুদ্ৰ বিষয়ক আশা কৰি |
একান্তে নভজে পূৰ্ণানন্দ মহা হৰি ||৪৮৫



আপুনি নলৱে নাম আনকো নিন্দয় |
কোটি জনমকো লাগি দুৰ্ঘোৰ সঞ্চয়  ||৪৮৬
হৰি-নামে কৰে সংসাৰৰ বন্ধ ছেদ |
হেন নামে নাহি ইছা কিনো ভৈল খেদ ||৪৮৭
ৰাম-কৃষ্ণ-হৰি-নাম নিগম-নিগূঢ় |
সদা নুসুমৰে কেনে পাপমতি মূঢ় ||৪৮৮
হৰি-পদ-সেৱা-সুখ ভকতে জানয় |
আনজনে আৰ গন্ধমাত্ৰো নপাৱয় ||৪৮৯
হৰি-পাৱে শুদ্ধভাৱে যিজনে ভজয় |
হৰি-নাম লৈয়া সুখে দুৰ্গতি তৰয় ||৪৯০
মানৱী জনম পাই হৰি নভজিলা |
অৱশ্যে হৈবাহা ভাই তৃণ তৰু শিলা  ||৪৯১
হৰি-কীৰ্ত্তনক যিটোজনে হেলা কৰে |
আপুনাকে আপুনি বঞ্চিলে সিটো নৰে ||৪৯২
মনুষ্য-শৰীৰ পাই কৃষ্ণক নভজে |
এহিমানে দোষে ঘোৰ সংসাৰত মজে ||৪৯৩
মৃত্যুৰ মুখত পৰি নভজে হৰিক |
সিটো অধমৰ জীৱনত ধিক ধিক ||৪৯৪
হৰি-পদে নভজে শাস্ত্ৰৰ সাৰ বুজি |
বেঙ্কামুৱা যম-দূতে তাক ফুৰে খুজি ||৪৯৫
নৰ-তনু পায়া হৰি নভজে যি নৰে |
সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে ||৪৯৬
মনুষ্য শৰীৰ পাই হৰি নভজিল |
দুৰ্ঘোৰ সংসাৰে সিটো চিত নমজিল ||৪৯৭
কলি-যুগে হৰি-নাম নকৰে কীৰ্ত্তন |
আপুনাক আপুনি বঞ্চিত সিটোজন ||৪৯৮
হৰি ভজি হৰি-নাম নলৱে সাক্ষাত |
আপুনাক আপুনি কৰিল আত্মঘাত ||৪৯৯
ব্ৰহ্মাৰ প্ৰাৰ্থনী ইটো নৰ-তনু পায়া |
নভজিলে হৰিক বঞ্চিলে বিষ্ণু-মায়া ||৫০০
একান্ত শৰণে যিটো নভজিলে হৰি |
দুৰ্ঘোৰ যাতনা ভুঞ্জিবেক মৰি মৰি ||৫০১
হৰি-পদ-সেৱা সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয় |
মূঢ়মতি মনুষ্যে ইহাক নজনায় ||৫০২
হৰিকো প্ৰকাশ কৰে ৰাম-কৃষ্ণ-নামে |
তেন নাম নলৈয়া মৰস কোন কামে ||৫০৩
                   মহিমা
ৰাম-কৃষ্ণ-হৰি-নাম মুখে থাকে যাৰ |
সেহিসে হৰিৰ প্ৰিয় হৰি ভৈলা তাৰ ||৫০৪
ৰাম কৃষ্ণ হৰি যিটো সততে বোলয় |
সিটো মহাজনে মুকুটিকো নগণয় ||৫০৫
ৰাম-কৃষ্ণ-নাম ভকতৰ মহাধন |
সদা নাম লৱয় আনন্দ কৰি মন ||৫০৬
অনন্ত নাৰদ শুক সনতকুমাৰ |
তাৰা পাৱে হৰি-যশ জানি যোগ-সাৰ ||৫০৭
হৰি-নাম-কীৰ্ত্তনৰ শবদ তুমুল |
আনন্দৰ ভৰে হোৱে ভকত আকুল ||৫০৮
ৰাম-কৃষ্ণ-নামৰ দেখিয়ো কেন বল |
অধমকো কৰে নামে পৰম নিৰ্ম্মল ||৫০৯
হৰি-নামে নাহিকে নিয়ম অধিকাৰী |
ৰাম বুলি তৰে মিৰি আসম কছাৰী ||৫১০
ৰাম-কৃষ্ণ-নাম-সম নাহিকে বান্ধৱ |
ৰাম-কৃষ্ণ-নামে মিলে পৰম উত্‍সৱ ||৫১১
ভকতজনৰ হৰি-নামেসে সৰ্ব্বস |
মুকুতিকো ঠেলি আগ হোৱে হৰি-যশ ||৫১২
ৰাম-কৃষ্ণ-নামেসে ছিণ্ডয় ভৱ-ৱন্ধ |
মিলয় মনত সুখ পৰম আনন্দ ||৫১৩
ৰাম কৃষ্ণ ভাবিতে তেজয় কাল-সাপে |
হৰি-ভকতক দুখ দিবে কাৰ বাপে ||৫১৪
হৰিৰ কীৰ্ত্তন শুনি হুয়া মহাভয় |
কাল মৃত্যু দুয়ো তৰতৰিয়া কাম্পয় ||৫১৫
কমনে জানিবা হৰি-নামৰ মহিমা |
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ সীমা ||৫১৬
হৰি-গুণ-নাম-যশ ভকতি-উত্তম |
যাৰ ধ্বনি শুনি কাম্পে কলি কাল যম ||৫১৭
হৰি-নামে যত পাপ সংহৰিতে পাৰে |
ততেক পাতকী পাপ কৰিতে নপাৰে ||৫১৮
ৰাম-কৃষ্ণ গোপাল গোৱিন্দ যদুমণি |
ৰাম-কৃষ্ণ-নাম মহা পাপৰ অগনি ||৫১৯
ৰাম-কৃষ্ণ-নামৰ মহিমা অদভুত |
নিকট চাপিয়া কি কৰিবে যম-দূত ||৫২০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ |
ৰাম কৃষ্ণ বিনে ঝুটা আৱৰ বিচাৰ ||৫২১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ |
ভাবিতে পৰম সুখ ভয় নাহি আৰ ||৫২২
ৰাম-কৃষ্ণ-নাম সৰ্ব্ব-ৰসেৱ নিৱাস |
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণৰ পাৱে পাশ ||৫২৩
আপুন নামৰ সঙ্গ নছাড়ন্ত হৰি |
যেই নাম সেই হৰি জানা নিষ্ট কৰি ||৫২৪
ৰাম-নাম-সম ধৰ্ম্ম নাহিকে নিগমে |
যিটো সদা বোলে ৰাম কি কৰিব যমে ||৫২৫
হৰি-চৰণত প্ৰেম মিলিল যাহাৰ |
আন কোন সম্পত্তি হৰিও ভৈল তাৰ ||৫২৬
কৰ্ণাঞ্জলি ভৰি পিয়া হৰি-চৰিত্ৰ-অমৃত |
হৰিৰ নিকট পাৱে হোৱে কৃতকৃত্য ||৫২৭
মাধৱৰ নাম-গুণ কীৰ্ত্তন কৰিয়া |
হৰিক পাৱয় সুখে মায়াক তৰিয়া ||৫২৮
হৰি-গুণ-কীৰ্ত্তনত নাহি একো হানি |
শুনন্তে অমৃত স্ৰৱে ৰাম-কৃষ্ণ-বাণী ||৫২৯
যাৰ মুখে ৰাম-বাণী আসে সৰসৰি |
জানিবা নিশ্চয় তাত বশ্য ভৈল হৰি ||৫৩০
হৰি যাৰ বশ্য ভৈল তাৰ কিবা ৰৈল |
হৰিৰ কৃপা পাত্ৰ সিসিজন ভৈল ||৫৩১
ৰাম-কৃষ্ণ-নামৰ কল্লোল ৰোল শুনি |
বেঙ্কামুৱা যম-দূত পলাৱে আপুনি ||৫৩২
                প্ৰাৰ্থনা
হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ |
অণু এক কৰা দায়া মায়া হৌক দূৰ ||৫৩৩
জয় জয় কৃপাময় দেৱ যদুপতি |
তোমাৰ চৰণে মাগো অমূল্য ভকতি ||৫৩৪
হে হে পৰমানন্দ প্ৰভু কৃপা-সিন্ধু |
ভকতি-আনন্দ-ৰস মাগো এক বিন্দু ||৫৩৫
পতিত পড়িয়া ৰৈলো এ ভৱ-সাগৰে |
পতিত-পাৱন নাম বৈল কিবা তৰে ||৫৩৬
অৰুণ চৰণে মই পাপীক তাৰিয়ো |
পতিত-পাৱন নাম সাফল কৰিয়ো ||৫৩৭
আতুৰ ভৈলোহো হৰি বিষয়-বিকলে |
কৰিয়ো উদ্ধাৰ মোক চৰণ-কমলে ||৫৩৮
হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ |
তনু-নাৱ বুৰি আসে নাহিকে গিয়ান ||৫৩৯
নাম-ধন দিয়া মোকে কিনা বনমালী |
দাস পায়া নলৱা কমন ঠাকুৰালি ||৫৪০
নিজ দাস কৰি হৰি মোকে কিনা কিনা |
আন ধন নলাগয় নাম-ধন বিনা ||৫৪১
জয় জয় ৰাম কৃষ্ণ শৰণ তোহ্মাৰ |
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ ||৫৪২
দিয়ো দৰিশন পাৱে পশিলো শৰণ |
ভকতজনৰ ধন তুমি নাৰায়ণ ||৫৪৩
              নিৱেদন
যাদৱ যাদৱ যাদৱ যাদৱ দেৱ |
তুমি বিনে সুহৃদ বান্ধৱ নাহি কেৱ ||৫৪৪
কমনে ভজিবা হৰি চৰণ তোহ্মাৰ |
দুৰ্ঘোৰ মায়ায়ে মন মুহিলে আহ্মাৰ ||৫৪৫
ৰাম বুলি তৰিবো দঢ়াই আছো মন |
তুমি হৰি দীন-বন্ধু পতিত-পাৱন ||৫৪৬
পতিত-পাৱন ৰাম কৃষ্ণ কৃপা-সিন্ধু |
আমি পতিতক নছাড়িবা দীন-বন্ধু ||৫৪৭
হে হৰি মোৰে প্ৰাণ জীৱন মুৰাৰী |
অনাথৰ নাম ভকতৰ ভয়হাৰী ||৫৪৮
                প্ৰশংসা
শ্ৰীৰাম-নামত ৰতি মিলিল যাহাৰ |
সিসি ভাগ্যৱন্তে পাৱে সংসাৰৰ পাৰ ||৫৪৯
হৰি-গুণ ভকতৰ কৰ্ণৰ ভূষণ |
যিটো সদা বোলে ৰাম সিসি মহাজন ||৫৫০
নিত্যানন্দময় ৰাম ভকতৰ ধন |
হৰি বিনে আন ধন সৱে অকাৰণ ||৫৫১
সংসাৰত নাহি ধৰ্ম্ম হৰি-নাম-সম |
যিটো সদা বোলে ৰাম সিসি নৰোত্তম ||৫৫২
আন ধৰ্ম্ম নাহি হৰি-নামক উপাম |
হৰিৰ বল্লভ যিটো সদা বোলে ৰাম ||৫৫৩
ৰাম-কৃষ্ণ-নামক আনন্দে যিটো ধৰে |
বংশে সমে তৰয় হৰিকো বশ্য কৰে ||৫৫৪
হৰি-গুণ গাৱে যিটো কৰিয়া নিশ্চয় |
হৰিক সুহৃদ পাৱে মৃত্যু কোন হয় ||৫৫৫
যাৰা সৱে ৰাম-নাম গাৱয় হৰিষে |
তাপ দূৰ হোৱে মনে অমৃত বৰিষে ||৫৫৬
ৰাম-কৃষ্ণ-হৰি-নাম পৰম অমৃত |
যিটো মহাজনে লৱে হোৱে কৃতকৃত্য ||৫৫৭
হৰি-গুণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ |
সংসাৰত দুৰ্ল্লভ থাকিল কিবা তাৰ ||৫৫৮
কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ |
হৰি-গুণ কীৰ্ত্তনে স্বধৰ্ম্ম ভৈল যাৰ ||৫৫৯
হৰি-গুণ-নামক কীৰ্ত্তন য়িটো কৰে |
কলিৰ দোষক বঞ্চিলেক সিটো নৰে ||৫৬০
ৰাম-নাম লৈয়া পাপীজনো তৰে সুখে |
হেন ৰাম-নামৰ ভণ্ডাৰ ভৈলা মুখে ||৫৬১
যিসৱ চতুৰ নৰে বিষ্ণুক ভজয় |
পৰম কৃতাৰ্থ ভৈলা সিটো মহাশয় ||৫৬২
            কলি-ধৰ্ম্ম
ৰাম-কৃষ্ণ-নাম ভকতৰ নৱ নিধি |
কলি-যুগে বেকত কৰিলে কোন বিধি ||৫৬৩
ধন্য ধন্য কলিৰ লোকৰ মহাভাগ |
সৰ্ব্ব ধৰ্ম্ম ঠেলি ৰাম-নাম ভৈলা আগ ||৫৬৪
কলিত কীৰ্ত্তন যিটো কৰে হৰি-নাম |
তাৰ আৰ আচৰিবে নথাকিল কাম ||৫৬৫
নাহিকে কলিত ধৰ্ম্ম কীৰ্ত্তনত সম |
যিটি গাৱে হৰি-গুণ সিসি নৰোত্তম ||৫৬৬
কলিত কীৰ্ত্তনে মিলিবেক মহাভাগ |
সংসাৰক তৰি মাধৱক পাইবা লাগ  ||৫৬৭
                   নাম
কেশ কমলাকান্ত অনন্ত অনাদি |
নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ-বাদী ||৫৬৮
জয় জয় জগত-জনক জগজীৱ |
অনন্ত অচ্যুত সনাতন সদাশিৱ ||৫৬৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ||৫৭০
গোপাল গোৱিন্দ ৰাম কৃষ্ণ নাৰায়ণ |
কমল-লোচন হৰি পতিত পাৱন ||৫৭১
ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ |
ৰাম কৃষ্ণ নিৰঞ্জন শিৱ সনাতন ||৫৭২
গোপাল গোপীনাথ গোৱিন্দ মাধৱ |
জীৱৰ জীৱন যদু-নন্দন যাদৱ ||৫৭৩
                 তাত্‍পৰ্য্য
বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ |
ইহাৰ উত্তম ফল হৰি-নাম মাত্ৰ ||৫৭৪
হৰি-নামে হৰি-নামে হৰি-নামে গতি |
হৰি-নামে ভকতৰ কেৱলে ভকতি ||৫৭৫
কৃষ্ণ-পাদ-পদ্ম দুই মোৰ নিজ গতি |
হৰি-নাম বিনে আন নাজানো ভকতি ||৫৭৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ |
ৰাম কৃষ্ণ বিনে ঝুণ্টা আৱৰ বিচাৰ ||৫৭৭
শ্ৰীৰাম-নাম ভকতৰ বিত্ত সাৰ |
সংসাৰ-সাগৰে ৰাম-নামে দুৰ্গ পাৰ ||৫৭৮
হৰি-নাম-কীৰ্ত্তনেসে পৰম মঙ্গল |
পাৱয় পৰমানন্দ গুচে কৰ্ম্ম-মল ||৫৭৯
ব্ৰহ্মা হৰো ভজন্ত হৰিৰ দুই পাৱে |
মুকুতসকলো সদা হৰি-গুণ গাৱে || ৫৮০
                বিৰকতি
বিষয়ৰ আশা-ভঙ্গে ভক্তৰ হৰিষ |
দেখয় বিষয়-সুখ বিষ্ঠাৰ সদৃশ ||৫৮১
বিষয়ৰ সুখ যত সকলো অসাৰ |
জানিয়া ভকতে তাক কৰে পৰিহাৰ ||৫৮২

No comments:

Post a Comment