Sunday 29 April 2012

বৃন্দাবনৰ প্ৰেম (৭) – মাখনচোৰ


“নন্দ-যশোদা প্ৰকৃততে কোন আছিল ?” – ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কৈছিল – “পূৰ্ব জন্মত নন্দ ৰজা দ্ৰোণ নামে এজন বসু আছিল | যশোদা তেতিয়া ধাৰা নামে দ্ৰোণৰ ভাৰ্য্যা আছিল | তেওঁলোক দুয়োকো গকুলত জন্মগ্ৰহণ কৰিবলৈ ব্ৰহ্মাদেৱে নিৰ্দেশ দিছিল | ব্ৰহ্মাৰ বৰত দ্ৰোণ আৰু ধাৰা পৰম বিষ্ণুভক্ত হৈছিল আৰু দুয়ো বিষ্ণুক পুত্ৰৰূপে পাবলৈ আৰাধনা কৰিছিল | এই জন্মত দ্ৰোণ-ধাৰা নন্দ-যশোদা হৈ জন্ম লাভ কৰিছে | ব্ৰহ্মাৰ অনুৰোধ ক্ৰমে কৃষ্ণই এই জন্মত নন্দ-যশোদাৰ পালিত পুত্ৰ হৈছে | এই জন্মতো নন্দ-যশোদাৰূপী দ্ৰোণ-ধাৰা পৰম বিষ্ণুভক্ত হৈছে | সেইবাবেই পৰম দয়ালু কৃষ্ণই যশোদাক দুবাৰ বিশ্বৰূপ দৰ্শন কৰাইছিল |”

পুনৰ কৃষ্ণকথালৈ ঘূৰি আহিছো |

ব্ৰজবাসীয়ে মথুৰাৰ ৰজা কংসক কৰ হিচাপে সদায় ৰাজকোষলৈ মাখন পঠাব লাগে | কৃষ্ণই ভাবিলে – “যি ৰজাই প্ৰজাক সুৰক্ষা দিয়াতো দূৰৰে কথা, প্ৰজাৰ ওপৰত অত্যাচাৰ কৰে, সেই ৰজাৰ কৰ লোৱাৰ অধিকাৰ নাই | গতিকে এটা কাম কৰিব লাগিব |” বচ্‌, আৰম্ভ হৈ গ’ল | লগত সখাৰ দল অনবৰতে সাজু থাকেই | কোনোবা এজনী গোপী যমুনাৰ পৰা পানী আনিবলৈ যায়, কৃষ্ণই দলবল লৈ চুপচাপ গোপীৰ ঘৰত সোমাই মাখন চুৰ কৰে | বলে পৰা খিনি খায়, থাকি যোৱা খিনি বনৰ বান্দৰক খাবলৈ দিয়ে | মাখনৰ কলহ ভাঙি তহিলং কৰে | আহোঁতে গৰু পোৱালীবোৰ খুলি থৈ আহে | মাখনৰ কলহ ওপৰত ধুকি নোপোৱাকৈ ওলোমাই থৈও লাভ নাই, কৃষ্ণৰ দলে ইটোৰ কান্ধৰ ওপৰত সিটো উঠি মাখনৰ কলহ নমাই আনে | যাৰ ঘৰত মাখন চুৰি হয় সেইজনী গোপীয়ে আহি যশোদাক গোচৰ দিয়েহি – “তোমাৰ লৰাই মোৰ ঘৰত মহা উপদ্ৰৱ কৰি মাখন খাই পলাইছে |” কৃষ্ণই মাকক কয় – “মাইয়া নুশুনিবা | আচলতে এইজনী গোপীয়ে বুদ্ধি কৰি মোক চাবলৈ আহিছে |” কেতিয়াবা গোচৰ বেছি হ’লে অতিষ্ঠ হৈ যশোদাই কৃষ্ণক মাৰিবলৈ হাত দাঙে | তেতিয়া যিজনী গোপীয়ে গোচৰ দিবলৈ আহিছিল সেইজনীয়েই গৈ কৃষ্ণক আবৰি ধৰেগৈ | উপায়হীন হৈ যশোদাই কৃষ্ণক খুউব খং কৰে – “কিয় ইমান উত্‍পাত কৰ’ ? ঘৰত মাখন নাইনেকি ? মই যতনাই খাবলৈ দিলে সুখ নালাগে | আনৰ ঘৰত চুৰ কৰি খালেহে হয় | নিজে খাই, বন্ধুবোৰক খুৱাই তাৰ পিছত মাখনৰ কলহ ভাঙি বান্দৰক খুৱালেহে তোৰ সুখ লাগে |” কৃষ্ণই মনে মনে ভাবে – “আৰে মাইয়া, তুমি কি বুজিবা | চুৰ কৰি খোৱা মাখনৰ সোৱাদেই বেলেগ | আৰু মই মাখন বান্দৰক খুওৱা নাই | মই তেওঁলোকৰ ঋণ সুজিছো | এসময়ত এওঁলোকে মোৰ লগত গৈ সাগৰ লংঘি ভোকে-পিয়াহে, নিস্বাৰ্থ ভাৱেৰে লংকাত ৰাবণৰ লগত যুদ্ধ দিছিল | মোৰ বাবে আত্মবলিদান দিছিল |”

দুজনী গোপী লগ হ’লে কথা পাতে – “আজি কানাই আহিছিলনে ?”
-       -   নাই, মোৰ ঘৰলৈ নাই অহা | তোমাৰ ঘৰলৈ ?
-   --  নাই, মোৰ ঘৰলৈও নাহিল | আহিব বুলি মাখন থৈ দিছিলো | কিয় জানো নাহিল | অন্য কৰোবাৰ ঘৰত খাইছেগৈ ছাগে |

এজনী গোপীয়ে জীয়েকেক কয় – “শুন, এইখিনি মাখন ভালকৈ লুকুৱাই থ’ | নহলে কানায়ে আহি খাই যাব | মই পানী আনিবলৈ যাওঁ | জীয়েকে উত্তৰ দিয়ে – “মা, তোৰ কথা মই একো বুজি নাপাওঁ | মাখন লুকুৱাই থবলৈ কৈছ, অথচ কানাই নাহিলেও তই ব্যাকুল হৈ পৰ’ |” মাকে কয় – “তই সেইবোৰ বুজি নাপাবি |”

এয়াই প্ৰেম | নিষ্পাপ, নিষ্কাম প্ৰেম | ভগৱানৰ প্ৰতি ভক্তৰ প্ৰেম | নন্দগাওঁৰ গোপীসকলে বিশ্বাস কৰে যিদিনা তেওঁলোকৰ ঘৰত কৃষ্ণই মাখন চুৰ কৰি খায় সেইদিনা গাইকেইজনীয়ে গাখীৰ বেছিকৈ দিয়ে | চিত্ত হৰণকাৰী কৃষ্ণ অহালৈ গোপীসকল বাট চাই থাকে |

প্ৰেমেৰে, বাঁহীৰ সুৰেৰে সকলোৰে চিত্ত হৰণ কৰা কৃষ্ণৰ নিজৰে চিত্ত কোনে হৰণ কৰিছিল ? কাৰ বাবে কৃষ্ণই বাঁহী বজাইছিল ? নাচিছিল ? ৰাধাৰ বাবে | সুৰদাসে সুন্দৰকৈ গাইছে –

“ৰাধা নথকাহলে বৃন্দাবন বৃন্দাবন ন’হলহেঁতেন
কৃষ্ণই বাঁহী নবজালেহেঁতেন
ৰাসলীলা নহলহেঁতেন
কৃষ্ণই নানাছিলেহেঁতেন
ৰাধাৰ বাবেই বৃন্দাবন বৃন্দাবন হৈছে |”

পৰিণয় নোহোৱাকৈয়ে প্ৰেমৰ পূজাৰীনী ৰাধা শ্ৰীকৃষ্ণৰ পাটৰাণীৰ আসনত অধিস্থিত | কৃষ্ণৰ নামৰ লগত ৰাধা নাম সংযুক্ত হৈ “ৰাধাকৃষ্ণ” বা “ৰাধেশ্যাম” হ’ল | বৃন্দাবনত ৰাধা আৰু কৃষ্ণক বেলেগ বেলেগ বুলি ভবা হোৱা নাই | ৰাধাই কৃষ্ণ আৰু কৃষ্ণই ৰাধা বুলিহে ভবা হৈছে | ইয়াৰ প্ৰমাণ বৃন্দাবনৰ শ্ৰীবাঙ্কে বিহাৰী মন্দিৰ |

ইয়াৰ পিছত কৃষ্ণই কালীয় নাগক দমন কৰে, পুলম্বাসুৰ, কেশী আদি দানৱক শেষ কৰে | তাৰ পিছত ইন্দ্ৰৰ মান ভংগ কৰে |

(আগলৈ)              

বিষয় – সঞ্চয় আৰু বিনিয়োগ (৩)


শ্বেয়াৰ বজাৰত বিনিয়োগৰ কথাৰে –

শ্বেয়াৰ বজাৰৰ কথা সকলোৱা জানেই আজিকালি | শ্বেয়াৰ বজাৰত কোম্পানীৰ শ্বেয়াৰ বেচা-কিনা কৰা হয় | এই বজাৰত ১৮ বছৰৰ ওপৰৰ সকলোৱে শ্বেয়াৰ কিনা-বেচা কৰিব পাৰে | এই শ্বেয়াৰ পোনে পোনে নিজৰ নামত নিজে বা কোনোবা ব্ৰকাৰৰ হতুৱাই কিনিব পাৰি বা কোনোবা ইকুইটি বেজ্‌দ্‌ মিউচুৱেল ফাণ্ডৰ যোগেদি শ্বেয়াৰত বিনিয়োগ কৰিব পাৰি | সঠিক সময়ত সঠিক কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰিলে দীঘলীয়া সময়ত পাব পৰা ৰিটাৰ্ণ কেতিয়াবা বিশ্বাস কৰিব পৰাতকৈ অলপ বেছি হয় | নিজৰ অভিজ্ঞতাৰ পৰা কৈছো – আজিৰপৰা ৮ বছৰ আগতে ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰত ৫০ হাজাৰ টকা বিনিয়োগ কৰিছিলো | প্ৰায় ১০ হাজাৰ মান টকা ডিভিডেণ্ট হিচাপে ঘূৰাই পোৱাৰ পিছত এতিয়া মোৰ ওচৰত থকা সেই শ্বেয়াৰ খিনিৰ মূল্য ৪ লাখতকৈ বেছি | মিউচুৱেল ফাণ্ডৰ কথা পিছলৈ থৈ পোনে পোনে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ কথা চমুকৈ, সহজকৈ আলোচনা কৰিম |

আৰম্ভনি কেনেকৈ কৰিব পাৰি –
১) কোনোবা বেংক বা ষ্টক ব্ৰোকাৰেজ ফাৰ্মত গৈ ডিমেট আৰু ষ্টক ট্ৰেডিং একাউন্ট খুলি লব লাগিব | পেন কাৰ্ড, ফটো, আই ডি প্ৰুফ আদি দৰকাৰ হব | সকলোখিনি ঠিক থাকিলে ডিমেট আৰু ষ্টক ট্ৰেডিং একাউন্ট খোলা হব আৰু ইউজাৰ আই ডি আৰু পাচৱৰ্ড পাই যাব |
২) নিজে অন্‌লাইন বা ব্ৰোকাৰেজ ফাৰ্মখনক টেলিফোনেৰে অনুৰোধ কৰি শ্বেয়াৰ কিনা-বেচা কৰিব পাৰি |
৩) একেবাৰে কম মুলধনেৰে শ্বেয়াৰ কিনা কাম আৰম্ভ কৰিব পাৰি | মই ১০ বছৰ আগতে প্ৰথম ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ এটা শ্বেয়াৰ ১৭০ টকা দি কিনিছিলো | ৭ বছৰমান পিছত সেই এটা শ্বেয়াৰৰ মূল্য ১৫০০ টকাতকৈ বেছি হৈছিল | ডিভিডেণ্টৰ কথা নকলোৱেই যেনিবা |

নিজৰ বাবে ষ্টক ব্ৰোকাৰেজ ফাৰ্ম বাচনি কৰোতে অলপ সাবধান হব লাগে | ব্ৰেণ্ড ভেল্যু থকা, গ্ৰাহকৰ কথা চিন্তা কৰা, নিজা ৰিচাৰ্চ টিম থকা ফাৰ্ম হব লাগে | এই কথাবিলাক জানিবলৈ নিজে ব্ৰোকাৰেজ ফাৰ্মখনৰ কাম কাজ চাই আহিব লাগে |

শ্বেয়াৰ বজাৰ – 
ভাৰতত দুখন প্ৰধান শ্বেয়াৰ বজাৰ আছে – নেচনেল্‌ ষ্টক একচেঞ্জ (এন.এচ.ই.) আৰু বোম্বাই ষ্টক একচেঞ্জ (বি.এচ.ই.) | প্ৰায় ৯৫% কোম্পানীৰ শ্বেয়াৰ প্ৰায় একে দামতে দুয়োটা একচেঞ্জতে উপলব্ধ | বজাৰৰ গতি নিৰ্ধাৰণ কৰিবলৈ দুয়োখন বজাৰতে দুটা সুচাংক আছে | এই সুচাংক দুটা বিভিন্ন ভাৰ্টিকেলত কাম কৰা কিছু সংখ্যক কোম্পানীৰ শ্বেয়াৰৰ দামৰ (দাম মানে কোম্পানীটোৰ শ্বেয়াৰৰ দাম আৰু লগতে তাৰ মাৰ্কেট কেপিটেলাইজেচন, আদি গননা কৰি উলিওৱা এটা বেইট ভেল্যু) ওপৰত নিৰ্ভৰ কৰে | বি.এচ.ই.ৰ সুচাংক হ’ল চেনচেক্স, যি ৩০ টা শ্বেয়াৰৰ দ্বাৰা নিৰ্ধাৰিত | আনহাতে ৫০ টা শ্বেয়াৰৰ দ্বাৰা নিৰ্ধাৰিত এন.এচ.ই.ৰ সুচাংক হ’ল নিফ্‌টি | অৱশ্যে মই নিজে চেনচেক্স বা নিফ্‌টিৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি আজিলৈকে বিনিয়োগৰ সিদ্ধান্ত লোৱা নাই |

শ্বেয়াৰ বজাৰে কেনেকৈ কাম কৰে ?

শ্বেয়াৰ বজাৰে কোম্পানীবিলাকক নিজৰ অংশ বিক্ৰী কৰি মূলধন গোটোৱাত সহায় কৰে আৰু আমাৰ দৰে সাধাৰণ মানুহক সেই কোম্পানীৰ অংশ ক্ৰয় কৰি সেই কোম্পানীটোৰ ব্যৱসায়ত নিজৰ মূলধন খটুৱাবলৈ সুবিধা দিয়ে | ডিমাণ্ড আৰু চাপ্লাইৰ ওপৰত এটা কোম্পানীৰ ষ্টকৰ দাম নিৰ্ভৰ কৰে | ডিমাণ্ড (কিনোতা) বেচি হ’লে চাপ্লাই (বেচোতা) কমি যায় আৰু ফলত ষ্টকৰ দাম বাঢ়ি যায় আৰু ভাইচা-ভাৰ্চা | ডিমাণ্ড আৰু চাপ্লাই বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে – কোম্পানীটোৰ বেলেঞ্চ শ্বীট, ব্যৱসায়িক প্লেন, মুনাফা, মেনেজমেণ্টৰ দক্ষতা আদি |   

(আগলৈ)

Monday 16 April 2012

কেইটামান অনুবাদ গল্প (১)

উপলব্ধি
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)

এজন ডেকা সৈনিকক নাৰ্চগৰাকীয়ে বৃদ্ধ ৰোগীজনৰ ওচৰলৈ লৈ আনিলে | “এয়া আপোনাৰ পুত্ৰ” – কেইবাবাৰো চিঞৰি কোৱাৰ পিছত বৃদ্ধই লাহ লাহে চকু মেলি চাবৰ চেষ্টা কৰিলে | সৈনিকজনে দেউতা বুলি মাতি বৃদ্ধৰ হাত এখন নিজৰ দুহাতত তুলি ললে | অতিশয় কষ্টত উশাহ-নিশাহ লৈ থকা বৃদ্ধই পুত্ৰক কাষত পাই চকুদুটা পুনৰ মুদি দিলে |
গোটেই ৰাতি সৈনিকজনে দেউতাকৰ হাতখন নিজৰ হাতত লৈ থাকিল আৰু দেউতাকৰ লগত কথা পাতি থাকিল | পুত্ৰৰ কথা শুনি দেউতাকে মাজে মাজে অলপ হাঁহিবৰ চেষ্টাও কৰিলে | নাৰ্চগৰাকীয়ে মাজতে আহি সৈনিকজনক অলপ বাহিৰলৈ ওলাই জিৰাই লবলৈ কৈছিল, কিন্তু সৈনিকজনে দেউতাকক এৰি আঁতৰি নগ|
ৰাতিপুৱাৰ সময়ত বৃদ্ধই পুত্ৰৰ হাতখন ধৰি থাকিয়েই শেষ নিশ্বাস ত্যাগ কৰিলে |
পিছত নাৰ্চগৰাকী আহিলত সৈনিকজনে তেওঁক সুধিলে – “চিষ্টাৰ, এই বৃদ্ধজন কোন ?”
আচৰিত হৈ নাৰ্চগৰাকীয়ে সুধিলে – “কিয়, এয়া তোমাৰ দেউতা নহয় জানো ?”
সৈনিকজনে কলে – “নহয় চিষ্টাৰ, এয়া মোৰ দেউতা নহয় | মই আগতে এখেতক কেতিয়াও দেখি পোৱা নাই | কালি মই আহিছিলো কাষৰ কোঠাটোত থকা মোৰ বন্ধুৰ খবৰ লবলৈ | ভুলতে ইয়াত সোমাই দেখিলো যে এই বৃদ্ধজনে নিজৰ অন্তিম সময়ত অকলে আছে | তেওঁ ইমানেই অসুস্থ যে তেওঁ মোকে নিজৰ পুত্ৰ বুলি ভাবিলে | সেইখিনি সময়ত তেওঁৰ বাবে মোৰ প্ৰয়োজন কিমান আছিল সেয়া মই উপলব্ধি কৰিব পাৰিছিলো | সেয়ে মই অন্তিম সময়খিনিত তেওঁৰ লগত থাকিলো |”   
---------------------------------------------------------------------------

অসহায় প্ৰেম
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)
এবাৰ সকলো অনুভৱ আৰু অনুভুতি মিলি মাজসাগৰৰ দ্বীপ এটাত পিক্‌নিক্‌ খাবলৈ গৈছিল | হঠাত্‍ ধুমুহা-বৰষুণৰ আগজাননী আহিল আৰু সকলোকে অতি সোনকালে দ্বীপতো খালি কৰি দিবলৈ হুকুম জাৰি কৰা হ| হঠাত্‍ দিয়া হুকুমটোৱে খেলিমেলি লগাই দিলে আৰু যেয়ে যেনকৈ পাৰে নাওঁত নিজৰ নিজৰ বস্তুবোৰ তুলি পলাবলৈ ধৰিলে | কিন্তু প্ৰেমৰ কোনো খবৰেই নাই, তেতিয়াও ব্যস্ত আনৰ লগত | শেষত যেতিয়া সঁচাকৈয়ে ধুমুহা আৰম্ভ হল তেতিয়াহে প্ৰেমে নিজকে বচোৱাৰ কথা চিন্তা কৰিলে | কিন্ত  তেতিয়ালৈ এখনো নাওঁ বাকী নাই |
প্ৰেমে দেখিলে সমৃদ্ধিয়ে এখন অতি আৰামদায়ক নাওঁত গৈ আছে | প্ৰেমে চিঞৰিলে – “সমৃদ্ধি, তুমি মোক লগত লৈ যাব পাৰিবানে ?” সমৃদ্ধিয়ে উত্তৰ দিলে – “নোৱাৰিম, মোৰ নাওঁ বহুমূলীয়া ধন-সোণেৰে ভৰ্ত্তি হৈ আছে | ইয়াত তোমাৰ বাবে ঠাই নাই |”
তেনেতে প্ৰেমে দেখিলে গৰ্ব আৰু অহংকাৰে এখন সুন্দৰ নাওঁত গৈ আছে | প্ৰেমে চিঞৰিলে – “তোমালোকে মোক লগত লৈ যাব পাৰিবানে ?” গৰ্ব আৰু অহংকাৰে    উত্তৰ দিলে – “চৰী দেই, তোমাৰ ভৰিত বোকা পানী লাগি লেতেৰা হৈ আছে | আমাৰ নাওঁখন দেখিবলৈ বেয়া হৈ যাব তুমি আহিলে |”
অলপ পিছত দুখ আহিল | প্ৰেমে সুধিলত দুখে কলে – “ক্ষমা কৰিবা বন্ধু, দুখতে মৰি যাওঁ যেন লাগিছে | তুমি মোৰ লগত আহিব নালাগে |”
সুখ আহিল | প্ৰেমে চিঞৰিলে – “সুখ, তুমি মোক বচোৱা |” কিন্তু সুখে নিজৰ লগত ইমানেই মগ্ন আছিল যে প্ৰেমৰ মাত নুশুনিলেই |
সকলোৱে এৰি যোৱা দেখি প্ৰেমৰ ভয় লাগিবলৈ ধৰিলে | তেনেতে কোনোবাই প্ৰেমক চিঞৰি মাতিলে – “প্ৰেম, তুমি মোৰ নাওঁত উঠা |” কিবা বুজিব পৰাৰ আগতেই কোনোবাই প্ৰেমক নাওঁখনত টানি উঠালে আৰু পলকতে নাওঁ গৈ সিপাৰ পালেগৈ | নাওঁৰ পৰা নামি প্ৰেমে জ্ঞানক লগ পালে | প্ৰেমে জ্ঞানক সুধিলে – “জ্ঞান, তুমি জানানে সেয়া কোন আছিল যি মোক নিজৰ নাওঁত তুলি আনি মোক ৰক্ষা কৰিলে ?”
জ্ঞানে উত্তৰ দিলে – “সেয়া সময় আছিল |”
প্ৰেমে সুধিলে – “সময়ে মোক কিয় উদ্ধাৰ কৰিলে ?”
জ্ঞানে উত্তৰ দিলে – “বন্ধু, এই পৃথিৱীত মাত্ৰ সময়ে তোমাৰ মূল্য বুজি পায় | তুমি কি কৰিব পাৰা, তুমি এই পৃথিৱীক কি দিব পাৰা সেয়া একমাত্ৰ সময়ে জানে | সেয়ে সময়ে তোমাক উদ্ধাৰ কৰিলে |”
--------------------------------------------------------------------------

জীৱনৰ প্ৰয়োজনীয় বস্তু
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এজন শিক্ষকে এদিন শ্ৰেণীকোঠাত টেবুলৰ ওপৰত এটা ডাঙৰ জাৰ, এখিনি অলপ ডাঙৰ শিলগুটি, এখিনি সৰু মিহি শিলগুটি আৰু অলপ বালি গোটাই ললে |
তেওঁ প্ৰথমে জাৰটোত ডাঙৰ শিলগুটিখিনি ভৰাই দিলে | ছাত্ৰ-ছাত্ৰীসকলক সুধিলে – “জাৰটো ভৰিলনে ?” সকলোৱে উত্তৰ দিলে – “ভৰিল চাৰ |”
তাৰ পিছত তেওঁ জাৰটোত সৰু মিহি শিলগুটিখিনি ভৰাই দিলে | মিহি শিলগুটিখিনিয়ে ডাঙৰ শিলগুটিখিনিৰ মাজে মাজে খালি ঠাই বিচাৰি সোমাই পৰিল | ছাত্ৰ-ছাত্ৰীসকলক সুধিলে – “জাৰটো ভৰিলনে ?” সকলোৱে উত্তৰ দিলে – “ভৰিল চাৰ |”
এইবাৰ তেওঁ জাৰটোত বালিখিনি বাকি দিলে | বালিখিনিয়ে তেতিয়াও বাকী থকা খালী ঠাইখিনিত সোমাই পৰিল | ছাত্ৰ-ছাত্ৰীসকলক তেওঁ পুনৰ সুধিলে – “জাৰটো ভৰিলনে ?” সকলোৱে উত্তৰ দিলে – “ভৰিল চাৰ |”
তেতিয়া শিক্ষকজনে কলে – “মই বিচাৰো তোমালোকে এই জাৰটো নিজৰ জীৱনটোৰ লগত তুলনা কৰা | জাৰটো যদি তোমাৰ জীৱন হয়, তেন্তে এই ডাঙৰ শিলখিনি হল তোমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ তোমাৰ পৰিয়াল, তোমাৰ বন্ধু, তোমাৰ স্বাস্থ্য | বাকী সকলোখিনি হেৰাই গলেও এই বস্তুখিনিৰে তোমাৰ জীৱনটো ভৰি থাকিব | কিন্তু এইখিনি এবাৰ হেৰাই গলে ঘূৰাই নোপোৱা |
সৰু মিহি শিলগুটিখিনি তোমাৰ জীৱনৰ সম্পদ তোমাৰ চাকৰি, তোমাৰ ঘৰ, তোমাৰ গাড়ী ইত্যাদি | এইখিনি এবাৰ হেৰাই গলেও ঘূৰাই পাব পাৰি |
বালিখিনি তোমাৰ জীৱনৰ বাকী সৰু সৰু কথাখিনি |
কিন্তু তুমি তোমাৰ জীৱনৰ জাৰটোত যদি প্ৰথমে বালিখিনি ভৰাই লোৱা, তেন্তে তাত শিলখিনিৰ বাবে ঠাই নাথাকিব |
প্ৰথমে শিলখিনিৰ যত্ন লোৱা, বালিখিনি নিজে নিজে ঠিক হৈ থাকিব |
--------------------------------------------------------------------
আশা নকৰিবা, সিদ্ধান্ত লোৱা
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এবাৰ ৰাজে এয়াৰপৰ্টলৈ তাৰ বন্ধু এজনক আনিবলৈ গৈছিল | সি ৰৈ থাকোতে তাৰপৰা মাত্ৰ তিনিফুট আঁতৰত এটা অতি সুন্দৰ ঘটনা ঘটিল যিটোৱে তাক বহুত কথা শিকাই দিলে |
এজন মানুহ প্লেনৰ পৰা নামি আহিছে | তেওঁক এয়াৰপৰ্টৰ পৰা নিবলৈ অহা তেওঁৰ পৰিয়ালটো আহি ৰাজৰ ওচৰতে ৰ’লহি | মানুহজনে আহিয়েই বেগটো থৈ সৰু লৰাটোক (প্ৰায় ৬ বছৰীয়া) সাবটি ধৰিলে | মানুহজনে ক’লে – “মোৰ তোমালৈ বহুত মনত পৰিছিল |” লৰাটোৱে ক’লে – “দেউতা, মোৰো তোমালৈ বহুত মনত পৰিছিল |”
তাৰ পিছত মানুহজনে ডাঙৰ লৰাটোক (প্ৰায় ১০ বছৰীয়া) সাবটি ধৰি ক’লে – “বাহ, তুমি আৰু অলপ ওখ হ’লা | বঢ়িয়া |” লৰাটোৱে হাঁহি এটা মাৰি দেউতাকক সাবটি ধৰিলে |
এইবাৰ তেওঁ মাকৰ কোলাত উঠি উত্‍পাত কৰি থকা ছোৱালীজনীক (প্ৰায় ডেৰ বছৰীয়া) নিজৰ কোলাত লৈ সাবটি ধৰিলে | ইমানপৰে আমনি কৰি থকা ছোৱালীজনীয়ে দেউতাকৰ ডিঙিত সাবটি ধৰি শান্ত হৈ পৰিল |
অলপ সময়ৰ পিছত তেওঁ ছোৱালীজনীক নিজৰ বৰপুত্ৰৰ হাতত তুলি দিলে আৰু তেওঁ নিজৰ পত্নীক সাবটি ধৰিলে | কিছু সময় সাবটি ধৰি থাকি তেওঁ পত্নীৰ কাণত ফুচফুচাই ক’লে – “মই তোমাক ভালপাওঁ |”
গোটেই কথা আৰু কামখিনি দেখি ৰাজে সোধো-নুসোধোকৈ মানুহজনক সুধিলে – “আপোনালোক নিশ্চয় বহুত সুখী | বিয়া হোৱা কিমান দিন হ’ল ?”
মানুহজনে উত্তৰ দিলে – “১৪ বছৰ |”
ৰাজে পুনৰ সুধিলে – “আপুনি নিশ্চয় আঁতৰত থাকে | কিমান দিনৰ মূৰত ঘৰলৈ আহিছে ?”
মানুহজনে উত্তৰ দিলে – “আঁতৰত নাথাকো | এফালে গৈছিলো | সম্পূৰ্ণ দুদিনৰ মূৰত ঘূৰি আহিছো |”
আচৰিত হৈ ৰাজে ক’লে – “বাহ, মই আশা কৰো মোৰো যেন বিয়াৰ পিছত জীৱনটো আপোনাৰ দৰেই মৰমেৰে ভৰা হয় |”
মানুহজনে ওঠত লৈ থকা হাঁহিটো সামৰি ৰাজৰ কাষ চাপি আহিল আৰু ক’লে – “ডেকা লৰা, আশা নকৰিবা | সিদ্ধান্ত লোৱা যে বিয়াৰ পিছত তোমাৰ জীৱনটো যেন মৰমেৰে ভৰা হয় |”  
-----------------------------------------------

সপোনটো হেৰাই যাবলৈ নিদিবা
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
মন্টিৰ এখন বিশাল ঘোঁৰাৰ ফাৰ্ম আছিল, য’ত এখন আটকধুনীয়া ঘোঁৰাদৌৰৰ ট্ৰেক আছিল | তেওঁ নিজৰ ফাৰ্মখন আনক বিভিন্ন অনুষ্ঠান আদি পাতি দুখীয়া লৰা-ছোৱালীৰ বাবে পইচা তোলা কামত ব্যৱহাৰ কৰিবলৈ দিছিল | এবাৰ তেওঁ তেনে এটা অনুষ্ঠানত এজাক লৰা-ছোৱালীক ক’লে – “তোমালোকে জানানে মই মোৰ ফাৰ্মখন কিয় আনক ব্যৱহাৰ কৰিবলৈ এৰি দিওঁ ? শুনা –
এজন ডেকা মানুহ আছিল | তেওঁ ঘোঁৰা খুব ভাল পাইছিল আৰু তেওঁ ঘোঁৰাৰ প্ৰশিক্ষক আছিল | নিজৰ কামটো তেওঁ ইমানেই ভাল পাইছিল যে ঘোঁৰাৰ প্ৰশিক্ষণ দিবলৈ তেওঁ আস্তাবলে আস্তাবলে, ইখন ঠাইৰপৰা সিখন ঠাইলৈ ঘূৰি ফুৰিছিল | ফলত হাইস্কুলত পঢ়ি থকা তেওঁৰ লৰাটোৰ পঢ়া-শুনাত ব্যাঘাত জন্মিছিল আৰু লৰাটোৱে পঢ়া-শুনাত সিমান ভাল কৰিব পৰা নাছিল | এবাৰ স্কুলত শিক্ষকে লৰাটোক এখন ৰচনা লিখিবলৈ দিলে, বিষয়টো ’মোৰ জীৱনৰ লক্ষ্য’ |
সেইদিনা ৰাতি লৰাটোৱে সাত পৃষ্ঠা জোৰা এখন ৰচনা লিখিলে সি ডাঙৰ হৈ কি হ’ব বিচাৰে | সি লিখিলে ডাঙৰ হৈ সি এখন ঘোঁৰাৰ বিশাল ফাৰ্মৰ মালিক হব বিচাৰে |  লৰাটোৱে নিজৰ সপোনটো পুঙ্খানুপুঙ্খৰূপে লিখিলে | আনকি লৰাটোৱে তাৰ সপোনটোৰ এখন ছবিও আঁকি দিলে | কেনেকৈ ২০০ একৰ মাটিত ফাৰ্মখন হব, কেনেকৈ ফাৰ্মখনৰ একাষত এটা সৰু পুখুৰীৰ পাৰত তাৰ নিজা ২০০০০ স্কোৱাৰ ফুটৰ ঘৰটো থাকিব, ঘোঁৰাদৌৰৰ ট্ৰেক থাকিব, ইত্যাদি ইত্যাদি |
পিছদিনা লৰাটোৱে ৰচনাখন স্কুলত জমা দিলে | দুদিনৰ পিছত শিক্ষকে ৰচনাখনত ’এফ’ গ্ৰেড দি ওভোতাই দিলে আৰু লৰাটোক শিক্ষকে লগ ধৰিবলৈ ক’লে |
লৰাটোক শিক্ষকে ক’লে – “কি লিখিছা এইবিলাক ? অবাস্তৱ সপোন | তোমাৰ নিচিনা এটা লৰাই এইবিলাক সপোন দেখাটোও ভুল | জানানে ২০০ একৰ মাটিৰ দাম কিমান ? ক’ত পাবা ইমান টকা ? হা? .... লৈ যোৱা এইখন | ফালি পেলোৱা | আৰু নতুনকৈ এটা নিজে ধুকি পোৱা লক্ষ্যৰ বিষয়ে লিখি আনা | মই তোমাৰ গ্ৰডটো সলনি কৰি দিব পাৰো |”
লৰাটোৱে ৰচনাখন লৈ আহিল | সাতদিন সাতৰাতি চিন্তা কৰি লৰাটোৱে ৰচনাখনত কোনো সালসলনি নকৰাকৈ পুনৰ শিক্ষকজনক ঘূৰাই দিলে আৰু ক’লে – “চাৰ, আপুনি গ্ৰেড সলনি কৰিব নালাগে আৰু ময়ো মোৰ সপোনটো সলনি নকৰো |”
ইমানখিনিলৈকে কৈ মন্টিয়ে লৰা-ছোৱালীখিনিক ক’লে – “মই এই কথাখিনি এই কাৰণেই তোমলোকক ক’লো কাৰণ তোমালোকে এতিয়া মোৰ ২০০ একৰ মাটিত থকা ঘোঁৰাৰ ফাৰ্মখনৰ একাষত থকা মোৰ এই ২০০০০ স্কোৱাৰ ফুটৰ ঘৰটোত বহি আছা | মই সেই তাহানিতে লিখা ৰচনাখন এতিয়াও মোৰ শুৱনি কোঠাৰ দেৱালত বন্ধাই আঁৰি থৈছো | তাত মোৰ শিক্ষকজনে দিয়া ’এফ’ গ্ৰেডটো এতিয়াও জিলিকি আছে | আটাইতকৈ ডাঙৰ কথা কি জানা – আজি কিছুদিন আগতে সেই শিক্ষকজন (তেওঁ এতিয়া এজন বুঢ়া ধৰ্মযাজক) ৩০ জন শিশুৰে সৈতে ইয়াত এসপ্তাহ থাকি গৈছে | যাবৰ সময়ত অনুশোচনাত দগ্ধ হৈ তেওঁ মোক কৈছিল – ’মন্টি, মই যেতিয়া তোমালোকৰ শিক্ষক আছিলো তেতিয়া মই বহুত ছাত্ৰ-ছাত্ৰীৰ সপোন চুৰ কৰি ধ্বংস কৰিলো | তুমি সাহসী আৰু আত্মবিশ্বাসী আছিলা কাৰণে নিজৰ সপোনটোত আকোৰগোঁজ হৈ লাগি থাকি আজি সফল হ’লা |’
তাৰ পিছত মন্টিয়ে এই দুটা বাক্যটোৰে নিজৰ কথাখিনি সামৰিলে – “কাকো নিজৰ সপোনটো চুৰ কৰিবলৈ নিদিবা | পৰিস্থিতি যিয়েই নহওক, সদায় নিজৰ হৃদয়ৰ কথা শুনিবা |”
-------------------------------------------------------

যোগাত্মকভাৱে সমস্যাৰ সন্মুখীন হোৱা
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এজন খেতিয়ক আৰু তেওঁৰ বুঢ়া খচ্চৰটোৰ কাহিনী |
এজন খেতিয়কৰ এটা বুঢ়া খচ্চৰ আছিল | এদিন খচ্চৰটো ভুলতে গৈ শুকান নাদ এটাত পৰিল | নাদটোত পানী হয় নাথাকে বা থাকিলেও একেবাৰে তলিত কেতিয়াবা অলপ থাকে | খেতিয়কজনে দেখিলে নাদ আৰু খচ্চৰ দুয়োটাৰে এতিয়া কোনো কাম নাই | গতিকে খচ্চৰটোৱে কষ্ট পাই থকাতকৈ তাক ইয়াতে পুতি মাৰি পেলোৱাই ভাল |
সেইমতে তেওঁ ওচৰ চুবুৰীয়াক মাতি সকলোকে লগাই দিলে নাদটো মাটি, পেলনীয়া বস্তু আদিৰে পুতি দিবলৈ | কাম আৰম্ভ হ’ল | নাদটো পুতি পেলাবলৈ চেষ্টা কৰা দেখি প্ৰথমতে খচ্চৰটোৱে বৰ ভয় খাইছিল | কিন্তু ক্ষন্তেকতে খচ্চৰটোৱে ভাবি পালে জীয়াই থাকিবলৈ কি কৰিব লাগিব | সেইমতে প্ৰতিবাৰে তাৰ পিঠিত মাটিৰ ওজন পৰাৰ লগে লগে সি গাটো জোকাৰি মাটিখিনি তাৰ পিঠিৰপৰা আঁতৰাই দিয়ে আৰু তাৰ পিছত মাটিখিনিৰ ওপৰত থিয় হৈ দিয়ে | প্ৰতিবাৰে মাটিখিনি পৰোতে পিঠিত সি খুব দুখ পায়, বাৰে বাৰে পৰি থকা মাটিৰ খুন্দাত তাৰ পিঠিয়েদি তেজ বৈ গৈছিল, কিন্তু সেই দুখ-কষ্টই তাৰ জীয়াই থকাৰ বাবে লোৱা সিদ্ধান্তক তলাব নোৱাৰিলে | নিজকে উত্‍সাহ দিবলৈ সি নিজকে নিজে ক’লে – “মই জীয়াই থাকিবই লাগিব, মই জীয়াই থাকিবই লাগিব |” অৱশেষত নাদটো মাটিৰে প্ৰায় ভৰি পৰিল আৰু লবেজান অৱস্থাত খচ্চৰটো নাদটোৰ পৰা ওলাই আহিল | একমাত্ৰ সাহসেৰে আৰু যোগাত্মকভাৱে সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই খচ্চৰতো নিশ্চিত মৃত্যুৰ মুখৰপৰা সাৰি আহিল আৰু জীয়াই থাকিল |
---------------------------------------------------

পৰিশোধ কৰা হৈ গৈছে
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এজন অতি দুখীয়া, কেও-কিছু নথকা লৰা আছিল | নামটো ৰবাৰ্ট | নিজৰ পঢ়া খৰছ উলিয়াবলৈ লৰাটোৱে মানুহৰ ঘৰে ঘৰে বস্তু বেচিছিল | যিকেইটা পইচা লাভ পায় সেইকেইটাৰে কোনোমতে নিজৰ পঢ়াৰ খৰচ উলিয়াই | এবাৰ দুপৰীয়া এঘৰত বস্তু বেচি থাকোতে তাৰ খুব ভোক লাগিল | হাতত সেইদিনা পইচাও নাছিল তাৰ | কিন্তু লাজতে সি মানুহঘৰত একো খুজিব নোৱাৰিলে | ভাবিলে পিছৰ ঘৰত কিবা এটা খাবলৈ বিচাৰিব |
পিছৰ ঘৰটোৰ দুৱাৰত মাত দিওঁতে ভিতৰৰ পৰা এগৰাকী অতি সুন্দৰ মহিলা ওলাই আহিল | লাজতে লৰাটোৱে মহিলাগৰাকীক খাবৰ বাবে একো খুজিব লোৱাৰিলে | তাৰ ঠাইত সি তেওঁক এগিলাচ পানী খুজিলে | মহিলাগৰাকীয়ে লৰাটোৰ ভোকাতুৰ মুখখন দেখি কিবা এটা বুজি পালে আৰু তাক ডাঙৰ গিলাচ এটাত এগিলাচ গাখীৰ খাবলৈ দিলে | গাখীৰখিনি খাই লৰাটোৱে মহিলাগৰাকীক সুধিলে – “এই গাখীৰখিনিৰ বাবে মই আপোনাক কি দিব লাগিব ?” মানুহগৰাকীয়ে ক’লে – “তুমি একো দিব নালাগে |”  লৰাটোৱে ক’লে – “তেন্তে মই আপোনাক মোৰ হৃদয়েৰে ধন্যবাদ জনাইছো |” সেইদিনা সেই ঘৰটোৰ পৰা কৃতজ্ঞতাৰে ভৰা হৃদয় এখন লৈ ওলাই আহিছিল ৰবাৰ্ট |
বহুত বছৰৰ পিছত সেই মানুহগৰাকী এটা অতি কঠিন অসুখত পৰিল | সৰু চহৰখনৰ ডাক্টৰসকলে উপায়হীন হৈ মানুহগৰাকীক ডাঙৰ চহৰলৈ বিশেষজ্ঞ ডাক্টৰৰ ওচৰলৈ পঠাই দিলে | বিশেষজ্ঞ ডাক্টৰ ৰবাৰ্টক খবৰ দিয়া হ’ল | ডা: ৰবাৰ্টে যেতিয়া মানুহগৰাকী ক’ৰ পৰা আহিছে জানিলে তেওঁ উধাতু খাই আহিল | মানুহগৰাকীক দেখাৰ লগে লগে তেওঁ চিনি পালে | নিজৰ সমস্ত জ্ঞান আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি তেওঁ মানুহগৰাকীক ভাল কৰি তুলিলে |
ডা: ৰবাৰ্টে আস্পতালৰ একাউণ্টচ্‌ বিভাগক অনুৰোধ কৰিলে সেই মানুহগৰাকীৰ চিকিত্‍সাৰ খৰচৰ বিলখন যেন প্ৰথম তেওঁলৈ পঠোৱা হয় | সেইমতে মানুহগৰাকীয়ে আস্পাতালত দিবলগীয়া টকাৰ বিলখন প্ৰথম ড: ৰবাৰ্টৰ ওচৰলৈ আহিল | ডা: ৰবাৰ্টে বিলখনৰ কাষত কিবা এটা লিখিলে আৰু মানুহগৰাকীৰ ওচৰলৈ পঠাই দিলে |
মানুহগৰাকীয়ে হিচাপখিনি চাবলৈকে ভয় কৰিছিল | কাৰণ তেওঁ জানিছিল যে এই টকাখিনি দিয়াৰ পিছত তেওঁ ধাৰত পোত যাব | ভয়ে ভয়ে তেওঁ বিলখন খুলিলে | টকাৰ অংকটো দেখি তেওঁৰ চকু কপালত উঠিল | তেনেতে বিলখনৰ কাষত ডা: ৰবাৰ্টৰ চহীৰে লিখি থোৱা কথাখিনিলৈ তেওঁৰ চকু গ’ল | তাত লিখা আছিল _ “টকাখিনি ইতিমধ্যে এগিলাচ গাখীৰেৰে পৰিশোধ কৰা হৈ গৈছে |”       
 --------------------------------------------------------