Sunday 27 November 2011

বৃন্দাবনৰ প্ৰেম (২) - শ্ৰীমদ্ভাগৱত মহিমা |

মহৰ্ষি ব্যাসদেৱ ৰচিত শ্ৰীমদ্ভাগৱত মহাপুৰাণ শ্ৰীকৄষ্ণৰ কথাৰূপ | শ্ৰীকৄষ্ণৰ কথা মানেই শ্ৰীমদ্ভাগৱতৰ কথা |
ৠষি কৄষ্ণ দ্বৈপায়ন বেদব্যাস এবাৰ গভীৰ দুখত নিমগ্ন হ- যেতিয়া ১২ বছৰৰ মূৰত জন্ম গ্ৰহণ কৰা তেওঁৰ পুত্ৰ শুকদেৱে ঘৰ-সংসাৰ, পিতা-মাতা, মায়া-মোহ সকলো ত্যাগ কৰি সন্যাসী হৈ বনগমন কৰিলে | চাৰিবেদ ৰচয়িতা, ১৮ পুৰাণ ৰচয়িতা, মহাভাৰত ৰচয়িতা ৠষি বেদব্যাস স্থিতপ্ৰজ্ঞ হৈও পুত্ৰশোকত অধীৰ হৈ পৰিল, স্তব্ধ হৈ পৰিল তেওঁৰ ৰচনা | ৠষিৰ অৱস্থা দেখি দেৱৰ্ষি নাৰদে তেওঁক কলে - ৠষিবৰ, এই শোকৰ পৰা উদ্ধাৰ পোৱাৰ মাত্ৰ এটাই উপায় আছে | আপোনাৰ সকলো ৰচনাৰ সাৰমৰ্ম লৈ সৄষ্টিৰ আদিৰে পৰা আৰম্ভ কৰি সকলো কথা লিপিবদ্ধ কৰক | সেই ৰচনাত আপুনি যেতিয়া শ্ৰীকৄষ্ণৰ বাল্যকালৰ কথা বৰ্ণনা কৰিব তেতিয়াই আপুনাৰ দুখ শোক অন্ত হব |
নাৰদৰ কথামতে বেদব্যাসে লিপিবদ্ধ কৰিলে পৄথিৱীৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ, শ্ৰীকৄষ্ণৰ কথাৰূপ - শ্ৰীমদ্ভাগৱত | ১২ টা স্কন্ধত বিভক্ত, ৩৩২ টা অধ্যায়যুক্ত শ্ৰীমদ্ভাগৱত ১৮ হাজাৰ শ্লোকেৰে সমৄদ্ধ |
উত্তৰা-অভিমণ্যুৰ পুত্ৰ মহাৰাজ পৰিক্ষীতৰ অনুৰোধত ব্যাসদেৱৰে পুত্ৰ ৠষি শুকদেৱে এই ভাগৱত পৃথিৱীৰ মানুহে বুজি পোৱাকৈ পাঠ কৰি বৰ্ণনা কৰিলে | পৰিক্ষীতৰ অনুৰোধৰ আঁৰৰ কথাখিনি চমুকৈ এনেধৰনৰ -
ইতিমধ্যে শ্ৰীকৄষ্ণ শ্ৰীবলৰামে মহাপ্ৰস্থান কৰিছে, দ্বাৰকা সাগৰত বুৰ গৈছে আৰু পান্ডৱসকলে পৰিক্ষীতক ৰজা পাতি মহাপ্ৰয়াণ কৰিছে | পৰিক্ষীতৰ ৰাজত্বত প্ৰজা সুখে-শান্তিৰে আছে | সময় আহিল, যুগ পৰিবৰ্তন হল আৰু দ্বাপৰ যুগ শেষ হৈ কলিযুগে প্ৰবেশ কৰিলে | ৰজা পৰিক্ষীতৰ ওচৰলৈ যেতিয়া কলি আহিল পৰিক্ষীতে কলিক আদেশ দিলে - "তুমি মাত্ৰ চাৰিঠাইত বাস কৰিব পাৰিবা - বেশ্যালয়, মদিৰালয়, জুৱা খেলা ঠাই আৰু যত প্ৰাণীয়ে হিংসা-কপট কৰে তাত |" আদেশ মানি লৈ কলিয়ে পৰিক্ষীতক কলে - "হব মহাৰাজ, সেয়াই হব | কিন্তু অনুৰোধ কৰিছো - এই চাৰিঠাইৰ লগতে মোক স্বৰ্ণত বসতি দিয়ক |" পৰিক্ষীতে কলে - "তথাস্তু" | কথাৰ লাচত পৰিক্ষীতে ভাবিয়েই নাচালে যে তেওঁ নিজে পিন্ধি থকা মুকুটটোও সোনৰ | ফলত কলি আহি পোনে পোনে ৰজাৰ শিৰত বহিলহি | এই কলিৰ প্ৰভাবতেই কিছুদিনৰ পিছত পৰিক্ষীতে এটা ভয়ানক পাপ কৰিলে | এবাৰ মৄগয়াৰ পৰা উভতি আহোঁতে ৰজাই সমীক ৠষিৰ আশ্ৰমত সোমাই ৠষিক পানী খুজিলে | সেই সময়ত সমীক ৠষি ধ্যানস্থ হৈ আছিল কাৰনে ৰজাৰ মাত নুশুনিলে | খঙত পৰিক্ষীতে ওচৰতে মৰি পৰি থকা সাপ এটা কাঁড়ৰ আগেৰে তুলি আনি ৠষিৰ ডিঙিত মেৰিয়াই দিলে | ধ্যানস্থ ৠষিয়ে একোৱেই গম নাপালে | পিছত সমীক ৠষিৰ পুত্ৰসকলে আহি পিতাকৰ অৱস্থা দেখি খঙত একোনাই হৈ অভিশাপ দিলে - "যিয়ে পিতাৰ এই অৱস্থা কৰিছে তেওঁক অহা সাতদিনৰ দিনা তক্ষক সাপে খুটি মৃত্যু ঘটাব" |
পুত্ৰসকলৰ গৰ্জন শুনি সমীক ৠষিৰ ধ্যান ভংগ হল আৰু ক্ৰোধ দমন কৰিব নোৱাৰা বাবে পুত্ৰসকলক খঙ কৰিলে আৰু দুখে-বেজাৰে আহি পৰিক্ষীতক সকলো কলেহি | চকুৰে অন্ধকাৰ দেখি ৰজাই সমীক ৠষিক সুধিলে কি কৰা উচিত | ৠষিয়ে কলে - মহাৰাজ, মই কি ক? এই প্ৰশ্ন আপুনি ৠষি শুকদেৱক কৰক | সেইমতে পৰিক্ষীতে গৈ গংগাৰ পাৰত আশ্ৰম পাতি থকা ৠষি শুকদেৱক সুধিলে - "মুনিবৰ, যি মানুহে গম পায় যে তেওঁৰ মৄত্যু অহা সাতদিনৰ দিনা হব সেই মানুহে কি কৰা উচিত ?"
ৠষি শুকদেৱৰ দৰে মহাপুৰুষে যেতিয়া কথা কয় তেতিয়া তেওঁলোকৰ মানুহৰ কথা মনত নাথাকে, তেওঁলোকৰ কথা সমস্ত মানৱক উদ্দেশ্য কৰি হয় | ৰজাৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কলে - "মহাৰাজ, তুমি মহা ভাগ্যৱান | মৄত্যু অন্তিম সত্য আৰু তুমি তোমাৰ মৄত্যুৰ সময় জানা | তোমাৰ বাদে আন কোনও নিজৰ মৄত্যুৰ সময় নাজানে | পৄথিৱীৰ সকলো দুখ, শোক আৰু মৄত্যুভয়ৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হল শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰা |"
ৰজাই শুকদেৱক অনুৰোধ কৰিলে - "হে জ্ঞানীশ্ৰেষ্ঠ, আপোনাৰ পৰাই মই শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰিব খোজো |"
এইদৰেই শুকদেৱে পৰিক্ষীতক শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰালে | সাতদিনৰ এই অনুষ্ঠানত শুকদেৱৰ পিতৄ ব্যাসদেৱকে আদি কৰি সকলো ৠষি-মুনি উপস্থিত আছিল | দেৱৰো দুৰ্লভ শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰি ৰজা পৰিক্ষীত ধন্য হৈছিল |
এই শ্ৰীমদ্ভাগৱতত বৰ্ণিত হোৱা শ্ৰীকৄষ্ণৰ বাল্যকালছোৱাৰ ৰস যি এবাৰ পান কৰিছে, তেওঁ চিৰদিনৰ বাবে মন্ত্ৰমুগ্দ্ধ হৈ গৈছে |

No comments:

Post a Comment