Friday 10 February 2012

নাৰায়্ন কৱচ


শ্ৰীশ্ৰী কৃষ্ণায় নম:    

শ্লোক  :
শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ | নন্দগোপকুমাৰায় গোবিন্দায় নমো নম: ||

নম: পঙ্কজানাভায় নম: পঙ্কজমালীনে | নম: পঙ্কজানেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে ||
বসুদেৱ সুতং কৄষ্ণ কংসচাণুৰ মৰ্দ্দনং | দৈৱকীহৄদয়ানন্দং কৄষ্ণং বন্দে জগদগুৰুম ||
নাৰায়্ন কৱচ :
শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি | বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি ||
দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত | কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত ||
অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই | তাক নষ্ট কৰিবাক দিলন্ত উপায় ||
নাৰায়ণ কৱচ দিলন্ত বাসৱক | যাক পায়া ইন্দ্ৰ সৱে জিনিলা দৈত্যক ||
পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি | কৄষ্ণৰ প্ৰসাদে সৱে তাৰিলা বিপত্তি ||
হেন শুনি পৰীক্ষিতে পুছন্ত শুকত | কহিয়ো বান্ধৱ গুৰু মহাভাগৱত ||
তুমি বিনে মোৰ প্ৰাণবন্ধু নাহি আন | কৰিয়োক মোক কৄষ্ণ কথা মধু পান ||
হৰি কথা ৰসে মোৰ নিমজিল চিত্ত | মৰাৰ মুখত যেন ঢালিল অমৄত ||
নাৰায়ণ কৱচক পায়া শচীপতি | লীলায়ে দৈত্যক জিনি সাধিলা জয়তি ||
সেহি কৱচৰ কথা মোত কহিয়োক | চৰনে শৰণ লৈলো উদ্ধাৰিয়ো মোক ||
ৰাজাৰ বচন শুক ভৈলা আনন্দিত | হাঁসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত ||
পুৰোহিত হুয়া বিশ্বৰূপ মহামতি | সাৱধানে পুছে হেন বাসৱক প্ৰতি ||
নাৰায়্ণ কৱচ কহিলা সাৱচিতে | তাক এৱে কহোঁ ৰাজা শুনা একচিত্তে ||

বিশ্বৰূপ বদতি শুনিয়ো হৰি হয়
| যদি আকস্মাত আসি মিলে মহাভয় ||
হস্ত পদ প্ৰক্ষালিয়া উত্তৰৰ মুখে
| কুশহস্তে আচমন কৰি মহাসুখে ||
মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি
|শুচি সংযমন হুয়া মাধৱক স্মৰি ||
নাৰায়ণ কৱচক কৰিবে ধাৰণ
| অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ ||
পদ জানো উৰুযুগ উদৰ হৄদিত
| উৰ:স্থলে মূলে শিৰে যথা ক্ৰমোদিত ||
প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহা ৰঙ্গে
| ন্যাস কৰিবেক জানা সেহি সৱ আঙ্গে ||
দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ
| ন্যাসিবেক অঙ্গুলিৰ পূৰ্বে নিৰন্তৰ ||
হ্যদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত
| শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত ||
ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন
| মকাৰ অক্ষৰে কৰিবেক দিগ্বন্ধন ||
আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি
| এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি ||






No comments:

Post a Comment