ব্ৰজবাসীয়ে ইন্দ্ৰপূজা
কৰিছিল |
এবাৰ যশোদাই
ইন্দ্ৰপূজাৰ বাবে সামগ্ৰী তৈয়াৰ কৰি থাকোতে কৃষ্ণই আহি সুধিলে – “আমি কিয়
ইন্দ্ৰদেৱতাক পূজা কৰিব লাগে ?” যশোদাই উত্তৰ দিলে – “এনেকৈ নকয় কানাই | ইন্দ্ৰ
দেৱতাৰ খং ভয়ানক | পূজা নকৰিলে তেওঁ বজ্ৰৰে সকলো ধ্বংস কৰিব |” কৃষ্ণই ক’লে – “মা,
আমি ভয়ানকৰ পূজা কিয় কৰিব লাগে ? এই পূজা বাদ দিয়া | যি পূজনীয় তাক পূজা কৰা |”
- - পূজনীয় কোন ?
- - আমাৰ বাবে পূজনীয় প্ৰকৃতি, গাই আৰু গোবৰ্ধন পৰ্বত | গোবৰ্ধন
পৰ্বতৰ পূজা কৰা |
ব্ৰজবাসীয়ে তাকেই
কৰিবলৈ মান্তি হ’ল | কৃষ্ণৰ এই কথাত খং উঠি ইন্দ্ৰই ব্ৰজধামৰ ওপৰত ভয়ানক ধুমুহা
বৰষুণৰ তাণ্ডৱ কৰালে | সকলো উটি বুৰি গ’ল | ঘৰ-দুৱাৰ ভাঙি শেষ হ’ল | কিন্তু ইমান
বিপদৰ মাজতো ব্ৰজবাসীয়ে নিজৰ বাবে নহয়, কৃষ্ণৰ বাবে চিন্তা কৰিলে – “ক’ত কৃষ্ণ |
কৃষ্ণ ঠিক আছেতো ?”
আৰু কৃষ্ণই কি
কৰিলে ? নিজৰ বাওঁহাতৰ সৰু আঙুলিত গোটেই গোবৰ্ধন পৰ্বতটো ধাৰণ কৰি তাৰ তলত সমস্ত
ব্ৰজবাসীক আশ্ৰয় দিলে | একেলেথাৰীয়ে সাতদিন সাতৰাতি চলিল ইন্দ্ৰৰ তাণ্ডৱ আৰু
সাতদিন সাতৰাতি কৃষ্ণই গোবৰ্ধন পৰ্বত ধাৰণ কৰি থাকিল | গোবৰ্ধন পৰ্বতৰ তলত, কৃষ্ণৰ
আশ্ৰয়ত সমস্ত ব্ৰজবাসী নিৰ্ভয়ে থাকিল |
অৱশেষত হাৰ মানি
ইন্দ্ৰই আহি কৃষ্ণৰ ওচৰত ক্ষমা খুজিলে | অভিভূত হ’ল ব্ৰজবাসীৰ কৃষ্ণৰ প্ৰতি প্ৰেম
দেখি | কৃষ্ণই ইন্দ্ৰক বৰ বিচাৰিবলৈ ক’লে | ইন্দ্ৰই বৰদান বিচাৰিলে – “হে প্ৰভু,
হে নাৰায়ণ, মোক ক্ষমা দান দিয়া | আৰু যদি মোক ক্ষমা কৰিছা তেন্তে মোৰ পুত্ৰ
অৰ্জ্জুনক ৰক্ষা কৰিবা |”
ৰাধা-কৃষ্ণৰ অসীম
কৃপাত মই প্ৰত্যেক মাহে এবাৰ এই গোবৰ্ধন পৰ্বতৰ পৰিক্ৰমা কৰো | কেতিয়াবা
পত্নী-পুত্ৰ-কণ্যা সকলোকে লৈ যাওঁ | গৰমকালি ৰাতি আৰু ঠাণ্ডাকালি দিনত পৰিক্ৰমা
কৰো | এই ২১ কিলোমিটাৰ পথ শুদা ভৰিৰে খোজকাঢ়ি পৰিক্ৰমা কৰোতে ভক্তসকলৰ আস্থা,
প্ৰেম আৰু ভক্তিৰ পৰীক্ষা হয় | কেতিয়াবা আন্ধাৰত শিলত উজুটি খাই ভৰিৰ নখ ছিগি যায়,
কেতিয়াবা তলুৱাত ঢৌ উঠি প্ৰতি খোজত ভৰি বিষায় | কিন্তু মুখত ৰাধা-কৃষ্ণৰ নাম লৈ
আমি পৰিক্ৰমা সম্পূৰ্ণ কৰো | মানুহৰ মন আৰু শৰীৰ সম্পূৰ্ণ পৃথক | উদ্দেশ্য সত্
হলে, মনত প্ৰেম আৰু ভক্তি থাকিলে শৰীৰৰ কষ্ট অনুভৱেই নহয় | পত্নী-পুত্ৰ-কণ্যাসহ
যেতিয়া যাওঁ তেতিয়া পৰিক্ৰমা মাৰ্গত থকা মুখাৰবিন্দ মন্দিৰৰ ওচৰত আমাৰ
লৰা-ছোৱালীহালে গোবৰ্ধন পৰ্বতৰ নামনিত দৌৰা-ধপৰা কৰি অলপ সময় খেলে | দুইটা ধূলিত
পোত খায় | কেনেবাকৈ উজুটি খাই পৰে বুলি চিন্তাও লাগে | কিন্তু মই মনে মনে ভাবো –
“যিমানদেৰী মন যায় সিমানদেৰী খেলি থাকা | ইয়াত পৰিলেও একো নহয় | আৰু এয়া ধূলি নহয়
| এয়া ব্ৰজৰজ | এই ব্ৰজৰজ শিৰত ল’বলৈ গোটেই পৃথিৱীৰ মানুহ ইয়ালৈ আহে | এয়া আমাৰ
কৃষ্ণৰ ঠাই | কোনে জানে মাখন চুৰ কৰি কৃষ্ণ আৰু লগৰীয়াহঁতে হয়তো এই বাটেদিয়েই
পলাইছিল | এই ঠাইতেই হয়তো কৃষ্ণই গৰু চৰাইছিল, বাঁহী বজাইছিল |”
গোবৰ্ধন ধাৰণৰ
পিছত “দুষ্টক দমন, সন্তক পালন”ৰ অনেক কাম কৰাৰ পিছত ১১ বছৰ বয়সত কৃষ্ণই ব্ৰজৰ
গোপীসকলৰ প্ৰেমৰ প্ৰতিদান হিচাপে তেওঁলোকৰ লগত ৰাসলীলা কৰে | যমুনাৰ পাৰত, বংশীবটৰ
তলত, নিধিবনত একেলেথাৰীয়ে ৬ মাহ, প্ৰতিনিশা এই ৰাসলীলা চলিছিল | কৃষ্ণৰ এই মহাৰাসত
স্বৰ্গৰ দেৱীসকলেও অংশ লৈছিল | দেৱতাসকলে আকাশৰ পৰা চাই ধন্য হৈছিল | মহাদেৱে
গোপীৰ ৰূপ লৈ কৃষ্ণৰ ৰাসলীলাত নাচিছিল | সেয়ে মহাদেৱৰ আন এটা নাম গোপীশ্বৰ হ’ল |
সুৰদাসে সুন্দৰকৈ গাইছে –
“বাসনাৰ ওপৰত
সাধনাৰ জয়ৰ প্ৰতীক
এই মহাৰাসত
অনীতিৰ অংশমাত্ৰও
নাই |”
ক্ৰমশ: |
No comments:
Post a Comment