প্ৰাৰ্থনা
ব্ৰহ্মা আদি কৰি যত জীৱ ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ-কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |
মোক্ষ-ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ ||৬৬০
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||৬৬১
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||৬৬২
হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||৬৬৪
তাত্পৰ্য্য
চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে
বেকত কৰিয়া থৈলা নাৰায়ণ-বাণী |
সেহি নাৰায়ণ-নাম-গায়া শুদ্ধ কৰো আমি চিত্ত-কায়া
হৰি-সন্তোষৰ কাৰণ আন নজানি ||৬৬৫
একেখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ দেৱকী-নন্দনে কৈলা যাক
দেৱো একে মাত্ৰ দেৱকী-দেৱীৰ সুত |
দেৱকী-পুত্ৰৰ পদ-সেৱা কৰ্ম্মো একে এহিমানে মাত্ৰ
মন্ত্ৰো একে তান নাম-মাত্ৰ অদভুত ||৬৬৬
কৃষ্ণ-যশে চিত্ত-ধৌত হুয়া সমস্তে ক্লেশক তৰি পুনু
কৃষ্ণ-দাসে কৃষ্ণ-চৰণ-মূল নেড়য় |
সকলে সম্পূৰ্ণ নিজ গৃহ পথিকসকলে পায়া পুনু
দুখ এড়াই যেন সিটো গৃহ নছাড়য় ||৬৬৭
সকলে উপনিষদ ধেনু দোগ্ধা ভৈলা তানে নন্দ-সুত
তাৰ বত্স ভৈলা কুন্তী-সুত ধনঞ্জয় |
দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত
সুবুদ্ধিসকলে সন্তোষে পান কৰায় ||৬৬৮
বস্তু-প্ৰকাশ
আদি সত্য যুগে শুদ্ধ ধৰ্ম্ম আছিলেক মাত্ৰ হৰি-নাম
দেৱসৱে গুপ্ত কৰিলে কৰি কপট |
হেন হৰি-নাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা
শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সৱাৰো পট ||৬৬৯
আশ্ৰয়
নোহো জানা আমি চাৰি জাতি চাৰি আশ্ৰমী নোহো আতি
নোহো ধৰ্ম্ম-শীল দান-ব্ৰত তীৰ্থ-গামী |
কিন্তু পুৰ্ণানন্দ-সমুদ্ৰৰ গোপী-ভৰ্ত্তা-পদ-কমলৰ
দাসৰ দাস তাম দাস ভৈলো আমি ||৬৭০
প্ৰশংসা
সেহি ধন্য লোক শুচিমন্ত সৰ্ব্ব গুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত
যজ্ঞে তপে সিসিজন আতি শুদ্ধমতি |
সিসিজন মহাদাতা জ্ঞানী সিসি সত্যবাদী মহামানী
পুৰুষোত্তম আছয় যাৰ ভকতি ||৬৭১
মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা
যিদিশত মহাভক্তসৱে শ্ৰীমন্ত কমললোচনৰ
পৰম সন্তোষে কীৰ্ত্তন যিটো কৰয় |
সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি
আপুনি অচ্যুত-স্বৰূপ সিটো হোৱয় ||৬৭২
ৰমানন্দ-পদ-যুগলৰ মকৰন্দ-মধু-ব্ৰত-প্ৰায়
ভকতসকলে যিদিশত প্ৰকাশয় |
সিদিশ জানিবা গঙ্গাদেৱী অনেক প্ৰৱাহ-ৰূপে সেৱি
পৰম নিৰ্ম্মল-স্বৰূপে শোভা কৰয় ||৬৭৩
শ্ৰীমধুদ্বিষ ঈশ্বৰৰ কীৰ্ত্তন মঙ্গল নিৰন্তৰ
যিটো ভুমি-ভাগে শুদ্ধ-ৰূপে হোৱে জাত |
তাৰ ধুলি যিটো শিৰে ধৰে নিছয়ে জানিবা সিটো নৰে
কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত ||৬৭৪
হে দেৱ মহেশ্বৰ হৰি তযু কথামৃত পান কৰি
বঢ়ায়া ভকতি মনক শুদ্ধ কৰয় |
বৈৰাগ্যেসে সাৰ ভৈলা যাৰ হেনয় বোধক লভি পুনু
পৰম নিৰ্ম্মল বৈকুণ্ঠ গৈয়া পাৱয় ||৬৭৫
নামৰ অন্বয়
কৃষ্ণ নিগগতি অৰ্জ্জুনত দেহাদিক আমি অতিক্ৰমি
হৈয়া আছে শুদ্ধ ব্ৰহ্মতো কৰি উত্তম |
এতেকেসে জানা ইটো লোকে বেদতো প্ৰখ্যাত হুয়া আছে
মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম ||৬৭৬
খেদ
আপুন নামক বহুতৰ কৰি নিজ সৰ্ব্ব শক্তি দিয়া
কালৰ নিয়ম নিবিহিলা স্মৰণত |
এতাদৃশী তৱ কৃপা হৰি মোহোৰ দুৰ্দ্দৈৱ দেখা কিনো
অনুৰাগ প্ৰভু নভৈল তযু নামত ||৬৭৭
ভাগৱত-প্ৰশংসা
ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত
যত মহাজনসৱৰ সভা-মধ্যত |
পৰম-আনন্দ-ৰসময় কোটি সূৰ্য্য সম প্ৰকাশয়
মহাভাগৱত নোহন্ত যাৱে বেকত ||৬৭৮
উপদেশ
যিটো মহামতি গুৰুজনে হৰি-ভক্তি-পন্থ-উপদেশ
দুয়া দুখময় সংসাৰৰ পাৰ কৰে |
হেনয় পৰম-গুৰু-ঋণ শুজিবাক প্ৰতি জানা নিষ্ট
অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে ||৬৭৯
হৰি-ভক্তি-দাতা-গুৰু-ঋণ শুজিবাক যিটো অহঙ্কাৰী
অনেক যতনে মনত আলোচে মাত্ৰ |
ঋণ শুজিবাক নপাৰয় জানিবাহা সিটো দুৰাশয়
উপলা-সদৃশ বিনোদৰ ভৈল পাত্ৰ ||৬৮০
হৰি যেন আতি কৃপাময় ভক্ত গুৰুজনো সেহি নয়
দুয়োজন এক শৰীৰ মাত্ৰ ভিন্ন |
কৃপা-ৰসে তুষ্ট হুয়া চিত্ত লোকৰ হিতক চিন্তি নিত
নিজ গুণে তুষ্ট দুয়ো অহঙ্কাৰে হীন ||৬৮১
খেদ
কত মহাদুখে পুণ্য কৰি অপৱৰ্গ-যোগ্য নৰ-তনু
পায়া পৃথিৱীত বিষয়ক মজি ৰৈল |
ইটো খেদ হৰি-সেৱা তেজি আপুনাক আত্মঘাত কৰি
সিটো মহাপাপী আপুনি বঞ্চিত ভৈল ||৬৮২
পৰম-পুৰুষাৰ্থ
একান্ত ভকত যাৰা হয় কিছু অৰ্থ তাৰা নবাঞ্জয়
মহা অদভুত হৰি-গুণ-নামময় |
পৰম মঙ্গল কৃষ্ণ-যশ যাত পৰে আন নাহি ৰস
পৰম আনন্দ-সমুদ্ৰে মজি ৰহয় ||৬৮৩
No comments:
Post a Comment