নামৰ অন্বয়
কৃষ হেন শব্দ ইটো পৃথিৱী-বাচক ভৈল
ণ আনন্দত প্ৰবৰ্ত্তয় |
দুইৰো এক পদ ভৈলে পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম-আনন্দক মাত্ৰ কয় ||১৪০
ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ |
এহি হেতু্তেসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ আনয় মনোহৰ ||১৪১
নিৰন্তৰে নিজানন্দ- সুখ-পৰিপূৰ্ণ-ৰূপ
অখণ্ড আনন্দ নুগুচয় |
এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো
ঈশ্বৰকে বুলিয় নিশ্চয় ||১৪২
ক ইশ পদে বিষ্ণু মহেশ্বৰ হৰি
প্ৰতি প্ৰতি তিনিৰো অন্বয় |
ৱ পদে নাৰায়ণে তিনিকো আছয় চান্দি
এহি হেতু কেশৱ বোলয় ||১৪৩
ঈশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চ্যুতি
গুচয় সংসাৰ অদভুত |
এহি হেতুতেসে জানা যতেক মহন্তসৱে
ঈশ্বৰক বোলয় অচ্যুত ||১৪৪
ঈশ্বৰ কৃষ্ণৰ পদে ভজিয়া অধমসৱো
আতিশয় হোৱয় উত্তম |
এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
ঈশ্বৰৰ নাম নৰোত্তম ||১৪৫
ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰি
সিংহ যেন ভ্ৰমন্ত নিৰ্ভয় |
এতেকেসে ঈশ্বৰৰ নাম নৰসিংহ ভৈল
মহাজনসকলে কহয় ||১৪৬
ঈশ্বৰৰ পাদ-পদ্ম ভজি শুদ্ধ-চিত্ত হুয়া
অধমো তেজয় বামানয় |
এহি হেতুতেসে থাকি নিৰন্তৰে মহাজনে
ঈশ্বৰকে বামন বোলয় ||১৪৭
মোক্ষ আদি কৰি যত সুখ ঈশ্বৰ-সেৱাৰ জানা
অণু একো নুহি সমসৰ |
এহি হেতু মহাজনে জানিবা পৰমানন্দ
নাম ধৰি আছন্ত ঈশ্বৰ ||১৪৮
যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱ-ৰাশি
নিৰন্তৰে আনন্দ লভয় |
এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
মহাজনে জানিবা নিশ্চয় ||১৪৯
যিকাৰণে নাৰায়ণে পঞ্চ-ভুতে পঞ্চ-বৰ্ণ
মালা পিন্ধি প্ৰকাশ কৰন্ত |
এহি হেতু নিৰন্তৰে জানিবাহা বনমালী
নাম ধৰি আছা ভগৱন্ত ||১৫০
ঈশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয়-জন্য
সুখ জীৱে অধ:কৃত কৰে |
এহি কাৰণত সৱে জানিবাহা অধোক্ষজ
নাম ধৰি আছা দামোদৰে ||১৫১
চৈতন্যত কৰি পৰ মায়াত উপজি জড়
আছে তাক ৰমাৱন্ত হৰি |
এতিসে কাৰণে জানা পৰম ঈশ্বৰ প্ৰভু
পৰ্শুৰাম নাম আছা ধৰি ||১৫২
চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম-অনুৰূপে |
এতেকেসে ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে ||১৫৩
অনন্ত-চৈতন্য আত্মা সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময় |
এহি হেতু ৰাম পদে পৰমব্ৰহ্ম-স্বৰূপক
কহে ৰাম-নামৰ অন্বয় ||১৫৪
দুলড়ি
স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ
সংসাৰ-দুখ হৰন্ত |
এহি হেতুতেসে ঈশ্বৰক হৰি
বোলয় যত মহন্ত ||১৫৫
আত্মা-ৰূপে জানা ইটো জগতত
আছন্ত হুয়া প্ৰৱেশ |
এহি হেতুতেসে ঈশ্বৰক বিষ্ণু
বুলিয় নাম বিশেষ ||১৫৬
ইন্দ্ৰিয়-বৰ্গত যিহেতু ঈশ্বৰ
আছন্ত হুয়া প্ৰৱেশ |
এতেকে মহন্ত- সকলে বোলয়
ঈশ্বৰক হৃষীকেশ ||১৫৭
অন্তৰ্য্যামী-ৰূপে যিহেতু জীৱক
সুখ-দুখ ভুঞ্জাৱন্ত |
এতেকেসে পৰ- মাত্মা নাম ধৰি
আছা প্ৰভু ভগৱন্ত ||১৫৮
পৰম ঈশ্বৰ- স্বৰূপে জীৱৰ
আছন্ত হুয়া আশ্ৰয় |
এতেকেসে তাঙ্ক বুলি নাৰায়ণ
নামৰ দিব্য আন্বয় ||১৫৯
অহঙ্কাৰ আদি একোৱে উপাধি
কৰিতে নপাৰে ছন্ন ||
এহিসে কাৰণে মহন্তসকলে
বোলে তাঙ্ক নিৰঞ্জন ||১৬০
সত্ত্ব ৰজ তম তিনি গুণ-বৃত্তি
লুপ্ত তাঙ্ক নকৰয় |
সেহিসে কাৰণে বেদ-শাস্ত্ৰগণে
বোলে তাঙ্ক নিৰাময় ||১৬১
যতেক প্ৰাকৃত আকাৰ-বৰ্জ্জিত
ভৈলন্ত যিহেতু হৰি |
সেহি হেতুতেসে নিৰাকাৰ নাম
আছন্ত ঈশ্বৰে ধৰি ||১৬২
মা পদে লক্ষ্মী- দেৱীক বোলয়
তাহান স্বামী ঈশ্বৰ |
এতেকেহে তাঙ্ক বোলয় মাধৱ
মহাজন নিৰন্তৰ ||১৬৩
জনা পদে মায়া দেৱীক বুলিয়
ভক্তৰ মায়া মৰ্দ্দন্ত |
এহি হেতুতেসে জনাৰ্দ্দন নাম
ধৰি আছা ভগৱন্ত ||১৬৪
মধুৱতে মায়া উন্মত কৰায়া
আছা যত জীৱগণ |
ভক্তৰ মায়াক পীড়ন্ত নিমিত্তে
বুলিয় মধুসুদন ||১৬৫
গো পদে বেদ ইন্দ্ৰিয়ক বুলি
কৰন্ত তাম পালন |
এতেকেসে তাঙ্ক বুলিয় গোপাল
জানিবাহা মহাজন ||১৬৬
ইন্দ্ৰ আদি দেৱে গোৰ ইন্দ্ৰ পাতি
কৰিলন্ত অভিষেক |
পৰম প্ৰসিদ্ধ গোবিন্দ নামক
ধৰিলা হৰি প্ৰত্যেক ||১৬৭
দেশে কালে তাঙ্ক একোৱে প্ৰকাৰে
কৰিতে নপাৰে অন্ত |
এহি হেতুতেসে ঈশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল অনন্ত ||১৬৮
যত বেদবাদী বেদক বিচাৰি
কৰিতে নপাৰে আদি |
এতেকেসে তান পৰম প্ৰখ্যাত
হুয়াছে নাম অনাদি ||১৬৯
অধম পুৰুষো হবয় উত্তম
ভজিয়া যাৰ চৰণে |
পুৰুষোত্তম নামক ধৰিয়া
আছন্ত এহি কাৰণে ||১৭০
ক্ষৰ পদে ইটো দেহক বুলিয়
অক্ষৰ শবদে ব্ৰহ্ম |
দুইটো কৰি ইটো উত্তম নিমিত্তে
প্ৰখ্যাত পুৰুষোত্তম ||১৭১
প্ৰকৃতি পুৰুষ দুইটো কৰি পৰ
দুইহানো নিজ কাৰণ |
পৰম ঈশ্বৰ নামক ধৰিয়া
আছা তাতে নাৰায়ণ ||১৭২
কৰ্ম্ম অনুসাৰে ইটো জগতক
পালন্ত হৰি সাক্ষাত |
এহি হেতুতেসে জহন্নাথ নাম
আছন্ত হুয়া প্ৰখ্যাত ||১৭৩
ঈশ্বৰৰ সেৱা কৰিলে জীৱৰ
গুচয় মায়াৰ ভ্ৰম |
ব্ৰহ্ম পদে শুধ জীৱক বুলিয়
ঈশ্বৰক পৰমব্ৰহ্ম ||১৭৪
অন্তৰ্য্যামী ৰূপে জীৱ আদি কৰি
নিয়মন্ত সমস্তক |
এহি হেতুতেসে পৰমাত্মা পদে
বুলি জানা ঈশ্বৰক ||১৭৫
ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু
ঐশ্বৰ্য্যৰ নাহি অন্ত |
এহি হেতু মহা- মহন্তসকল
বোলে তাঙ্ক ভগৱন্ত ||১৭৬
নিজ ভক্ত পদে গৰুড়ক ধ্বজ
কৰিলা হৰি যিহেতু |
সেহিসে কাৰণে মহন্তসকলে
বোলয় গৰুড়-কেতু ||১৭৭
কাল মায়া আদি যাহাৰ নামক
কৰিতে নপাৰে কুণ্ঠ |
এহিসে কাৰণে ইশ্বৰৰ নাম
প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ ||১৭৮
সদানন্দ আত্মা চৈতন্য অনন্তে
যিহেতু যোগী ৰময় |
এতেকেসে ৰাম পদে পৰমব্ৰহ্ম
ৰূপক বুলি নিশ্চয় ||১৭৯
চৈতন্য স্বৰূপে যিহেতু সদায়ে
ৰমাৱন্ত জগতক |
এতেকেসে ৰাম সুমধুৰ পদে
বুলি জানা ঈশ্বৰক ||১৮০
জগততে কৰি আছন্তে নিৱাস
জগতো তান্তে বসয় |
এতেকেসে তাঙ্ক বুলি বাসুদেৱ
নামৰ দিব্য অন্বয় ||১৮১
শৰণ
হৰি-পদ-সেৱা নকৰে নিমিত্তে
মায়ায়ে বান্ধি ফুৰাৱে |
তাৱত মায়াক নতৰে হৰিত
শৰণ নলৱে যাৱে ||১৮২
মঞি দুৰাচাৰ কেৱলে তোহ্মাৰ
অপৰাধী নাৰায়ণ |
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ ||১৮৩
হে কৃষ্ণ স্বামী তযু পাৱে আমি
কেৱল শৰণ চাঞো |
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
তেৱেসে প্ৰভু এৰাঞো ||১৮৪
হে যদুপতি মঞি মূঢ়-মতি
নজানো সেৱা তোহ্মাৰ |
কেৱল তোহ্মাৰ চৰণ-পঙ্কজে
শৰণ কৰিলো সাৰ ||১৮৫
পুৰুষ-উত্তম পৰম-পুৰুষ
পৰম-আনন্দ স্বামী |
তযু পাদ-পদ্ম- মকৰন্দ আশে
শৰণ পশিলো আমি ||১৮৬
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ
প্ৰপন্ন-জন তাৰণ |
তুমি প্ৰিয়তম পৰম দেৱতা
জানিয়া লৈলো শৰণ ||১৮৭
ভজন
জয় জয় জয় কৃষ্ণ কৃপাময়
ভজিলো তোহ্মাৰ পাৱে |
তোহ্মাৰ চৰণ- পঙ্কজত মন
মজোক মোৰ স্বভাৱে ||১৮৮
জয় জয় ৰাম জগত-কাৰণ
জগত-জীৱন স্বামী |
পৰম দেৱতা জানিয়া তোহ্মাৰ
চৰণে ভজিলো আমি ||১৮৯
অনাদি অনন্ত হে ভগৱন্ত
ভজো কৰি প্ৰণিপাত |
মুকুতি-ৰসকো তেজি মহাজনে
শৰণ লৱে তোহ্মাত ||১৯০
No comments:
Post a Comment