প্ৰশংসা
বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰতসৱে হৰি-নামৰ কিঙ্কৰ |
হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে
সেহিসে পৰম সাধু নৰ ||১১৪
অনুধিতা
হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ-যোগ্যব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক |
হেনয় দ্বাৰত বেত্ৰ- প্ৰহাৰ পাইবাৰ যোগ্য
হঞো আমি কমন বৰাক ||১১৫
নাম
অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ অষ্ট নাম |
পৰম মঙ্গল-ৰূপ যিটো অহৰ্নিশে লৱে
তাৰ পূৰ্ণ হোৱে মনকাম ||১১৬
পৰমাৰ্থ-সাৰ
মাধৱ মাধৱ নাম বচনত সুমৰয়
মাধৱ মাধৱ হৃদয়ত |নিৰন্তৰে সাধুসৱে মাধৱ মাধৱ নাম
উচ্চাৰয় সমস্তে কাৰ্য্যত ||১১৭
পৰম মঙ্গল-ৰূপ মাধৱ মাধৱ নাম
যিটো মহাজনে উচ্চাৰয় |
তাৰ অমঙ্গল-ৰূপ গুচয় সংসাৰ-ভয়
মাধৱৰ নিকট পাৱয় ||১১৮
দু:স্বপ্ন-নাশন ইটো মাধৱ মাধৱ নাম
দুষ্ট-গ্ৰহ-ভয়-বিমোচন |
পৰম সম্পদ-ৰূপ জানি মাধৱৰ নাম
সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন ||১১৯
মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু
মাধৱেসে দেৱতা পৰম |
পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা
মনুষ্যৰ ইসি নিজ ধৰ্ম্ম ||১২০
পৰম চতুৰ সিসি বুদ্ধিত কুশল আতি
যিটো মাধৱৰ গুন গাৱে |
মিছা কলেৱৰগোটে মুকুটি-বাণিজ কৰি
ভৱ তৰি মাধৱক পাৱে ||১২১
যিজনে একান্ত চিত্তে মাধৱক ভজি নিতে
ফুৰে মাধৱৰ গুণ গাই |
দুৰ্ল্লভ অমৃত যেন যিজনে কৰিলে পান
মধুৰ পিবাক আৰ নাই ||১২২
সাৰ-নিৰ্ণয়
ভগৱন্ত ঈশ্বৰ গুণ-সমূহক যিটো
শুনিতে উদ্যত কৰে নৰ |তেখণৰেপৰা সিটো জানিবা নিশ্চয় কৰি
ভৈল আতি শুদ্ধ নিৰ্ম্মত্সৰ ||১২৩
ঈশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য দেৱ
মোৰ তান নামে নিজ গতি |
হেনয় নিশ্চয় যিটো কৰিলে কলিত আতি
সিসিজন পৰম সুকৃতি ||১২৪
সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো
অজ্ঞানতে চণ্ডালে লৱয় |
হেনয় পৱিত্ৰ সিটো জানিবা যজ্ঞত আনি
পাত্ৰ পাতিবাৰ যোগ্য হয় ||১২৫
ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল-ৰূপ
যাৰ মুখে প্ৰকাশ কৰয় |
চিৰকালে মহাতীৰ্থ কৰিয়া পৱিত্ৰ হুয়া
তাকো কদাচিতো তুল্য নুই ||১২৬
জগত-আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান
তাক প্ৰতি যেৱে আছে মন |
ভগৱন্ত ঈশ্বৰৰ চৰণ-পঙ্কজে সদা
হুয়ো তেৱে একান্ত শৰণ ||১২৭
ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক
গাৱ ভাই মাধৱৰ গুণ |
নিচিন্ত আপুন মাৰ সুখে আপুনাক তাৰ
হুয়ো ভাই পৰম নিপুণ ||১২৮
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি-নাম-কীৰ্ত্তনত
সমস্তে প্ৰাণীৰ অধিকাৰ |
এতেকেসে হৰি-নাম সমস্তে ধৰ্ম্মৰ ৰাজা
এহি সাৰ শাস্ত্ৰৰ বিচাৰ ||১২৯
বৰ্ণাশ্ৰম
বৰ্ণাশ্ৰম-ধৰ্ম্ম যত যাৰ যেন বিহি আছে
তাৰেসে কেৱলে অধিকাৰ |হৰি-নাম-কীৰ্ত্তনত নাহিকে নিয়ম একো
এতেকেসে ধৰ্ম্ম মাঝে সাৰ ||১৩০
হৰবাৰ
অধমে কেৱলে দোষ লৱয় মধ্যমে গুণ-দোষ লৱে কৰিয়া বিচাৰ |
উত্তম কেৱলে গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ ||১৩১
দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা
গুণ দেখি কৰিলা ৰক্ষণ |
মহাপাপী অন্ত্য জাতি তৰয় কলিত সুখে
মুখে কৰি হৰিৰ কীৰ্ত্তন ||১৩২
অবিদ্যা-জনিত সুখ সত্য লোক আদি কৰি
আত নিৰপেক্ষ নিৰন্তৰ |
কেৱলে চিদাঙ্গ-শুদ্ধি কৰণেসে মাত্ৰ জানা
পুৰুষাৰ্থ মুমুক্ষজনৰ ||১৩৩
বিদ্যা-অবিদ্যা-জন্য সুখে নিৰপেক্ষ হুয়া
কৰিল আপুন মন থিৰ |
সকলে জগত ইটো বাসুদেৱ্ময় মাত্ৰ
পুৰুষাৰ্থ জানিবা জ্ঞানীৰ ||১৩৪
সমন্তে সুখকে তেজি পুৰুষোত্তম প্ৰেম
ভকতিক কৰিল আশ্ৰয় |
ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত
আনো সুখ অধিক পাৱয় ||১৩৫
মুমুক্ষজনৰ যেৱে অবিদ্যা-জনিত সুখে
বিৰকতি ভৈল আতিশয় |
কেৱলে আত্মাত মাত্ৰ সদায়ে ৰমণ কৰে
তেৱে বিধি-কিঙ্কৰ গুচয় ||১৩৬
জ্ঞান-নিষ্ঠজনে বিদ্যা- অবিদ্যা-জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে |
বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো
বিধিৰ কিঙ্কৰ গুচে তেৱে ||১৩৭
পোৰুষোত্তমৰ প্ৰেম ভকতি-সুখক মাত্ৰ
নিশ্চয় কৰিলা যিটোজন |
শৰণ-কালৰেপৰা বিধিৰ কিঙ্কৰ গুচি
কৰে সদা শ্ৰৱণ-কীৰ্ত্তন ||১৩৮
ভৰত ৰত্নৰ দীপ মনুষ্য-শৰীৰ নৌকা
ৰাম-নাম মহাৰত্ন সাৰ |
হেনয় বাণিজ পাই যিটো জীৱে নকৰিল
তাত পৰে দুখী নাহি আৰ ||১৩৯
No comments:
Post a Comment