নিন্দা
শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা গোৱিন্দৰ গুণ-নাম-যশ
জগতৰ লোকে পৰম আনন্দে গাৱে |
হেনয় শঙ্কৰ গুৰু বিনে কমন কাৰণে আন জনে
লোকৰ মাজত আপুনি গুৰু বোলাৱে ||৬২৫
বিষ্ণুৰ সহস্ৰ-নাম সদা আছন্তো জিহ্বায়ে তাক এড়ি
সদায় বিৰোধ-বচন মাত্ৰ ৰটয় |
বুদ্ধি বিষ্ণু-তত্ত্ব পৰিহৰি অসন্ত বস্তুত ৰতি কৰি
যেন বেশ্যা জাৰ-পতিত মাত্ৰ ৰময় ||৬২৬
সমস্তৰে আদি নৰ-তনু উদ্যম কোটিয়ো নপায় পুনু
কোনো ভাগ্যোদয়ে পায়া নাৱ দৃঢ় আতি |
গুৰু ভৈলা তাত কৰ্ণধাৰ কৃষ্ণে ভৈলা অনুকুল বায়ু
তথাপি সংসাৰ নতৰয় আত্মঘাতী ||৬২৭
মাধৱে বোলন্ত শ্ৰুতি স্মৃতি মোৰ আঞ্জা বাণী জানা নিষ্ঠি
যিটোজনে আকে উলঙ্ঘিয়া প্ৰৱৰ্ত্তয় |
ভৈল সিটো মোৰ আজ্ঞা-ছেদী মোক দ্বেষ কৰিলেক আতি
মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নোহায় ||৬২৮
যত উগ্ৰ তপ জ্ঞান গুণ যাগ যোগ যজ্ঞ দান পুণ্য
কিবা প্ৰয়োজন সাধিবেক তাসম্বাৰ |
কৃষ্ণ জগতৰ আত্মা নিজ মোক্ষ-সুখ-প্ৰদ দেৱ ইষ্ট
তাহান চৰণে ভকতি নাহিকে যাৰ ||৬২৯
শিশুৰ বিষয়-আশা আগ যুৱা সেৱা কৰে পায়া লাগ
বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক |
হৰি-ভকতক পৰিহৰি বৃদ্ধে বিষয়ক টেৰ কৰি
পুনু পালটিয়া নিৰেখি আছে কিসক ||৬৩০
বালকে কৰোক বহুমান যুৱায়ে সেৱোক পাৰেমান
বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হুয়া গৈল |
ভোগ কৰিবাক নপাৰয় তথাপিতো আশা নছাড়য়
হৰি হৰি হৰি কিনো বিপৰীত ভৈল ||৬৩১
বৃদ্ধসৱে জানা বিষয়ক ভোগ কৰিবাক নপাৰয়
ভক্তিহীন বৃদ্ধে তেজিতে সামৰ্থ নয় |
দশন-বিহীন কুত্তা যেন হাড় চোবাইবাক নপাৰয়
জিহ্বা লড়বড় কৰি মাত্ৰ চেলেকয় ||৬৩২
বৈষ্ণৱ-নিন্দক সূচকক বিষ্ঠা লুটা গ্ৰাম্য শুকৰক
নিধাতায়ে দুইকো স্ৰজিলন্ত দায়াতৰে |
সূচকে জানিবা নিৰন্তৰে সাধুসকলক শুদ্ধি কৰে
যিমতে গ্ৰামক শূকৰে শোধন কৰে ||৬৩৩
মৃগ মীন মহাসাধু নৰে মনৰ সন্তোষে তৃণ জলে
হিংসা-শূণ্য হুয়া থাকয় জীৱন ধৰি |
তথাপিত্প ইটো ত্ৰিতয়ৰ কৈৱৰ্ত্ত পিশুন ব্যাধসৱে
ইটো জগতত তিনি অকাৰণ-বৈৰী ||৬৩৪
সমস্তৰে আত্মা নাৰায়ণ আত্মা-সুখে ৰতি সৰ্ব্বক্ষণ
এহি হেতু হৰি সমস্তে প্ৰাণীতে সম |
তাঙ্ক যিটো ভজে সুখে তৰে নভজি সংসাৰে মজি মাৰে
কৃষ্ণক বিশঃঅম বোলয় কোন অধম ||৬৩৫
আত্ম-নিন্দা
হৰিসে কেৱলে সঞ্চা মাত্ৰ ৰাম ৰাম ৰাম ৰাম ৰাম
তান্ত বিনে মিছা যত দেখি শুনি মনে |
তাক যিটো মিছা কৰি আশা ৰাম ৰাম ৰাম ৰাম ৰাম
দুৰাচাৰ মন মৰস কেনে অজ্ঞানে ||৬৩৬
মহিমা
ৰা শবদক উচ্চৰন্তে ৰাম ৰাম ৰাম ৰাম ৰাম
মুখ হন্তে বাজ হুয়া পলায় পাপমনে |
পুণ্যমানে হোৱে অভ্যন্তৰে ৰাম ৰাম ৰাম ৰাম ৰাম
ম বুলি আতি কপাট মাৰয় টানে ||৬৩৭
কৃষ্ণ প্ৰিয়তম আত্ম নিজ ৰাম ৰাম ৰাম ৰাম ৰাম
যাত হন্তে অণুমাত্ৰকো ভয় নুশুনি |
আক যিটো জানে সেহিজন ৰাম ৰাম ৰাম ৰাম ৰাম
বিদ্যাৱন্ত গুৰু সেহিসে হৰি আপুনি ||৬৩৮
অনন্ত-শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ
হনুমন্ত আদি মহা মহা বীৰগণে |
আনি তৰু লতা পৰ্ব্বতক কতেক যোজন সমুদ্ৰক
সেতু বান্ধি পাৰ ভৈলাহা মহা যতনে ||৬৩৯
হে প্ৰাণ-প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
তোমাত কৰিয়া তযু গুণ-নাম চাৰ |
বিনা সেতু-বন্ধ কৰি নৰে ৰাম ৰাম ৰাম ৰাম ৰাম
অপাৰ সংসাৰ-সমুদ্ৰৰ হোৱে পাৰ ||৬৪০
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজ প্ৰাণ তেজে
আদ্যৰ শবদে মুকুতি তাঙ্ক দিৱয় |
আৰ আক কিবা দিৱো বুলি আউৰ দুই পদে লজ্জা হুয়া
ঋণী ভৈলো বুলি নামাইয়া মাথা থাকয় ||৬৪১
হে কৃষ্ণ তযু পদ-মূলে একান্ত শৰণ লৱে যিটো
কোন লাভ ইটো এড়াইবা কালৰ ভয় |
তযু ভকতৰ সঙ্গগোটে সৰ্ব্ব পুৰুষাৰ্থ-ৰাশি শিৰে
চড়িয়া কৌতুকে অত্যন্ত নৃত্য কৰয় ||৬৪২
পৰম দুৰ্ব্বোধ আত্ম-তত্ত্ব তাৰ জ্ঞান-অৰ্থে হৰি যত
লীলা-অৱতাৰ ধৰা তুমি কৃপাময় |
তাহান চৰিত্ৰ-সুধা-সিন্ধু তাতে ক্ৰীড়া কৰি দীন-বন্ধু
চাৰি-পুৰুষাৰ্থ তৃণৰ সম কৰয় ||৬৪৩
উৰুক্ৰম-পদ-ৰেণু সেৱি ছয় উৰ্ম্মি জিনিলেক যিটো
সিটো পুৰুষৰ জানিবা আশ্চৰ্য্য নাই |
আকেসে আশ্চৰ্য্য বুলি ধৰি যাৰ নাম একবাৰ স্মৰি
চাণ্ডালো সম্প্ৰতি সংসাৰ-বন্ধ এড়ায় ||৬৪৪
কৃষ্ণক বোলন্ত ধনঞ্জয় তোহ্মাৰ কীৰ্ত্তনে কৃপাময়
আতি অনুৰাগে জগতে কৰে হৰিষ |
তোহ্মাৰ কীৰ্ত্তন-অগনিৰ শিখায়ে দগধ হুয়া আতি
ৰাক্ষস পিশাচ পলাই যায় দশো দিশ ||৬৪৫
ভক্তি-সৰোবৰে কৃষ্ণ-পদ- পঙ্কজত পড়ি নিৰন্তৰে
পৰম আনন্দে ভকত-ভ্ৰমৰা-জাকে |
কৃষ্ণ-যশ-ৰস-মধু-পানে মত্ত হুয়া আতি সাৱধানে
ৰাম-নাম-ৰাজহংস-ৰাৱ শুনি থাকে ||৬৪৬
ঐকান্তিক মহামুনি যত নিৱৰ্ত্তিয়া বিধি-নিষেধত
নিৰ্গুণ ভাৱত থিতি হুয়া নিৰন্তৰে |
জানি পুৰুষাৰ্থ সাৰ-তত্ত্ব কৃষ্ণ-কথামৃত-সাগৰত
কথনে-মথনে সদায়ে ৰমণ কৰে ||৬৪৭
হৰিৰ গুণৰ দেখা বল লভিলেক যিটো মোক্ষ-ফল
তাহাৰাসৱৰো চিত্তক আনয় টানি |
এতেকে নিপুণ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন
হৰিৰ গুণক নছাড়িবা সাৰ জানি ||৬৪৮
শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত থিত
তথাপি উত্তম-শ্লোকৰ মহিমা-গুণে |
কৰিলেক মোক বশ্য চিত ভাগৱত-গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো আমি আপুনে ||৬৪৯
তোমাত কহিবো সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰ
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি |
ই শাস্ত্ৰক শ্ৰদ্ধা-মাত্ৰকত মুকুন্দৰ পাদ পঙ্কজত
আতি শ্ৰীঘ্ৰে তাৰ হুইবে জানা সতী মতি ||৬৫০
সৃষ্টি-স্থিতি-প্ৰলয়ৰ হেতু অনন্ত বিচিত্ৰ কৰ্ম্ম হৰি
কৰা যিটো তাক গাৱে শুনে প্ৰশংসেয় |
অপৱৰ্গ-দাতা ভগৱন্ত তাহান চৰণ-পঙ্কজত
তিনিৰো নিছয় উত্তম ভক্তি হোৱয় ||৬৫১
নাম-মহিমা
হৰি-কীৰ্ত্তনৰ তাপ লাগি পলায় পাপ দশো দিশে ভাগি
হেৰা পাইলে বুলি ভয়ত ভিড়ি লৱড়ে |
ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই আউৰ ব্ৰহ্মাণ্ডক পলাই যায়
নামে খেদি নেন্তে ব্ৰহ্মাণ্ডোপৰি বাগৰে ||৬৫২
পাছে পাছে হৰি-নামে খেদে একো ব্ৰহ্মাণ্ডত থান নেদে
মহা মহা পাতেকৰ গৰ্ব্ব ভৈল দূৰ |
এৱে কৈক যাইবো বুলি ডৰি কাম্পে সৱে পাপ তৰতৰি
হৰি-নামে পাই দহি দৰিলেক চুৰ ||৬৫৩
নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি-পূৰি
ধৰ্ম্মময় তনু ভৈ গৈল হৰি-ভকত |
হৰিৰ কৰুণা ভৈলা তাম উচ্চ কৰি দিয়া হৰি-ডাক
পৰম সন্তোষে নাচে আতি আনন্দত ||৬৫৪
শুদ্ধে বা অশুদ্ধে এক নাম বোলে বা শুনে বা মনে স্মৰে
অপৰাধ-হীন পুৰুষক সদ্যে তৰে |
দেহ-ধন-জন-অৰ্থ-লোভে পাষণ্ড বুদ্ধিয়ে যিটো লৱে
সেহি হৰি-নামে তাৰিতে শীঘ্ৰে নপাৰে ||৬৫৫
তুতি
বসুদেৱ নিগদতি হাসি সাক্ষাতে বিদিত ভৈলা আতি
তুমিসি পুৰুষ প্ৰকৃতিতো কৰি পৰ |
সমস্তে জীৱৰ বুদ্ধি-সাখী কেৱল-আনন্দ অনুভৱ
স্বৰূপে সুখৰ সাগৰ দেৱ ঈশ্বৰ ||৬৫৬
হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত
দুৰ্ঘোৰ সংসাৰ-তাপত পৰি আছয় |
তযু পস-শ্বেত-ছত্ৰ-প্ৰায় অমৃত বৰিষে সৰ্ব্বদায়
আৰ ছায়া বিনে নেদেখো আৰ আশ্ৰয় ||৬৫৭
বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ |
দেৱৰো দুৰ্ল্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলো তযু চৰণ ||৬৫৮
No comments:
Post a Comment