মহৰ্ষি ব্যাসদেৱ বিৰচিত শ্ৰীমদ্ভাগৱতৰ মহিমা অপাৰ |
শ্ৰীমদ্ভাগৱত শ্ৰীকৃষ্ণৰ কথাৰূপ | অভিমণ্যুপুত্ৰ মহাৰাজ পৰিক্ষীতৰ অনুৰোধত মহৰ্ষি
ব্যাসৰ পুত্ৰ মহৰ্ষি শুকদেৱে প্ৰথম সকলোৱে বুজাকৈ এই শ্ৰীমদ্ভাগৱত পৃথিৱীৰ মানুহে
বুজি পোৱাকৈ বৰ্ণনা কৰিছিল | বৃন্দাবনৰ এজন সন্তই শ্ৰীমদ্ভাগৱতৰ মহিমাৰ কথা এনেকৈ
কৈছিল –
কলিযুগৰ আৰম্ভনিতে এবাৰ দেবৰ্ষি নাৰদে সকলোবোৰ
তীৰ্থস্থান ভ্ৰমণ কৰিছিল | তেওঁ যেতিয়া বৃন্দাবন পালেগৈ দেখিলে যে বৃন্দাবনত
ভক্তিদেৱী চিৰযৌবনা হৈ আছে, কিন্তু ভক্তিৰ দুই পুত্ৰ জ্ঞান আৰু বৈৰাগ্য
বৃদ্ধাৱস্থা পাইছেগৈ | ভক্তিদেৱীৰ দুখ দেখি নাৰদ বেজাৰ মনেৰে বৃন্দাবনৰ পৰা
বদ্ৰীনাথলৈ যাত্ৰা কৰিলে | বদ্ৰীনাথত নাৰদে ব্ৰহ্মাৰ চাৰিপুত্ৰ সনক, সুনন্দ, সনাতন
আৰু সনতকুমাৰক লগ পালে | নাৰদে তেওঁলোকক ভক্তিদেৱীৰ দুখৰ কথা কৈ জ্ঞান আৰু বৈৰাগ্যৰ
বৃদ্ধাৱস্থা দূৰ কৰাৰ উপায় বিচাৰিলে | ব্ৰহ্মাৰ পুত্ৰসকলে নাৰদক শ্ৰীমদ্ভাগৱত পাঠৰ
আয়োজন কৰিবলৈ ক’লে | সেইমতে নাৰদে হৰিদ্বাৰৰ আনন্দ তীৰত শ্ৰীমদ্ভাগৱত পাঠৰ আয়োজন
কৰিলে আৰু সকলো সন্ত-ভক্ত-ঋষি-মুনিৰ উপস্থিতিত ব্ৰহ্মাৰ পুত্ৰসকলে সেই অনুষ্ঠানত
শ্ৰীমদ্ভাগৱত পাঠ কৰিলে | সাতদিনীয়া এই শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন ইমানেই
বিশাল আছিল যে ইয়াৰ শব্দ বৃন্দাবনলৈকে শুনা গৈছিল | ব্ৰহ্মাৰ পুত্ৰসকলৰ
শ্ৰীমদ্ভাগৱত পাঠ শুনি জ্ঞান আৰু বৈৰাগ্যৰ বৃদ্ধাৱস্থা লোপ পালে আৰু দুয়ো পুত্ৰ নিজ
মাতৃ ভক্তিদেৱীৰ দৰে চিৰযৌবনা হ’ল | আনন্দত আত্মহাৰা হৈ ভক্তিদেৱীৰ সৈতে জ্ঞান আৰু
বৈৰাগ্য বৃন্দাবনৰপৰা হৰিদ্বাৰলৈ ৰাওনা হ’ল ব্ৰহ্মাৰ পুত্ৰসকলৰ সেই শ্ৰীমদ্ভাগৱত
পাঠ শ্ৰৱণ কৰিবলৈ | গৈ থাকোতে গোটেই বাটছোৱা তেওঁলোকে গাইছিল – “শ্ৰীকৃষ্ণ গোবিন্দ
হৰে মূৰাৰী, হে নাথ নাৰায়ণ বাসুদেৱ |”
প্ৰেম আৰু ভক্তি সকলোতকৈ ওপৰত | এই কথাষাৰ বুজাবলৈ
বৃন্দাবনৰ এজন সন্তই এটা ধুনীয়া আখ্যান কৈছিল –
প্ৰায় ১৪ বছৰ বয়সত কৃষ্ণ বৃন্দাবনৰ পৰা মথুৰালৈ
গুচি যোৱাৰ পিছত বৃন্দাবনৰ গোপীসকলৰ বেদনা থবলৈ ঠাই নোহোৱা হ’ল | কৃষ্ণৰ বিৰহত
তেওঁলোকে গোপীগীত গালে | এই গোপীগীত শ্ৰীমদ্ভাগৱতৰ এটা অন্যতম গীত | প্ৰেম আৰু
সমৰ্পন মানে কি সেয়া এই গোপীগীত গালে বা শুনিলে অনুভৱ কৰিব পাৰি | মথুৰাত কৃষ্ণই
উদ্ধৱক বন্ধু হিচাপে পালে | কৃষ্ণৰ প্ৰায় সমবয়সীয়া আৰু দেবৰ্ষি নাৰদৰ শিষ্য এই
উদ্ধৱ মহা জ্ঞানী আৰু কৃষ্ণৰ একান্ত ভক্ত আছিল | কিন্তু সেই ভক্তি জ্ঞানৰ ভৰত
লুকাই আছিল | পৰম বন্ধু হৈও উদ্ধৱে কৃষ্ণক সম্বোধন কৰিছিল “মান্যবৰ কুমাৰ” বুলি |
কৃষ্ণই দেখিলে জ্ঞানৰ ভৰত উদ্ধৱৰ প্ৰেম আৰু ভক্তি লুকাই গৈছে | কৃষ্ণই উদ্ধৱক
বৃন্দাবনলৈ পঠালে | ক’লে – “উদ্ধৱ, তুমি মোৰ হৈ বৃন্দাবনলৈ যোৱা | বৃন্দাবনত মোৰ
পৰম ভক্তা আৰু মোৰ বাল্যক্ৰীয়াৰ সংগী গোপীসকলে মোৰ বিৰহত নিজকে পাহৰিছে | তেওঁলোকক
মোৰ হৈ বুজনি দি থৈ আহিবা |”
উদ্ধৱ বৃন্দাবনলৈ গ’ল | গোপীসকলে উদ্ধৱক বেৰি ধৰি
কৃষ্ণৰ কথা সুধিবলৈ ধৰিলে | উদ্ধৱে গোপীসকলক বুজালে – “তোমালোকে কৃষ্ণৰ কথা ভাবি
নাথাকিবা | নিজৰ কাম কৰা | যোগ শিক্ষা লোৱা | জ্ঞান অৰ্জন কৰা |” উদ্ধৱক বাধা দি
গোপীসকলে ক’লে – “উদ্ধৱ, তোমাৰ জ্ঞান, তোমাৰ যোগ তোমাৰ ওচৰতে থোৱা | ইয়াত আমাৰ
শৰীৰৰ প্ৰতি অংশত কৃষ্ণপ্ৰেম ভৰি আছে | তোমাৰ যোগশিক্ষা আমি ক’ত থম ? এয়া
কৃষ্ণপ্ৰেমৰ কথা | তুমি বুজি নাপাবা | কৃষ্ণই আমাক এৰি যোৱাৰ পিছত যি বেদনা আমাৰ
হৈছে সেই বেদনা আমাৰ বাবে সকলোতকৈ মৰমৰ |”
এয়া ভক্তি আৰু কৃষ্ণপ্ৰেমৰ কথা | উদ্ধৱে সকলো দেখি
আচৰিত হ’ল | মাত্ৰ দুদিনৰ বাবে বৃন্দাবনলৈ যোৱা উদ্ধৱ গোপীসকলৰ কৃষ্ণপ্ৰেম দেখি
আনন্দত মতলীয়া হৈ ঘূৰি আহিব নোৱাৰা হ’ল | জ্ঞানী উদ্ধৱ কৃষ্ণপ্ৰেমী উদ্ধৱ হৈ
গোপীগীত গাই গাই আনন্দত মতলীয়া হৈ বৃন্দাবনত ছমাহ থাকি গ’ল | অৱশেষত ছমাহৰ মূৰত
উদ্ধৱ মথুৰালৈ ঘূৰি আহিল | আহিয়েই পোনে পোনে গৈ কৃষ্ণৰ ভৰিত পৰি হুকহুকাই কান্দি
দিলে | অভিমান কৰিলে কৃষ্ণৰ ওচৰত – “কৃষ্ণ, কানাই, কিয় তুমি মোক ইমানদিন তোমাৰপৰা
আঁতৰত ৰাখিলা ? কিয় মোক গোপীসকলৰ ওচৰলৈ বহুদিন আগতেই পঠিয়াই নিদিলা ?” উদ্ধৱে আৰু
কিবা কিবা কোৱাৰ আগতেই কৃষ্ণই তুলি লৈ উদ্ধৱক সাবটি ধৰিলে | উদ্ধৱৰ কথাৰ সুৰতে
কৃষ্ণই বুজিলে – উদ্দেশ্য সিদ্ধি হৈছে | আগতে “মান্যবৰ কুমাৰ” বুলি সম্বোধন কৰা
উদ্ধৱে এতিয়া কৃষ্ণক কানাই বুলি মাতিছে | কৃষ্ণৰ ওচৰত অভিমান কৰিছে |
হৃদয়ত প্ৰেম আৰু ভক্তি থাকিলেহে ভক্তই ভগৱানৰ চৰণ
স্পৰ্শ কৰি কান্দিব পাৰে, ভগৱানৰ সন্মুখত অভিমান কৰিব পাৰে | ভক্তি আৰু প্ৰেম
জ্ঞানতকৈ বহুত ওপৰত |
(আগলৈ)
No comments:
Post a Comment