Friday 10 February 2012

মহাপুৰুষ দুজনাৰ ৰচনাৱলী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী  -
) কাব্যগ্ৰন্থ - হৰিশ্চন্দ্ৰ উপাখ্যান, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰূক্মিণী হৰণ, বলিছলন, অমৄত মন্থন আৰু কুৰুক্ষেত্ৰ |
) নাট - পত্নীপ্ৰসাদ, কালীয় দমন, কেলি গোপাল, ৰূক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় |
) ভক্তিমূলক ৰছনা - ভক্তি প্ৰদীপ, অনাদি পাতন, ভক্তি ৰত্নাকৰ (সংস্কৃত)আৰু নিমি নৱ সিদ্ধ সংবাদ |
) গীত - বৰগীত, ভটিমা, টোটয় | মহাপুৰুষজনাই মুঠতে বাৰ কুৰি বৰগীত ৰচনা কৰিছিল | কিন্ত কমলা গায়নৰ ঘৰত বনপোৰা জুইত জাহ যায় |বৰ্তমান মহাপুৰুষজনাৰ ৰচিত ৩৫ টা বৰগীতহে আছে |
) অনুবাদ ৰচনা - ভাগৱতৰ ১ম, ২য়, ৩য়, ৬ষ্ঠ, ৮ম, ১০ম, ১১শ, ১২শ ষ্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকান্ড |
) নাম প্ৰ্সংগ - কীৰ্তন আৰু গুণমালা |

মহাপুৰুষজনাৰ ৰচিত আন এখন পুথি "চিহ্নযাত্ৰা" (সম্ভব) এতিয়াও উদ্ধাৰ হোৱা নাই |

মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ ৰচনাৱলী -
) কাব্যগ্ৰন্থ - ৰাজসূয় কাব্য |
) নাট - অৰ্জ্জুন ভন্জন, ৰামযাত্ৰা |
) ভক্তিমূলক ৰছনা - নামঘোষা |
) ঝুমুৰা - চোৰধৰা, পিম্পৰা গুছোৱা, ভোজন বিহাৰ, কোটোৰা খেলা, ভূমি লুটুৱা, ব্ৰহ্মা মোহন, ৰাস ঝুমুৰা আৰু ভূষণ হৰণ |
) অনুবাদ ৰচনা - জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা আৰু আদিকান্ড ৰামায়ণ |
) গীত - ১৫৭ টা বৰগীত আৰু ১১ টা ভটিমা |

(কেইখনমান কিতাপ-আলোচনীৰ পৰা সংগ্ৰ্হ কৰা হৈছে |)

1 comment:

  1. বহুত ভাল হৈছে । শুভেচ্ছা থকিল ।

    ReplyDelete