Sunday 12 February 2012

দিল্লীৰ পথত চকুলো

দিল্লীত কিছুমান ঠাইত থকা ট্ৰেফিক প’ইণ্টত যেতিয়া ৰঙা লাইট জ্বলে আৰু গাড়ী-মটৰবোৰ আহি ৰৈ যায়হি, তেতিয়া কিছুমান সৰু সৰু লৰা-ছোৱালী ওলাইহি | সৰু মানে তেনেই সৰু | কোনোবাটোৱে ধোল এটা বজায় আৰু বাকী লৰা-ছোৱালীখিনিৰ কোনোবাই নাচি দেখুৱায়, কোনোবাই চাৰ্কাচ দেখুৱাই | আধা মিনিটমানৰ খেল | তাৰ পিছত লৰা-ছোৱালীখিনিয়ে গাড়ী-স্কুটাৰ-মটৰচাইকেলবোৰৰ আৰোহীসকলৰ পৰা পইচা বিচাৰে | কোনোবাই দিয়ে, কোনোবাই নিদিয়ে |

সিদিনা মই তেনে এঠাইত ৰৈ থাকোতে খেল দেখুওৱা লৰা  -ছোৱালী এখিনি ওলালহি | আটাইতকৈ ডাঙৰ লৰাটো ১০ বছৰ মানৰ আৰু আটাইতকৈ সৰু ছোৱালীজনী কোনোপধ্যে ৪ বছৰৰ বেছি নহব | আধা মিনিটমান নাচ-বাগ দেখুৱাই যেতিয়া সিহঁত ৰৈ থকা গাড়ী-স্কুটাৰ-মটৰচাইকেলবোৰৰ মাজে মাজে আৰোহীসকলৰ পৰা পইচা বিচাৰি আছিল, সৰু ছোৱালীজনীয়ে মটৰ চাইকেল এখনৰ পিছফালৰ চিটটোৰ কাষত থকা লোহাডালত কপালখনেৰে খুন্দা এটা খালে | দুখ পাই ছোৱালীজনীয়ে চকুপানী বৈ যোৱাকৈ কান্দিছে | কিন্তু তাইলৈ চাবলৈ বা তাইক অকণমান মৰম কৰি দিবলৈ লগৰ লৰা-ছোৱালীখিনিৰ সময়ো নাই, উপায়ো নাই | ট্ৰেফিক পইণ্টত সেউজীয়া লাইট জ্বলিলেই গাড়ী-মটৰবোৰ গুছি যাব | ছোৱালীজনীৰো উপাই নাই, অলপ কান্দি নিজে নিজে ঠিক হব লাগিব | আকৌ ট্ৰেফিক পইণ্টত ৰঙা লাইট জ্বলিলে তাই আকৌ নাচিব লাগিব, আকৌ গাড়ী-স্কুটাৰ-মটৰচাইকেলবোৰৰ মাজে মাজে সকলোৰে পৰা পইচা বিচাৰিব লাগিব |

1 comment:

  1. সচাই,মই দিল্লীত থকা সময়ত এনে ঘটনা বহুবাৰ লক্ষ্য কৰিছীলো৷ কেতিয়াবা মনতো বৰ বেয়া লাগে৷

    ReplyDelete