|| নমো শ্ৰীকৃষ্ণায় নমো নম: ||
|| ভজন ||
||ঘোষা || ছবি ||
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি |
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি ||১
যাৰ ৰাম-কৃষ্ণ নাম নামে ভৱ-সিন্ধু তৰি
পাৱে পৰমপদ পাপী যত |
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহোঁ হৃদয়ত ||২
নমস্কাৰ
মত্স্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম বৰাহ শ্ৰীৰাম |
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম ||৩
উপদেশ
একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
গাৱে সদা বসিয়া যথাত |
বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি
থাকা হৰি সাক্ষাতে তথাত ||৪
কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
আতিশয় দূৰ হোন্ত তাৰ |
দূৰতো বিদূৰ হোন্ত তাৰ ||
অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ ||৫
যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া
হৰিক সুহৃদ বুলি আছে |
হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি
দিয়া হৰি-গুণ গায়া নাচে ||৬
সকল নিগমে লতা তাৰ অবিনাশী ফল
কৃষ্ণ-নাম চৈতন্য-স্বৰূপ |
সুমধুৰ সুমঙ্গল শ্ৰদ্ধায়ে হেলায়ে লৈয়া
নৰ মাত্ৰ তৰে ভৱ-কূপ ||৭
অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন |
এতাৱন্ত মূৰ্ত্তিশূণ্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন ||৮
যিটোজনে কৃষ্ণ-কথা বিচাৰে সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয় |
যত তীৰ্থ স্নান দান দেৱ-পিতৃ-যজ্ঞ যাগ
যোগাদিৰো ফলক পাৱয় ||৯
যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া
হৰি-গুণ গাৱে শুদ্ধভাৱে |
দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে ||১০
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সিসি
অনুষ্ঠান সমস্তে কৰিল |
নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ ভৈল
আশাক যিজনে পিঠি দিল ||১১
অপৱিত্ৰ যিটো আতি পৱিত্ৰ হোৱৱা যদি
সমস্তে অৱস্থা আছা পায়া |
কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ
বাহিৰে-ভিতৰে হোৱে কায়া ||১২
সেহিসে চতুৰ যিটো পুণ্যৰ নিদান-ভূত
নাৰায়ণ-নামক উচ্চাৰে |
অচতুৰ সিসি আতি পাপৰ নিদান-ভূত
নামে অৰ্থবাদ যিটো কৰে ||১৩
মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
পৰম প্ৰসন্ন হোৱে মন |
শুনিয়ো পাৰ্ব্বতী মঞি মনত শঙ্কঞো ৰঙ্গে
ৰাম বুলিবেক ইটোজন ||১৪
কৰ্ণ-পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
দুৰ্ব্বাসনা হৰা সমস্তয় |
জলৰ যতেক মল যেহেন শৰত-কালে
স্বভাৱতে নিৰ্ম্মল কৰয় ||১৫
হুয়া দেৱ দিগম্বৰ ভস্ম-বিভুষিত-অঙ্গ
শিৰত ধৰিছা জটা-ভাৰ |
মহেশে সেৱন্ত যাক হেন হৰি বিনে আন
কোন শ্ৰেষ্ঠ দেৱ আছে আৰ ||১৬
ব্ৰহ্মা আদি দেৱগণে নিচল সম্পত্তি মনে
লক্ষ্মীক সেৱন্ত তপ কৰি |
লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
আন কোন দেৱ তাঙ্ক সৰি ||১৭
সমস্ত-বেদান্ত-সাৰ মহাভাগৱত শাস্ত্ৰ
ইহাৰ অমৃত-ৰস পাই |
পৰম সন্তোষে পান কৰিল যিজনে তাৰ
অন্যত্ৰ ৰসত ৰতি নাই ||১৮
মহাভাগৱত-ৰস মাধৱৰ নাম-যশ
আক পান কৰিল যিজনে |
কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ-আদি ৰসে
ৰতি আৰ নকৰয় মনে ||১৯
কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো
মনে দৃঢ় কৰিয়া নিশ্চয় |
নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
কদাচিতো কলি নবাধয় ||২০
চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী
নাহি নাম-গুণ বিনে আন |
সেহিসে কাৰণে হৰি নিজ-যশ-প্ৰিয় ভৈল
ভগৱন্ত ভকতৰ প্ৰাণ ||২১
যিহেতু চৈতন্য-পূৰ্ণ পৰমাত্মা-ৰূপে হৰি
হৃদয়ত আছন্ত প্ৰকাশি |
তাতেসে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্ত্তে যতেক জড়ৰাশি ||২২
ৰাম-কৃষ্ণ-হৰি-নাম সৰ্ব্ব-ধৰ্ম্ম-অনুপাম
সকল নিগম-তত্ত্ব-সাৰ
যত পৰে ধৰ্ম্ম নাহি আৰ |
হেন নাম নূসুমৰি কমন ভাৰসা কৰি
ৰৈয়া আছা ভৱ তৰিবাৰ ||২৩
বিষ্ণু-পাদোদক গঙ্গা মহেশে সহিতে ইটো
জগতকে পৱিত্ৰ কৰয় |
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
শব্দৰ স্বৰূপ আছয় ||২৪
পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম-সিংহে
প্ৰকাশ কৰয় আতি বড়ে |
যাৰ ধ্বনি শুনি ভয়ে মহাপাপ-হস্তীচয়
পলায় আতি ত্ৰাসত লৱড়ে ||২৫
আপুনি আপুন বন্ধু আপুনি আপুন শত্ৰু
আপুনি আপুন ৰাখে মাৰে |
হৰিক নভজি নৰে আপুনি হোৱয় নষ্ট
হৰি ভজি আপুনাক তাৰে ||২৬
দুৰ্ল্লভ মনুষ্য-তনু লভিয়া পশুৰ যোগ্য
বিষয়ৰ আশা পৰিহৰা |
সন্তৰ সঙ্গত বসি সুখে হৰি-গুণ গায়া
সন্তোষ-অমৃত পান কৰা ||২৭
হৰি-নাম-কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ
নিয়ম সংযম একো বিধি |
হৰিত শৰণ লৈয়ো কেৱলে হৰিৰ নাম
কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি ||২৮
বিষয়-সম্বন্ধ-সুখ সমস্ত যোনিত পায়
হৰি-সেৱা একো থানে নাই |
হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য-তনু
জানি ফুৰা হৰি-গুণ গাই ||২৯
মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে
হৰি-গুণ-কীৰ্ত্তন নকৰে |
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন
হৰি-নাম-কীৰ্ত্তনত পৰে ||৩০
মৃত্যু তৰিবাৰ যত আছয় উপায় আন
বিঘিনি-দূষিত নিৰন্তৰে |
বিঘিনি-ৰহিত যত মাধৱৰ-গুণ-কৰ্ম্ম
কীৰ্ত্তন কৰন্তে সুখে তৰে ||৩১
লুব্ধ-মতি মনুষ্যৰ হৰি-কীৰ্ত্তনত পৰ
নাহিকে ৰহস্য-বিত্ত আৰ |
আন আশা পৰিহৰি মাধৱক মনে ধৰি
হৰিৰ কীৰ্ত্তন কৰা সাৰ ||৩২
শুনা পৰমাৰ্থ-তত্ত্ব শ্ৰীমন্ত-শঙ্কৰ-মত
ধৰিয়োক সজ্জনসকল |
হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি
পাইবা ভক্তি পৰম নিৰ্ম্মল ||৩৩
শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয়
হৰি-গুণ ভাগৱত সাৰ |
সাধু-সঙ্গ অনুসৰা শ্ৰৱণ-কীৰ্ত্তন কৰা
পৰিহাৰা পাষণ্ড-আচাৰ ||৩৪
বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে
সুখ আৰ নাহি পুৰুষৰ |
হৰি বিনে পৰিত্ৰাণ কৰ্ত্তা আৰ নাহি জানা
ৰিপু নাহি সংসাৰত পৰ ||৩৫
লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলা
তাহাৰ দুৰ্ল্লভ কিছু নাই |
নাৰায়ণ-পৰ ভৈলে তথাপি কিঞ্চিতো আন
নবাঞ্জয় সেবা-সুখ পাই ||৩৬
কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিৱাস-থান
মুখ নয়নৰ পান-পাত্ৰ |
দিগপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু
ভকতৰ পাদ-পদ্ম মাত্ৰ ||৩৭
পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপাৱে লাগ
তপ জপ যাগ যোগ দানে |
একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ-চিত্তে মাথে
অভিষেক নকৰয় মানে ||৩৮
গ্ৰাম্য-কথা-বিনাশন উত্তম শ্লোকৰ গুণ
প্ৰসৱয় সাধুৰ সঙ্গত |
তাক অনুদিন যিটো সেৱে তাৰ সতী মতী
হোৱে বাসুদেৱ-চৰণত ||৩৯
সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি
মেঘাচ্ছন্ন নোহয় দুৰ্দিন |
হৰি-কথা-অমৃতৰ সম্যক-আলাপ-ৰসে
যিটো দিন হোৱয় বিহীন ||৪০
আত্মা-ঈশ্বৰক লাগ প্ৰত্যেকে সততে পাই
নপাই জানা তাঙ্ক অবিদ্যাত |
অবিদ্যা নশিলে লাগ কৃষ্ণক পাৱয় যেন
কণ্ঠ-লগ্ন বস্তুক সাক্ষাত || ৪১
No comments:
Post a Comment