Sunday 27 November 2011

বৃন্দাবনৰ প্ৰেম (২) - শ্ৰীমদ্ভাগৱত মহিমা |

মহৰ্ষি ব্যাসদেৱ ৰচিত শ্ৰীমদ্ভাগৱত মহাপুৰাণ শ্ৰীকৄষ্ণৰ কথাৰূপ | শ্ৰীকৄষ্ণৰ কথা মানেই শ্ৰীমদ্ভাগৱতৰ কথা |
ৠষি কৄষ্ণ দ্বৈপায়ন বেদব্যাস এবাৰ গভীৰ দুখত নিমগ্ন হ- যেতিয়া ১২ বছৰৰ মূৰত জন্ম গ্ৰহণ কৰা তেওঁৰ পুত্ৰ শুকদেৱে ঘৰ-সংসাৰ, পিতা-মাতা, মায়া-মোহ সকলো ত্যাগ কৰি সন্যাসী হৈ বনগমন কৰিলে | চাৰিবেদ ৰচয়িতা, ১৮ পুৰাণ ৰচয়িতা, মহাভাৰত ৰচয়িতা ৠষি বেদব্যাস স্থিতপ্ৰজ্ঞ হৈও পুত্ৰশোকত অধীৰ হৈ পৰিল, স্তব্ধ হৈ পৰিল তেওঁৰ ৰচনা | ৠষিৰ অৱস্থা দেখি দেৱৰ্ষি নাৰদে তেওঁক কলে - ৠষিবৰ, এই শোকৰ পৰা উদ্ধাৰ পোৱাৰ মাত্ৰ এটাই উপায় আছে | আপোনাৰ সকলো ৰচনাৰ সাৰমৰ্ম লৈ সৄষ্টিৰ আদিৰে পৰা আৰম্ভ কৰি সকলো কথা লিপিবদ্ধ কৰক | সেই ৰচনাত আপুনি যেতিয়া শ্ৰীকৄষ্ণৰ বাল্যকালৰ কথা বৰ্ণনা কৰিব তেতিয়াই আপুনাৰ দুখ শোক অন্ত হব |
নাৰদৰ কথামতে বেদব্যাসে লিপিবদ্ধ কৰিলে পৄথিৱীৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ, শ্ৰীকৄষ্ণৰ কথাৰূপ - শ্ৰীমদ্ভাগৱত | ১২ টা স্কন্ধত বিভক্ত, ৩৩২ টা অধ্যায়যুক্ত শ্ৰীমদ্ভাগৱত ১৮ হাজাৰ শ্লোকেৰে সমৄদ্ধ |
উত্তৰা-অভিমণ্যুৰ পুত্ৰ মহাৰাজ পৰিক্ষীতৰ অনুৰোধত ব্যাসদেৱৰে পুত্ৰ ৠষি শুকদেৱে এই ভাগৱত পৃথিৱীৰ মানুহে বুজি পোৱাকৈ পাঠ কৰি বৰ্ণনা কৰিলে | পৰিক্ষীতৰ অনুৰোধৰ আঁৰৰ কথাখিনি চমুকৈ এনেধৰনৰ -
ইতিমধ্যে শ্ৰীকৄষ্ণ শ্ৰীবলৰামে মহাপ্ৰস্থান কৰিছে, দ্বাৰকা সাগৰত বুৰ গৈছে আৰু পান্ডৱসকলে পৰিক্ষীতক ৰজা পাতি মহাপ্ৰয়াণ কৰিছে | পৰিক্ষীতৰ ৰাজত্বত প্ৰজা সুখে-শান্তিৰে আছে | সময় আহিল, যুগ পৰিবৰ্তন হল আৰু দ্বাপৰ যুগ শেষ হৈ কলিযুগে প্ৰবেশ কৰিলে | ৰজা পৰিক্ষীতৰ ওচৰলৈ যেতিয়া কলি আহিল পৰিক্ষীতে কলিক আদেশ দিলে - "তুমি মাত্ৰ চাৰিঠাইত বাস কৰিব পাৰিবা - বেশ্যালয়, মদিৰালয়, জুৱা খেলা ঠাই আৰু যত প্ৰাণীয়ে হিংসা-কপট কৰে তাত |" আদেশ মানি লৈ কলিয়ে পৰিক্ষীতক কলে - "হব মহাৰাজ, সেয়াই হব | কিন্তু অনুৰোধ কৰিছো - এই চাৰিঠাইৰ লগতে মোক স্বৰ্ণত বসতি দিয়ক |" পৰিক্ষীতে কলে - "তথাস্তু" | কথাৰ লাচত পৰিক্ষীতে ভাবিয়েই নাচালে যে তেওঁ নিজে পিন্ধি থকা মুকুটটোও সোনৰ | ফলত কলি আহি পোনে পোনে ৰজাৰ শিৰত বহিলহি | এই কলিৰ প্ৰভাবতেই কিছুদিনৰ পিছত পৰিক্ষীতে এটা ভয়ানক পাপ কৰিলে | এবাৰ মৄগয়াৰ পৰা উভতি আহোঁতে ৰজাই সমীক ৠষিৰ আশ্ৰমত সোমাই ৠষিক পানী খুজিলে | সেই সময়ত সমীক ৠষি ধ্যানস্থ হৈ আছিল কাৰনে ৰজাৰ মাত নুশুনিলে | খঙত পৰিক্ষীতে ওচৰতে মৰি পৰি থকা সাপ এটা কাঁড়ৰ আগেৰে তুলি আনি ৠষিৰ ডিঙিত মেৰিয়াই দিলে | ধ্যানস্থ ৠষিয়ে একোৱেই গম নাপালে | পিছত সমীক ৠষিৰ পুত্ৰসকলে আহি পিতাকৰ অৱস্থা দেখি খঙত একোনাই হৈ অভিশাপ দিলে - "যিয়ে পিতাৰ এই অৱস্থা কৰিছে তেওঁক অহা সাতদিনৰ দিনা তক্ষক সাপে খুটি মৃত্যু ঘটাব" |
পুত্ৰসকলৰ গৰ্জন শুনি সমীক ৠষিৰ ধ্যান ভংগ হল আৰু ক্ৰোধ দমন কৰিব নোৱাৰা বাবে পুত্ৰসকলক খঙ কৰিলে আৰু দুখে-বেজাৰে আহি পৰিক্ষীতক সকলো কলেহি | চকুৰে অন্ধকাৰ দেখি ৰজাই সমীক ৠষিক সুধিলে কি কৰা উচিত | ৠষিয়ে কলে - মহাৰাজ, মই কি ক? এই প্ৰশ্ন আপুনি ৠষি শুকদেৱক কৰক | সেইমতে পৰিক্ষীতে গৈ গংগাৰ পাৰত আশ্ৰম পাতি থকা ৠষি শুকদেৱক সুধিলে - "মুনিবৰ, যি মানুহে গম পায় যে তেওঁৰ মৄত্যু অহা সাতদিনৰ দিনা হব সেই মানুহে কি কৰা উচিত ?"
ৠষি শুকদেৱৰ দৰে মহাপুৰুষে যেতিয়া কথা কয় তেতিয়া তেওঁলোকৰ মানুহৰ কথা মনত নাথাকে, তেওঁলোকৰ কথা সমস্ত মানৱক উদ্দেশ্য কৰি হয় | ৰজাৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কলে - "মহাৰাজ, তুমি মহা ভাগ্যৱান | মৄত্যু অন্তিম সত্য আৰু তুমি তোমাৰ মৄত্যুৰ সময় জানা | তোমাৰ বাদে আন কোনও নিজৰ মৄত্যুৰ সময় নাজানে | পৄথিৱীৰ সকলো দুখ, শোক আৰু মৄত্যুভয়ৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ উপায় হল শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰা |"
ৰজাই শুকদেৱক অনুৰোধ কৰিলে - "হে জ্ঞানীশ্ৰেষ্ঠ, আপোনাৰ পৰাই মই শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰিব খোজো |"
এইদৰেই শুকদেৱে পৰিক্ষীতক শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰালে | সাতদিনৰ এই অনুষ্ঠানত শুকদেৱৰ পিতৄ ব্যাসদেৱকে আদি কৰি সকলো ৠষি-মুনি উপস্থিত আছিল | দেৱৰো দুৰ্লভ শ্ৰীমদ্ভাগৱত শ্ৰৱণ কৰি ৰজা পৰিক্ষীত ধন্য হৈছিল |
এই শ্ৰীমদ্ভাগৱতত বৰ্ণিত হোৱা শ্ৰীকৄষ্ণৰ বাল্যকালছোৱাৰ ৰস যি এবাৰ পান কৰিছে, তেওঁ চিৰদিনৰ বাবে মন্ত্ৰমুগ্দ্ধ হৈ গৈছে |

Saturday 12 November 2011

ব্যাসদেৱৰ গুহা

বদ্ৰীনাথৰ কথা আগতে লিখিছিলো |

এই বদ্ৰীনাথৰ ৪ কি.মি. উত্তৰে আছে মহৰ্ষি ব্যাসদেৱৰ গুহা | এই গুহাত বহিয়েই ব্যাসদেৱে চাৰিবেদ আৰ মহাভাৰত ৰছনা কৰিছিল | ব্যাসদেৱে যেতিয়া বেদ ৰছনা কৰিবলৈ মন কৰিলে তেতিয়া তেওঁ দেৱতাসকলক অনুৰোধ কৰিলে যে তেওঁ কৈ যাব আৰু কোনোবাই তেওঁৰ হৈ লিপিবদ্ধ কৰি যাব লাগে | শ্ৰীগনেশ ব্যাসদেৱৰ লগত বহি লিখি যাবলৈ মান্তি হ’ল - কিন্তু এটা চৰ্তত যে ব্যাসদেৱে একেলেথাৰীয়ে কৈ যাব লাগিব | যদিহে ব্যাসদেৱে মাজতে ৰৈ যায় তেন্তে শ্ৰীগনেশে আৰু নিলিখে | গনেশৰ কথাত ব্যাসদেৱ মান্তি হ’ল আৰু লগতে গনেশক এটা চৰ্ত দিলে যে - "মই যি কম, সেয়া আপুনি নুবুজাকৈ লিখিব নোৱাৰিব | মই কম, আপুনি প্ৰথমতে বুজি লব আৰু তাৰ পিছতহে লিপিবদ্ধ কৰিব |" মিচিকিয়া হাঁহিৰে শ্ৰীগনেশ লিখিবলৈ মান্তি হ’ল আৰু এই গুহাত বহি মহৰ্ষি ব্যাসদেৱে শ্ৰীগনেশৰ হতুৱাই লিপিবদ্ধ কৰোৱালে চাৰিবেদ আৰ মহাভাৰত |

পান্ডৱসকলে মহাপ্ৰয়াণ যাত্ৰাত বদ্ৰীনাথ হৈ এই পথেদিয়েই যাত্ৰা কৰিছিল স্বৰ্গাৰোহিনী পৰ্বতলৈ | এই স্বৰ্গাৰোহিনী পৰ্বততেই দ্ৰৌপদীসহ চাৰি পান্ডৱ এজন এজনকৈ খহি পৰিছিল আৰু কুকুৰৰূপী ধৰ্মৰাজক লগত লৈ একমাত্ৰ যুধিস্থিৰে স্বৰ্গাৰোহিনী পৰ্বতৰ শিখৰত উপস্থিত হৈছিলগৈ, য’ৰ পৰা তেওঁ সোঁশৰীৰে স্বৰ্গযাত্ৰা কৰিছিল |

[বি.দ্ৰ.: এই কথাখিনি মই বৄন্দাবনৰ সন্ত কেইজনমানৰ মুখত শুনা |]

Monday 7 November 2011

কেইটামান কথা কবিতা


                          উদ্দেশ্যবিহীনতা

সময় নাই - নিজৰ বাবেও, আনৰ বাবেও
ধন-সম্পত্তি, পৰিয়াল - সকলো আছে
তথাপিও নাজানো কিহৰ পিছ্ত দৌৰিছো
ভাবিবলৈ সময় নাই - কোনোবাই পিছ পেলাই যাব পাৰে |
মা-দেউতাক মনত আছে
মাৰ স্পৰ্শ, মাৰ মৰম, মাৰ হাঁহি, দেউতাৰ চিন্তা - সকলো মনত আছে
কিন্তু মা-দেউতাৰ বাবে সময় নাই |

বন্ধুবোৰৰ নাম মনত আছে - মবাইলত নম্বৰো লিখি থৈছো
কিন্তু কথা পাতিবলৈ সময় নাই |
সুখ আছে - হাঁহিবলৈ সময় নাই
দুখ আছে - কান্দিবলৈ সময় নাই |
দৌৰিছো, মাত্ৰ দৌৰিছো -
ভাগৰিবলৈ সময় নাই, জিৰাবলৈ সময় নাই |

কেতিয়া বুজিম এই দৌৰৰ উদ্দেশ্যবিহীনতা ?



যুদ্ধজয়ৰ উৎসৱ এতিয়াও চলি আছে ইয়াত
অনাধিকাৰ প্ৰবেশ কৰিছিলা তোমালোকে আমাৰ মৰমৰ দেশখনত
আমি প্ৰতিবাদ কৰোতে মেচিনগানেৰে উত্তৰ দিছিলা
তেজ নৈ হৈ বৈছিল ...
মাইলাই গাওঁৰ ৭০০ মানুহক হত্যা কৰিবলৈ তোমালোকক সময় লাগিছিল মাত্ৰ আধাঘন্টা |
হো চি মিনক চিনি পাইছিলানে - থুতৰিত অলপ দাঢ়ি থকা, খীণকৈ ২১ বছৰীয়া মৰমলগা লৰাজন 
আমি সংগঠিত হৈছিলো - তোমালোকে নাম দিছিলা ভিয়েটকং গেৰিলা
কিন্তু আচলতে আমি আছিলো মুক্তি বাহিনীৰ সেনানী |
অসম্ভবক সম্ভব কৰি গঢ়ি তুলিছিলো ১০০০ মাইল দীঘল হো চি মিন ট্ৰেইল -
লানি নিছিগাকৈ আগবাঢ়ি আহিছিল মুক্তিযোদ্ধা সকল - মৄত্যুভয়হীন, হাতত মেচিনগান, চকুত দৄঢ়তা, হৄদয়ত প্ৰেম -
আমাক নেতৄত্ব দিছিল সামৰিক শিক্ষা নথ্কা এজন প্ৰাক্তন স্কুল শিক্ষকে -
তোমালোকৰ নেতৄত্বত আছিল বাহুত চাৰিটা তৰা পিন্ধা ভদ্ৰলোকজন |
কি ভীষণ যুদ্ধ চলিছিল ...
আমাৰ মুক্তি সংগ্ৰাম তোমালোকৰ বাবে হৈ পৰিছিল জীয়াই থকাৰ সংগ্ৰাম |
যুদ্ধৰ মাজৰ সময়খিনিত তোমালোকে হীনমণ্যতাত ভুগিছিলা, নিজৰ মাজতে কাজিয়া কৰিছিলা -
আৰু আমি - আমি হাহিঁছিলো, হেৰাই যোৱা প্ৰিয়াক বিচাৰি কান্দিছিলো, প্ৰেম কৰিছিলো
কাইলৈ জীয়াই থকাৰ নিশ্চয়তা নাছিল কাৰণেই আমাৰ প্ৰেম আছিল স্বৰ্গীয়, বাধাহীন |
যুদ্ধত হাৰি তোমালোক পলাইছিলা, ধ্বংস কৰি থৈ গৈছিলা আমাৰ মৰমৰ দেশখন -
আমি নতুনকৈ গঢ়ি লৈছিলো - নতুন নগৰখনৰ নাম দিছিলো - হো চি মিন নগৰ |
মুক্তিৰ আনন্দ, যুদ্ধজয়ৰ উৎসৱ এতিয়াও চলি আছে ইয়াত .....
(ভিয়েটনামৰ মুক্তিযুদ্ধৰ সৈনিকসকললৈ শ্ৰদ্ধাৰে....)

(এই কবিতাটো ফেচবুকৰ "অসমীয়া কথা বতৰা" গোটে প্ৰকাশ কৰা সাহিত্য ডট অৰ্গৰ নৱেম্বৰ মাহৰ সংখ্যাত প্ৰকাশ হৈছে | লিংকটো দিছো - http://www.xahitya.org/2011/11/14/%e0%a6%af%e0%a7%81%e0%a6%a6%e0%a7%8d%e0%a6%a7%e0%a6%9c%e0%a6%af%e0%a6%bc%e0%a7%b0-%e0%a6%89%e0%a7%8e%e0%a6%b8%e0%a7%b1-%e0%a6%8f%e0%a6%a4%e0%a6%bf%e0%a6%af%e0%a6%bc%e0%a6%be%e0%a6%93-%e0%a6%9a/)
সময়ে বাৰ্দ্ধক্যৰ প্ৰলেপ সানি দিছে ফিডেলক
বুকুত বন্দুকৰ নলীটো লগাই ৰজাঘৰীয়া সৈনিকে লৰাজনক সুধিছিল - কি নাম ?
লৰাজনে উত্তৰ দিছিল - "ফিডেল, ফিডেল কাষ্ট্ৰো "|
২৬ বছৰীয়া ডেকা লৰা, উজ্জল দাড়িভৰ্তি মুখ, বুদ্ধিদীপ্ত চকু .....
ম’নকাড়াৰ যুদ্ধত হাৰি ৰজাঘৰৰ বন্দী অপৰাধী হৈছিল ..........
এদিন আদালতত দিছিল সেই জ্ৱালাময়ী বক্তিতা - "... বুৰণ্জীয়ে মোক সুৰক্ষা দিব ....."
মেক্সিকোত একেলগ হৈছিল তেওঁলোক - লগত ৰাউলৰ দৰে ভাতৄ, চে, জুৱান, ক্যামিলো, তানিয়া আদিৰ দৰে বিৰল যোদ্ধা |
মাত্ৰ ২০ জন বহিব পৰা নাওখনত ৮০ জন বহি মেক্সিকোৰ পৰা কিউবালৈ আহিছিল তেওঁলোক
চিয়েৰা-মাষ্ট্ৰাত গঢ়ি তুলিছিল অভেদ্য দুৰ্গ |
তয়াময়া যুদ্ধ চলিছিল - ৰজাঘৰীয়া সৈনিকে দেখিয়েই নাপাইছিল ফিডেলহঁতক ......
শেষত এদিন নববৰ্ষৰ ৰাতিপুৱাত স্ৱাধীন হৈছিল ফিডেলৰ কিউবা |
মৰমত, সুখত সেইদিনা ফিডেলে পাহৰিয়ে গৈছিল কি কৰিব লাগে .......
সিদিনা আকৌ এবাৰ টিভিত দেখিলো ফিডেলক -
একেই জলফাই ৰঙৰ পোছাক, একেই উজ্জল দাড়িভৰ্তি মুখ, বুদ্ধিদীপ্ত চকু
মাত্ৰ সময়ে বাৰ্দ্ধক্যৰ প্ৰলেপ সানি দিছে ফিডেলক |

Sunday 6 November 2011

অনুভৱ

পুত্ৰহাৰা হ্'ল অসমী আই
পিতৃহাৰা হলো আমি ।
কিদৰে পূজিম তোমাক
হে পুণ্যপথৰ যাত্ৰী....
(05/11/2011)



সপোন

                                                 জীৱনৰ বাটত যেতিয়া প্ৰথম খোজ দিছিলো
                                                 সপোনবোৰে আহি ভিৰ কৰিছিলহি
                                                 কহুৱাকোমল সপোন, সেন্দূৰীয়া বাট....

                                                 আজি মধ্যাহ্নত উভতি চাই দেখো
                                                 এৰি অহা বাটটো ধূসূৰ, মাজে মাজে পোহৰ....

                                                 সন্মুখলৈ চাই দেখো
                                                 একেই সেন্দূৰীয়া বাট, একেই কহুৱাকোমল সপোন
                                                 মাত্ৰ তাৰ মাজত নিজকে নেদেখো.......



                                          মাতৄ তুমি অনন্যা
                        এফালে মাতৄ আৰু আনফালে সমস্ত পৃথিবী
                        প্ৰয়োজন হলে মই পৃথিবীক বিশ্ৱাসঘাটকতা কৰিম  

                       কিন্তু মাতৄ তোমাক বিশ্ৱাসঘাটকতা নকৰো কেতিয়াও  |

                        মোৰ শিৰাই শিৰাই তোমাৰ বুকুৰ অমৄত বৈ আছে ......
                        আজিৰপৰা এযুগ আগতেই তোমাৰ মুখলৈ চাই প্ৰথম হাহিঁবলৈ শিকিছিলো

                        এতিয়া তোমাৰ কোলাত মূৰ থৈ কান্দিবলৈ অন্তৰে হাহাকাৰ কৰে .....
 

Saturday 5 November 2011

দুটা কবিতা

জন লেনন - তোমাৰ সপোন কেতিয়া ফলিয়াব ?

লাজ লাজকৈ ফুলকেইপাহ ফুলিব খুজিছিল
মাতৄয়ে বুকুৰ অমৄত ধালি ফুলকেইপাহক সজাইছিল
শৰতৰ ফুলনিত সেইকেইপাহ প্ৰথম ফুল হ’লহেতেঁন
নিয়ঁৰে আলফুলকৈ চুইছিল--

এদিন পিছফালৰ চোতালেদি সোমাই আহিছিল ফেটীসাপ কেইটামান
চকুত ঘৄণাৰ চাৱনি, লালসাৰ জুই
এপাহ এপাহকৈ নষ্ট কৰি দিছিল ফুলকেইপাহ
নিজৰ মাজত কাজিয়াও কৰিছিল সিহঁতে -
   কোনে কিমান নিৰ্দয়তা দেখুৱাব পাৰে
ফুলকেইপাহৰ শেষ পাহিটোলৈকে বিষ ধালি দিছিল কাপুৰুষকেইটাই |
আমি অৰণ্যৰোদন কৰিছিলো ফুলনিখনৰ বুঢ়া গছকেইজোপাৰ ওচৰত --

জন লেনন - তোমাৰ সপোন কেতিয়া ফলিয়াব ?

(কেইটামান কাপুৰুষ ভাৰতীয় সৈনিকৰ হাতত ধৰ্ষিতা ৰাজু বৰুৱা আৰু ভনীমাই দত্তৰ হাতত)



 তোমালোক জীয়াই থাকিবা মোৰ বুকুৰ মাজত

কিয় হেৰাই গ’লা তোমালোক
নিৰ্ভীকতাৰ শেষ সীমাত থিয় হৈ অচিন বাটেদি কিয় গুছি গ’লা |
ৰাজেন, ৰক্তবৰ্ণ প্ৰতিজ্ঞাৰে উদ্দীপ্ত হৈ পুৱাৰ সুৰুযটোৰ দৰে প্ৰ্তিভাত হৈছিলাহে তুমি ...
আৰু কবিৰণ্জন তুমি ?
পথাৰৰ বোকা ফালি দৌৰি থাকোতেও তুমি কবিতা গাইছিলা -
  "মাছবোৰ নামি আহে মোৰ বুকুৱেদি ..... "
হীৰক, মেঘ, অৰ্ণিবান - কিমানবোৰ নাম |
বহুতে আজিকালি তোমালোকৰ নামবোৰ নাজানেই ...
জনাসকলৰ বহুতে পাহৰিব বিচাৰে |
কিন্তু তোমালোক জীয়াই থাকিবা
মোৰ দৰে বহুতৰ বুকুৰ মাজত |



বৃন্দাবনৰ প্ৰেম - গোৱৰ্ধন পৰিক্ৰমা

"ইয়াত সিংহাসনত বহি আছা
বৃন্দাবনত ৰাধাৰ পিছে পিছে দৌৰি ফুৰা |
ইয়াত ভক্ত আহে আশীৰ্বাদ বিচাৰি
বৃন্দাবনত প্ৰেমীৰ ঘৰৰ মাখন চুৰ কৰি খোৱা |"
 ২০০৭ চনৰ অক্টোবৰ মাহৰ কোনোবা এটা দিনত এঠাইলৈ যাওঁতে এজন মানুহৰ লগত চিনাকী হৈছিলো | কথাত কথা ওলাই তেওঁ কলে - আমি কেইজনমানে প্ৰত্যেক মাহে এবাৰ গোবৰ্ধন পৰিক্ৰমা কৰিবলৈ যাওঁ | অলপ কথা পতাৰ পিছ্ত মই কলো এইবাৰ মোকো লৈ বলা | এনেকৈয়ে আৰম্ভ হল মোৰ বৃন্দাবন-গোবৰ্ধন পৰিক্ৰমা যাত্ৰা | তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰত্যেক মাহে এবাৰ, কেতিয়াবা দুবাৰ বৃন্দাবন-গোবৰ্ধনলৈ গৈ আছো |



দিল্লীৰ পৰা 150 কি.মি. দূৰত্বত আছে বৃন্দাবন, তাৰ পৰা মাত্ৰ ৩০ কি.মি. দূৰত্বত আছে গিৰিৰাজ গোবৰ্ধন | এয়াই সেই গোবৰ্ধন পৰ্বত - যাক এদিন ভগবান শ্ৰীকৄষ্ণই নিজৰ আঙুলিত ধাৰণ কৰিছিল ব্ৰজভূমিক দেৱৰাজ ইন্দ্ৰৰ কোপদৄষ্টিৰ পৰা ৰক্ষা কৰিবলৈ | ৰাজস্থান আৰু উত্তৰ প্ৰ্দেশৰ সীমাত ৭ (সাত) ক্ৰোশ, অৰ্থাত ২১ (একৈছ) কি.মি. পৰিধিত ব্যাপ্ত হৈ আছে গিৰিৰাজ গোবৰ্ধন | একাদশী আৰু পূৰ্ণিমাৰ মাজত ভক্তসকলে এই পৰ্বতৰ চাৰিওফালে শুদা ভৰিৰে খোজকাঢ়ি পৰিক্ৰমা কৰে - আন সময়তো পৰিক্ৰমা হয়, কিন্তু এইখিনি সময়ত ভক্তৰ ভীৰ বেছি হয় | গৰমকালি ৰাতি আৰু ঠান্ডাকালি দিনত পৰিক্ৰমা কৰা হয় | প্ৰথম পৰিক্ৰমা আৰম্ভ কৰোতে আমাৰ দলটো সৰু আছিল - এতিয়া বাঢ়ি বাঢ়ি বহুত ডাঙৰ হৈছেগৈ - তিনিখন কোৱেলিচ গাড়ীৰ দৰকাৰ হয় |


বৃন্দাবনৰ এজন সন্তে মোক গিৰিৰাজ গোবৰ্ধনৰ কথা এনেকৈ কৈছিল -

সীতা উদ্ধাৰৰ বাবে চলোৱা অভিযানত শ্ৰীৰামচন্দ্ৰই বানৰ বীৰ নল আৰু নীলৰ হতুৱাই সমূদ্ৰত সেতু বন্ধোৱাইছিল | সেই সময়ত শ্ৰীৰামচন্দ্ৰৰ নৰ-বানৰৰ বিশাল বাহিনীৰ সকলোৱেই বিভিন্ন ঠাইৰ পৰা বিভিন্ন আকৃতিৰ শিল আদি কঢ়িয়াই আনিছিল - সেতু বন্ধনৰ বাবে | তেতিয়াই বীৰ হনুমানে হিমালয়ৰ পৰা গিৰিৰাজ গোবৰ্ধনক উঠাই আনিছিল | কিন্তু আদবাটতে খবৰ আহিল যে সেতু সম্পূৰ্ণ হল আৰু সকলো বীৰ সমূদ্ৰ তীৰত একগোট হব লাগে | হনুমানে গোবৰ্ধনক আদবাটতে এৰি থৈ যাবলৈ ওলাওঁতে গিৰিৰাজে মাত দিলে - "বায়ুপুত্ৰ, তুমি মোক শ্ৰীৰামচন্দ্ৰৰ কামত লগাম বুলি আনিছিলা" | হনুমানে উত্তৰ দিলে - "ক্ষমা কৰিবা গিৰিৰাজ, কিন্তু এতিয়া মই নিৰুপায়"| এই কথা গম পাই শ্ৰীৰামচন্দ্ৰই গিৰিৰাজক বৰদান দিলে - "এতিয়া নহয় গিৰিৰাজ, কৄষ্ণ অৱতাৰত তুমি মোৰ কামত আহিবা | কৄষ্ণ অৱতাৰত মই তোমাক ধাৰণ কৰিম আৰু কলি যুগত ভক্তসকলে তোমাক মোৰ ৰূপত পূজা কৰিব, তোমাৰ পৰিক্ৰমা কৰিব" |

গিৰিৰাজ গোবৰ্ধনৰ পৰিত্ৰ্মা সাধাৰনতে শ্ৰীদানঘাটি মন্দিৰ দৰ্শনেৰে আৰম্ভ হয  |  যি পথেদি গোবৰ্ধন পৰ্বতৰ চাৰিওফালে ভক্তসকলে পদক্ষিণ কৰে সেয়া হল পৰিক্ৰমা পথ | সম্পূৰ্ণ পৰিক্ৰমাটো দুটা ভাগত বিভক্ত - ডাঙৰ পৰিক্ৰমা (১২ কি.মি.) আৰু সৰু পৰিক্ৰমা (৯ কি.মি.) | প্ৰত্যেকবাৰেই পৰিক্ৰমা পথত অসংখ্য ভক্ত লগ পাঁও | পথৰ সোঁহাতে গোবৰ্ধন পৰ্বত | বাটে বাটে ৰাধা-কৄষ্ণৰ আৰু গিৰিৰাজৰ মন্দিৰ | পৰিক্ৰমা পথেদি ৪ কি.মি. খোজ কঢ়াৰ পিছত সাক্ষী-গোপাল মন্দিৰ পোৱা যায় | এই মন্দিৰতেই আমি প্ৰথম বাৰ ৰঁও | ইয়াৰ পিছত পুন্জৰী-কা-লোথা হৈ পৰিক্ৰমা পথৰ ৮ কি.মি. দূৰত্বত আছে জাঠিপুৰা | ইয়াত আছে শ্ৰীমুখাৰবিন্দ মন্দিৰ | এই ঠাইতেই শ্ৰীকৄষ্ণই গোবৰ্ধন পৰ্বত হাতেৰে দাঙি ধৰিছিল আৰু নিজৰ আঙুলিত ধাৰন কৰিছিল | এই ঠাইতেই গোবৰ্ধন পৰ্বতৰ ওপৰত আছে শ্ৰীনাথ মন্দিৰ | সৰু কিন্তু অতি সুন্দৰ এই মন্দিৰ | এই মন্দিৰৰ পৰা এটা সুৰংগ আৰম্ভ হৈ মেঁৱাৰৰ (ৰাজস্থান) শ্ৰীনাথদ্ৱাৰা মন্দিৰত শেষ হৈছেগৈ | শ্ৰীকৄষ্ণৰ এজন মহান ভক্ত সুৰদাসে আজিৰপৰা প্ৰায় ৫৫০ বছৰ আগতে এই মন্দিৰত আশ্ৰয় লৈছিল আৰু ইয়াতেই তেঁও শ্ৰীকৄষ্ণৰ দৰ্শন পাইছিল | সুৰদাসে শ্ৰীকৄষ্ণৰ নামত ১ লাখ পদ ৰচনা কৰিম বুলি সংকল্প লৈছিল | এই মন্দিৰত বহিয়েই তেঁও ১ লাখ পদ ৰচনাৰ কাম আৰম্ভ কৰিছিল | কিন্তু ৭৫ হাজাৰ পদ ৰচনা কৰাৰ পিছত সুৰদাসে অনন্ত ধামলৈ গতি কৰিলে | ভক্তৰ প্ৰ্তিজ্ঞা ৰক্ষা কৰাৰ ভাৰ নিজে লৈ শ্ৰীকৄষ্ণই নিজে বাকী থকা ২৫ হাজাৰ পদ ৰচনা কৰিছিল | সুৰদাসে ৰচনা কৰা পদখিনিত সুৰদাস নামটো আহে, উদাহৰণ - "মাইয়া মৰী মে নেহি মাখন খায়ো" | শ্ৰীকৄষ্ণই সুৰদাসৰ নামত ৰচনা কৰা পদখিনিত সুৰশ্যাম নামটো আহে, উদাহৰণ - "মাইয়া মৰী দাও বহুত খিজায়" | শ্ৰীমুখাৰবিন্দ মন্দিৰৰ পৰা ৪ কি.মি. দূৰত পৰিক্ৰমা পথৰ ১২ কি.মি. দূৰত্বত ডাঙৰ পৰিক্ৰমা সম্পূৰ্ণ হয় আৰু সৰু পৰিক্ৰমা আৰম্ভ হয় | সৰু পৰিক্ৰমাৰ ৫ কি.মি পথত আছে ৰাধাকুন্ড আৰু শ্যামকুন্ড | ইয়াৰ পাৰত যাত্ৰীসকলে ক্ষন্তেক জিৰণি লয় আৰু ইয়াৰ পানীত হাত-ভৰি পখালে | ৰাধাকুন্ডৰ পৰা ২ কি.মি পথত আছে কুসুম সৰোৱৰ আৰু এটি সুন্দৰ হনুমান মন্দিৰ | ভক্তসকলে বিশ্ৱাস কৰে যে শ্ৰীৰামচন্দ্ৰৰ আদেশত বীৰ হনুমানে গিৰিৰাজক আৰু পৰিক্ৰমা যাত্ৰীসকলক ৰক্ষা কৰে | ইয়াৰ পৰা ২ কি.মি. দূৰত্বত সৰু পৰিক্ৰমা সম্পূৰ্ণ হয় | পৰিক্ৰমা সম্পূৰ্ণ কৰি ভক্তসকলে মানসী গংগা মন্দিৰত স্নান কৰি গিৰিৰাজক প্ৰাৰ্থনা কৰে |


পৰিক্ৰমা পথত খোজকাঢ়ি থাকোতে মনত কি এটা সুখ পোৱা যায় সেয়া বুজাব নোৱাৰি ।

|যাত্ৰা পথত সকলো বয়সৰ অগণন যাত্ৰী | এনেকুৱা বহুত যাত্ৰী লগ পাইছো যি দন্ডৱত পৰিক্ৰমা কৰে - অৰ্থাত পৰিক্ৰমা পথত সাষ্টাংগে সেৱা কৰে, উঠে, যিমানখিনিলৈকে সেৱা কৰিলে সিমানখিনিলৈকে আগবাঢ়ি আকৌ সেৱা কৰে, আকৌ উঠে - আগবাঢ়ে - আকৌ সেৱা কৰে - এনেকৈয়ে এসময়্ত তেঁওলোকে পৰিক্ৰমা সম্পূৰ্ণ কৰে | আমাৰ লগৰ এজনে এবাৰ দন্ডৱত পৰিক্ৰমা কৰিছিল | সেইবাৰ পৰিক্ৰমা সম্পূৰ্ণ কৰিবলৈ তেঁওক ১৩ দিন লাগিছিল |

(এই কথাখিনি ফেচবুকৰ "অসমীয়া কথা বতৰা" গোটে প্ৰকাশ কৰা সাহিত্য ডট অৰ্গৰ নৱেম্বৰ মাহৰ সংখ্যাত প্ৰকাশ হৈছে | লিংকটো দিছো - http://www.xahitya.org/2011/11/15/%e0%a6%ac%e0%a7%83%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a6%a8%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a7%87%e0%a6%ae-%e0%a7%a7-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf%e0%a6%ae/)

কেদাৰনাথ

মন্দাকিনী নদীৰ পাৰত কেদাৰনাথ অৱস্থিত | কথিত আছে - কুৰুক্ষেত্ৰ যুদ্ধৰ পিছ্ত দুখত ম্ৰিয়মান হৈ পান্ডবসকলে কেদাৰনাথলৈ যাত্ৰা কৰিছিল, মহাদেৱৰ দৰ্শন লভি ভাই-পুত্ৰ-গুৰু হত্যাৰ দুখৰ পৰা মুক্তি পাবলৈ |  কিন্তূ মহাদেৱে ম’হৰ ৰূপ ধাৰণ কৰি পান্ডবক ফাকি দিলে আৰু এজাক বনৰীয়া ম’হৰ মাজত সোমাই লুকাই থাকিল | কিবা এটা সন্দেহ কৰি দ্বিতীয় পান্ডব ভীমে এটা বুধি পাঙিলে |তেওঁ পাহাৰৰ এটা ঠেক বাটত দুটা শিলত দুই ভৰি মেলি থিয় দিলে আৰু নকুল-সহদেবক কলে ম’হজাক সেই বাটেদি খেদি আনিবলৈ | কথামতেই কাম |

 গোটেই ম’হজাক ভীমৰ ভৰিৰ তলেদি পাৰ হৈ গ’ল - কিন্তূ এটা ম’হ পাৰ নহ’ল | ভীমে বুজি পাই ধৰিব খোজোতেই ম’হতো অন্তৰ্ধান হ’ল আৰু মাত্ৰ পিছছোৱা ভীমৰ হাতত থাকি গ’ল | সেই ঠাইতেই পান্ডবসকলে শিৱৰ এটি মন্দিৰ নিৰ্মাণ কৰিলে |

ম’হৰূপী শিৱৰ শৰীৰৰ বাকী অংশ বেলেগ বেলেগ চাৰিঠাইত আবিৰ্ভাব হ’ল - তুংগনাথত আবিৰ্ভাব হ’ল বাহু, ৰূদ্ৰনাথত আবিৰ্ভাব হ’ল মুখমন্ডল, ম’ধ মহেশ্ৱৰত আবিৰ্ভাব হ’ল গাটো আৰু কল্পেশ্ৱৰত আবিৰ্ভাব হ’ল চুলিসহ শিৰ | এই চাৰিওঠাইতে শিৱৰ মন্দিৰ স্থাপিত হ’ল আৰু কেদাৰনাথ সহ এই পাঁচ ঠাই পাঁচ-কেদাৰ নামে জনাজাত হ’ল |

বদ্ৰীনাথৰ দৰে কেদাৰনাথ মন্দিৰো ঠান্ডাকালি বৰফৰে ধাক খাই যায় |

বদ্ৰীনাথ

ষ্কন্দপুৰাণত লিখা আছে - সৰ্গ-মত্য-পাতালত বহু কেইখন ধাম আছে | কিন্তু বদ্ৰীনাথৰ দৰে ধাম আন কতো নাই | কথিত আছে ভগীৰথে যেতিয়া গংগাক এই ধৰালৈ বোৱাই আনিছিল তেতিয়া গংগাৰ প্ৰবল ধাৰাক মহাদেৱে নিজৰ জটাত আশ্ৰয় দি কিছু শান্ত কৰিছিল | মহাদেৱৰ জটাৰ পৰা বাৰটা ভাগত বিভক্ত হৈ গংগা এই ধৰালৈ নামি আহিল | তাৰে এটা ভাগ হ’ল অলকানন্দা আৰু এই অলকানন্দাৰ পাৰতেই বদ্ৰীনাথ ধাম অৱস্থিত |

এই বদ্ৰীনাথেই একমাত্ৰ ধাম য’ত মাত্ৰ এদিন তপস্যা কৰিলে এহেজাৰ বছৰ তপস্যা কৰাৰ ফল পোৱা যায় | বদ্ৰীনাথৰ কথা আৰম্ভ কৰিবলৈ বহুযুগ পিছুৱাই যাব লাগিব | তেতিয়া বদ্ৰীনাথৰ নাম বদ্ৰীনাথ নাছিল | সেয়া আছিল শিৱৰ বাসস্থান | সেই সময়্ত দুৰ্গম নামে এক দৈত্যই সূৰ্য্যদেৱক আৰাধনা কৰি সন্তুষ্ট কৰিলে আৰু বৰ হিচাপে লাভ কৰিলে এহেজাৰ কৱ্চ-কুন্ডল | লগতে সূৰ্য্যদেৱে দুৰ্গম দৈত্যক আৰু এটা বৰ দিলে যে একমাত্ৰ সেইজন বীৰেহে দুৰ্গম দৈত্যৰ শৰীৰৰ এটা কৱ্চ-কুন্ডল ভাঙিব পাৰিব যি এহেজাৰ বছৰ তপস্যা কৰি আহিব | বৰ লাভ কৰি দুৰ্গম দৈত্য অপৰাজেয় বীৰ হৈ উঠিল আৰু সৰ্গ-মত্য-পাতালত অত্যাচাৰ আৰম্ভ কৰিলে | অসহনীয় হৈ সকলো দেৱ-দেবীয়ে বিষ্ণুক অনুৰোধ কৰিলে আৰু বিষ্ণুদেৱে দুৰ্গম দৈত্যক নিধন কৰাৰ পণ ললে |

ইতিমধ্যে শ্ৰীমূৰ্ত্তিদেৱীয়ে বিষ্ণুক পুত্ৰৰূপে পাবৰ বাবে তপস্যা কৰিছিল | দুৰ্গম দৈত্যক নিধন কৰাৰ পণ লৈ বিষ্ণুদেৱে নৰ আৰু নাৰায়ণ ৰূপ লৈ মূৰ্ত্তিদেৱীৰ দুই পুত্ৰ হিচাপে জন্ম ললে | সময়ত দুয়ো ডাঙৰ হ’ল আৰু দুৰ্গম দৈত্যক বধ কৰাৰ উদ্দেশ্য লৈ বদ্ৰীনাথত তপস্যা কৰিবলৈ গ’ল | নৰ-নাৰায়ণৰ অনুৰুধত শিৱ বদ্ৰীনাথৰ পৰা কেদাৰনাথলৈ যাত্ৰা কৰিলে | ইতিমধ্যে বিষ্ণুৰ চিন্তাত লক্ষ্মীদেৱী অস্থিৰ হৈ উঠিল আৰু নাৰদৰ মুখে গম পালে যে বিষ্ণুদেৱে নৰ আৰু নাৰায়ণ ৰূপ লৈ তপস্যা কৰি আছে | লগে লগে লক্ষ্মীদেৱীয়ে এজোপা বদ্ৰীগছৰ ৰূপ লৈ নৰ-নাৰায়ণৰ তপস্যাস্থানত ছাঁ দিলেহি | তাকে দেখি নাৰায়ণৰূপী বিষ্ণুদেৱে বদ্ৰীৰূপী লক্ষ্মীদেৱীক বৰ দিলে - "আজিৰ পৰা এই স্থান তোমাৰ আৰু মোৰ নামেৰে বদ্ৰীনাথ হব আৰু সদায় তোমাৰ নাম মোৰ নামৰ আগত উচ্চাৰিত হব |" সেই বৰৰ প্ৰ্ভাৱতেই আজিও নাৰায়ণ-লক্ষ্মী বুলি নকয়, লক্ষ্মীনাৰায়ণ বুলিহে কয়, ৰাম-সীতা বুলি নকয়, সীতাৰাম বুলিহে কয়, কৃষ্ণ-ৰাধা বুলি নকয়, ৰাধাকৃষ্ণ বুলিহে উচ্চাৰিত হয় |

ইতিমধ্যে নৰ-নাৰায়ণৰ তপস্যাৰ কথা দুৰ্গম দৈত্যয়ো গম পালে আৰু তুৰন্তে আহি দুয়োৰে লগত বদ্ৰীনাথতে যুদ্ধ আৰম্ভ কৰি দিলে | নৰ-নাৰায়ণৰ এজনে এদিন যুদ্ধ কৰে আৰু আনজনে তপস্যা কৰে | এদিন তপস্যা কৰি এহেজাৰ বছৰৰ তপস্যাৰ ফল লৈ এজনে এদিন যুদ্ধ কৰে আৰু দুৰ্গম দৈত্যৰ শৰীৰৰ এটা কৱ্চ-কুন্ডল ভাঙে | সেইদিনা ইজনে তপস্যা কৰে | পিছদিনা ইজনে যুদ্ধ কৰি পুনৰ দুৰ্গম দৈত্যৰ শৰীৰৰ এটা কৱ্চ-কুন্ডল ভাঙে | এইদৰে ৯৯৯ টা কৱ্চ-কুন্ডল ভগাৰ পাছ্ত প্ৰাণৰ ভয়ত দুৰ্গম দৈত্য পলায়ন কৰে আৰু সূৰ্য্যদেৱৰ আশ্ৰ্য় লয়গৈ | পিছে পিছে নৰ-নাৰায়ণে খেদি গৈ সূৰ্য্যদেৱক দাবী কৰে দুৰ্গম দৈত্যক উলিয়াই দিবলৈ | তেতিয়া সূৰ্য্যদেৱে নৰ-নাৰায়ণক কলে - "প্ৰভু, তুমিয়েই শিকাইছা আশ্ৰয়প্ৰাথীক আশ্ৰয় দিবলৈ | দুৰ্গম দৈত্যক মই এতিয়া আশ্ৰয় দিছো, কিন্তূ সময় আহিলে তাক মই তোমালোকৰ আগলৈ উলিয়াই দিম | তোমালোকৰ হাততেই এই দৈত্যৰ নিধন হব |" এই দুৰ্গম দৈত্যই পিছ্ত দ্বাপৰ যুগত মহাভাৰতৰ কৱ্চ-কুন্ডলধাৰী সূৰ্য্যপুত্ৰ মহাবীৰ মহাৰথী দানবীৰ কৰ্ণ হৈ জন্ম গ্ৰহণ কৰে | সেই কৰ্ণই নিজৰ বাকী থকা শেষ কৱ্চ-কুন্ডলযোৰ ব্ৰাহ্মণৰূপী ইন্দ্ৰদেৱক দান হিচাপে দিয়ে আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত নৰ-নাৰায়ণৰূপী কৃষ্ণ-অৰ্জ্জুনৰ হাতত প্ৰাণত্যাগ কৰে |

এয়াই বদ্ৰীনাথ, য’ত নাৰায়ণেও তপস্যা কৰিছিল | বছৰটোৰ ছ্য় মাহ এই মন্দিৰ খোলা থাকে, ঠান্ডাকালি বৰফৰে এই মন্দিৰ ধাক খাই যায় | ভক্তসকলে বিশ্ৱাস কৰে যে তাত ছ্য় মাহ নৰে মানে মানবে পূজা কৰে আৰু বাকী ছ্য় মাহ নাৰায়ণে পূজা কৰে | ঠান্ডাকালি ছ্য় মাহ এই মন্দিৰ বন্ধ হৈ যায়, কিন্তূ মন্দিৰৰ ভিতৰৰ অখন্ড জ্যোতি কেতিয়াও নুনুমায় | ছ্য় মাহ পাছত বৰফ আঁতৰাই যেতিয়া এই মন্দিৰৰ কপাট খোলা হ্য় তেতিয়াও এই অখন্ড জ্যোতি জ্ৱলিয়েই থাকে |

বদ্ৰীনাথৰ চাৰি কি:মি: উত্তৰে আছে ব্যাসদেৱৰ গুহা | এই গুহাত বহিয়েই ব্যাসদেৱে চাৰিবেদ আৰু মহাভাৰত ৰচনা কৰিছিল | সেয়া এক অন্য কাহিনী............

খাটু শ্যাম

ৰাজস্থানৰ শিখৰ জিলাত ভগৱান খাটুশ্যামৰ মন্দিৰ অৱস্থিত ।  দিল্লীৰ পৰা প্ৰায় 270 কিল্’মিটাৰ ।

খাটুশ্যামৰ  কথা আৰম্ভ কৰিবলৈ আমি মহাভাৰতৰ যুগলৈ উভতি যাব লাগিব ।  দ্বিতীয় পান্ডব ভীমৰ পুত্ৰ ঘটোৎকচৰ পুত্ৰ আছিল বাৰবাৰিক ।  সৰুৰে পৰা অতি সাহসী বাৰবাৰিকে নিজৰ মাতৃৰ পৰা যুদ্ধ্-অস্ত্ৰ বিদ্যা শিকি মহাবীৰ হৈ উঠিছিল আৰু তপস্যাৰত ঋষি সকলক ৰক্ষা কৰিছিল । এই কামত মুগ্ধ হৈ শিৱই নিজৰ ত্ৰিশূলৰ পৰা তিনিদাল অবিনাশী, অপ্ৰতিৰোধ্য বাণ সৃষ্টি কৰি বাৰবাৰিকক দান কৰিলে আৰু লগতে অগ্নিদেৱে  দিলে এখন ভয়ানক ধনু । তিনিবাণ ধাৰী নামেৰে জনাজাত হৈ পৰা বাৰবাৰিক অজেয় বীৰ হৈ পৰিল ।

কুৰুক্ষেত্ৰ যুদ্ধ অনিবাৰ্য্য হৈ উঠাৰ পিছত বাৰবাৰিকে মাতৃৰ পৰা অনুমতি আৰু আশীৰ্বাদ বিচাৰিলে যুদ্ধত যোগ দিবলৈ । মাতৄয়ে কলে - "পুত্ৰ, তুমি দুৰ্বল পক্ষৰ হৈ যুদ্ধ কৰিবা" | মাতৃয়ে ভাবিছিল কৌৰৱৰ ১০০ ভাতৃৰ বিপৰীতে পান্ডৱ মাত্ৰ পাচঁজন, সেয়ে পোনে পোনে পান্ডবৰ হৈ যুদ্ধ কৰিবা বুলি নকৈ ক’লে দুৰ্বল পক্ষৰ হৈ যুদ্ধ কৰিবা | সেইমতে বাৰবাৰিকে নিজৰ নীলা ঘোঁৰাটোত উঠি কুৰুক্ষেত্ৰলৈ ৰাওনা হ’ল |

কথা বিষম দেখি শ্ৰীকৄষ্ণই এজন ব্ৰাহ্মণৰ ৰূপ ধাৰন কৰি বাৰবাৰিকক দেখা কৰিলে আৰু মাত্ৰ তিনিদাল বাণ লৈ কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লবলৈ অহা বুলি অলপ হাহিঁলেও । উত্তৰত  বাৰবাৰিকে ক্’লে – "দেৱ্, মাত্ৰ এপাট বাণেই এই তিনিওলোক জিনিবৰ কাৰনে যথেষ্ট আৰু প্ৰতিদাল শৰ প্ৰতিবাৰ শত্ৰুক আঘাট কৰি পুনৰ মোৰ তুনলৈ ঘূৰি আহে | মোৰ প্ৰথম দাল শৰে শত্ৰুপক্ষৰ সেই সকলো যোদ্ধাক চিনাক্ত কৰিব যাক মই ধ্বংস কৰিব খোজো,  মোৰ তৄতীয় দাল শৰে চিনাক্ত কৰা সেই সকলো যোদ্ধাৰ প্ৰাণ ল’ব | আৰু যদি মই মোৰ দ্বিতীয় দাল শৰ নিক্ষেপ কৰো সেইদালে সেই সকলো যোদ্ধাক চিনাক্ত কৰিব যাক মই ৰক্ষা কৰিব খোজো |" শ্ৰীকৄষ্ণই কলে - "ঠিক কথা - তুমি একেপাট শৰতে এই গছজোপাৰ প্ৰতিখিলা পাত বিন্ধিব পাৰিবানে ?" উত্তৰত বাৰবাৰিকে চকু মুদি মন্ত্ৰ উচ্চাৰণ কৰি এপাত শৰ নিক্ষেপ কৰিলে | বাৰবাৰিকে চকু মুদা সময়খিনিতে ব্ৰাহ্মণৰূপী কৄষ্ণই গছজোপাৰ এখিলা পাত চিঙি নিজৰ ভৰিৰ তলত গচকি ধৰি থলে | ইফালে বাৰবাৰিকৰ শৰে মুহুৰ্ততে গছজোপাৰ প্ৰতিখিলা পাত বিন্ধি উঠি কৄষ্ণৰ ভৰিৰ ওচৰত আহি ৰৈ গ’লহি    |  বাৰবাৰিকে কলে - "ব্ৰাহ্মণ, তোমাৰ ভৰিৰ তলত এখিলা পাত আছে, তুমি নিজৰ ভৰি আতঁৰাই দিয়া | নহলে মোৰ শৰে তোমাৰ ভৰিত আঘাট কৰি হলেও পাতখিলা বিচাৰি উলিয়াব |"  কৄষ্ণই নিজৰ ভৰি আতঁৰাই আনিলে আৰু আচৰিত হৈ পত্যক্ষ কৰিলে বাৰবাৰিকৰ বীৰত্ব - শত্ৰুক নেদেখাকৈয়ে বাৰবাৰিকে নিজৰ সমস্ত শত্ৰুকে ধ্বংস কৰিব পাৰে | ব্ৰাহ্মণৰূপী কৄষ্ণই  বাৰবাৰিকক সুধিলে - তুমি কাৰ পক্ষৰ হৈ যুদ্ধ কৰিবা ?  বাৰবাৰিকে ক্’লে – "দেৱ্, মাতৄৰ আদেশমতে মই দুৰ্বল পক্ষৰ হৈ যুদ্ধ কৰিম |" শ্ৰীকৄষ্ণই কলে - "তোমাৰ কথাৰ অৰ্থ বুজি নাপালো | কাৰন তুমি যি পক্ষৰে হৈ যুদ্ধত নামিবা লগে লগে তোমাৰ বীৰত্বত আনটো পক্ষ  দুৰ্বল হৈ যাব | ফলত নিজৰ কথা ৰাখিবলৈ তুমি মূহুৰ্তে মূহুৰ্তে পক্ষ সলনি কৰি থাকিব লাগিব আৰু দুয়োপক্ষৰে সকলোকে নিধন কৰাৰ পিছত একমাত্ৰ তুমি জীয়াই থাকিবা |"
কথাষাৰ কৈ ব্ৰাহ্মণৰূপী কৄষ্ণই বাৰবাৰিকৰ পৰা দান বিছাৰিলে | বাৰবাৰিকে ক’লে - "কোৱা ব্ৰাক্ষ্মণ কি লাগে | যি বিচাৰা তুমি পাবা |"

কৄষ্ণই বাৰবাৰিকৰ পৰা দান হিচাপে বাৰবাৰিকৰ মূৰটো বিছাৰিলে | আচৰিত হৈ বাৰবাৰিকে সুধিলে - "ব্ৰাহ্মণ, তুমি প্ৰকৄততে কোন ? প্ৰথমে নিজৰ চিনাকি দিয়া |" তেতিয়া কৄষ্ণই বাৰবাৰিকক নিজৰ প্ৰ্কৄত পৰিচয় দিলে | কৄষ্ণই ক’লে - "ধৰ্মযুদ্ধৰ আগতে যুদ্ধভূমিৰ পূজাৰ বাবে পৄথিবীৰ আটাইতকৈ সাহসী ক্ষত্ৰিয় বীৰ জনৰ আহুতিৰ প্ৰয়োজন | আৰু মোৰ মতে তুমি পৄথিবীৰ আটাইতকৈ সাহসী ক্ষত্ৰিয় বীৰ |" বাৰবাৰিকে নিজৰ মূৰটো কাটি দান দিয়াৰ আগতে কৄষ্ণৰ পৰা বৰদান বিচাৰিলে যাতে কুৰুক্ষেত্ৰ যুদ্ধখন সম্পূৰ্ণকৈ চাব পাৰে | কৄষ্ণই বাৰবাৰিকক আশীৰ্বাদ দিলে আৰু ক’লে যে কলিযুগত বাৰবাৰিক কৄষ্ণৰ শ্যাম নামেৰে কৄষ্ণৰ ৰূপত পূজিত হ’ব | তাৰপিছত বাৰবাৰিকে নিজৰ মূৰটো কাটি কৄষ্ণক দান দিলে |

বাৰবাৰিকৰ মূৰটো কুৰুক্ষেত্ৰৰ ওচৰতে এটা পাহাৰৰ ওপৰত স্থাপন কৰা হ’ল যৰপৰা তেওঁ কুৰুক্ষেত্ৰ যুদ্ধখন সম্পূৰ্ণকৈ চালে | যুদ্ধ শেষ হোৱাৰ পিছত এদিন পান্ডৱসকলে নিজৰ মাজতে কথা পাতি আছিল কোনে কিমান শত্ৰুক নাশ কৰিলে | কথাবোৰ শুনি কৄষ্ণই ক’লে - যিহেতু বাৰবাৰিকৰ মূৰটোৱে যুদ্ধখন সম্পূৰ্ণকৈ চালে, সেয়ে তেওঁকে সোধা ভাল হ’ব | বাৰবাৰিকৰ মূৰটোৱে পান্ডৱসকলক ক’লে - "মই দেখিছিলো একমাত্ৰ কৄষ্ণৰ সুদৰ্শন চক্ৰই সকলোকে নাশ কৰিছিল আৰু দ্ৰৌপদীয়ে মহাকালীৰ ৰূপ ধাৰণ কৰি বাতিয়ে বাতিয়ে তেজ পি খাইছিল |

কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত বাৰবাৰিকৰ মূৰটো খাটুত (বৰ্তমানৰ ৰাজস্থানৰ শিখৰ জিলাত) সমাধিস্থ কৰা হ’ল | কলিযুগ আৰম্ভ হোৱাৰ পিছত এদিন সেই ঠাইত এজনী গাইৰ উহাৰৰ পৰা নিজে নিজে গাখীৰ ব’বলৈ ধৰিলে | বাৰবাৰিকৰ মূৰটো সমাধিস্থ অৱস্থাৰ পৰা উলিয়াই অনা হ’ল আৰু খাটুৰ সেই সময়ৰ ৰজা ৰূপসিং চৌহানে নিৰ্মান কৰোৱালে খাটুশ্যাম মন্দিৰ | তিনিবাণধাৰী, শিৰদানী, পৰাজিতৰ সাৰথি, কলিযুগৰ অৱতাৰী আদি নামেৰে বিখ্যাত খাটুশ্যামৰ মন্দিৰে কালক্ৰমত আজিৰ সুন্দৰ ৰূপ ললেহি |

দিল্লীৰ পৰা প্ৰায় 270 কিল্’মিটাৰ দূৰ খাটুশ্যামৰ মন্দিৰলৈ যাবলৈ দিল্লীৰ পৰা বাচ আৰু ৰেলসংযোগ দুয়োটাই আছে | খাটুশ্যামৰ ওচৰৰ ৰেলস্টেচনটো ৰীনগাচ | দিল্লীৰ পৰা ৰাতি যাত্ৰা আৰম্ভ কৰি ৰাতিপুৱা খাটুশ্যাম পালেগৈ ভাল | ৰাতিপুৱা ৭ বজাৰ আৰতিত ভাগ লব পাৰি | কমদামী আৰু আৰামদায়ক ধৰমশালা বহুত আছে | খোৱা-থকাৰ সুবিধা সুন্দৰ | আমি দৰ্শন কৰি উভতি আহোতে এখন ধৰমশালা পাইছিলো - মালিকজন আমাৰ অসমৰ ডিব্ৰুগড়ৰ | ধৰমশালাখনৰ নামটো "ডিব্ৰুগড় ধৰমশালা" আছিল হবলা |

[বি.দ্ৰ.: এই কথাখিনি মই বৄন্দাবনৰ সন্ত কেইজনমানৰ মুখত শুনা |]