Monday 7 November 2011

কেইটামান কথা কবিতা


                          উদ্দেশ্যবিহীনতা

সময় নাই - নিজৰ বাবেও, আনৰ বাবেও
ধন-সম্পত্তি, পৰিয়াল - সকলো আছে
তথাপিও নাজানো কিহৰ পিছ্ত দৌৰিছো
ভাবিবলৈ সময় নাই - কোনোবাই পিছ পেলাই যাব পাৰে |
মা-দেউতাক মনত আছে
মাৰ স্পৰ্শ, মাৰ মৰম, মাৰ হাঁহি, দেউতাৰ চিন্তা - সকলো মনত আছে
কিন্তু মা-দেউতাৰ বাবে সময় নাই |

বন্ধুবোৰৰ নাম মনত আছে - মবাইলত নম্বৰো লিখি থৈছো
কিন্তু কথা পাতিবলৈ সময় নাই |
সুখ আছে - হাঁহিবলৈ সময় নাই
দুখ আছে - কান্দিবলৈ সময় নাই |
দৌৰিছো, মাত্ৰ দৌৰিছো -
ভাগৰিবলৈ সময় নাই, জিৰাবলৈ সময় নাই |

কেতিয়া বুজিম এই দৌৰৰ উদ্দেশ্যবিহীনতা ?



যুদ্ধজয়ৰ উৎসৱ এতিয়াও চলি আছে ইয়াত
অনাধিকাৰ প্ৰবেশ কৰিছিলা তোমালোকে আমাৰ মৰমৰ দেশখনত
আমি প্ৰতিবাদ কৰোতে মেচিনগানেৰে উত্তৰ দিছিলা
তেজ নৈ হৈ বৈছিল ...
মাইলাই গাওঁৰ ৭০০ মানুহক হত্যা কৰিবলৈ তোমালোকক সময় লাগিছিল মাত্ৰ আধাঘন্টা |
হো চি মিনক চিনি পাইছিলানে - থুতৰিত অলপ দাঢ়ি থকা, খীণকৈ ২১ বছৰীয়া মৰমলগা লৰাজন 
আমি সংগঠিত হৈছিলো - তোমালোকে নাম দিছিলা ভিয়েটকং গেৰিলা
কিন্তু আচলতে আমি আছিলো মুক্তি বাহিনীৰ সেনানী |
অসম্ভবক সম্ভব কৰি গঢ়ি তুলিছিলো ১০০০ মাইল দীঘল হো চি মিন ট্ৰেইল -
লানি নিছিগাকৈ আগবাঢ়ি আহিছিল মুক্তিযোদ্ধা সকল - মৄত্যুভয়হীন, হাতত মেচিনগান, চকুত দৄঢ়তা, হৄদয়ত প্ৰেম -
আমাক নেতৄত্ব দিছিল সামৰিক শিক্ষা নথ্কা এজন প্ৰাক্তন স্কুল শিক্ষকে -
তোমালোকৰ নেতৄত্বত আছিল বাহুত চাৰিটা তৰা পিন্ধা ভদ্ৰলোকজন |
কি ভীষণ যুদ্ধ চলিছিল ...
আমাৰ মুক্তি সংগ্ৰাম তোমালোকৰ বাবে হৈ পৰিছিল জীয়াই থকাৰ সংগ্ৰাম |
যুদ্ধৰ মাজৰ সময়খিনিত তোমালোকে হীনমণ্যতাত ভুগিছিলা, নিজৰ মাজতে কাজিয়া কৰিছিলা -
আৰু আমি - আমি হাহিঁছিলো, হেৰাই যোৱা প্ৰিয়াক বিচাৰি কান্দিছিলো, প্ৰেম কৰিছিলো
কাইলৈ জীয়াই থকাৰ নিশ্চয়তা নাছিল কাৰণেই আমাৰ প্ৰেম আছিল স্বৰ্গীয়, বাধাহীন |
যুদ্ধত হাৰি তোমালোক পলাইছিলা, ধ্বংস কৰি থৈ গৈছিলা আমাৰ মৰমৰ দেশখন -
আমি নতুনকৈ গঢ়ি লৈছিলো - নতুন নগৰখনৰ নাম দিছিলো - হো চি মিন নগৰ |
মুক্তিৰ আনন্দ, যুদ্ধজয়ৰ উৎসৱ এতিয়াও চলি আছে ইয়াত .....
(ভিয়েটনামৰ মুক্তিযুদ্ধৰ সৈনিকসকললৈ শ্ৰদ্ধাৰে....)

(এই কবিতাটো ফেচবুকৰ "অসমীয়া কথা বতৰা" গোটে প্ৰকাশ কৰা সাহিত্য ডট অৰ্গৰ নৱেম্বৰ মাহৰ সংখ্যাত প্ৰকাশ হৈছে | লিংকটো দিছো - http://www.xahitya.org/2011/11/14/%e0%a6%af%e0%a7%81%e0%a6%a6%e0%a7%8d%e0%a6%a7%e0%a6%9c%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%89%e0%a7%8e%e0%a6%b8%e0%a7%b1-%e0%a6%8f%e0%a6%a4%e0%a6%bf%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%93-%e0%a6%9a/)
সময়ে বাৰ্দ্ধক্যৰ প্ৰলেপ সানি দিছে ফিডেলক
বুকুত বন্দুকৰ নলীটো লগাই ৰজাঘৰীয়া সৈনিকে লৰাজনক সুধিছিল - কি নাম ?
লৰাজনে উত্তৰ দিছিল - "ফিডেল, ফিডেল কাষ্ট্ৰো "|
২৬ বছৰীয়া ডেকা লৰা, উজ্জল দাড়িভৰ্তি মুখ, বুদ্ধিদীপ্ত চকু .....
ম’নকাড়াৰ যুদ্ধত হাৰি ৰজাঘৰৰ বন্দী অপৰাধী হৈছিল ..........
এদিন আদালতত দিছিল সেই জ্ৱালাময়ী বক্তিতা - "... বুৰণ্জীয়ে মোক সুৰক্ষা দিব ....."
মেক্সিকোত একেলগ হৈছিল তেওঁলোক - লগত ৰাউলৰ দৰে ভাতৄ, চে, জুৱান, ক্যামিলো, তানিয়া আদিৰ দৰে বিৰল যোদ্ধা |
মাত্ৰ ২০ জন বহিব পৰা নাওখনত ৮০ জন বহি মেক্সিকোৰ পৰা কিউবালৈ আহিছিল তেওঁলোক
চিয়েৰা-মাষ্ট্ৰাত গঢ়ি তুলিছিল অভেদ্য দুৰ্গ |
তয়াময়া যুদ্ধ চলিছিল - ৰজাঘৰীয়া সৈনিকে দেখিয়েই নাপাইছিল ফিডেলহঁতক ......
শেষত এদিন নববৰ্ষৰ ৰাতিপুৱাত স্ৱাধীন হৈছিল ফিডেলৰ কিউবা |
মৰমত, সুখত সেইদিনা ফিডেলে পাহৰিয়ে গৈছিল কি কৰিব লাগে .......
সিদিনা আকৌ এবাৰ টিভিত দেখিলো ফিডেলক -
একেই জলফাই ৰঙৰ পোছাক, একেই উজ্জল দাড়িভৰ্তি মুখ, বুদ্ধিদীপ্ত চকু
মাত্ৰ সময়ে বাৰ্দ্ধক্যৰ প্ৰলেপ সানি দিছে ফিডেলক |

No comments:

Post a Comment