Saturday 5 November 2011

বৃন্দাবনৰ প্ৰেম - গোৱৰ্ধন পৰিক্ৰমা

"ইয়াত সিংহাসনত বহি আছা
বৃন্দাবনত ৰাধাৰ পিছে পিছে দৌৰি ফুৰা |
ইয়াত ভক্ত আহে আশীৰ্বাদ বিচাৰি
বৃন্দাবনত প্ৰেমীৰ ঘৰৰ মাখন চুৰ কৰি খোৱা |"
 ২০০৭ চনৰ অক্টোবৰ মাহৰ কোনোবা এটা দিনত এঠাইলৈ যাওঁতে এজন মানুহৰ লগত চিনাকী হৈছিলো | কথাত কথা ওলাই তেওঁ কলে - আমি কেইজনমানে প্ৰত্যেক মাহে এবাৰ গোবৰ্ধন পৰিক্ৰমা কৰিবলৈ যাওঁ | অলপ কথা পতাৰ পিছ্ত মই কলো এইবাৰ মোকো লৈ বলা | এনেকৈয়ে আৰম্ভ হল মোৰ বৃন্দাবন-গোবৰ্ধন পৰিক্ৰমা যাত্ৰা | তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰত্যেক মাহে এবাৰ, কেতিয়াবা দুবাৰ বৃন্দাবন-গোবৰ্ধনলৈ গৈ আছো |



দিল্লীৰ পৰা 150 কি.মি. দূৰত্বত আছে বৃন্দাবন, তাৰ পৰা মাত্ৰ ৩০ কি.মি. দূৰত্বত আছে গিৰিৰাজ গোবৰ্ধন | এয়াই সেই গোবৰ্ধন পৰ্বত - যাক এদিন ভগবান শ্ৰীকৄষ্ণই নিজৰ আঙুলিত ধাৰণ কৰিছিল ব্ৰজভূমিক দেৱৰাজ ইন্দ্ৰৰ কোপদৄষ্টিৰ পৰা ৰক্ষা কৰিবলৈ | ৰাজস্থান আৰু উত্তৰ প্ৰ্দেশৰ সীমাত ৭ (সাত) ক্ৰোশ, অৰ্থাত ২১ (একৈছ) কি.মি. পৰিধিত ব্যাপ্ত হৈ আছে গিৰিৰাজ গোবৰ্ধন | একাদশী আৰু পূৰ্ণিমাৰ মাজত ভক্তসকলে এই পৰ্বতৰ চাৰিওফালে শুদা ভৰিৰে খোজকাঢ়ি পৰিক্ৰমা কৰে - আন সময়তো পৰিক্ৰমা হয়, কিন্তু এইখিনি সময়ত ভক্তৰ ভীৰ বেছি হয় | গৰমকালি ৰাতি আৰু ঠান্ডাকালি দিনত পৰিক্ৰমা কৰা হয় | প্ৰথম পৰিক্ৰমা আৰম্ভ কৰোতে আমাৰ দলটো সৰু আছিল - এতিয়া বাঢ়ি বাঢ়ি বহুত ডাঙৰ হৈছেগৈ - তিনিখন কোৱেলিচ গাড়ীৰ দৰকাৰ হয় |


বৃন্দাবনৰ এজন সন্তে মোক গিৰিৰাজ গোবৰ্ধনৰ কথা এনেকৈ কৈছিল -

সীতা উদ্ধাৰৰ বাবে চলোৱা অভিযানত শ্ৰীৰামচন্দ্ৰই বানৰ বীৰ নল আৰু নীলৰ হতুৱাই সমূদ্ৰত সেতু বন্ধোৱাইছিল | সেই সময়ত শ্ৰীৰামচন্দ্ৰৰ নৰ-বানৰৰ বিশাল বাহিনীৰ সকলোৱেই বিভিন্ন ঠাইৰ পৰা বিভিন্ন আকৃতিৰ শিল আদি কঢ়িয়াই আনিছিল - সেতু বন্ধনৰ বাবে | তেতিয়াই বীৰ হনুমানে হিমালয়ৰ পৰা গিৰিৰাজ গোবৰ্ধনক উঠাই আনিছিল | কিন্তু আদবাটতে খবৰ আহিল যে সেতু সম্পূৰ্ণ হল আৰু সকলো বীৰ সমূদ্ৰ তীৰত একগোট হব লাগে | হনুমানে গোবৰ্ধনক আদবাটতে এৰি থৈ যাবলৈ ওলাওঁতে গিৰিৰাজে মাত দিলে - "বায়ুপুত্ৰ, তুমি মোক শ্ৰীৰামচন্দ্ৰৰ কামত লগাম বুলি আনিছিলা" | হনুমানে উত্তৰ দিলে - "ক্ষমা কৰিবা গিৰিৰাজ, কিন্তু এতিয়া মই নিৰুপায়"| এই কথা গম পাই শ্ৰীৰামচন্দ্ৰই গিৰিৰাজক বৰদান দিলে - "এতিয়া নহয় গিৰিৰাজ, কৄষ্ণ অৱতাৰত তুমি মোৰ কামত আহিবা | কৄষ্ণ অৱতাৰত মই তোমাক ধাৰণ কৰিম আৰু কলি যুগত ভক্তসকলে তোমাক মোৰ ৰূপত পূজা কৰিব, তোমাৰ পৰিক্ৰমা কৰিব" |

গিৰিৰাজ গোবৰ্ধনৰ পৰিত্ৰ্মা সাধাৰনতে শ্ৰীদানঘাটি মন্দিৰ দৰ্শনেৰে আৰম্ভ হয  |  যি পথেদি গোবৰ্ধন পৰ্বতৰ চাৰিওফালে ভক্তসকলে পদক্ষিণ কৰে সেয়া হল পৰিক্ৰমা পথ | সম্পূৰ্ণ পৰিক্ৰমাটো দুটা ভাগত বিভক্ত - ডাঙৰ পৰিক্ৰমা (১২ কি.মি.) আৰু সৰু পৰিক্ৰমা (৯ কি.মি.) | প্ৰত্যেকবাৰেই পৰিক্ৰমা পথত অসংখ্য ভক্ত লগ পাঁও | পথৰ সোঁহাতে গোবৰ্ধন পৰ্বত | বাটে বাটে ৰাধা-কৄষ্ণৰ আৰু গিৰিৰাজৰ মন্দিৰ | পৰিক্ৰমা পথেদি ৪ কি.মি. খোজ কঢ়াৰ পিছত সাক্ষী-গোপাল মন্দিৰ পোৱা যায় | এই মন্দিৰতেই আমি প্ৰথম বাৰ ৰঁও | ইয়াৰ পিছত পুন্জৰী-কা-লোথা হৈ পৰিক্ৰমা পথৰ ৮ কি.মি. দূৰত্বত আছে জাঠিপুৰা | ইয়াত আছে শ্ৰীমুখাৰবিন্দ মন্দিৰ | এই ঠাইতেই শ্ৰীকৄষ্ণই গোবৰ্ধন পৰ্বত হাতেৰে দাঙি ধৰিছিল আৰু নিজৰ আঙুলিত ধাৰন কৰিছিল | এই ঠাইতেই গোবৰ্ধন পৰ্বতৰ ওপৰত আছে শ্ৰীনাথ মন্দিৰ | সৰু কিন্তু অতি সুন্দৰ এই মন্দিৰ | এই মন্দিৰৰ পৰা এটা সুৰংগ আৰম্ভ হৈ মেঁৱাৰৰ (ৰাজস্থান) শ্ৰীনাথদ্ৱাৰা মন্দিৰত শেষ হৈছেগৈ | শ্ৰীকৄষ্ণৰ এজন মহান ভক্ত সুৰদাসে আজিৰপৰা প্ৰায় ৫৫০ বছৰ আগতে এই মন্দিৰত আশ্ৰয় লৈছিল আৰু ইয়াতেই তেঁও শ্ৰীকৄষ্ণৰ দৰ্শন পাইছিল | সুৰদাসে শ্ৰীকৄষ্ণৰ নামত ১ লাখ পদ ৰচনা কৰিম বুলি সংকল্প লৈছিল | এই মন্দিৰত বহিয়েই তেঁও ১ লাখ পদ ৰচনাৰ কাম আৰম্ভ কৰিছিল | কিন্তু ৭৫ হাজাৰ পদ ৰচনা কৰাৰ পিছত সুৰদাসে অনন্ত ধামলৈ গতি কৰিলে | ভক্তৰ প্ৰ্তিজ্ঞা ৰক্ষা কৰাৰ ভাৰ নিজে লৈ শ্ৰীকৄষ্ণই নিজে বাকী থকা ২৫ হাজাৰ পদ ৰচনা কৰিছিল | সুৰদাসে ৰচনা কৰা পদখিনিত সুৰদাস নামটো আহে, উদাহৰণ - "মাইয়া মৰী মে নেহি মাখন খায়ো" | শ্ৰীকৄষ্ণই সুৰদাসৰ নামত ৰচনা কৰা পদখিনিত সুৰশ্যাম নামটো আহে, উদাহৰণ - "মাইয়া মৰী দাও বহুত খিজায়" | শ্ৰীমুখাৰবিন্দ মন্দিৰৰ পৰা ৪ কি.মি. দূৰত পৰিক্ৰমা পথৰ ১২ কি.মি. দূৰত্বত ডাঙৰ পৰিক্ৰমা সম্পূৰ্ণ হয় আৰু সৰু পৰিক্ৰমা আৰম্ভ হয় | সৰু পৰিক্ৰমাৰ ৫ কি.মি পথত আছে ৰাধাকুন্ড আৰু শ্যামকুন্ড | ইয়াৰ পাৰত যাত্ৰীসকলে ক্ষন্তেক জিৰণি লয় আৰু ইয়াৰ পানীত হাত-ভৰি পখালে | ৰাধাকুন্ডৰ পৰা ২ কি.মি পথত আছে কুসুম সৰোৱৰ আৰু এটি সুন্দৰ হনুমান মন্দিৰ | ভক্তসকলে বিশ্ৱাস কৰে যে শ্ৰীৰামচন্দ্ৰৰ আদেশত বীৰ হনুমানে গিৰিৰাজক আৰু পৰিক্ৰমা যাত্ৰীসকলক ৰক্ষা কৰে | ইয়াৰ পৰা ২ কি.মি. দূৰত্বত সৰু পৰিক্ৰমা সম্পূৰ্ণ হয় | পৰিক্ৰমা সম্পূৰ্ণ কৰি ভক্তসকলে মানসী গংগা মন্দিৰত স্নান কৰি গিৰিৰাজক প্ৰাৰ্থনা কৰে |


পৰিক্ৰমা পথত খোজকাঢ়ি থাকোতে মনত কি এটা সুখ পোৱা যায় সেয়া বুজাব নোৱাৰি ।

|যাত্ৰা পথত সকলো বয়সৰ অগণন যাত্ৰী | এনেকুৱা বহুত যাত্ৰী লগ পাইছো যি দন্ডৱত পৰিক্ৰমা কৰে - অৰ্থাত পৰিক্ৰমা পথত সাষ্টাংগে সেৱা কৰে, উঠে, যিমানখিনিলৈকে সেৱা কৰিলে সিমানখিনিলৈকে আগবাঢ়ি আকৌ সেৱা কৰে, আকৌ উঠে - আগবাঢ়ে - আকৌ সেৱা কৰে - এনেকৈয়ে এসময়্ত তেঁওলোকে পৰিক্ৰমা সম্পূৰ্ণ কৰে | আমাৰ লগৰ এজনে এবাৰ দন্ডৱত পৰিক্ৰমা কৰিছিল | সেইবাৰ পৰিক্ৰমা সম্পূৰ্ণ কৰিবলৈ তেঁওক ১৩ দিন লাগিছিল |

(এই কথাখিনি ফেচবুকৰ "অসমীয়া কথা বতৰা" গোটে প্ৰকাশ কৰা সাহিত্য ডট অৰ্গৰ নৱেম্বৰ মাহৰ সংখ্যাত প্ৰকাশ হৈছে | লিংকটো দিছো - http://www.xahitya.org/2011/11/15/%e0%a6%ac%e0%a7%83%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a6%a8%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a7%87%e0%a6%ae-%e0%a7%a7-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf%e0%a6%ae/)

No comments:

Post a Comment