Saturday 24 March 2012

বন্ধুত্ত্বৰ নাম সখা কৃষ্ণ

সুদামা, আমাৰ গুৰুজনাই কৈছিল বিপ্ৰ দামোদৰ |

একেজন সন্দীপনি ঋষিৰ আশ্ৰমত শিক্ষা গ্ৰহণ কৰিছিল কৃষ্ণ, বলৰাম আৰু সুদামাই | অতি দুখীয়া ব্ৰহ্মণ সুদামা কৃষ্ণৰ আদৰৰ বন্ধু হৈ পৰিছিল | এবাৰ গুৰুপত্নীৰ নিৰ্দেশত শিষ্যসকল খৰি লুৰিবলৈ বনৰ মাজলৈ গৈছিল | গুৰুপত্নীয়ে সকলোকে একোমুঠি চিৰা দি পঠাইছিল ভোক লাগিলে খাবলৈ | কৃষ্ণৰ চিৰামুঠি সুদামাই নিজৰ টোপোলাত বান্ধি লৈছিল |  খৰি লুৰি থাকোতে হঠা‍ত্‍ ধুমুহা-বৰষুণ আহিল, আৰু লৰাহঁতে গছৰ তলে তলে আশ্ৰয় ললে | কৃষ্ণ আৰু সুদামা আঁতৰা-আঁতৰি হ’ল | বহুত সময় বৰষুণ দি থাকিল আৰু এসময়ত সুদামাৰ ভোক লাগিলত সুদামাই নিজৰ চিৰাখিনিৰ লগতে কৃষ্ণৰ ভাগৰ চিৰাখিনিও খাই পেলালে | এই যে সুদামাই কৃষ্ণৰ ভাগৰ চিৰাখিনি খাই পেলালে সেই পাপৰ ফলতে সুদামাৰ জীৱনটো দুখীয়া হৈয়েই কটাবলগীয়া হ’ল | সেয়ে শাস্ত্ৰত কৈছে – “কেতিয়াও আনক তেওঁৰ ন্যায্য প্ৰাপ্যখিনিৰ পৰা বঞ্চিত কৰি সেইখিনি চলে বলে বা কৌশলে নিজে লৈ নলবা” |
সময় আগবাঢ়িল | কৃষ্ণই মথুৰা ত্যাগ কৰি দ্বাৰকা নগৰী স্থাপন কৰি  গ্ৰাহস্থাশ্ৰমত প্ৰৱেশ কৰিলে |
ইফালে সুদামাই অতি দৰিদ্ৰতাৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিছে | আন বিপ্ৰগনে দেৱ-দেৱীৰ পূজা কৰি ধন আৰ্জন কৰিছিল | কিন্তু সুদামাই একামাত্ৰ কৃষ্ণক আৰাধনা কৰি সন্তোষ লাভ কৰিছিল | তেওঁৰ দুখ দেখি আনে দয়া কৰি কেতিয়াবা যি দিয়ে তাৰেই তেওঁ কেতিয়াবা কেইবাদিনৰ মূৰত এমুঠি অন্ন গ্ৰহণ কৰিছিল | সুদামাৰ পত্নী মহা পতিব্ৰতা নাৰী আছিল | তেওঁ কোনোদিনে স্বামীৰ দৰিদ্ৰতাক অৱহেলা কৰা নাছিল আৰু সদায় স্বামীৰ সৈতে কৃষ্ণৰ আৰাধনা কৰিছিল | শেষত এদিন পেটৰ ভোকত থাকিব নোৱাৰি তেওঁ স্বামীক কৈছিল – “হে স্বামী, তোমাৰ বাল্যবন্ধু কৃষ্ণৰ দৰ্শনৰ বাবে সকলো ব্ৰাহ্মণ দ্বাৰকালৈ গমন কৰে | তুমি এবাৰ তেওঁৰ ওচৰলৈ নোযোৱা কিয় ? তুমি সদায় কৃষ্ণৰ আৰধনা কৰা, কিন্তু আজিলৈকে তেওঁৰপৰা একো বিচৰা নাই | তেওঁৰ মহিমা তুমি জানা | তেওঁৰ ওচৰলৈ যোৱা, তেওঁ তোমাক দেখি নিশ্বয় আনন্দ পাব আৰু তোমাক সহায় কৰিব |” সুদামাই পত্নীক ক’লে – “হে প্ৰিয়ে, মই নিশ্চয় যাম | গুৰুগৃহৰ পৰা অহাৰ দিন ধৰি কৃষ্ণক মই লগ পোৱা নাই | কিন্তু কৃষ্ণৰ পৰা মই একো বিচাৰিব নোৱাৰো | তেওঁ মোক দেখি খুব ভাল পাব | কিন্তু সুদা হাতে কেনেকৈ যাম ?” এই কথা শুনি সুদামাৰ পত্নীয়ে চাৰিঘৰ মানুহৰ পৰা ভিক্ষা কৰি চাৰিমুঠি চাউল আনি দিলে আৰু সুদামাই সেই চাৰিমুঠি চাউল লৈ দ্বাৰকালৈ গমন কৰিলে – উদ্দেশ্য বাল্যবন্ধু কৃষ্ণক লগ পোৱা |
দ্বাৰকা নগৰীত ব্ৰাহ্মণৰ প্ৰৱেশত কোনেও বাধা নিদিছিল | সুদামাই গৈ সুধি সুধি কৃষ্ণৰ ভৱন বিচাৰি উলিয়ালেগৈ আৰু দ্বাৰপালক ক’লে – “হে দ্বাৰপাল, কৃষ্ণক কোৱাগৈ সুদামা আহিছে আৰু লগ পাব খুজিছে |” দৰিদ্ৰ, গাত ফটা কাপোৰ পিন্ধা ব্ৰাহ্মণক দেখি দ্বাৰপালে দবিয়াই উঠি যাবলৈ কৈছিল – “সৌ তাত ব্ৰাহ্মণৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আছে | তুমি তালৈ যোৱা |” সুদামাই কাওবাও কৰি পুনৰ কৃষ্ণক লগ পাবাৰ বাবে প্ৰাৰ্থনা জনালে | অৱশেষত দ্বাৰপালে গৈ কৃষ্ণক ক’লেগৈ – “হে দ্বাৰকাধীশ, আপোনাক লগ পাবলৈ এজন অতি দৰিদ্ৰ ব্ৰাহ্মণ দুৱাৰত ৰৈ আছে | নামটো সুদামা বুলি কৈছে |” কথাষাৰ শুনিয়েই কৃষ্ণ দৌৰিল দুৱাৰলৈ আৰু মিত্ৰ বন্ধু বুলি সুদামাক সাৱটি ধৰিলে | সকলোৱে আচৰিত হৈ চাইছে আৰু কৃষ্ণ-সুদামা দুয়ো দুয়োকে সাৱটি ধৰি কান্দিছে |
আদৰি আনি কৃষ্ণই সুদামাক নিজৰ সোণৰ আসনত বহুৱালে | ৰুক্মীণীৰ হতুৱাই পানী অনোৱাই কৃষ্ণই সুদামাৰ চৰণ ধোৱাই দিলে | ইমানদূৰ খোজকাঢ়ি অহাৰ কাৰণে সুদামাৰ ভৰিত শিলে কাটিছিল | সেয়া দেখি কৃষ্ণই আকৌ এবাৰ কান্দিলে | বাৰে বাৰে সুদামাৰ ওচৰত ক্ষমা খুজিলে – “হে মিত্ৰ, ব্যস্ততাৰ বাবে মই তোমাৰ খবৰ লব পৰা নাছিলো |” ৰাজভৱনৰ সকলোৱে দুই মিত্ৰৰ এই মিলন দেখি আনন্দাশ্ৰু টুকিছিল |
আদৰ সাদৰত অভিভূত হৈ সুদামাই কথা কব নোৱাৰা হ’ল | কিবা কব খুজিলেই চকুপানী ওলাই | কৃষ্ণই অলপ সময় সুদামাৰ মুখলৈ চাই থাকি মিচিকিয়া হাঁহি এটা মাৰি সুধিলে – “মিত্ৰ, ইমানদিনৰ মূৰত আহিছা | মোলৈ তুমি কি আনিছা ?” সুদামাই প্ৰমাদ গনি চাউল থকা টোপোলাটো লুকুৱাব খুজিলে | কিন্তু কৃষ্ণই থাপ মাৰি টোপোলাটো লৈ পৰম তৃপ্তিৰে সুদামাই অনা চাউল এমুঠি চোবাবলৈ ধৰিলে | কৃষ্ণই ক’লে – “মিত্ৰ, প্ৰেম সকলোতকৈ ওপৰত | যিমান কষ্ট কৰি আৰু যিটো প্ৰেমেৰে তুমি মোলৈ এই চাউলখিনি আনিছা তাৰ তুলনা নাই | মোৰ প্ৰিয় ভক্তই প্ৰেম আৰু ভক্তিৰে মোক যি দিয়ে মই তাকেই গ্ৰহণ কৰো | ভক্তই প্ৰেমেৰে দিয়া তুলসী পাতটোও মই গ্ৰহণ কৰো, কিন্তু অভক্তই বিস্তৰ দ্ৰব্য দিলেও মই গ্ৰহণ নকৰো | আজি তুমি ত্ৰিজগতৰ লগতে মোকো তুষ্ট কৰিলা |” এইবুলি কৈ কৃষ্ণই আৰু এমুঠি চাউল খাব খোজোতে ৰুক্মীণীয়ে বাধা দি ক’লে – “হে জগতৰ প্ৰাণ স্বামী নাৰায়ণ, তোমাৰ লীলা কোনোৱে নাজানে | এমুঠি মাত্ৰ চাউল খাই তুমি বিপ্ৰক সৰ্ব্বসিদ্ধি প্ৰদান কৰিলা | আৰু এমুঠি খালে মই নিজে ব্ৰহ্মণক সেৱা কৰিবলৈ যাব লাগিব | এইমুঠি নাখাবা প্ৰভু | তুমি মোক তোমাৰ সেৱাৰ বাবে ৰাখি থোৱা |” ৰুক্মীণীৰ কথা শুনি কৃষ্ণই দ্বিতীয় মুঠি চাউল নাখাই ভালদৰে বান্ধি থলে |
এই অধ্যায় ইমানতে সামৰণি মাৰি কবি অনন্ত কন্দলিয়ে কৈছে – “হে সামাজিক লোক ! একান্তমনে কৃষ্ণৰ শিষ্ট চৰিত্ৰৰ কথা শুনা | কৃষ্ণৰ বাহিৰে ভকতৰ কল্যাণ সাধন কৰা আন কোনো দেৱ নাই | কৃষ্ণই ভকতৰ সামান্য বস্তু পালেই মহা আনন্দ লাভ কৰে |” কবি অনন্ত কন্দলিয়ে আৰু কৈছে –
“প্ৰভু কৃপাময়         হুয়োক সদয়
         খণ্ডোক সবাৰ দুখ |
তোমাৰ চৰিত্ৰ         অমৃত শুনিতে
       কৰায়ো লোকত সুখ ||
জীৱনৰ বেগে             পণ্ডিত আকুল
       খণ্ডিল তোমাৰ মায়া |
হুয়োক প্ৰসন্ন         দৈৱকী নন্দন
       ভকতি প্ৰসাদ দিয়া ||”
******************************

3 comments:

  1. বৰ সুন্দৰকৈ বৰ্ণনা কৰিলে ৷

    ReplyDelete
  2. চিদানন্দ বৰা

    ReplyDelete
  3. বহুতেই ভাল লাগিল পঢ়ি

    ReplyDelete