Thursday, 28 June 2012

বন্ধুত্বৰ নাম সখাকৃষ্ণ (২)


কৃষ্ণতকৈ আদৰৰ, কৃষ্ণতকৈ আপোন, কৃষ্ণতকৈ প্ৰাণাধিক বন্ধু কোন হব পাৰে?
ভক্তৰ বিপদৰ সময়ত, ভক্তৰ আহ্বানত আনকি নিজৰ বাহন এৰিও ভক্তক ৰক্ষা কৰিবলৈ দৌৰিব কোনে পাৰে? ভক্তৰ প্ৰেম-বন্ধনত পৰমেশ্বৰ কৃষ্ণৰ বাদে আন কোন বন্দী হয়?
প্ৰকৃত ভক্তই ভগৱানৰ লগত এটা পাৰ্থিৱ সম্বন্ধ স্থাপন কৰি লয়| যি কোনো সম্বন্ধ| সেই সম্বন্ধ হ’ব পাৰে – ভাতৃ, বন্ধু, স্বামী, পিতা, পুত্ৰ, প্ৰেমী| ব্ৰজধামৰ গোপীসকলে কৃষ্ণৰ লগত স্বৰ্গীয়, কামৰহিত, আত্মিক প্ৰেমৰ সম্বন্ধ পাতিছিল| অৰ্জ্জুনে কৃষ্ণৰ লগত পাতিছিল সখাৰ সম্বন্ধ| দ্ৰৌপদীয়ে পাতিছিল ভাতৃৰ সম্বন্ধ| আমাৰ গুৰুজনাই মাতিছিল বান্ধৱ কৃষ্ণ বুলি| দ্ৰৌপদীয়ে হৃদয়েৰে মতা ভাতৃ সম্বোধনটোৱে পৰমেশ্বৰ কৃষ্ণক বাধ্য কৰাই দিছিল দ্ৰৌপদীৰ প্ৰতিবাৰ বিপদৰ সময়ত কাষত থিয় দিবলৈ|
পাণ্ডৱসকল ১২ বছৰ বনবাসত থকা সময়ৰ কথা| ঋষি দুৰ্বাসা নিজৰ ১০ হাজাৰ শিষ্যৰে সৈতে এবাৰ দুৰ্য্যোধনৰ আলহী হ’লহি| ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট অতি খঙাল ঋষি দুৰ্বাসা| দুৰ্য্যোধনে নিজৰ গোপন ভাৱ মনত লুকুৱাই ঋষি দুৰ্বাসাক অতি আদৰ-সাদৰকৈ আলপৈচান ধৰি তুষ্ট কৰিলে | তুষ্ট হৈ ঋষিয়ে দুৰ্য্যোধনক বৰ বিচাৰিবলৈ ক’লে| মনত মাত্ৰ পঞ্চ-পাণ্ডৱক ধ্বংস কৰাৰ উদ্দেশ্য লৈ জীয়াই থকা দুৰ্য্যোধনে ঋষি দুৰ্বাসাক ক’লে – হে ঋষিবৰ, মোক একো বৰদান নালাগে | আপোনাৰ সেৱা কৰিবলৈ পাই মোৰ জীৱন ধন্য হ’ল| কিন্তু হে মুনিবৰ, মোৰ ভাতৃ পাণ্ডৱসকলে বনবাসত বৰ মনোকষ্ট পাই আছে| আপুনি যদি সকলো শিষ্যৰে সৈতে এবাৰ যুধিস্থিৰৰ ওচৰলৈ যায় তেওঁ বৰ সুখী হব|” ঋষি দুৰ্বাসাই ক’লে – “ঠিক আছে |” দুৰ্য্যোধনে ভাবিছিল – বৰ্ত্তমান অৱস্থাত বনবাসী পাণ্ডৱসকল যিহেতু ঋষি দুৰ্বাসা আৰু তেওঁৰ ১০ হাজাৰ শিষ্যক এসাঁজ খোৱাই সন্তুষ্ট কৰিব পৰা অৱস্থাত নাই, সেয়ে ঋষিৰ খং উঠি পাণ্ডৱসকলক অভিশাপ দি ধ্বংস কৰিব|
ঋষি দুৰ্বাসা শিষ্যসকলৰে সৈতে গৈ বনবাসী পাণ্ডৱসকলৰ পঁজা পালেগৈ| যুধিস্থিৰক ক’লে – “হে যুধিস্থিৰ, আমাৰ ভোজনৰ সময় হৈছে| তুমি ভোজনৰ যোগাৰ কৰা, আমি গংগাত স্নান কৰি আহো|”
যুধিস্থিৰৰ মূৰত সৰগ ভাগি পৰিল| ইতিমধ্যে দ্ৰোপদীসহ পঞ্চ-পাণ্ডৱে ভোজন কৰি অটাইছে| দৌপদীৰ ওচৰত বৰদান আছিল যে দ্ৰৌপদীয়ে নিজে নোখোৱালৈকে তেওঁৰ ৰান্ধনীঘৰত খোৱাবস্তুৰ অভাৱ নহব| কিন্তু সেইদিনা দ্ৰৌপদীয়েও ভোজন কৰি অটালে| ঘৰখনত খুদকণ এটাও নাই| ইফালে সন্মুখৰ ১০ হাজাৰ শিষ্যৰে সৈতে ঋষি দুৰ্বাসা| সেই বিপদৰ সময়ত দ্ৰৌপদীয়ে কৃষ্ণক স্মৰণ কৰিলে – “হে ভাতৃ, ৰক্ষা কৰা |” ঠিক সেই সময়তে পাণ্ডৱসকলৰ পঁজাটোৰ দুৱাৰখন ঠেলি সোমাই আহিল পৰমেশ্বৰ কৃষ্ণ| কিন্তু কৃষ্ণযে কৃষ্ণই| আহিয়েই দ্ৰৌপদীক ক’লে – “ভগ্নী, কি আছে খাবলৈ দিয়া| ভোকত প্ৰাণ যায় যায়| বাকী কথা পিছত পাতিম|” দ্ৰৌপদীয়ে চকুলো টুকি টুকি ক’লে – “ভাতৃ, কি দিম তোমাক| ঘৰত একোৱেই নাই| ইফালে সৌৱা ঋষি দুৰ্বাসা আৰু ১০ হাজাৰ শিষ্য আহিছে|” কৃষ্ণই সেই ভূৱনভুলোৱা হাঁহিটো মাৰি ক’লে – “আছে ভগ্নী আছে| চোৱাচোন তোমাৰ ৰান্ধনীঘৰত| কেৰাহীত এটা হলেও ভাত লাগি আছে|” কৃষ্ণ নিজে সোমাই গ’ল দ্ৰৌপদীৰ ৰান্ধনীঘৰলৈ, বিচাৰি উলিয়ালে কেৰাহীত লাগি থকা তিনিটামান ভাত আৰু তাকে লৈ তৃপ্তিৰে খালে| খাই উঠি সকলো কথা শুনি কৃষ্ণই ক’লে – ’চিন্তা নাই ভগ্নী| ভাতৃ ভীম, আপুনি গৈ ঋষি দুৰ্বাসাক মাতি আনকগৈ|”
সেইমতে ভীমে গৈ গংগাত স্নান কৰি থকা ঋষি দুৰ্বাসাক ক’লেগৈ – “হে ঋষিবৰ, আহক, ভাতৃ যুধিস্থিৰে আপোনালোকলৈ বাট চাই আছে|” কিন্তু ঋষিয়ে উত্তৰ দিলে – “হে ভীম, তুমি যোৱাগৈ| তোমালোকক আশীৰ্বাদ কৰিছো| কিয় জানো, আমাৰ আজি ভোক নাই, এনে লাগিছে যেন আমি ইতিমধ্যে পেট ভৰাই ভোজন কৰিছো|” ভীমে উত্তৰ দিল – “নহয় ঋষিবৰ, কৃষ্ণও আহিছে দ্বাৰকাৰ পৰা| আপোনাক লগ পাবলৈ বাট চাই আছে|” মুখত শিশুৰ দৰে হাঁহিটো লৈ ঋষি দুৰ্বাসাই ক’লে – “অ’, এতিয়াহে বুজিলো| কৃষ্ণই কিবা খালেনে? হব, এতিয়া যোৱা| আমি এতিয়া প্ৰস্থান কৰিম|”
ঋষি দুৰ্বাসা আৰু তেওঁৰ শিষ্যসকলৰ ভোক কিয় নাইকিয়া হ’ল? এটা উদাহৰণ দিছো – বহুত বছৰৰ পিছত দুৰনিত থকা পুত্ৰ মাতৃৰ ওচৰলৈ আহিছে| পুত্ৰ আহি আছে – এই কথাষাৰেই মাতৃৰ কাৰণে সৰগ হৈ পৰিছে| ইমান দিনৰ মূৰত মাতৃয়ে পুত্ৰৰ কাৰণে পুত্ৰই ভাল পোৱা খোৱা বস্তু ৰান্ধিছে| পুত্ৰ আহি পোৱাৰ পিছত পুত্ৰক সাবটি ধৰি মাতৃয়ে সুখতে এসোঁতা কান্দিছে| আলহ-উদহকৈ পুত্ৰক খাবলৈ দিছে| পুত্ৰই খোৱা মাতৃয়ে চাই আছে| খাই উঠি পুত্ৰই কৈছে – “মই খালো মাতৃ, এতিয়া তুমি খাই লোৱা|” মাতৃয়ে কৈছে – ’পুত্ৰ, তোক খোৱাই, তোৰ খোৱা চাই মোৰ পেট ভৰিল| মই কিবা খাবলৈ ভোকেই নাই| আহ এতিয়া, মোৰ ওচৰত বহি তোৰ কথাবোৰ ক’ |”
পুত্ৰসম কৃষ্ণই তৃপ্তিৰে খোৱাৰ পিছত পিতৃসম ঋষি দুৰ্বাসাৰ ভোক লাগিব পাৰে জানো ?             
(ক্ৰমশ)