Friday 24 February 2012

বিহঙ্গম

"তই এতিয়া কি কৰিম বুলি ভাবিছ মাজনী?" - আইতাকৰ প্ৰশ্নটো শুনি তলমূৰ কৰি থকাৰ পৰা লাহে লাহে মূৰ তুলি খোলা খিৰিকীয়েদি দূৰলৈ চাই পঠালে মল্লিকাই |

দূৰত, বহুত দূৰত দেখিলে ৰঙা বুলেটখন চলাই আহি আছে অভিজিত | ওখ-পাখ, পাহোৱাল লৰাটোৱে বুলেটখন চলালে শুৱাই পৰে | মল্লিকাহঁতৰ ঘৰৰ আগেদি পাৰ হৈ যাওঁতে কেতিয়াবা বুলেটখন প্ৰয়োজনতকৈ বেছি ধীৰ গতিত যায় | কেতিয়াবা অসময়ত মল্লিকাৰ কলেজখনৰ আগেদিও পাৰ হৈ যায় | মল্লিকাৰ হাঁহি উঠে | কিন্তু বেচেৰা অভিজিতৰ আজিলৈকে বুলেটখন ৰখাবলৈ সাহস নহল |

মল্লিকাই চাটিফুটি কৰি ভাবে  - "ভলীবলত অসমৰ হৈ খেলা, তেলৰ খাদত সেই প্ৰকাণ্ড ৰিগটোত উঠি দিনে-ৰাতিয়ে কাম কৰিব পৰা সফল ইঞ্জিনিয়াৰ অভিজিতৰ এই সাহসকণ কিয় নাই ?" অৱশেষত এদিন অভিজিতে সম্বন্ধীয় ভনীয়েক ৰিংকীৰ মুখেৰে কৈ পঠিওৱা এষাৰ মাত্ৰ কথাৰে মল্লিকাক কন্দুৱাই দিছিল |
দুদিনমান পিছত ৰিংকীৰ লগতে মল্লিকাই অভিজিতৰ খেল চাবলৈ গৈছিল | 
আন দিনা দুৰ্দ্দান্ত গতিত চাৰ্ভিচ কৰা অভিজিতৰ সেইদিনা কেইবাটাও চাৰ্ভিচ নেটত লাগিছিল | এদিন সেই ৰিংকীৰ লগতে মল্লিকাই অভিজিতক মন্দিৰ প্ৰাংগনত প্ৰথম লগ পাবলৈ গৈছিল | সেইদিনা দুযো দুযোৰে চকুলৈ পোনে পোনে চাব পৰা নাছিল | এদিন অভিজিতে নিজৰ মাকক চিনাকী কৰাই দিছিল মল্লিকাৰ লগত | মল্লিকাই "মা" বুলি মাতি ওলগ লবলৈ লওঁতে তেওঁ মল্লিকাক সাবটি ধৰিছিল | ধেমালিতে কৈছিল - "মাজনী, বৰ মৰম লাগিছে দেই | সোনকালে কৰিয়ে পেলাব লাগিব কামটো | তোমালোকৰ ঘৰলৈ সোনকালে যাব লাগিব |" মল্লিকা ৰঙা-চিঙা পৰিছিল |
তাৰ পিছত কথাবোৰ সঁচাকৈয়ে খৰকৈ আগবাঢ়িছিল |
"এইখন ষ্টেণ্ড কৰিবলৈ তোমাৰ ইমান জোৰ দিব লগা হৈছেনে ? আগতে দেখোন আলাসতে ষ্টেণ্ড কৰিছিলা | আৰু তুমি ইমান খীনাইছা কিয় আজিকালি ? ৰিগত কাম বেছি হৈছে নেকি ?" - বুলেটখন ষ্টেণ্ড কৰিবলৈ লৈ দুবাৰ চেষ্টা কৰা অভিজিতক মল্লিকাই সুধিছিল | অভিজিতে কৈছিল - "কেতিয়াবা বৰ ভাগৰ লাগে অমল্লিকা" |

আৰু এদিন হঠাত্‍ ৰাতি অভিজিতৰ মাকে মল্লিকাক টেলিফোন কৰি কৈছিল  - "মাজনী, অভিজিতক আস্পতালত ভৰ্ত্তি কৰাইছে হেনো | মই তালৈকে গৈ আছো, পাৰা যদি দেউতাক লৈ তুমিও আহা |" উধাতু খাই গাড়ী চলাইছিল মল্লিকাৰ দেউতাকে |
"মা... ", মল্লিকাক একো কব নিদি অভিজিতৰ মাকে কান্দি দিছিল - "মাজনী, কি হৈছে চোৱাচোন | সাধাৰণ কাঁহ এটা মাৰোতেই তাৰ মুখেদি তেজ ওলাই আহিল |"

তাৰ দুদিন পিছত মল্লিকাৰ সন্মুখত সকলো আন্ধাৰ হৈ পৰিছিল |
ডাক্তৰে মল্লিকাৰ দেউতাকক কৈছিল - "অভিজিতৰ ব্লাড কেন্সাৰ হৈছে | লাষ্ট ষ্টেজ | আৰু বেছি দিন নাই |"

ত্বৰিত্‍ গতিত পৰি আহিছিল অভিজিতৰ দেহাটো | এদিন আস্পতালৰ বিচনাত শুই শুই অভিজিতে মল্লিকাৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ কৈছিল - "মল্লিকা, তুমি মোক পাহৰিবলৈ ... " | আৰু কিবা কোৱাৰ আগতেই মল্লিকাৰ চুলিৰ মাজত ধাক খাই গৈছিল অভিজিতৰ মুখ |
কোনেও একো বুজাব পৰা নাছিল মল্লিকাক | ডাক্তৰৰ কথা নামানি অভিজিতক আস্পতালৰ পৰা ঘৰলৈ লৈ আনিছিল মল্লিকাই | কেইদিনমান পিছতে দুয়ো প্ৰথম লগ হোৱা সেই মন্দিৰটোতেই দুয়ো দুয়োকে নিজৰ কৰি লৈছিল | মল্লিকাৰ ইচ্ছামতে অভিজিতে নিজ হাতে মল্লিকাৰ শিৰত সেন্দুৰ পিন্ধাই দিছিল | কান্দিব খুজিও কান্দিব নোৱাৰিছিল সেইদিনা অভিজিতে | মূৰ্ত্তিটোৰ দৰে থিয় হৈ মল্লিকালৈ চাই আছিল অভিজিতৰ মাকে |

মাত্ৰ ২৩ দিন পিছত অভিজিত গুচি গৈছিল    | শ্ৰাদ্ধ শেষ হোৱালৈকে কোনেও মল্লিকালৈ চাবলৈ সাহস কৰিব পৰা নাছিল | আৰু আজি অভিজিতৰ আইতাকে মল্লিকাক সুধিছে - "তই এতিয়া কি কৰিম বুলি ভাবিছ মাজনী ?"

খিৰিকীৰ পৰা মুখ ঘূৰাই আনি মল্লিকাই কলে - "মই বৃন্দাবনলৈ যামগৈ |" নিজৰ মনতে মল্লিকাই কলে - "বৃন্দাবনত আমি শান্তিৰে থাকিম অভিজিত |"

No comments:

Post a Comment