
গোটেই ম’হজাক ভীমৰ ভৰিৰ তলেদি পাৰ হৈ গ’ল - কিন্তূ এটা ম’হ পাৰ নহ’ল | ভীমে বুজি পাই ধৰিব খোজোতেই ম’হতো অন্তৰ্ধান হ’ল আৰু মাত্ৰ পিছছোৱা ভীমৰ হাতত থাকি গ’ল | সেই ঠাইতেই পান্ডবসকলে শিৱৰ এটি মন্দিৰ নিৰ্মাণ কৰিলে |
ম’হৰূপী শিৱৰ শৰীৰৰ বাকী অংশ বেলেগ বেলেগ চাৰিঠাইত আবিৰ্ভাব হ’ল - তুংগনাথত আবিৰ্ভাব হ’ল বাহু, ৰূদ্ৰনাথত আবিৰ্ভাব হ’ল মুখমন্ডল, ম’ধ মহেশ্ৱৰত আবিৰ্ভাব হ’ল গাটো আৰু কল্পেশ্ৱৰত আবিৰ্ভাব হ’ল চুলিসহ শিৰ | এই চাৰিওঠাইতে শিৱৰ মন্দিৰ স্থাপিত হ’ল আৰু কেদাৰনাথ সহ এই পাঁচ ঠাই পাঁচ-কেদাৰ নামে জনাজাত হ’ল |
বদ্ৰীনাথৰ দৰে কেদাৰনাথ মন্দিৰো ঠান্ডাকালি বৰফৰে ধাক খাই যায় |
No comments:
Post a Comment