Sunday 11 December 2011

শ্ৰীকৄষ্ণৰ শতনাম


মাধৱে বোলন্ত কহোঁ স্বৰূপ তোমাত ।    
মই নাপাওঁ অন্ত মোৰ নাম অসংখ্যাত ॥ 
অল্পে সাধে গতি বিস্তৰত কোন কাম  ।
লোকত প্ৰসিদ্ধ যিটো মোৰ নামচয় |
দেওঁ তাৰ লেখ শুনা সখি ধনঞ্জয় ||

শ্ৰীকৄষ্ণ শঙ্কৰ সদাশিব সনাতন |
পীতাম্বৰধাৰী বিষ্ণু জিষ্ণু জনাৰ্দ্দন ||
গোবৰ্দ্ধনধাৰী মধুমথন ঈশ্বৰ |
বেণু বাদ্যবিশাৰদ দেৱ গদাধৰ  ||
যশোদানন্দন নন্দগোপৰ কুমাৰ |
কেশৱ কমলানাথ প্ৰথম সংহাৰ  ||
ভাস্কৰ পুণ্ডৰীকাক্ষ বিভু বিশ্বম্ভৰ  |
দৈৱকীনন্দন হৰি নিষ্কিঞ্চন ধন | 
বৈকুন্ঠ কমলাকান্ত নাথ নাৰায়ণ ||
জয়তু পবিত্ৰ পাৰিজাত অপহাৰী  |
বিশ্বমূৰ্তি ৰামচন্দ্ৰ কামন কংসাৰী  ||
অনন্ত অচ্যুত অঘাসুৰবিমোচক  |
কিৰিটি-কুণ্ডলধাৰী ত্ৰিপুৰ অন্তক ||
শ্ৰীপতি পৰম আত্মা পুৰুষ উত্তম  |
ত্ৰৈলোক্যতাৰক ত্ৰিনয়ন ত্ৰিবিক্ৰম  ||
ৰুক্মিণী ৰমণ জ্ঞান ৰত্নেশ্বৰ গুৰু  |
সত্যভামা-বল্লভ ভকত কল্পতৰু ||
চিদানন্দ সদানন্দ দৈৱকী নন্দন  |
চেতনাজীৱহাৰী বিৰিঞ্চি বন্দন  ||
গোবিন্দ গৰুড়ধ্বজ অজন যাদব  |
মধুমোৰ ৰিপুৰাম প্ৰিয়দ মাধৱ  ||
যোগীধ্যানপ্ৰদ বলভদ্ৰ প্ৰিয়ানুজ  |
চাৰু ধনশ্যাম চক্ৰপাণি চতুৰ্ভুজ  ||
দানৱগঞ্জন নিৰাকাৰ নিৰঞ্জন  |
হৄষীকেশ শিৱ শৌনি শকত ভঞ্জন  ||
সৰ্ব্বদেৱময় মহামৄত্যুঅস্তকাৰী |
বৄষভবিধ্বংসী বিধু বামণ বকাৰি  ||
সুৰবৄক্ষ ব্ৰক্ষ্ম বাসুদেৱ বিশ্বেশ্বৰ  |
কালিয়মৰ্দ্দন দেৱ দেৱ দামোদৰ  ||
জগত ব্যাপক পুণ্যজনক চৰিত্ৰ |
জগতজনক জগন্নাথ জিতামৃত  ||
গোবিন্দ অনাথসিন্ধু উপেন্দ্ৰ গোপাল  |
জীৱৰ জীৱন বনমালী মহাকাল ||
ভকতবৎসল ক্লেশ  -কলুষ-মোচন |
শ্ৰীবৎসলাঞ্চন কৃষ্ণ কমললোচন  ||
পুৰাণ পুৰুষ পুণ্য শ্ৰৱণ-কীৰ্ত্তন |
দুৰন্ত দয়ালু দেৱ দাৰিদ্ৰ ভঞ্জন  ||
পদ্মনাথ শম্ভু বিভু প্ৰভু ভগৱন্ত  |
কতেক কহিবো মোৰ নাম অপৰ্য্যস্ত  ||
একো একো নাম মোৰ জগত উদ্ধাৰ  |
স্মৰণতে কৰে পাপ সমূহ সংহাৰ  ||
যেনমতে সিংহসৱে গৰ্জ্জে মহাৰাগে  |
কোন ক্ষুদ্ৰ পতঙ্গ পাতেক তাৰ আগে  ||
যাৰ নাম জানা সখি বাড়ব অগনি  |
চাতক শুকান বন লাগে তাত চনি  ||
তেওঁ অনুকুল মই প্ৰচন্ড বতাস
কলেক নালাগে দহি কৰো সৰ্ব্বনাশ  ||
কৄষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম |
কৄষ্ণ-শতনামৰ স্মৰি বোলা ৰাম ৰাম ||
------------------------

No comments:

Post a Comment