বস্তু-প্ৰকাশ
বৈকুণ্ঠ প্ৰকাশে হৰি-নাম-ৰসে
প্ৰেম-অমৃতৰ নদী |
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি ||৩৭১
গোৱিন্দৰ প্ৰেম অমৃতৰ নদী
বহে বৈকুণ্ঠৰপৰা |
চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা
হৰি নামে মূল ধাৰা ||৩৭২
হৰি-ভক্তি দান দিয়া জগতকে
তাৰিলা সংসাৰ-সিন্ধু |
হেনয় কৃপালু শঙ্কৰ বিনাই
নাহি নাহি আন বন্ধু ||৩৭৩
হৰি-ভকতিৰ পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি |
ৰাম-নাম-ৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী ||৩৭৪
শ্ৰীমন্ত শঙ্কৰ হৰি-ভকতৰ
জানা যেন কল্পতৰু |
তাহান্ত বিনায় নাহি নাহি নাহি
আমাৰ পৰম গুৰু ||৩৭৫
নিৱেদন
কতনো আমোষ অপৰাধ হৰি
কৰিয়া আছো প্ৰচুৰ |
বুদ্ধিত থাকিয়া নেদাহা সুবুদ্ধি
কৃপাৰ হুয়া ঠাকুৰ ||৩৭৬
যিহেতু তোমাৰ চৰণ-পঙ্কজে
নভজিলো নাৰায়ণ |
সিহেতু অনাদি অবিদ্যা আহ্মাৰ
কৰিল জ্ঞান উছন্ন ||৩৭৭
তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ
নভজো তোহ্মাৰ পাৱে |
এহি দোষে মোক যম-দূতে ধৰি
যাতনা দুখ ভুঞ্জাৱে ||৩৭৮
তুমি প্ৰিয় আত্মা পৰম দেৱতা
তোমাত ভৈলো বিমুখ |
এতেকে তোহ্মাৰ মায়ায়ে আহ্মাত
দিলেক সংসাৰ-দুখ ||৩৭৯
কলি-ধৰ্ম্ম-নিৰ্ণয়
সত্যাদিৰ লোকে কলিত জনম
বাঞ্ছা কৰে নিৰন্তৰ |
হৰি-গুণ গায়া নিশ্চয়ে কলিত
হৈব নাৰায়ণ-পৰ ||৩৮০
ঘোৰ কলি-যুগে পাইলে সৰ্ব্ব ধৰ্ম্ম
বৰ্জ্জিত ভৈল নিশ্চল |
নাৰায়ণ-পৰ ভৈলে কৃতকৃত্য
হোৱয় নাহি সংশয় ||৩৮১
হৰি-গুণ-নাম কীৰ্ত্তনে কলিৰ
কল্মষ কৰে বিনাশ |
অনায়াসে ঘোৰ সংসাৰ তৰিয়া
পাৱয় কৃষ্ণৰ পাশ ||৩৮২
সমস্তে শাস্ত্ৰৰ পৰম নিণাত
হৰি-গুণ-নাম মাত্ৰ |
কলিৰ পৰম মলিন মনুষ্যে
সিধৰ্ম্মৰো ভৈল পাত্ৰ ||৩৮৩
কলিৰ লোকক পৰম কৃপালু
কৃষ্ণে কৰিলন্ত দয়া |
মোৰ নাম-গুণ গায়া মহাসুখে
তৰোক দূৰ্ঘোৰ মায়া ||৩৮৪
কলিৰ মনুষ্য ভৈল ধৰ্ম্ম-হীন
পাপ-সাগৰত মজি |
হেন পাপীসৱো কৃষ্ণ-গুণ গায়া
তৰয় কৃষ্ণক ভজি ||৩৮৫
কলিৰ লোকৰ যি ভাগ্য মিলিল
কহিয়া অন্ত নপায় |
নিৰন্তৰে লোক নাৰায়ণ-পৰ
হৈবে হৰি-গুণ গাই ||৩৮৬
মুকুত কোটিৰ মাজত দুৰ্ল্লভ
জানা নাৰায়ণ-পৰ |
কলি-যুগ হেন নাৰায়ণ-পৰ
হৈৱে লোক নিৰন্তৰ ||৩৮৭
কলিৰ হৰিৰ কীৰ্ত্তনত সুখে
সৰ্ব্ব পুৰুষাৰ্থ পাই |
হৰিৰ কীৰ্ত্তন বিনায়ে কলিত
আন মহালাভ নাই ||৩৮৮
কলিৰ মলত মজিলো গোবিন্দ
গতি মোৰ নাহি আন |
তোহ্মাৰ নামক কৰিলো আশ্ৰয়
জানিয়া ধৰ্ম্ম প্ৰধান ||৩৮৯
হৰবাৰ
চৈতন্য আদিত্য হৃদয়-আকাশে
সৰ্ব্বদায়ে প্ৰকাশয় |
উদয়াস্ত নাহি সন্ধ্যা উপাসনা
কৰিবো কোন সময় ||৩৯০
যিহেতু গোৱিন্দ নিজ-যশ-প্ৰিয়
ভকত-বত্সল হৰি |
সিহেতু সদায় নাম-গুণ শুনি
থাকন্ত আনন্দ কৰি ||৩৯১
পৰম নিৰ্ম্মল ধৰ্ম্ম হৰি যশ
জগত-পাৱনকাৰী |
তাতেসে আপুন যশত সন্তোষ
ঈশ্বৰ প্ৰভু মুৰাৰী ||৩৯২
কৃষ্ণৰ পুৰুষ-লক্ষণ
ইশ্বৰ কৃষ্ণৰ শুনিয়োক মহা-
পুৰুষ-লক্ষণ সাৰ |
ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ
উন্নত ছয় প্ৰকাৰ ||৩৯৩
গগন গম্ভীৰ বচন গম্ভীৰ
গম্ভীৰ নাভি-কমল |
এহি ত্ৰিগম্ভীৰ- স্মৰণে কৃষ্ণৰ
মিলয় মহামঙ্গল ||৩৯৪
অৰুণ নয়ন অধৰ দশন
অৰুণ কৰ চৰণ |
নখ-ৰেখাচয় অৰুণ কৃষ্ণৰ
স্মৰণে দুখ-তৰণ ||৩৯৫
সুদীৰ্ঘ নয়ন গ্ৰীৱা বাহু পদ
আৱৰ অঙ্গুলিচয় |
এহি পঞ্চ-দীৰ্ঘ স্মৰণে কৃষ্ণৰ
মিলে মহামহোদয় ||৩৯৬
কন্ধ উন্নত ভ্ৰূৱ নাসা পদ
উন্নত নখ হৃদয় |
এহি ছয় থান উন্নত কৃষ্ণৰ
স্মৰণে মোক্ষ মিলয় ||৩৯৭
যুগ-ধৰ্ম্ম-নিৰ্ণয়
মিনতি বচন বোলো সৰ্ব্বজনে
শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম |
আপুন কুশল চাৱা যেৱে তেৱে
নেৰিবাহা যুগ-ধৰ্ম্ম ||৩৯৮
সত্য-যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ
দ্বাপৰ-যুগত পূজা |
কলিত হৰিৰ কীৰ্ত্তন বিনাই
আৱৰ নাহিকে দুজা ||৩৯৯
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
অন্যত্ৰ ধৰ্ম্ম আচৰে |
মিছাত কেৱল শ্ৰম মাত্ৰ পাৱে
একোৱে ফল নধৰে ||৪০০
কলিত হৰিৰ কীৰ্ত্তন এৰিয়া
আনমতে চাহে গতি |
যেন কুল-বধূ নিজ স্বামী তেজি
ভজে গৈয়া উপপতি ||৪০১
সংসাৰ তৰিতে ইছা আছে যাৰ
কৰিয়ো হৰি কীৰ্ত্তন |
পৰম নিৰ্ম্মল গতি পাইবা সুখে
ছিণ্ডিয়া কৰ্ম্ম-বন্ধন ||৪০২
সকল নিগম কল্পতৰু তাৰ
ফল মহাভাগৱত |
সেহি ফলৰস হৰি-গুণ-যশ
পিয়োক সাধু-সঙ্গত ||৪০৩
পৰম কৃপালু শ্ৰীমন্ত শঙ্কৰে
লোকক কৰিয়া দায়া |
হৰিৰ নিৰ্ম্মল ভকতি প্ৰকাশে
কৰিলা শাস্ত্ৰক চায়া ||৪০৪
No comments:
Post a Comment