Saturday 5 November 2011

খাটু শ্যাম

ৰাজস্থানৰ শিখৰ জিলাত ভগৱান খাটুশ্যামৰ মন্দিৰ অৱস্থিত ।  দিল্লীৰ পৰা প্ৰায় 270 কিল্’মিটাৰ ।

খাটুশ্যামৰ  কথা আৰম্ভ কৰিবলৈ আমি মহাভাৰতৰ যুগলৈ উভতি যাব লাগিব ।  দ্বিতীয় পান্ডব ভীমৰ পুত্ৰ ঘটোৎকচৰ পুত্ৰ আছিল বাৰবাৰিক ।  সৰুৰে পৰা অতি সাহসী বাৰবাৰিকে নিজৰ মাতৃৰ পৰা যুদ্ধ্-অস্ত্ৰ বিদ্যা শিকি মহাবীৰ হৈ উঠিছিল আৰু তপস্যাৰত ঋষি সকলক ৰক্ষা কৰিছিল । এই কামত মুগ্ধ হৈ শিৱই নিজৰ ত্ৰিশূলৰ পৰা তিনিদাল অবিনাশী, অপ্ৰতিৰোধ্য বাণ সৃষ্টি কৰি বাৰবাৰিকক দান কৰিলে আৰু লগতে অগ্নিদেৱে  দিলে এখন ভয়ানক ধনু । তিনিবাণ ধাৰী নামেৰে জনাজাত হৈ পৰা বাৰবাৰিক অজেয় বীৰ হৈ পৰিল ।

কুৰুক্ষেত্ৰ যুদ্ধ অনিবাৰ্য্য হৈ উঠাৰ পিছত বাৰবাৰিকে মাতৃৰ পৰা অনুমতি আৰু আশীৰ্বাদ বিচাৰিলে যুদ্ধত যোগ দিবলৈ । মাতৄয়ে কলে - "পুত্ৰ, তুমি দুৰ্বল পক্ষৰ হৈ যুদ্ধ কৰিবা" | মাতৃয়ে ভাবিছিল কৌৰৱৰ ১০০ ভাতৃৰ বিপৰীতে পান্ডৱ মাত্ৰ পাচঁজন, সেয়ে পোনে পোনে পান্ডবৰ হৈ যুদ্ধ কৰিবা বুলি নকৈ ক’লে দুৰ্বল পক্ষৰ হৈ যুদ্ধ কৰিবা | সেইমতে বাৰবাৰিকে নিজৰ নীলা ঘোঁৰাটোত উঠি কুৰুক্ষেত্ৰলৈ ৰাওনা হ’ল |

কথা বিষম দেখি শ্ৰীকৄষ্ণই এজন ব্ৰাহ্মণৰ ৰূপ ধাৰন কৰি বাৰবাৰিকক দেখা কৰিলে আৰু মাত্ৰ তিনিদাল বাণ লৈ কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লবলৈ অহা বুলি অলপ হাহিঁলেও । উত্তৰত  বাৰবাৰিকে ক্’লে – "দেৱ্, মাত্ৰ এপাট বাণেই এই তিনিওলোক জিনিবৰ কাৰনে যথেষ্ট আৰু প্ৰতিদাল শৰ প্ৰতিবাৰ শত্ৰুক আঘাট কৰি পুনৰ মোৰ তুনলৈ ঘূৰি আহে | মোৰ প্ৰথম দাল শৰে শত্ৰুপক্ষৰ সেই সকলো যোদ্ধাক চিনাক্ত কৰিব যাক মই ধ্বংস কৰিব খোজো,  মোৰ তৄতীয় দাল শৰে চিনাক্ত কৰা সেই সকলো যোদ্ধাৰ প্ৰাণ ল’ব | আৰু যদি মই মোৰ দ্বিতীয় দাল শৰ নিক্ষেপ কৰো সেইদালে সেই সকলো যোদ্ধাক চিনাক্ত কৰিব যাক মই ৰক্ষা কৰিব খোজো |" শ্ৰীকৄষ্ণই কলে - "ঠিক কথা - তুমি একেপাট শৰতে এই গছজোপাৰ প্ৰতিখিলা পাত বিন্ধিব পাৰিবানে ?" উত্তৰত বাৰবাৰিকে চকু মুদি মন্ত্ৰ উচ্চাৰণ কৰি এপাত শৰ নিক্ষেপ কৰিলে | বাৰবাৰিকে চকু মুদা সময়খিনিতে ব্ৰাহ্মণৰূপী কৄষ্ণই গছজোপাৰ এখিলা পাত চিঙি নিজৰ ভৰিৰ তলত গচকি ধৰি থলে | ইফালে বাৰবাৰিকৰ শৰে মুহুৰ্ততে গছজোপাৰ প্ৰতিখিলা পাত বিন্ধি উঠি কৄষ্ণৰ ভৰিৰ ওচৰত আহি ৰৈ গ’লহি    |  বাৰবাৰিকে কলে - "ব্ৰাহ্মণ, তোমাৰ ভৰিৰ তলত এখিলা পাত আছে, তুমি নিজৰ ভৰি আতঁৰাই দিয়া | নহলে মোৰ শৰে তোমাৰ ভৰিত আঘাট কৰি হলেও পাতখিলা বিচাৰি উলিয়াব |"  কৄষ্ণই নিজৰ ভৰি আতঁৰাই আনিলে আৰু আচৰিত হৈ পত্যক্ষ কৰিলে বাৰবাৰিকৰ বীৰত্ব - শত্ৰুক নেদেখাকৈয়ে বাৰবাৰিকে নিজৰ সমস্ত শত্ৰুকে ধ্বংস কৰিব পাৰে | ব্ৰাহ্মণৰূপী কৄষ্ণই  বাৰবাৰিকক সুধিলে - তুমি কাৰ পক্ষৰ হৈ যুদ্ধ কৰিবা ?  বাৰবাৰিকে ক্’লে – "দেৱ্, মাতৄৰ আদেশমতে মই দুৰ্বল পক্ষৰ হৈ যুদ্ধ কৰিম |" শ্ৰীকৄষ্ণই কলে - "তোমাৰ কথাৰ অৰ্থ বুজি নাপালো | কাৰন তুমি যি পক্ষৰে হৈ যুদ্ধত নামিবা লগে লগে তোমাৰ বীৰত্বত আনটো পক্ষ  দুৰ্বল হৈ যাব | ফলত নিজৰ কথা ৰাখিবলৈ তুমি মূহুৰ্তে মূহুৰ্তে পক্ষ সলনি কৰি থাকিব লাগিব আৰু দুয়োপক্ষৰে সকলোকে নিধন কৰাৰ পিছত একমাত্ৰ তুমি জীয়াই থাকিবা |"
কথাষাৰ কৈ ব্ৰাহ্মণৰূপী কৄষ্ণই বাৰবাৰিকৰ পৰা দান বিছাৰিলে | বাৰবাৰিকে ক’লে - "কোৱা ব্ৰাক্ষ্মণ কি লাগে | যি বিচাৰা তুমি পাবা |"

কৄষ্ণই বাৰবাৰিকৰ পৰা দান হিচাপে বাৰবাৰিকৰ মূৰটো বিছাৰিলে | আচৰিত হৈ বাৰবাৰিকে সুধিলে - "ব্ৰাহ্মণ, তুমি প্ৰকৄততে কোন ? প্ৰথমে নিজৰ চিনাকি দিয়া |" তেতিয়া কৄষ্ণই বাৰবাৰিকক নিজৰ প্ৰ্কৄত পৰিচয় দিলে | কৄষ্ণই ক’লে - "ধৰ্মযুদ্ধৰ আগতে যুদ্ধভূমিৰ পূজাৰ বাবে পৄথিবীৰ আটাইতকৈ সাহসী ক্ষত্ৰিয় বীৰ জনৰ আহুতিৰ প্ৰয়োজন | আৰু মোৰ মতে তুমি পৄথিবীৰ আটাইতকৈ সাহসী ক্ষত্ৰিয় বীৰ |" বাৰবাৰিকে নিজৰ মূৰটো কাটি দান দিয়াৰ আগতে কৄষ্ণৰ পৰা বৰদান বিচাৰিলে যাতে কুৰুক্ষেত্ৰ যুদ্ধখন সম্পূৰ্ণকৈ চাব পাৰে | কৄষ্ণই বাৰবাৰিকক আশীৰ্বাদ দিলে আৰু ক’লে যে কলিযুগত বাৰবাৰিক কৄষ্ণৰ শ্যাম নামেৰে কৄষ্ণৰ ৰূপত পূজিত হ’ব | তাৰপিছত বাৰবাৰিকে নিজৰ মূৰটো কাটি কৄষ্ণক দান দিলে |

বাৰবাৰিকৰ মূৰটো কুৰুক্ষেত্ৰৰ ওচৰতে এটা পাহাৰৰ ওপৰত স্থাপন কৰা হ’ল যৰপৰা তেওঁ কুৰুক্ষেত্ৰ যুদ্ধখন সম্পূৰ্ণকৈ চালে | যুদ্ধ শেষ হোৱাৰ পিছত এদিন পান্ডৱসকলে নিজৰ মাজতে কথা পাতি আছিল কোনে কিমান শত্ৰুক নাশ কৰিলে | কথাবোৰ শুনি কৄষ্ণই ক’লে - যিহেতু বাৰবাৰিকৰ মূৰটোৱে যুদ্ধখন সম্পূৰ্ণকৈ চালে, সেয়ে তেওঁকে সোধা ভাল হ’ব | বাৰবাৰিকৰ মূৰটোৱে পান্ডৱসকলক ক’লে - "মই দেখিছিলো একমাত্ৰ কৄষ্ণৰ সুদৰ্শন চক্ৰই সকলোকে নাশ কৰিছিল আৰু দ্ৰৌপদীয়ে মহাকালীৰ ৰূপ ধাৰণ কৰি বাতিয়ে বাতিয়ে তেজ পি খাইছিল |

কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত বাৰবাৰিকৰ মূৰটো খাটুত (বৰ্তমানৰ ৰাজস্থানৰ শিখৰ জিলাত) সমাধিস্থ কৰা হ’ল | কলিযুগ আৰম্ভ হোৱাৰ পিছত এদিন সেই ঠাইত এজনী গাইৰ উহাৰৰ পৰা নিজে নিজে গাখীৰ ব’বলৈ ধৰিলে | বাৰবাৰিকৰ মূৰটো সমাধিস্থ অৱস্থাৰ পৰা উলিয়াই অনা হ’ল আৰু খাটুৰ সেই সময়ৰ ৰজা ৰূপসিং চৌহানে নিৰ্মান কৰোৱালে খাটুশ্যাম মন্দিৰ | তিনিবাণধাৰী, শিৰদানী, পৰাজিতৰ সাৰথি, কলিযুগৰ অৱতাৰী আদি নামেৰে বিখ্যাত খাটুশ্যামৰ মন্দিৰে কালক্ৰমত আজিৰ সুন্দৰ ৰূপ ললেহি |

দিল্লীৰ পৰা প্ৰায় 270 কিল্’মিটাৰ দূৰ খাটুশ্যামৰ মন্দিৰলৈ যাবলৈ দিল্লীৰ পৰা বাচ আৰু ৰেলসংযোগ দুয়োটাই আছে | খাটুশ্যামৰ ওচৰৰ ৰেলস্টেচনটো ৰীনগাচ | দিল্লীৰ পৰা ৰাতি যাত্ৰা আৰম্ভ কৰি ৰাতিপুৱা খাটুশ্যাম পালেগৈ ভাল | ৰাতিপুৱা ৭ বজাৰ আৰতিত ভাগ লব পাৰি | কমদামী আৰু আৰামদায়ক ধৰমশালা বহুত আছে | খোৱা-থকাৰ সুবিধা সুন্দৰ | আমি দৰ্শন কৰি উভতি আহোতে এখন ধৰমশালা পাইছিলো - মালিকজন আমাৰ অসমৰ ডিব্ৰুগড়ৰ | ধৰমশালাখনৰ নামটো "ডিব্ৰুগড় ধৰমশালা" আছিল হবলা |

[বি.দ্ৰ.: এই কথাখিনি মই বৄন্দাবনৰ সন্ত কেইজনমানৰ মুখত শুনা |]

1 comment:

  1. বহুত ভাল লাগিল ৷নজনা কথা জানিলোোঁোঁ৷

    ReplyDelete