Saturday 5 November 2011

বদ্ৰীনাথ

ষ্কন্দপুৰাণত লিখা আছে - সৰ্গ-মত্য-পাতালত বহু কেইখন ধাম আছে | কিন্তু বদ্ৰীনাথৰ দৰে ধাম আন কতো নাই | কথিত আছে ভগীৰথে যেতিয়া গংগাক এই ধৰালৈ বোৱাই আনিছিল তেতিয়া গংগাৰ প্ৰবল ধাৰাক মহাদেৱে নিজৰ জটাত আশ্ৰয় দি কিছু শান্ত কৰিছিল | মহাদেৱৰ জটাৰ পৰা বাৰটা ভাগত বিভক্ত হৈ গংগা এই ধৰালৈ নামি আহিল | তাৰে এটা ভাগ হ’ল অলকানন্দা আৰু এই অলকানন্দাৰ পাৰতেই বদ্ৰীনাথ ধাম অৱস্থিত |

এই বদ্ৰীনাথেই একমাত্ৰ ধাম য’ত মাত্ৰ এদিন তপস্যা কৰিলে এহেজাৰ বছৰ তপস্যা কৰাৰ ফল পোৱা যায় | বদ্ৰীনাথৰ কথা আৰম্ভ কৰিবলৈ বহুযুগ পিছুৱাই যাব লাগিব | তেতিয়া বদ্ৰীনাথৰ নাম বদ্ৰীনাথ নাছিল | সেয়া আছিল শিৱৰ বাসস্থান | সেই সময়্ত দুৰ্গম নামে এক দৈত্যই সূৰ্য্যদেৱক আৰাধনা কৰি সন্তুষ্ট কৰিলে আৰু বৰ হিচাপে লাভ কৰিলে এহেজাৰ কৱ্চ-কুন্ডল | লগতে সূৰ্য্যদেৱে দুৰ্গম দৈত্যক আৰু এটা বৰ দিলে যে একমাত্ৰ সেইজন বীৰেহে দুৰ্গম দৈত্যৰ শৰীৰৰ এটা কৱ্চ-কুন্ডল ভাঙিব পাৰিব যি এহেজাৰ বছৰ তপস্যা কৰি আহিব | বৰ লাভ কৰি দুৰ্গম দৈত্য অপৰাজেয় বীৰ হৈ উঠিল আৰু সৰ্গ-মত্য-পাতালত অত্যাচাৰ আৰম্ভ কৰিলে | অসহনীয় হৈ সকলো দেৱ-দেবীয়ে বিষ্ণুক অনুৰোধ কৰিলে আৰু বিষ্ণুদেৱে দুৰ্গম দৈত্যক নিধন কৰাৰ পণ ললে |

ইতিমধ্যে শ্ৰীমূৰ্ত্তিদেৱীয়ে বিষ্ণুক পুত্ৰৰূপে পাবৰ বাবে তপস্যা কৰিছিল | দুৰ্গম দৈত্যক নিধন কৰাৰ পণ লৈ বিষ্ণুদেৱে নৰ আৰু নাৰায়ণ ৰূপ লৈ মূৰ্ত্তিদেৱীৰ দুই পুত্ৰ হিচাপে জন্ম ললে | সময়ত দুয়ো ডাঙৰ হ’ল আৰু দুৰ্গম দৈত্যক বধ কৰাৰ উদ্দেশ্য লৈ বদ্ৰীনাথত তপস্যা কৰিবলৈ গ’ল | নৰ-নাৰায়ণৰ অনুৰুধত শিৱ বদ্ৰীনাথৰ পৰা কেদাৰনাথলৈ যাত্ৰা কৰিলে | ইতিমধ্যে বিষ্ণুৰ চিন্তাত লক্ষ্মীদেৱী অস্থিৰ হৈ উঠিল আৰু নাৰদৰ মুখে গম পালে যে বিষ্ণুদেৱে নৰ আৰু নাৰায়ণ ৰূপ লৈ তপস্যা কৰি আছে | লগে লগে লক্ষ্মীদেৱীয়ে এজোপা বদ্ৰীগছৰ ৰূপ লৈ নৰ-নাৰায়ণৰ তপস্যাস্থানত ছাঁ দিলেহি | তাকে দেখি নাৰায়ণৰূপী বিষ্ণুদেৱে বদ্ৰীৰূপী লক্ষ্মীদেৱীক বৰ দিলে - "আজিৰ পৰা এই স্থান তোমাৰ আৰু মোৰ নামেৰে বদ্ৰীনাথ হব আৰু সদায় তোমাৰ নাম মোৰ নামৰ আগত উচ্চাৰিত হব |" সেই বৰৰ প্ৰ্ভাৱতেই আজিও নাৰায়ণ-লক্ষ্মী বুলি নকয়, লক্ষ্মীনাৰায়ণ বুলিহে কয়, ৰাম-সীতা বুলি নকয়, সীতাৰাম বুলিহে কয়, কৃষ্ণ-ৰাধা বুলি নকয়, ৰাধাকৃষ্ণ বুলিহে উচ্চাৰিত হয় |

ইতিমধ্যে নৰ-নাৰায়ণৰ তপস্যাৰ কথা দুৰ্গম দৈত্যয়ো গম পালে আৰু তুৰন্তে আহি দুয়োৰে লগত বদ্ৰীনাথতে যুদ্ধ আৰম্ভ কৰি দিলে | নৰ-নাৰায়ণৰ এজনে এদিন যুদ্ধ কৰে আৰু আনজনে তপস্যা কৰে | এদিন তপস্যা কৰি এহেজাৰ বছৰৰ তপস্যাৰ ফল লৈ এজনে এদিন যুদ্ধ কৰে আৰু দুৰ্গম দৈত্যৰ শৰীৰৰ এটা কৱ্চ-কুন্ডল ভাঙে | সেইদিনা ইজনে তপস্যা কৰে | পিছদিনা ইজনে যুদ্ধ কৰি পুনৰ দুৰ্গম দৈত্যৰ শৰীৰৰ এটা কৱ্চ-কুন্ডল ভাঙে | এইদৰে ৯৯৯ টা কৱ্চ-কুন্ডল ভগাৰ পাছ্ত প্ৰাণৰ ভয়ত দুৰ্গম দৈত্য পলায়ন কৰে আৰু সূৰ্য্যদেৱৰ আশ্ৰ্য় লয়গৈ | পিছে পিছে নৰ-নাৰায়ণে খেদি গৈ সূৰ্য্যদেৱক দাবী কৰে দুৰ্গম দৈত্যক উলিয়াই দিবলৈ | তেতিয়া সূৰ্য্যদেৱে নৰ-নাৰায়ণক কলে - "প্ৰভু, তুমিয়েই শিকাইছা আশ্ৰয়প্ৰাথীক আশ্ৰয় দিবলৈ | দুৰ্গম দৈত্যক মই এতিয়া আশ্ৰয় দিছো, কিন্তূ সময় আহিলে তাক মই তোমালোকৰ আগলৈ উলিয়াই দিম | তোমালোকৰ হাততেই এই দৈত্যৰ নিধন হব |" এই দুৰ্গম দৈত্যই পিছ্ত দ্বাপৰ যুগত মহাভাৰতৰ কৱ্চ-কুন্ডলধাৰী সূৰ্য্যপুত্ৰ মহাবীৰ মহাৰথী দানবীৰ কৰ্ণ হৈ জন্ম গ্ৰহণ কৰে | সেই কৰ্ণই নিজৰ বাকী থকা শেষ কৱ্চ-কুন্ডলযোৰ ব্ৰাহ্মণৰূপী ইন্দ্ৰদেৱক দান হিচাপে দিয়ে আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত নৰ-নাৰায়ণৰূপী কৃষ্ণ-অৰ্জ্জুনৰ হাতত প্ৰাণত্যাগ কৰে |

এয়াই বদ্ৰীনাথ, য’ত নাৰায়ণেও তপস্যা কৰিছিল | বছৰটোৰ ছ্য় মাহ এই মন্দিৰ খোলা থাকে, ঠান্ডাকালি বৰফৰে এই মন্দিৰ ধাক খাই যায় | ভক্তসকলে বিশ্ৱাস কৰে যে তাত ছ্য় মাহ নৰে মানে মানবে পূজা কৰে আৰু বাকী ছ্য় মাহ নাৰায়ণে পূজা কৰে | ঠান্ডাকালি ছ্য় মাহ এই মন্দিৰ বন্ধ হৈ যায়, কিন্তূ মন্দিৰৰ ভিতৰৰ অখন্ড জ্যোতি কেতিয়াও নুনুমায় | ছ্য় মাহ পাছত বৰফ আঁতৰাই যেতিয়া এই মন্দিৰৰ কপাট খোলা হ্য় তেতিয়াও এই অখন্ড জ্যোতি জ্ৱলিয়েই থাকে |

বদ্ৰীনাথৰ চাৰি কি:মি: উত্তৰে আছে ব্যাসদেৱৰ গুহা | এই গুহাত বহিয়েই ব্যাসদেৱে চাৰিবেদ আৰু মহাভাৰত ৰচনা কৰিছিল | সেয়া এক অন্য কাহিনী............

No comments:

Post a Comment