“নন্দ-যশোদা
প্ৰকৃততে কোন আছিল ?” – ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কৈছিল – “পূৰ্ব
জন্মত নন্দ ৰজা দ্ৰোণ নামে এজন বসু আছিল | যশোদা তেতিয়া ধাৰা নামে দ্ৰোণৰ ভাৰ্য্যা
আছিল | তেওঁলোক দুয়োকো গকুলত জন্মগ্ৰহণ কৰিবলৈ ব্ৰহ্মাদেৱে নিৰ্দেশ দিছিল |
ব্ৰহ্মাৰ বৰত দ্ৰোণ আৰু ধাৰা পৰম বিষ্ণুভক্ত হৈছিল আৰু দুয়ো বিষ্ণুক পুত্ৰৰূপে
পাবলৈ আৰাধনা কৰিছিল | এই জন্মত দ্ৰোণ-ধাৰা নন্দ-যশোদা হৈ জন্ম লাভ কৰিছে | ব্ৰহ্মাৰ
অনুৰোধ ক্ৰমে কৃষ্ণই এই জন্মত নন্দ-যশোদাৰ পালিত পুত্ৰ হৈছে | এই জন্মতো
নন্দ-যশোদাৰূপী দ্ৰোণ-ধাৰা পৰম বিষ্ণুভক্ত হৈছে | সেইবাবেই পৰম দয়ালু কৃষ্ণই
যশোদাক দুবাৰ বিশ্বৰূপ দৰ্শন কৰাইছিল |”
পুনৰ কৃষ্ণকথালৈ
ঘূৰি আহিছো |
ব্ৰজবাসীয়ে
মথুৰাৰ ৰজা কংসক কৰ হিচাপে সদায় ৰাজকোষলৈ মাখন পঠাব লাগে | কৃষ্ণই ভাবিলে – “যি
ৰজাই প্ৰজাক সুৰক্ষা দিয়াতো দূৰৰে কথা, প্ৰজাৰ ওপৰত অত্যাচাৰ কৰে, সেই ৰজাৰ কৰ
লোৱাৰ অধিকাৰ নাই | গতিকে এটা কাম কৰিব লাগিব |” বচ্, আৰম্ভ হৈ গ’ল | লগত সখাৰ দল
অনবৰতে সাজু থাকেই | কোনোবা এজনী গোপী যমুনাৰ পৰা পানী আনিবলৈ যায়, কৃষ্ণই দলবল লৈ
চুপচাপ গোপীৰ ঘৰত সোমাই মাখন চুৰ কৰে | বলে পৰা খিনি খায়, থাকি যোৱা খিনি বনৰ
বান্দৰক খাবলৈ দিয়ে | মাখনৰ কলহ ভাঙি তহিলং কৰে | আহোঁতে গৰু পোৱালীবোৰ খুলি থৈ
আহে | মাখনৰ কলহ ওপৰত ধুকি নোপোৱাকৈ ওলোমাই থৈও লাভ নাই, কৃষ্ণৰ দলে ইটোৰ কান্ধৰ ওপৰত
সিটো উঠি মাখনৰ কলহ নমাই আনে | যাৰ ঘৰত মাখন চুৰি হয় সেইজনী গোপীয়ে আহি যশোদাক
গোচৰ দিয়েহি – “তোমাৰ লৰাই মোৰ ঘৰত মহা উপদ্ৰৱ কৰি মাখন খাই পলাইছে |” কৃষ্ণই মাকক
কয় – “মাইয়া নুশুনিবা | আচলতে এইজনী গোপীয়ে বুদ্ধি কৰি মোক চাবলৈ আহিছে |”
কেতিয়াবা গোচৰ বেছি হ’লে অতিষ্ঠ হৈ যশোদাই কৃষ্ণক মাৰিবলৈ হাত দাঙে | তেতিয়া যিজনী
গোপীয়ে গোচৰ দিবলৈ আহিছিল সেইজনীয়েই গৈ কৃষ্ণক আবৰি ধৰেগৈ | উপায়হীন হৈ যশোদাই
কৃষ্ণক খুউব খং কৰে – “কিয় ইমান উত্পাত কৰ’ ? ঘৰত মাখন নাইনেকি ? মই যতনাই খাবলৈ
দিলে সুখ নালাগে | আনৰ ঘৰত চুৰ কৰি খালেহে হয় | নিজে খাই, বন্ধুবোৰক খুৱাই তাৰ
পিছত মাখনৰ কলহ ভাঙি বান্দৰক খুৱালেহে তোৰ সুখ লাগে |” কৃষ্ণই মনে মনে ভাবে – “আৰে
মাইয়া, তুমি কি বুজিবা | চুৰ কৰি খোৱা মাখনৰ সোৱাদেই বেলেগ | আৰু মই মাখন বান্দৰক
খুওৱা নাই | মই তেওঁলোকৰ ঋণ সুজিছো | এসময়ত এওঁলোকে মোৰ লগত গৈ সাগৰ লংঘি
ভোকে-পিয়াহে, নিস্বাৰ্থ ভাৱেৰে লংকাত ৰাবণৰ লগত যুদ্ধ দিছিল | মোৰ বাবে আত্মবলিদান
দিছিল |”
দুজনী গোপী লগ
হ’লে কথা পাতে – “আজি কানাই আহিছিলনে ?”
- - নাই, মোৰ ঘৰলৈ নাই অহা | তোমাৰ ঘৰলৈ ?
- -- নাই, মোৰ ঘৰলৈও নাহিল | আহিব বুলি মাখন থৈ দিছিলো | কিয়
জানো নাহিল | অন্য কৰোবাৰ ঘৰত খাইছেগৈ ছাগে |
এজনী গোপীয়ে
জীয়েকেক কয় – “শুন, এইখিনি মাখন ভালকৈ লুকুৱাই থ’ | নহলে কানায়ে আহি খাই যাব | মই
পানী আনিবলৈ যাওঁ | জীয়েকে উত্তৰ দিয়ে – “মা, তোৰ কথা মই একো বুজি নাপাওঁ | মাখন
লুকুৱাই থবলৈ কৈছ, অথচ কানাই নাহিলেও তই ব্যাকুল হৈ পৰ’ |” মাকে কয় – “তই সেইবোৰ
বুজি নাপাবি |”
এয়াই প্ৰেম |
নিষ্পাপ, নিষ্কাম প্ৰেম | ভগৱানৰ প্ৰতি ভক্তৰ প্ৰেম | নন্দগাওঁৰ গোপীসকলে বিশ্বাস
কৰে যিদিনা তেওঁলোকৰ ঘৰত কৃষ্ণই মাখন চুৰ কৰি খায় সেইদিনা গাইকেইজনীয়ে গাখীৰ
বেছিকৈ দিয়ে | চিত্ত হৰণকাৰী কৃষ্ণ অহালৈ গোপীসকল বাট চাই থাকে |
প্ৰেমেৰে, বাঁহীৰ
সুৰেৰে সকলোৰে চিত্ত হৰণ কৰা কৃষ্ণৰ নিজৰে চিত্ত কোনে হৰণ কৰিছিল ? কাৰ বাবে
কৃষ্ণই বাঁহী বজাইছিল ? নাচিছিল ? ৰাধাৰ বাবে | সুৰদাসে সুন্দৰকৈ গাইছে –
“ৰাধা নথকাহলে
বৃন্দাবন বৃন্দাবন ন’হলহেঁতেন
কৃষ্ণই বাঁহী
নবজালেহেঁতেন
ৰাসলীলা
নহলহেঁতেন
কৃষ্ণই
নানাছিলেহেঁতেন
ৰাধাৰ বাবেই
বৃন্দাবন বৃন্দাবন হৈছে |”
পৰিণয় নোহোৱাকৈয়ে
প্ৰেমৰ পূজাৰীনী ৰাধা শ্ৰীকৃষ্ণৰ পাটৰাণীৰ আসনত অধিস্থিত | কৃষ্ণৰ নামৰ লগত ৰাধা
নাম সংযুক্ত হৈ “ৰাধাকৃষ্ণ” বা “ৰাধেশ্যাম” হ’ল | বৃন্দাবনত ৰাধা আৰু কৃষ্ণক বেলেগ
বেলেগ বুলি ভবা হোৱা নাই | ৰাধাই কৃষ্ণ আৰু কৃষ্ণই ৰাধা বুলিহে ভবা হৈছে | ইয়াৰ
প্ৰমাণ বৃন্দাবনৰ শ্ৰীবাঙ্কে বিহাৰী মন্দিৰ |
ইয়াৰ পিছত কৃষ্ণই
কালীয় নাগক দমন কৰে, পুলম্বাসুৰ, কেশী আদি দানৱক শেষ কৰে | তাৰ পিছত ইন্দ্ৰৰ মান
ভংগ কৰে |
(আগলৈ)
No comments:
Post a Comment