Sunday 26 February 2012

বৃন্দাবনৰ প্ৰেম (৫) - নন্দৰজাৰ আনন্দ ভৈল

নন্দৰজাৰ সন্তানটি লৈ বসুদেৱ উভতি গ’ল কংসৰ কাৰাগাৰলৈ | নন্দই শ্ৰীহৰিক আনি শুৱাই দিলেহি অচেতন যশোদাৰ বুকুত |  
 পিছদিনা নন্দৰ ঘৰত উত্‍সৱ হ'ল | গোটেই গকুল আহি উবুৰি খাই পৰিলহি নন্দৰ ঘৰত | কেচুৱাটো কোলাত লবলৈ গকুলৰ নাৰীসকলৰ মাজত উথপথপ লাগিল | নন্দৰজাই সেইদিনা নিজৰ ভাণ্ডাৰ খুলি দিলে আৰু কলে - "যাক যি উপহাৰ লাগে লৈ যোৱা" | কিন্তু কোনেও একোতে হাত নিদিলে | সকলোকে মাত্ৰ কেচুৱাটো এবাৰ চাবলৈ লাগে | পাৰ্থিৱ সম্পদ তেতিয়ালৈকেহে ভাল লাগে যেতিয়ালৈকে কৃষ্ণৰ দৰ্শন নহয় | সুৰদাসে সুন্দৰকৈ গাইছে -

"নন্দৰজাৰ আনন্দ ভৈল
কানহায়ালালৰ জয় ।" 

কিছুদিন পিছত যশোদা আৰু ৰোহিনী দুয়োৰে পুত্ৰদ্বয়ৰ নামাকৰণ অনুষ্ঠান হ| ঋষি গৰ্গই দুয়োৰে নামাকৰণ কৰিলে - ৰোহিনীপুত্ৰই নাম পালে বলৰাম আৰু যশোদাৰ শ্যামবৰণীয়া পুত্ৰই নাম পালে কৃষ্ণ | যশোদাই মৰমতে মাতে কান্হা আৰু নন্দই মাতে লাল্লা বুলি | জন্মৰ মাত্ৰ আঠ দিনৰ পিছতেই কৃষ্ণই দুষ্টক দমনৰ কাম আৰম্ভ কৰিলেই | কেনেকৈ ?

দৈৱকীৰ অষ্টম গৰ্ভত কন্যা সন্তান জন্ম হোৱা দেখিও কংসৰ দয়া নহ| সেই সন্তানক হত্যা কৰিবলৈ লওঁতে হাততে নাইকিয়া হৈ যোগমায়া ৰূপে কংসক সোৱঁৰাই থৈ গ- "তোমাক নিধন কৰিবলৈ তেওঁ ইতিমধ্যে জন্ম গ্ৰহণ কৰিছে" | উন্মাদ হৈ কংসই কঠোৰ আদেশ জাৰী কৰিলে - যোৱা কিছুদিনত জন্ম গ্ৰহণ কৰা সকলো সন্তানক হত্যা কৰা | কংসৰ ইচ্ছা পুৰণ কৰিবলৈ ওলালহি এগৰাকী নাৰী - কংসৰ পাতিলোৱা ভগ্নী পুতনা | এই পুতনা আগৰ জন্মত মহাৰাজ বলিৰ পুত্ৰী আছিল | যেতিয়া শ্ৰীহৰিয়ে বামন ৰূপ লৈ বলিৰ ওচৰলৈ আহিছিল, তেতিয়া এই পুত্ৰীয়ে বামনক চাই আছিল | বামনৰ ৰূপ দেখি বলিপুত্ৰীৰ অন্তৰত মাতৃপ্ৰেম জাগি উঠিল আৰু মনতে ভাবিলে - "এই সুন্দৰ বালকটিক এবাৰ কোলাত লব পৰা হলে" | শ্ৰীহৰিয়ে কলে - "তথাস্তু" | পিছত যেতিয়া বামনৰূপী নাৰায়নে বিৰাট ৰূপ লৈ বলিক ছলনা কৰিলে তেতিয়া বলিপুত্ৰীয়ে মনতে ভাবিলে - "এইবুলি জনা হলে এই বালকক বিহ খুৱাই মাৰিলোহেতেঁন" | শ্ৰীহৰিয়ে পুনৰ কলে - "তথাস্তু, চেষ্টা কৰি চাবা" | এই বলিপুত্ৰীয়েই পিছৰ জন্মত পুতনা হ|

মহাৰাজ বলিৰ বিষয়ে দুষাৰ কথা কবই লাগিব | গুৰু শুক্ৰাচাৰ্য্যৰ চৰম বিৰোধিতা স্বত্বেও বলিয়ে বামনক তিনিপদ ভূমি দিবলৈ মান্তি হ| দানতকৈ দানী মহান | দুপদ খোজেৰে স্বৰ্গ আৰু মৰ্ত্ত্য আগুৰি যেতিয়া বামনে তৃতীয়পদ থবলৈ ঠাই বিচাৰিলে, মহাৰাজ বলিয়ে নিজৰ মূৰটো আগবঢ়াই কলে - "হে প্ৰভু, দুটা খোজেৰে তুমি স্বৰ্গ আৰু মৰ্ত্ত্য উদ্ধাৰ কৰিছা | তৃতীয় খোজেৰে তুমি মোক উদ্ধাৰ কৰা |" এই দানৰ বিনিময়ত মহাৰাজ বলিৰ স্বৰ্গপ্ৰাপ্তি হ| বহুতে নাজানে - দেৱৰাজ ইন্দ্ৰ কোনো এজন বিশেষ দেৱতা নহয় | ইন্দ্ৰ এটা পদৱীহে | যিয়ে দেৱতাৰ ৰজা হিচাপে স্বৰ্গৰ সিংহাসনত অধিস্থিত হয় তেৱেঁই দেৱৰাজ ইন্দ্ৰ নামেৰে জনাজাত হয় | বৰ্তমানৰ ইন্দ্ৰজনৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছত মহাৰাজ বলি দেৱৰাজ ইন্দ্ৰ হিচাপে স্বৰ্গৰ সিংহাসনত অধিস্থিত হ| এয়াই দানৰ মহিমা |

কংসৰ আদেশত পুতনাই এজনী সুন্দৰী গাভৰুৰ ৰূপ লৈ, নিজৰ স্তনত কালসৰ্পৰ বিষ সানি সাজু হ- উদ্দেশ্য যোৱা কিছুদিনত জন্ম গ্ৰহণ কৰা সকলো কেচুৱাকে হত্যা কৰা | ইফালে যশোদাৰ কোলাত শুই শুই কৃষ্ণই ভাবিলে - "কথাটো গণ্ডগোল | পুতনাই এতিয়া মোৰ খেলৰ লগৰীয়াবোৰকে হত্যা কৰিব |" ফলত এনেকুৱা হল যে পুতনা চিধাই আহি গকুল পালেহি | পিছৰখিনি সকলোৱে জনা কথা | পুতনা নিধন হ|
কিছুদিন পিছত কংসই পুনৰ এটা অসুৰ পঠালে | কৃষ্ণই মাতৃৰ কোলাত টোপনিৰ ভাও জুৰি আছিল | কৃষ্ণৰ টোপনি গল বুলি যশোদাই কৃষ্ণক বিচনাত শুৱাই যেই আঁতৰি গল অসুৰটোৱে আহি কৃষ্ণক উৰুৱাই লৈ গ| হুৱাদুৱা লাগিল | ইফালে কৃষ্ণই ভাবিলে - "বঢ়িয়া কথা | কংসমামাই এইটো বঢ়িয়া বস্তু পঠালে | মইতো এনেয়েও বেছিদিন গকুল নন্দগাঁওত নথাকো | সময় আহিলে মথুৰালৈ যাব লাগিব | গতিকে ইয়াৰ পিঠিতে উঠি গকুল, নন্দগাঁও, বৃন্দাবনৰ আলি-পদুলি ভালকৈ চাই লোৱা যাওক | পিছত কামত আহিব |" অসুৰটোৱে যিমানেই কৃষ্ণক লৈ মথুৰাৰ ফালে যাব বিচাৰে সিমানেই কৃষ্ণই তাৰ ডিঙিত টেপি গকুলৰ ফালে লৈ যায় | যেতিয়া কৃষ্ণই দেখিলে যে - "গকুল-নন্দগাঁও-বৃন্দাবন ভালকৈয়ে ফুৰা হ| গতিকে এতিয়া ইয়াৰ গতি লগাব লাগে | কিন্তু আকাশতে যদি কামটো কৰা হয় তেন্তে ইয়াৰ লগতে গৈ তলত পৰিবগৈ লাগিব | দুখ পাব পাৰো |" সেয়ে প্ৰথমতে কৃষ্ণই অসুৰটোক প্ৰথমতে ডিঙিত টেপি মাটিলৈ নমাই ললে আৰু তাৰ পিছত তাৰ গোবিন্দাই নম: |

---আগলৈ---

No comments:

Post a Comment