Sunday 18 March 2012

শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা

                         শৰণ
                    যাদৱ যদু-নন্দন, মাধৱ মধু-সূদন |
তুমি নিত্য নিৰঞ্জন নাৰায়ণ                   তোহ্মাত লৈলো শৰণ ||
 ইবাৰ কৰুণাময়                  হৰি কমলাপতি
                     মোৰে নছাড়িবা নাৰায়ণ |
   অৰুণ চৰণ-তলে                                    হৰি কমলাপতি
                    সত্যে সত্যে পশিলো শৰণ ||৬৮৪
হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ |
মানৱী জনম সাফল কৈলো এ হৰি নাৰায়ণ ||৬৮৫
      গোপাল গোৱিন্দ যদু-নন্দন |
   কৃষ্ণৰ চৰণে লৈলো শৰণ ||৬৮৬
       ৰাঘৱৰ অভয় চৰণে |
   সত্যে সত্যে পশিলো শৰণ ||৬৮৭
       ৰামৰ চৰণে শৰণ লৈলো |
   মানৱী জনম সাফল কৈলো ||৬৮৮
       হৰি ও হৰি চৰণে লাগো |
   অভয় চৰণে শৰণে মাগো ||৬৮৯
       ৰাম ৰঘুপতি ৰঘু-নন্দন |
   তোমাৰ চৰণে লৈলো শৰণ ||৬৯০
                ভজন
গোপীনাথ গোৱিন্দ ৰা কৃষ্ণ হৰি |
ভজোহো তোহ্মাৰ পদ-কমলত ধৰি ||৬৯১
ভজোহো গোৱিন্দ তোমাৰ পাৱ |
মোক নছাড়িবা সেৱক-দায় ||৬৯২
ৰাম কৃষ্ণ গোপীনাথ গোৱিন্দ |
সেৱোহো তযু পদ-অৰৱিন্দ ||৬৯৩
প্ৰণত-পালক দেৱ গোৱিন্দ |
ভজোহো তযু পদ অৰৱিন্দ ||৬৯৪
মোৰ প্ৰভু নাৰায়ণ এ
হৰি হৰি তোমাৰ চৰণে মনে ভজো |
তোমাক নজানি ভৱসিন্ধু মাজে মজো ||৬৯৫
ভুৱন-মোহন ৰাম ভজিলো তোমাৰ পাৱ |
মহা মহা পাপী যাৰ নাম জপি উত্তম পদক পায় ||৬৯৬
ৰাম কৃষ্ণ নাৰায়ণ                   নিৰঞ্জন নিৰাকাৰ
               নিৰ্ব্বিকাৰ নিৰাময় হৰি |
চিদানন্দ সদানন্দ                   পুৰুষ পৰমানন্দ
             ভজো তুৱা চৰণত ধৰি হৰি ৰাম |
      বিভু প্ৰভু অনন্ত দৈত্যাৰি ||৬৯৭
                     নমস্কাৰ
দীন-বন্ধু ৰাম দায়াশীল দেৱ |
তুৱা পদ-কমল সদায়ে কৰো সেৱ ||৬৯৮
মোৰ প্ৰভু ৰাম কৰুণা-সাগৰ |
আমি দুখিতক নছাড়িবা দামোদৰ ||৬৯৯
মধুৰিপু ৰাম কমল-লোচন |
তুৱা গুণ-নামে ভৱ-ভয় বিমোচন ||৭০০
বন্ধো মাধৱ মধু-ৰিপু ৰাম |
তুৱা পদ-কমল-যুগল হৰি এ ||৭০১
                  উপদেশ
পিয়ো পিয়ো পিয়ো অমিয়া-মাধুৰী হৰি ৰাম ৰাম ৰাম |
দূৰতে তেজিয়া থৈয়ো আন যত মন-কাম ৰাম ৰাম ৰাম ||৭০২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই এ
                    সকল নিগমে ওহি সাৰ |
সুমৰিতে হৰি বশ্য হোৱে ভাই এ
                   সুখে পাই ভৱ-নদী-পাৰ ||৭০৩
ভাল উপায় পাইলো ভাই ভাই এ
                  ৰাম-নাম নিগম-ৰহস্য |
এক-চিত্ত-মনে ভাব ভাই ভাই এ
                  যাৰে নাম তাৰে কৰা বশ্য ||৭০৪
ৰাম কৃষ্ণ হৰি বুলিয়ো মুখে |
হৰি-পদে মন মজায়ো সুখে ||৭০৫
ৰাম বুলি ফুৰা বাহু আছাড়ি |
কপটৰ মোট পেহলায়ো ফাড়ি ||৭০৬
ভজ ভগৱন্ত ভকতি-ভাৱে |
নাম লৈয়া গতি পতিতে পাৱে ||৭০৭
ৰাম-নামখানি ফুৰিয়ো গায়া |
কি কৰিবে পাৰে হৰিৰ মায়া ||৭০৮
ৰাম-নামখানি লৈয়োক ডাটি |
হেলায়ে মাৰিয়ো যমেৰ ঘাটি ||৭০৯
মুখে ৰাম-নাম গাৱ |
মায়াৰ বাঝু মাৰিয়া যাৱ ||৭১০
ৰাম-কৃষ্ণ-নাম জপ সঘনে |
হৰিৰ চৰণ নেড়িবা মনে ||৭১১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা |
আশা-সমুদ্ৰৰ মন তোলা ||৭১২
ৰাম কৃষ্ণ হৰি বুলিয়ো ঝাণ্টে |
মিলিবে মৰণ হাটে কি বাটে ||৭১৩
                         মহিমা
হৰিত শৰণ লৈয়ো                           যিটোজন এ
              হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে |
দুৰ্ঘোৰ আপাৰ                                সংসাৰ-সাগৰ এ
             সিটো মহাজনে অতি মহাসুখে তৰে ||৭১৪
ৰাম কৃষ্ণ ৰাম                                কৃষ্ণ বোল ভাই এ
             পৰম যতনে তেজিয়ো যত অন্যায় |
তোমাক মই ভাণ্ডো                         তুমি মোক ভাণ্ডা এ
            চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায় ||৭১৫
ভাৰতবৰিষ ধন্য কলিযুগ,
          হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনা নত-তনু অনুপম |
হৰিত একান্তে শৰণ পশিয়া
                   হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ধৰ্ম্ম-শিৰোমণি
                   ঘুষিয়ো হৰিৰ নাম ||৭১৬
                       আত্ম-উপদেশ
বিচাৰি দেখিয়ো পামৰ মনাই এ
ইহ পৰলোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম  |
মজিয়া ৰহস সুহৃদ মনাই এ
হৰি-গুণ-নাম অপাৰ আনন্দ-সিন্ধু ৰাম ৰাম ||৭১৭
নিচিন্তি আছস কেমনে মনাই এ
সুখেৰ সাগৰ হৰিত নকৰি ৰতি ৰাম ৰাম |
আলাস তেজিয়ো ভজিয়ো মনাই এ
ভৃত্য-ভয়-হাৰী হৰিসে পৰম গতি ৰাম ৰাম ||৭১৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুল ৰে পামৰ মন
ভুলিয়া কমনে পাপী মৰ |
যাৰ্মায়া-পাশে বন্দী হুয়াছ পামৰ মন
তান দুই চৰণত ধৰ ৰে পামৰ মন
ভুলিয়া কমনে পাপী মৰ |
গোৱিন্দ বোল মনাই মুকুন্দ বোল মনাই ||৭১৯
ব্ৰহ্মা হৰো যাত শৰণ পশয়
আনৰ কোন বৰাই  ||৭২০
বিষয়-বিকলে নমৰ মন |
সদায় চিন্তিয়ো হৰি-চৰণ ||৭২১
নিগম-নিগূঢ় হৰি নাম |
নলৈয়া মন কৰ কোন কাম ||৭২২
ভৱ-সিন্ধু-সেতু হৰি-চৰণ |
যম-কাল্মায়া-দুখ-তাৰণ ||৭২৩
কপট আচাৰ তেজিয়া মন |
কেৱলে ভজিয়ো হৰি-চৰণ ||৭২৪
কৈতৱ তেজিয়ো ভজিয়ো হৰি |
তেৱেসে হৰি লৈৱ দাস কৰি ||৭২৫
হৰিৰ আশ্ৰয় নেড়িয়ো ভাই |
ঐকান্তিক সুখ তেৱেসে পায় ||৭২৬
একান্তে হৰিত কৰিয়ো ৰতি |
হৰিসে নিজ ভকতৰ গতি ||৭২৭
সৰ্ব্ব পুৰুষাৰ্থ কৈতৱ জান |
হৰি মাত্ৰ সত্য বেদ প্ৰমাণ ||৭২৮
পৰম শ্ৰেয়স হৰি-ভকতি |
জানি হৰি-পাৱে কৰিয়ো ৰতি ||৭২৯
হৰি-গুণ-নাম কৰিয়ো সাৰ |
নিজ যশ-প্ৰিয় জগ-আধাৰ ||৭৩০
বিধিৰ কিঙ্কৰ তেজি ভকতি |
গায়ো হৰি-যশ নিৰ্ম্মল-মতি ||৭৩১
লৈয়ো একে মাত্ৰ সাধু-সঙ্গতি |
তেৱেসে নিৰ্ম্মল হৈৱ ভকতি ||৭৩২
যাৱত কৈতৱ নেড়স মন |
তাৱত নপাইবি হৰি-চৰণ ||৭৩৩
কৈতৱ সত্য জান ভাগ কৰি |
ভজিয়ো হৰিক কৈতৱ এড়ি ||৭৩৪
হৰিত বিনাই সৱে কৈতৱ |
ভজ হৰি-পাৱে কৰি উত্‍সৱ ||৭৩৫
ক্ষণিক জীৱন জানি মনাই |
তৰিয়ো সুখে হৰি-গুণ গাই ||৭৩৬
দুৰ্ঘোৰ সংসাৰ-নিকাৰ জানি |
নেড়িবা সদা মুখে ৰাম-বাণী ||৭৩৭
তেৱেসে হৰিৰ পাইবা আশ্ৰয় |
ভজিয়ো হৰি তেজি লাজ ভয় ||৭৩৮
নিগুণ হৰিৰ গুণক গায়া |
পৰমানন্দ তেজি পাইবা মায়া ||৭৩৯
হৰি-গুণ-নাম নিগম-তত্ত্ব |
মুকুতসৱৰো মুখ্য-সন্মত ||৭৪০
জানি হাৰ-পাৱে নেড়িয়ো আশ |
কহে মূঢ়মতি মাধৱ দাস ||৭৪১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল মন ভাই |
হৰিৰ সন্তোষ হয় গুচয় সংসাৰ-ভয় |
হৰি-পদ-সেৱা-সুখ পায় হৰি ৰাম ||৭৪২
                         নিন্দা
হৰি-নামৰ কীৰ্ত্তন সুখ |
নজানে যিজন হৰি-বিমুখ ||৭৪৩
নকৰে কীৰ্ত্তন যিটো পামৰ |
সিজন অধীন ভৈল যমৰ ||৭৪৪
হৰি-গুণ-নাম নলৱে মুখে |
যমৰ যান্ত্ৰনা ভূঞ্জিবে দুখে ||৭৪৫
নকৰে কীৰ্ত্তন হৰি-নামৰ |
কি কাৰ্য্যে মনুষ্য ভৈল পামৰ ||৭৪৬
হৰি-কীৰ্ত্তনত নকৰে ৰতি |
পশুতো অধম সিটো কুমতি ||৭৪৭
নুফুৰে সদা হৰি-গুণ গায়া |
জানিবা মুহিলে হৰিৰ মায়া ||৭৪৮
হৰি-কীৰ্ত্তনত নেদিলে চিত্ত |
সিটো ভাগ্য-শূণ্য ভৈল বঞ্চিত ||৭৪৯
                  আত্ম-নিন্দা
তুমি প্ৰাণ-প্ৰিয়তম সুহৃদ দেৱ
                  প্ৰাণ-প্ৰভু পীতাম্বৰ এ
                  তুমিসে কেৱল আত্মা মোৰ |
হৰি হৰি তুমিসে পৰম আত্মা মোৰ |
তোমাক নজানি জড় মিছা শৰীৰক মই
                 প্ৰাণ-প্ৰভু পীতাম্বৰ এ
                আত্মা বুলি ভৈলো সেৱা-চোৰ |
প্ৰাণ-বন্ধু কিনা মই অজ্ঞানী দুৰ্ঘোৰ হৰি এ ||৭৫০

1 comment:

  1. Bet365 Casino Review & Ratings 2021 - Viecasino.com
    Read our Bet365 casino 메리트카지노 review for the latest in live dealer games, sports betting, casino, and slots. Learn how to deposit, bet365 withdraw & withdraw  Rating: 4.1 · 메리트카지노 ‎Review by viecasino.com

    ReplyDelete